অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শ্বাক্ৰেইন

শ্বাক্ৰেইন উৎসৱ বা চিলা উৎসৱ বাংলাদেশৰ ঢাকাত চিলা বা বাংলা ভাষাত ঘূৰি উৰুৱাই পালন কৰা বাৰ্ষিক উদ্‌যাপন। পুৰণি ঢাকা আধাৰিত বঙালী মুছলমান ঢাকাইয়া জনগোষ্ঠীয়ে এই উৎসৱ অনন্যভাৱে উদ্‌যাপন কৰে। বাংলা পঞ্জিকাৰ নৱম মাহ পুহ মাহৰ শেষত (গ্ৰেগ’ৰিয়ান পঞ্জিকা অনুসৰি ১৪ বা ১৫ জানুৱাৰী) ই উদযাপিত হয়।

হালনাগাদ: ১৩ নৱেম্বৰ ২০২৫ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শ্বাক্ৰেইন উৎসৱ বা চিলা উৎসৱ বাংলাদেশৰ ঢাকাত চিলা বা বাংলা ভাষাত ঘূৰি উৰুৱাই পালন কৰা বাৰ্ষিক উদ্‌যাপন।১ পুৰণি ঢাকা আধাৰিত বঙালী মুছলমান ঢাকাইয়া জনগোষ্ঠীয়ে এই উৎসৱ অনন্যভাৱে উদ্‌যাপন কৰে। বাংলা পঞ্জিকাৰ নৱম মাহ পুহ মাহৰ শেষত (গ্ৰেগ’ৰিয়ান পঞ্জিকা অনুসৰি ১৪ বা ১৫ জানুৱাৰী) ই উদযাপিত হয়। এই উৎসৱ পুহৰ সংক্ৰান্তিৰ বন্ধৰ লগত মিলি যায়।১ এই দিনটোক পৌষ সংক্ৰান্তি নামেৰে জনা যায়।২

বাংলাদেশৰ অন্যতম পুৰণি বাৰ্ষিক উৎসৱৰ ভিতৰত শ্বাক্ৰেইন উৎসৱ বাংলাদেশী সংস্কৃতিৰ এক বিখ্যাত আৰু উল্লেখযোগ্য অনুষ্ঠান। ই বাংলাদেশৰ ঐক্য আৰু বন্ধুত্বৰ প্ৰতীক।

কাৰ্যবিৱৰণী

শ্বাক্ৰেইন উৎসৱ বেছিভাগেই ঢাকা চহৰৰ দক্ষিণ অংশৰ আশে-পাশে উদ্‌যাপন কৰা হয়।১৩ উদ্‌যাপনৰ অংশ হিচাপে বিয়লিৰ ভাগত অঞ্চলটোৰ চাৰিওফালে থকা ঘৰৰ ছাদৰপৰা ওপৰলৈ ৰঙীন চিলা উৰুৱাই দিয়া হয়।১৪ ই প্ৰায়ে চিলা যুঁজৰ ৰূপ লয়, কাৰণ অংশগ্ৰহণকাৰীসকলে ইজনে সিজনৰ চিলাৰ ৰছী ধৰিবলৈ বা কাটি পেলাবলৈ চেষ্টা কৰে।৪ ৰং-বিৰঙৰ চিলা উৰি থকা আকাশখন মনোমোহা হৈ পৰে।

আচাৰ-ব্যৱহাৰ

ৰাতি হ’লে আতচবাজীৰে পুৰণি ঢাকাৰ আকাশখন পোহৰাই তোলা হয়। আতচবাজী-ফুলজাৰি আদি হাতত লৈ ছাদত গোট খোৱা লোকসকলেও একেলগে জুইৰ সৈতে হেতালি খেলাৰ দক্ষতাৰে মানুহক মনোৰঞ্জন দিয়ে।[1] সংগীতে গোটেই চহৰখনক জগাই তোলে, মানুহৰ মন আনন্দিত হৈ থাকে। হাজাৰ হাজাৰ লোকক একত্ৰিত কৰি প্ৰতিযোগিতা আৰু উপভোগ কৰা, ই এক আকৰ্ষণীয় অনুষ্ঠান, যাৰ বাবে প্ৰতিজন যুৱকে আগ্ৰহেৰে অপেক্ষা কৰে। প্ৰত্যেক ঘৰত কোনে ডাঙৰকৈ পিঠা পুৰিব পাৰে তাৰো প্ৰতিযোগিতা হয় আৰু মাজনিশাৰ পিছত পাশা খেলৰ দৰে খেল খেলা হয়, কিন্তু কেৱল ফলাফলৰ সৈতেহে যুক্ত। এই উৎসৱৰ দিনটোত বিভিন্ন ধৰণৰ মিঠাই আৰু পৰম্পৰাগত খাদ্য, বিশেষকৈ পুৰণি ঢাকাৰ বৈশিষ্ট্যযুক্ত খাদ্য কাচ্চি বিৰিয়ানীও পৰিৱেশন কৰা হয়।

অন্যান্য ঠাইত

বাংলাদেশৰ দৰে পৃথিৱীৰ অন্যান্য ঠাইতো চিলা উৰুওৱা কাৰ্য উৎসৱৰ লেখীয়াকৈয়ো পালন কৰা হয়। ভাৰতৰ বিহাৰ ৰাজ্যৰ পাটনা চহৰখন চিলাৰ বাবে জনাজাত বুলি কোৱা হয়। এই ঠাইৰ বজাৰৰ দজখন দোকানৰ মাজত এখন চিলাৰ দোকান থাকে। চিলাবোৰ হীৰা আকৃতিৰ, পাখিৰ দৰে পাতল, নেজ নাই, একেবাৰে পাতল ৰেচমী সূতাৰে এই চিলা উৰুওৱা হয়।৫

অসমতো এসময়ত চিলা উৰুওৱা বৰ জনপ্ৰিয় খেল আছিল। বৰ্তমান ই নৱপ্ৰজন্মৰ মাজত ঠাই ল’ব পৰা নাই। মাঘ-ফাগুন মাহত চিলা উৰুওৱা হৈছিল।৬

তথ্যসূত্ৰ

  1. ↑ (19 January 2011). Shakrain festival. The Daily Star
  2. ↑ (2019-01-12). Tales of Shakrain. Dhaka Tribune
  3. ↑ (20 January 2012). The Kite Festival. Daily Sun
  4. ↑ (15 January 2012). Kite Festival during Makar Sankranti. Demotix
  5. ↑ বিপাঙত চিলা সজা শিল্পী..
  6. ↑ ফাগুন মানেই চিলা উৰুওৱা বতৰ

সম্পৰ্কিত শ্ৰেণী

উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাক্ৰেইন” প্ৰবন্ধৰ সংশোধন ৫৫০৭৯৭ (১৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।