লাল দৰ্জা (Lal Darja) ১৯৯৭ চনত মুক্তি পোৱা এখন বঙালী ৰূপকাত্মক নাট্যধৰ্মী চলচ্চিত্ৰ। বুদ্ধদেৱ দাসগুপ্তই ৰচনা আৰু পৰিচালনা কৰা লাল দৰ্জাই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১
কাহিনীৰ সাৰাংশ
তেওঁৰ ড্ৰাইভাৰ দীনুৰ সৈতে তেওঁ নিজকে তুলনা কৰে। দীনুৰ দুজনী স্ত্ৰী- সুখী আৰু মালতি; দুয়োজনীৰ গিৰিয়েকৰ প্ৰতি কোনো অভিযোগ নাই। নবীনে নিজক বুজিবৰ চেষ্টা কৰে। বেছিভাগ সময়ত তেওঁৰ শৈশৱৰ চেৰাপুঞ্জীত কটোৱা সময়বোৰ আৰু ৰঙা দুৱাৰখনৰ কথা মনলৈ আহে। তেওঁৰ মাকে কৈছিল ৰঙা দুৱাৰখন সহনশীলতাৰ প্ৰতীকস্বৰূপ। ৰঙা দুৱাৰখনৰ সৈতে তেওঁ নিজকে ৰিজাই চায়। শেষলৈ তেওঁৰ পত্নী আৰু সন্তান তেওঁৰ পৰা আঁতৰি যোৱাৰ পাছত তেওঁৰ সহনশীলতা চুড়ান্ত পৰ্যায়ত অৱতীৰ্ণ হয় আৰু নিজক লৈয়ে এক অকলশৰীয়া জীৱন কটোৱাৰ প্ৰস্তুতি আৰম্ভ হয়।
অভিনয় শিল্পী
- চম্পা২
- শুভেন্দু চেতাৰ্জী (নবীন)
- ৰাইচুল ইছলাম
- ইন্দ্ৰানী হালদাৰ (মালতি)
- বিপ্লৱ চেতাৰ্জী
- হাৰাধন বন্দোপাধ্যায়
বঁটা
১৯৯৬ – শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৩
তথ্যসূত্ৰ
- ↑ bdbazar.com
- ↑ (2019-01-12). LIKE A GRACEFUL CHAPTER. The Daily Star
- ↑ 44th National Film Festival. Directorate of Film Festival, India. পৃ. 129
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাল দৰ্জা” প্ৰবন্ধৰ সংশোধন ৪১৪৯৪৩ (২৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।