কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভাগৱত গীতা (চলচ্চিত্ৰ)
ভাগৱত গীতা (Bhagavad Gita) ১৯৯৩ চনৰ সংস্কৃত ভাষাত নিৰ্মিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ; য’ত কম পৰিমাণে হিন্দী আৰু তেলুগু ভাষাৰ সংলাপ আছে। ছবিখনৰ প্ৰযোজক চুব্বাৰামী ৰেড্ডী আৰু পৰিচালক জি ভি আয়াৰ। মহাকাব্য মহাভাৰতৰ অংশস্বৰূপ ভাগৱত গীতাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
ভাঙন (চলচ্চিত্ৰ)
ভাঙন হৈছে ২০২২ চনত মুক্তি পোৱা এখন পূৰ্ণদৈৰ্ঘ্যৰ বঙালী ভাষাৰ নিৰ্মিত এখন বাংলাদেশী চলচ্চিত্ৰ। পৰিচালক মিৰ্জা সাখাৱত হুছেইনৰ পৰিচালক। ২০২০-২০২১ বিত্তীয় বৰ্ষত বাংলাদেশ চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে ছবিখন।
-
ভানগড়
ভনগড় হ'ল দিলীপ সুদৰ পৰিচালনা তথা মায়ংক জৈন আৰু অজয় ৰায়ৰ সহ-প্ৰযোজনাত ২০১৪ চনত মুক্তি লাভ কৰা ভাৰতীয় ভয়ানক চলচ্চিত্ৰ (হোৰোৰ ফিল্ম)। এই ছবিখন নিৰ্মাণ হৈছে এছিয়াৰ আটাইতকৈ ভূতুনী ঠাই হিচাপে পৰিচিত ৰাজস্থানৰ ভংগড় দুৰ্গৰ আধাৰত।
-
ভাবী (১৯৫৭ চলচ্চিত্ৰ)
ভাবী ( Bhabhi ) ১৯৫৭ চনৰ কৃষ্ণন–পাঞ্জুৱে এভিএম প্ৰডাকচনৰ বাবে পৰিচালনা কৰা এখন হিন্দী ভাষাৰ ছবি। ইয়াত বলৰাজ সাহনী, পাণ্ডাৰী বাই আৰু নন্দাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনে বছৰৰ অষ্টম সৰ্বাধিক উপাৰ্জন কৰা বলীউডী ছবি হিচাপে পৰিগণিত হয়।
-
ভাৰত কলা ভৱন
ভাৰত কলা ভৱন (Bharat Kala Bhavan) ভাৰতৰ বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অৱস্থিত বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়। ভাৰতীয় শিল্প আৰু সংস্কৃতিৰ ওপৰত জ্ঞান প্ৰসাৰত ই সহায়ক হৈ আহিছে। ই বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু বাৰাণসী চহৰৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যটন আকৰ্ষণ।
-
ভাৰতীয় নৃত্য কলা মন্দিৰ
ভাৰতীয় নৃত্য কলা মন্দিৰ (Bharatiya Nritya Kala Mandir) বিহাৰৰ ৰাজধানী পাটনাত অৱস্থিত কলা আৰু শিল্প সংগ্ৰহালয় আৰু বহুমুখী সাংস্কৃতিক কেন্দ্ৰ।
-
ভাৰতীয় বাণিজ্য সংগ্ৰহালয়
ভাৰতীয় বাণিজ্য সংগ্ৰহালয় (Indian Business Museum) ভাৰতৰ কেৰালা ৰাজ্যৰ কোঝিকোড় চহৰত অৱস্থিত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান কোঝিকোড় (IIM Kozhikode) চৌহদত অৱস্থিত। এই সংগ্ৰহালয়টো ২০১৩ চনত মুকলি কৰা হৈছিল।
-
ভাৰতীয় লোক কলা মণ্ডল
