কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পাটনা সংগ্ৰহালয়
পাটনা সংগ্ৰহালয় (Patna Museum) ভাৰতৰ বিহাৰ ৰাজ্যৰ এটা ৰাজ্যিক সংগ্ৰহালয়। ১৯১৭ চনৰ ৩ এপ্ৰিলত ব্ৰিটিছ ৰাজৰ সময়ত পাটনাৰ আশে-পাশে পোৱা ঐতিহাসিক সামগ্ৰীসমূহ ৰখাৰ বাবে এই সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল।
-
পানীতোলা সবাহ
পানীতোলা সবাহ ( Panitola xabah) উজনি অসমৰ গাঁও বিশেষত পালন কৰি অহা এক লোকাচাৰ। খেতিৰ বাবে পৰ্যাপ্ত বৰষুণ কামনা কৰি প্ৰতিবছৰে জেঠ-আহাৰ মাহত পানীতোলা সবাহৰ আয়োজন কৰা হয়।
-
পুষনা
পুষনা হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ উপৰিও মেঘালয়ৰ গাৰোপাহাৰৰ সমতল ভূমিত বসবাস কৰা দেশী মুছলমানসকলে পুহ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এক পৰ্ব। ইয়াক পুষনে বুলিও কোৱা হয়। এই পৰ্ব মাঘ বিহুৰ সমপৰ্যায়ৰ যদিও এই পৰ্ব পালনৰ সুকীয়া ৰীতি নীতি আছে। পুষনাৰ আগদিনা গাঁৱৰ বিলত সমূহীয়াকৈ গঞা ৰাইজে মাছ মাৰে।
-
পুহকৰ
হিন্দু সমাজত মানুহ এজন ঢুকোৱাৰ পাছত তেওঁৰ শ দাহন কৰাৰ পাছতে তেওঁৰ মৃত্যুৰ বাৰ, তিথি আৰু নক্ষত্ৰ বহুতে চাই লয়। কিয়নো প্ৰত্যেকে ভাল দিন বা তিথিত মৃত্যু হোৱাটো কামনা কৰে। ঢুকোৱাৰ দিনটোও যদি অশুভবাৰৰ সৈতে অশুভ তিথি আৰু নক্ষত্ৰৰ সংযোগ ঘটে তেতিয়া তাক পুহকৰ (পুষ্কৰ) আখ্যা দিয়া হয়।
-
পুৰণ ভগত (চলচ্চিত্ৰ)
পুৰণ ভগত বা পুৰণ ভক্ত (Puran Bhagat ) ১৯৩৩ চনত কলিকতাৰ নিউ থিয়েটাৰ্ছ লিমিটেডৰ দ্বাৰা নিৰ্মিত এখন হিন্দী ভক্তিমূলক জীৱনীমূলক ছবি। এইখন আছিল দেবকী বসুৰ হিন্দীত প্ৰথম পৰিচালনা। ছবিখনত অভিনয় কৰিছিল কে এল চাইগল, উমা শশী, কুমাৰ, মলিনা দেৱী, কে চি দে আৰু তাৰাবাই।
-
প্ৰজাপতি ২
প্ৰজাপতি 2: ভালোবাশা হৈছে ২০২৫ চনত অভিজিৎ সেনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় বাংলা ভাষাৰ নাটকীয় চলচ্চিত্ৰ। দেৱ আৰু অতনু ৰায়চৌধুৰীয়ে নিজ নিজ বেনাৰত দেৱ এণ্টাৰটেইনমেণ্ট ভেঞ্চাৰছ আৰু বেংগল টকীজৰ বেনাৰত প্ৰযোজনা প্ৰণৱ কুমাৰ গুহা আৰু স্বস্তিক বিবেক ৰুইয়াই ইয়াৰ সহ-প্ৰযোজক হিচাপে কাম কৰিছিল।
-
প্ৰতিঘাট (১৯৮৭ চলচ্চিত্ৰ)
প্ৰতিঘাট (Pratighaat) ১৯৮৭ চনত এন চন্দ্ৰৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী নাৰীবাদী নাট্যধৰ্মী ছবি, য'ত সুজাতা মেহতাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। কম বাজেটত নিৰ্মিত, আৰু কোনো ডাঙৰ তাৰকা নথকা সত্বেও ছবিখন হিট হয় আৰু বক্স অফিচত ৭ কোটি টকা উপাৰ্জন কৰে।
-
প্ৰভাতী
প্ৰভাতী গোৱা অসমৰ ঠাইবিশেষে প্ৰতিবছৰে পুহমাহত চলি অহা এটা পৰম্পৰা৷ এই পৰম্পৰাৰ সৈতে মাঘবিহুৰ ওচৰ সম্পৰ্ক আছে বুলি ধাৰণা কৰা হয়৷
-
প্ৰিয়ংকা বাৰ্ৱে
প্ৰিয়ংকা বাৰ্ৱে এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী। বাৰ্ৱে মাৰাঠী, হিন্দী আৰু আন কিছুমান ভাৰতীয় ভাষাত গীত গাইছে, অৱশ্যে মাৰাঠী চলচ্চিত্ৰ উদ্যোগত তেওঁ আটাইতকৈ সক্ৰিয়। ফিৰোজ খানৰ “মোগল ই আজম”ৰ বহল অভিযোজনত আনাৰকলীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বাৰ্ৱে পৰিচিত।
