লাংলাই ডিমাছাসকলৰ এক লোক উৎসৱ।১ খৰাং বতৰ হ'লে এই পূজা পাতে। এই পূজা সাধাৰণভাৱে আৰু ডাঙৰকৈ আড়ম্বৰপূৰ্ণভাৱে কৰাৰ নিয়ম আছে।১
সাধাৰণভাৱে পালন কৰোঁতে প্ৰয়োজন হোৱা সামগ্ৰী কেইবিধ হ'ল:১
- তিনিটা কণী
- দুজনী কুকুৰা চৰাই আৰু
- এটা মতা কুকুৰা।
আড়ম্বৰপূৰ্ণভাৱে পাতিলে প্ৰয়োজন হোৱা সামগ্ৰী কেইবিধ হ'ল:১
- নটা কুকুৰা চৰাই
- পাঁচটা কণী
- এটা মুগা ৰঙৰ পাঠা
- টকা পঁচিশটা আৰু
- এখন বগা কাপোৰ।
এই পূজা সাধাৰণভাৱে পাতিলে পাঁচখন বেদী আৰু আড়ম্বৰপূৰ্ণভাৱে পাতিলে নখন বেদী সজাব লাগে। মুঠতে দুয়োবিধত বিযোৰ জীৱ আৰু বেদী হʼব লাগে। মানুহে নেদেখা ঠাইত অৰ্থাৎ অৰণ্য বা হাবিত লাংলাই পূজা পাতে। পূজাৰীয়ে প্ৰতিটো ভেটিত একোখনকৈ কলপাত স্থাপন কৰি সোঁ-মাজৰ বেদীত এযোৰ কলপাত পাৰে। ইয়াৰ অন্তত পূজাৰীয়ে লাংলাই দেৱতাক উদেশ্য কৰি মন্ত্ৰ মাতে আৰু মন্ত্ৰৰ শেষত আগতে সুৰক্ষিত কৰি থোৱা জীৱবোৰ বলি দিয়ে।১ পূজা পতাৰ উপযুক্ত সময় হৈছে পৱিত্ৰ বাৰ মঙ্গলবাৰ বা শুক্ৰবাৰ।১ গৃহহস্থক লগত লৈ পূৱমূৱাকৈ বেদীখন সজাৰ ৰীতি আছে।
তথ্যসূত্ৰ
- ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ, ২০১৩). অসমৰ লোক সংস্কৃতি (তৃতীয় খণ্ড). কৈলাস কুমাৰ ৰাজখোৱা. পৃ. ১৮৮, ১৮৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাংলাই পূজা” প্ৰবন্ধৰ সংশোধন ২৯৯৭৮৭ (২২ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।