অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শ্বেৰ-এ-হিন্দ

শ্বেৰ-এ-হিন্দ (Sher-e-Hind; টাইগাৰ অফ ইণ্ডিয়া) আছিল ১৯৪৩ চনত ছিংগাপুৰত স্থাপিত ইম্পেৰিয়েল জাপানী সমৰ্থিত আজাদ হিন্দ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সামৰিক সন্মান।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শ্বেৰ-এ-হিন্দ (Sher-e-Hind; টাইগাৰ অফ ইণ্ডিয়া) আছিল ১৯৪৩ চনত ছিংগাপুৰত স্থাপিত ইম্পেৰিয়েল জাপানী সমৰ্থিত আজাদ হিন্দ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সামৰিক সন্মান। প্ৰথমে নাজী জাৰ্মানীত সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা স্থাপিত এই বঁটা পিছলৈ দক্ষিণ পূব এছিয়াত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ সৈন্যসকলকো প্ৰদান কৰা হয়। যুঁজত অস্ত্ৰ লৈ প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে বা যুদ্ধ বিহীন পৰিস্থিতিত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। বৰ্তমান এই বঁটা অপ্ৰচলিত অৱস্থাত আছে।

বঁটা লাভ কৰোঁতা

এই বঁটা লাভ কৰা ব্যক্তি সকলোৰে নাম জ্ঞাত নহয়। ইয়াৰে তিনিগৰাকী হৈছে:

  • কেপ্টেইন বাৰু সিং,
  • কেপ্টেইন কুঁৱল সিং আৰু
  • কেপ্টেইন গণেশী লাল১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Hindustan Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেৰ-এ-হিন্দ” প্ৰবন্ধৰ সংশোধন ৩৮২৯৮৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।