
মেন্নেকুইন (ইংৰাজী: Mannequin) হ’ল কিছুমান দোকান, শ্বপিং মল আদিত বিক্ৰীজাত সামগ্ৰীৰ উদাহৰণ দৰ্শাবৰ অৰ্থে ব্যৱহাৰ কৰা বিশেষ ধৰণৰ মূৰ্তি বা পুতলা। মেন্নেকুইন সমূহ মানুহৰ আকৃতিত কাঠ, প্লাষ্টিক বা আন পদাৰ্থৰে নিৰ্মাণ কৰা হয়। দোকানৰ বিভিন্ন স্থানত বিশেষকৈ শ্ব’ কেছত সজ্জিত মেন্নেকুইন সমূহত সাজ-সজ্জা পিন্ধাই কাপোৰ কানিৰ প্ৰ্দৰ্শন কৰা হয়। মেন্নেকুইনৰ উদ্ভৱ আৰু বিকাশ হয় ফ্ৰান্সত। খ্ৰীষ্টিয় পঞ্চদশ শতিকাতে উদ্ভৱ হোৱা এইবিধ সামগ্ৰী্যে বৰ্তমান যুগত সাজ-পোছাকৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিছে। সাজ-পোছাকৰ উপৰিও চিকিৎসা বিজ্ঞান, সামৰিক বিভাগ আদিৰ ক্ষেত্ৰতো মেন্নেকুইনৰ প্ৰ্চলন আৰু ব্যৱহাৰ আছে। ১
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, ৩৩শ বছৰ, সপ্তম সংখ্যা, পৃষ্ঠা নং: ২৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেন্নেকুইন” প্ৰবন্ধৰ সংশোধন ১৭৩২৮৬ (১৭ জানুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।