লাইলা মজনু (Laila Majnu) ১৯৭৬ চনৰ ভাৰতীয় হিন্দুস্তানী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি, যাৰ পৰিচালক আছিল হৰনাম সিং ৰাৱাইল। মুখ্য চৰিত্ৰত ঋষি কাপুৰ, ৰঞ্জিতা আৰু ডেনী ডেনজংপাই অভিনয় কৰিছিল। ছবিখনৰ সংগীত মদন মোহন আৰু জয়দেৱৰ। লাইলা আৰু মজনুৰ কিংবদন্তিৰ আধাৰত নিৰ্মিত এই ছবিখনত দুজন মিলন বঞ্চিত এহাল প্ৰেমিক-প্ৰেমিকাৰ কাহিনী কোৱা হৈছে। লাইলা এগৰাকী ৰাজকুমাৰী আৰু কাইছ ওৰফে মজনু এজন সাধাৰণ লোক।১২৩
লাইলা মজনু ৰঞ্জিতাৰ প্ৰথম ছবি। ১৯৭৬ চনত মুক্তি পোৱাৰ পিছতে ছবিখনে চলচ্চিত্ৰ সমালোচকৰ পৰা অতি ইতিবাচক সমালোচনা আৰু বক্স অফিচত সফলতা লাভ কৰে। ছবিখনৰ সফলতাই ঋষি কাপুৰক এজন ভৰসা কৰিব পৰা তাৰকালৈ উত্তৰণ ঘটায়; কাৰণ ববী (১৯৭৩) ছবিত আত্মপ্ৰকাশ কৰাৰ পিছত লাইলা মজনুৰ বাদে তেওঁ কোনো ডাঙৰ সফলতা লাভ কৰা নাছিল; অৱশ্যে সামান্য ব্য়তিক্ৰম কভি কভি (১৯৭৬) ছবিখন। কভি কভিৰ সফলতাৰ কৃতিত্ব শশী কাপুৰ আৰু অমিতাভ বচ্চনক দিয়া হয়। ১৯৭৬ চনত মুক্তি পোৱাৰ পিছৰে পৰা লাইলা মজনুক কাল্ট ক্লাছিক হিচাপে প্ৰশংসা কৰা হয়।
তথ্যসূত্ৰ
- ↑ (2014-03-27). Laila Majnu (1976). The Hindu
- ↑ Murarka, Harshita. (2018-02-26). Millennials Review Classics: ‘Laila Majnu’ Fails the Test of Time. TheQuint
- ↑ Anil Groverच. (2005-07-29). Forever velvet. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাইলা মজনু (১৯৭৬ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৪০১৯৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।