ভাৰতীয় লোক কলা মণ্ডল ( Bharatiya Lok Kala Mandal ) হৈছে ৰাজস্থানৰ উদয়পুৰ ভিত্তিক ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশৰ লোকশিল্প, সংস্কৃতি, গীত আৰু উৎসৱৰ অধ্যয়নত আৰু লগতে লোককলা, লোকনৃত্য আৰু লোকসাহিত্যক জনপ্ৰিয়কৰণ আৰু প্ৰচাৰৰ কামত নিয়োজিত।
-
ভাৰতৰ টেলিভিছন চেনেলৰ তালিকা
২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ তথ্য অনুসৰি বৰ্তমান ভাৰতত ৯০০ টা ব্যক্তিগত টেলিভিছন চেনেল আছে। সমগ্ৰ ভাৰততে অসংখ্য আঞ্চলিক চেনেল উপলব্ধ, প্ৰায়ে ভাষা অনুসৰি বিতৰণ কৰা হয়।
-
ভাৱাইয়া আৰু ছতকা গীত
অসমীয়া মৌখিক প্ৰেম-প্ৰণয়মূলক গীতৰ ভিতৰত গোৱালপাৰা অঞ্চলত প্ৰচলিত ভাৱাইয়া আৰু ছতকা গীতবোৰ উল্লেখযোগ্য। লিৰিকেল সৌন্দৰ্য এই দুয়োবিধ গীতৰ অন্যতম বৈশিষ্ট্য। আন আন লোকগীতৰ দৰে ভাৱাইয়া আৰু ছতকা কোনো ধৰণৰ ধৰ্মীয় অনুষঙ্গত গোৱা নহয়, হিন্দু-মুছলমান আদি বিভিন্ন ধৰ্মৰ লোকে এই গীতবোৰ অতি আনন্দেৰে শুনে।
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৬-১৭)
(অসমাপ্ত)
-
মঙহ দহাৰ গোন্ধ (চলচ্চিত্ৰ)
মঙহ দহাৰ গোন্ধ (Mongoh Dohar Gondh) হ’ল এখন অসমীয়া ছুটি ছবি। ছবিখন পৰিচালনা কৰিছে মৃণাল ডেকাই। ছবিখনে ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চুটি ছবিৰ শিতানত তৃতীয় পুৰস্কাৰ লাভ কৰিছিল। কথাছবিখন একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ ২০২১-লৈও নিৰ্বাচিত হৈছিল।
-
মণ্ডপত কৃষ্ণ আৰু ৰাধা
মণ্ডপত কৃষ্ণ আৰু ৰাধা হৈছে ১৮ শতিকাৰ এখন ৰাজপুত চিত্ৰ য'ত হিন্দু দেৱতা কৃষ্ণ আৰু ৰাধা যৌন ঘনিষ্ঠতাত নিয়োজিত হৈ আছে।
-
মন্ত্ৰী স্কোৱেৰ
মন্ত্ৰী স্কোৱেৰ (ಮಂತ್ರಿ ಸ್ಕ್ವೇರ್) কৰ্ণাটকৰ বাংগালোৰ মহানগৰৰ মালেশ্বৰম অঞ্চলত অৱস্থিত এটা শ্বপিং মল। ৯২৪০০০ বৰ্গ ফুট (৮৫,৮০০ বৰ্গ মিটাৰ) ব্যৱহাৰযোগ্য কালিৰে (Gross leasable area) ২০১০ চনত মুকলি কৰাৰ সময়ত ই দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ শ্বপিং মল হিচাপে পৰিগণিত হৈছিল।
-
মাগালিৰ মাট্টুম (২০১৭ চলচ্চিত্ৰ)
মাগালিৰ মাট্টুম ( Ladies Only) ২০১৭ চনৰ ভাৰতীয় তামিল কমেডী নাটক ছবি ব্ৰহ্মৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন তামিল কমেডী নাট্যধৰ্মী ছবি। কুট্ট্ৰম কাদিথালৰ (২০১৫) পিছত পৰিচালকজনৰ এয়া দ্বিতীয়টো উদ্যোগ আছিল।
-
মাদাৰছ্ ৱাক্স মিউজিয়াম
