লিটিল মাৰ্মেইড হৈছে এডভাৰ্ড এৰিক্সনৰ ব্ৰঞ্জৰ মূৰ্তি, য'ত এগৰাকী জলপৰী মানুহ হৈ পৰাৰ চিত্ৰণ কৰা হৈছে। ডেনমাৰ্কৰ কোপেনহেগেনৰ লেংগেলিনি প্ৰমেনেডত পানীৰ পাৰৰ এটা শিলত প্ৰদৰ্শিত হৈছে এই ভাস্কৰ্য্য।
১৮৩৭ চনত ডেনিছ লেখক হান্স খ্ৰীষ্টিয়ান এণ্ডাৰছনৰ একে নামৰ সাধুকথাৰ আধাৰত নিৰ্মিত এই সৰু আৰু অনাড়ম্বৰ মূৰ্তিটো কোপেনহেগেনৰ আইকন আৰু ১৯১৩ চনত উন্মোচন কৰাৰ পিছৰে পৰা পৰ্যটকৰ বাবে এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিটিল মাৰ্মেইড (মূৰ্তি)” প্ৰবন্ধৰ সংশোধন ৬১২২৮১ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।