অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সৰ্বোত্তম যুদ্ধ সেৱা পদক

সৰ্বোত্তম যুদ্ধ সেৱা পদক (Ultimate War Service Medal) হৈছে ভাৰত চৰকাৰৰ সৰ্বোচ্চ যুদ্ধকালীন বিশিষ্ট সেৱাৰ পদক। ‌ যুদ্ধ, সংঘাত বা শত্ৰুতাৰ সময়ত কৰা পাৰদৰ্শিতা তথা বীৰত্ত্বৰ বাবে এই সৰ্বোচ্চ বিশিষ্ট বঁটাটো প্ৰদান কৰা হয়।।

হালনাগাদ: ১৪ অক্টোবৰ ২০২৪ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

সৰ্বোত্তম যুদ্ধ সেৱা পদক (Ultimate War Service Medal) হৈছে ভাৰত চৰকাৰৰ সৰ্বোচ্চ যুদ্ধকালীন বিশিষ্ট সেৱাৰ পদক। ‌ যুদ্ধ, সংঘাত বা শত্ৰুতাৰ সময়ত কৰা পাৰদৰ্শিতা তথা বীৰত্ত্বৰ বাবে এই সৰ্বোচ্চ বিশিষ্ট বঁটাটো প্ৰদান কৰা হয়।। এই বঁটাটো যুদ্ধকালীন পৰম বিশিষ্ট সেৱা পদকৰ সমতুল্য, যিটো ভাৰতৰ শান্তিৰ সময়ত সৰ্বোচ্চ বিশিষ্ট সেৱাত সন্মান। সৰ্বোত্তম যুদ্ধ সেৱা পদক সেনা, নৌ সেনা আৰু বায়ু সেনাৰ সকলো পদবীক প্ৰদান কৰিব পাৰি, যাৰ ভিতৰত আছে টেৰিটৰিয়েল আৰ্মি ইউনিট, অক্সিলিয়াৰী আৰু ৰিজাৰ্ভ বাহিনী আৰু অন্যান্য আইনীভাৱে গঠিত সশস্ত্ৰ বাহিনী। সৰ্বোত্তম যুদ্ধ সেৱা পদক মৰণোত্তৰভাৱেও প্ৰদান কৰা হয়।

সৰ্বোত্তম যুদ্ধ সেৱা পদক ইতিহাসত মাত্ৰ তিনিবাৰ প্ৰদান কৰা হৈছে। তেওঁলোক হ'ল শ্ৰীলংকাৰ ভাৰতীয় শান্তিৰক্ষী বাহিনীৰ (আই পি কে এফ) সামগ্ৰিক কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল হিচাপে কাম কৰা এ.এছ. কালকাট,ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ডাৰৰ এয়াৰ মাৰ্শ্বেল বিনোদ পাটানী আৰু লেফটেনেণ্ট জেনেৰেল এইচ এম খান্না কাৰ্গিল যুদ্ধৰ সময়ত উত্তৰ সেনাৰ কমাণ্ডাৰ আছিল।

No.RankNameBranchConflictDate of AwardReferences
1Lieutenant Generalঅমৰজিৎ সিং কালকটভাৰতীয় সেনাঅপাৰেশ্যন পৱন26 January 1989১২
2এয়াৰ মাৰ্শ্বেলবিনোদ পাটানীকাৰ্গিল যুদ্ধ১৫ আগষ্ট ১৯৯৯৩৪
3লেফটেনেন্ট জেনেৰেলহৰি মোহন খান্নাভাৰতীয় সেনাকাৰ্গিল যুদ্ধ২৬ জানুৱাৰী ২০০০৫৬২

তথ্যসূত্ৰ

  1. ↑ (২৪ জানুৱাৰী ১৯৮৯). GALLANTRY AND DISTINGUISHED SERVICE AWARDS FOR DEFENCE PERSONNEL. archive.pib.gov.in
  2. ↑ Singh. History of the Indian Military Academy. পৃ. 246
  3. ↑ (১৪ আগষ্ট ১৯৯৯). Independence Day Gallantry Awards for Operation Vijay. Press Information Bureau India
  4. ↑ Army orders inquiry into PVC blunder. Rediff
  5. ↑ (20 October 2000). PRESIDENT CONFERS GALLANTRY AND DISTINGUISHED SERVICE AWARDS. archive.pib.gov.in
  6. ↑ Tribune India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বোত্তম যুদ্ধ সেৱা পদক” প্ৰবন্ধৰ সংশোধন ৪৩৭৭১৮ (১৪ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।