মাদাৰছ্ ৱাক্স মিউজিয়াম (Mother's Wax Museum) হৈছে ভাৰতৰ কলকাতাৰ নিউ টাউনৰ একচন এৰিয়া–II ত পশ্চিম বংগৰ গৃহ নিৰ্মাণ আন্তঃগাঁথনি উন্নয়ন নিগমৰ ভৱনৰ ৫ম আৰু ৬ম মহলাত অৱস্থিত এটা মমৰ সংগ্ৰহালয়।
-
মানগৰম
মানগৰম হৈছে ২০১৭ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন থ্ৰিলাৰ চলচ্চিত্ৰ। লোকেশ কানাগৰাজৰ দ্বাৰা লিখা আৰু পৰিচালিত চলচ্চিত্ৰখনৰ প্ৰযোজক এছ.আৰ. প্ৰভু। চলচ্চিত্ৰখনৰ চাউণ্ডট্ৰেক নিৰ্মাণ কৰিছে জাভেদ ৰিয়াজে। অভিনয় কৰিছে শ্ৰী নটৰাজন, সুদীপ কিষাণ, ৰেজিনা কেছান্দ্ৰা আদিয়ে।
-
মানিকে মাগে হিথে
মাণিকে মাগে হিথে হৈছে যোহানী আৰু সতীশান ৰথনায়কৰ শ্ৰীলংকাৰ সিংহল ভাষাৰ এটি গীত। গীতটোৰ এটা অফিচিয়েল কভাৰ যোহানী আৰু সতীশানে প্ৰস্তুত কৰি ২০২১ চনৰ ২২ মে'ত মুক্তি দিছিল। গীতৰ কথা লিখিছিল দুলান এ আৰ এক্সে। তিনিমাহত ইউটিউবত এই কভাৰ গীতটোৱে ১৯ কোটি দৰ্শন অতিক্ৰম কৰিছিল।
-
মাম্মো
মাম্মো (Mammo ) হৈছে ১৯৯৪ চনj শ্যাম বেনেগাল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি। ইয়াত অভিনয় কৰিছে ফৰিদা জালাল, সুৰেখা ছিক্ৰী, অমিত ফাল্কে আৰু ৰজিত কাপুৰে। ছবিখন ১৯৯৫ চনত হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
মায়া মিৰিগ
মায়া মিৰিগ (Maya Miriga) ১৯৮৪ চনৰ নিৰদ মহাপাত্ৰৰ পৰিচালনাত নিৰ্মিত এখন ওডিয়া ছবি। ৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনে সৰ্বভাৰতীয় স্তৰত দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰে।
-
মায়াবন সাহিত্য বঁটা
মায়াবন সাহিত্য বঁটা (Mayaban Sahitya Award) হ'ল প্ৰসিদ্ধ সাহিত্যিক ৰীতা চৌধুৰীৰ জ্যেষ্ঠ ভগ্নী ৰূপা চৌধুৰীৰ স্মৃতিত প্ৰৱৰ্তিত অসমীয়া সাহিত্য জগতৰ এক বঁটা। এই বঁটা ২০২২ চনত মাৰ্ঘেৰিটাত আয়োজন কৰিবলৈ লোৱা মায়াবন উৎসৱত প্ৰদান কৰা হ’ব।
-
মায়াবাজাৰ (১৯৩৬ চলচ্চিত্ৰ)
মায়াবাজাৰ (Mayabazar; শশীৰেখা পৰিণয়ম নামেৰেও পৰিচিত) ১৯৩৬ চনৰ ভাৰতীয় তেলেগু ভাষাৰ এখন ফেণ্টাচী ছবি, যাৰ পৰিচালনা পি বি দাসে কৰিছে। নিৰ্মাণ বেল পিকচাৰ্ছৰ। ছবিখনত অভিনয় কৰিছে যাদৱল্লী নাগেশ্বৰ ৰাও, এছ পি লক্ষ্মনাস্বামী, ৰামী ৰেড্ডী, আৰু শান্তাকুমাৰী। সংগীত ৰচনা কৰিছিল গলিপেঞ্চল নৰসিংহ ৰাৱে।
-
মালদা সংগ্ৰহালয়
মালদা সংগ্ৰহালয় (Malda Museum) পশ্চিম বংগ পুৰাতত্ত্ব সঞ্চালকালয়ৰ অধীনস্থ এটা পুৰাতাত্ত্বিক সংগ্ৰহালয়। ১৯৩৭ চনত প্ৰতিষ্ঠা হোৱা এই সংগ্ৰহালয়টো ভাৰতৰ পশ্চিম বংগৰ মালদা জিলাৰ ইংলিছ বজাৰৰ শুভংকৰ বন্ধ পথত অৱস্থিত।
