শোধ (Shodh) হৈছে ১৯৭৯ চনৰ বিপ্লৱ ৰয় চৌধুৰী পৰিচালিত আৰু সীতাকান্ত মিশ্ৰ প্ৰযোজিত হিন্দী ভাষাত নিৰ্মিত এখন বলীউডী ভৌতিক ছবি, যিখন সুনীল গংগোপাধ্যায়ৰ বাংলা গ্ৰন্থ গৰম ভাত ও নিচক ভূতেৰ গপ্পোৰ আধাৰত নিৰ্মিত।[1]
কাহিনীৰ সাৰাংশ
যৌৱনত গাঁৱৰ পৰা নিৰ্বাসিত হৈ চহৰত নিজকে প্ৰতিষ্ঠা কৰা সুৰেন্দ্ৰ পিতৃৰ মৃত্যুৰ খবৰ পাই পুনৰ গাঁৱলৈ আহে। খবৰ অনুযায়ী ভূতৰ হাতত তেওঁৰ পিতৃৰ মৃত্যু ঘটিছে। সুৰেন্দ্ৰই ঘোষণা কৰে যে যিয়ে তেওঁক ভূত দেখুৱাবলৈ সফল হ’ব তেওঁক পুৰস্কৃত কৰা হ’ব। তেওঁৰ এই ঘোষণাই দুখীয়া ভোকাতুৰ খেতিয়কসকলক আকৰ্ষণ কৰে। যাৰ ফলত এজন নিৰীহ লোকক ভূত বুলি অভিযোগ উত্থাপন কৰা হয়, আনকি ভূত বুলি সাব্যস্ত কৰাৰ বাবে নিৰীহ লোকজনক হত্যাও কৰা হয়।
অভিনয়-শিল্পী
- ওম পুৰী - (সুৰেন্দ্ৰ)
বঁটা
- ১৯৮০ - শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ২৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- ১৯৮৯ - শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফী- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - ৰাজন কিনাগি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোধ” প্ৰবন্ধৰ সংশোধন ৪১৬৬৬২ (২ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।