-
মালৱাই গিদ্ধা
মালৱাই গিদ্ধা (ਮਲਵਈ ਗਿੱਧਾ) হৈছে পঞ্জাৱৰ মালৱা অঞ্চলৰ পুৰুষৰ লোকনৃত্য। এই নৃত্যটো প্ৰথমে বাবেই (বয়সিয়াল)-ৰ দ্বাৰা পৰিবেশন কৰা হৈছিল আৰু সেয়েহে ইয়াক বাবেয়ান দা গিদ্ধা বুলিও কোৱা হয় যদিও বৰ্তমান এই নৃত্যটো কম বয়সৰ পুৰুষেও পৰিবেশন কৰে।
-
মিয়া ইছাবেলা
মিয়া ইছাবেলা (জন্ম ১৯৮৬) হৈছে এগৰাকী আমেৰিকান ৰূপান্তৰকামী অৱসৰপ্ৰাপ্ত পৰ্ণ চলচ্চিত্ৰ অভিনেত্ৰী।
-
মীৰা (১৯৭৯ চলচ্চিত্ৰ)
মীৰা ১৯৭৯ চনৰ গুলজাৰ ৰচিত আৰু পৰিচালিত এখন হিন্দী ভাষাৰ ছবি। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি থকা প্ৰেমৰ সন্ধানত ৰাজকীয় আৰাম ত্যাগ কৰা হিন্দু সাধ্বী-কবি মীৰাৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন। ভাৰতীয় বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰা নাছিল যদিও সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।
-
মুখৰা আৰু মোহৰা
মুখৰা/মোহৰা (দেৱনাগৰী: मुखड़ा/मोहरा; ইংৰাজী: Mukhra/Mohra) হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতত ব্যৱহৃত এক বিশেষ ধৰণৰ সাংগীতিক বাক্যাংশ যি তবলা আৰু অন্যান্য তালবাদ্যত প্ৰয়োগ কৰা হয়। এই বাক্যাংশসমূহে তালৰ সম (১ম মাত্ৰা)ৰ দিশে এক চমৎকাৰ উত্তেজনা সৃষ্টি কৰে আৰু তিহাইৰ সৈতে বা তিহাই অবিহনে ব্যৱহাৰ হ'ব পাৰে।
-
মুৰ্কট্টা
মুৰ্কট্টা (নেপালী: मुर्कट्टा, ইংৰাজী: Murkatta) চকু আৰু মুখ বুকুত থকা আৰু বাহুৰ তলত মূৰ থকা এবিধ মুণ্ডহীন ভূত। বিভিন্ন নেপালী সংস্কৃতি আৰু পৰম্পৰাত মুৰ্কত্তৰ বিষয়ে উল্লেখ আছে। ইহঁতক মৃত্যুৰ পৰা অহা আত্মা হিচাপে গণ্য কৰা হয়।
-
মেই জিন্দা হুঁ
মেই জিন্দা হুঁ (অনু. মই জীয়াই আছো; Ladies Only) ১৯৮৮ চনত সুধীৰ মিশ্ৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয়, হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত ৰাজেন্দ্ৰ গুপ্ত, পংকজ কাপুৰ, দীপ্তি নাভাল আৰু আলোক নাথে অভিনয় কৰিছে।
-
মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট
মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট'(কথিতভাৱে মেট (MET) বুলি কোৱা হয়) হ'ল নিউয়ৰ্ক চহৰৰ এটা বিশ্বকোষীয় কলা সংগ্ৰহালয়। মজিয়াৰ এলেকাৰ হিচাপত ই বিশ্বৰ তৃতীয় বৃহত্তম সংগ্ৰহালয় আৰু আমেৰিকাৰ সৰ্ববৃহৎ কলা সংগ্ৰহালয়।