-
পৰশুৰামেৰ কুঠাৰ
পৰশুৰামেৰ কুঠাৰ (Parshuramer Kuthar) নব্যেন্দু চেটাৰ্জীৰ ১৯৮৯ চনৰ এখন বঙালী ছবি। মুখ্য অভিনেত্ৰী শ্ৰীলেখা মুখাৰ্জীয়ে এইখন ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। পৰশুৰামেৰ কুঠাৰৰ গল্পটো লিখিছে লেখক সুবোধ ঘোষে।
-
ফাক ফৰ ফৰেষ্ট (তথ্যচিত্ৰ)
ফাক ফৰ ফৰেষ্ট (Fuck for Forest (film)) হৈছে ২০১২ চনৰ মিচাল মাৰ্চ্জাকৰ পৰিচালনাত নিৰ্মিত এখন তথ্যচিত্ৰ। ২০১২ চনৰ ১৩ অক্টোবৰত পোলেণ্ডত ৱাৰ্ছ চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনৰ প্ৰিমিয়াৰ হয় আৰু তাত ই শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰে।
-
বংগপাণ্ডু ঊষা
বংগপাণ্ডু ঊষা হ'ল তেলুগু ভাষাৰ এগৰাকী কবি৷ তেওঁ ৱাই এছ আৰ কংগ্ৰেছ দলৰ সাংস্কৃতিক শাখাৰ আহ্বায়ক। তেওঁ লোকসংগীত আৰু নৃত্যৰ বাবে জনপ্ৰিয়। শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশ ৰাজ্য চৰকাৰে তেওঁক অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক সৃষ্টিশীলতা আৰু সংস্কৃতি আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে।
-
বন্দে উৎকল জননী
বন্দে উৎকল জননী ভাৰতৰ উৰিষ্যা ৰাজ্যৰ জাতীয় সংগীত। এই গীত কান্ত কবি লক্সমিকান্ত মহাপাত্ৰৰ দ্বাৰা ৰচিত। ১৯৩৬ চনত উৰিষ্যা স্বতন্ত্ৰ হোৱাৰ পিছত এই গীতক জাতীয় সংগীতৰ স্বীকৃতি দিয়া হ'ল। এই গীতত উৎকল বা উৰিষ্যা গৌৰৱময়ী কৰাৰ পৰিকল্পনা প্ৰকাশ পাইছে। এই গীতে পৃথক উড়িশ্যাৰ আন্দোলনক তীব্ৰতৰ কৰি তুলিলে।
-
বাঘ নাচ
বাঘ নাচ ভাৰতৰ ওড়িশা ৰাজ্যৰ এক লোক-নৃত্য। ওড়িশাৰ সুবৰ্ণপুৰ জিলাৰ বিংকা, সোণপুৰ আৰু গঞ্জাম জিলাৰ ব্ৰহ্মপুৰ আৰু আন কোনো কোনো ঠাইত চ’ত মাহত এই নৃত্য পৰিৱেশন কৰা হয়। নৃত্য পৰিৱেশন কৰোঁতে পুৰুষ নৃত্যশিল্পীজনে নিজকে বাঘৰ দৰে ৰং কৰাৰ বাবেই ইয়াক বাঘ নাচ বোলা হয়।
-
বাট বুলনিৰ গীত
বাট বুলনিৰ গীত ( Baat Bulanir Geet) বা “বাট ফুৰা নাম’’ অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মী সমাজখনত গোৱা এবিধ নাম যাৰ সৈতে কিছু সংস্কৃতি জড়িত হৈ আছে৷ বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ যওঁতে আইসকলে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাওঁতে বাটৰ কষ্ট নোহোৱা কৰিবলৈ আধ্যাত্মিক ভাবাপন্ন গীত গাই বাট বুলে, সেইবোৰেই বাট বুলনিৰ…
-
বায়'স্কোপ
বায়’স্কোপ ( Bioscop ) ১৮৯৫ চনত জাৰ্মান উদ্ভাৱক আৰু চলচ্চিত্ৰ নিৰ্মাতা মেক্স স্ক্লাডান'স্কি আৰু তেওঁৰ ভাতৃ এমিল স্ক্লাডান'স্কিৰ (১৮৬৬–১৯৪৫) দ্বাৰা বিকশিত এটা চিনেমা প্ৰজেক্টৰ।
-
বাৰ্মিজ পৌৰাণিক কথা
বাৰ্মিজ পৌৰাণিক কাহিনী (ရှေးမြန်မာ့ဒဏ္ဍာရီ) হৈছে মিথ (কল্পকথা), লোককথা, কিংবদন্তী, আৰু বিশ্বাসসমূহৰ এক সংকলন, যিবোৰ ঐতিহ্যগতভাৱে বাৰ্মিজ জনগোষ্ঠীৰ দ্বাৰা বৰ্ণিত। এই কাহিনীবোৰ মৌখিকভাৱে পৰম্পৰাগতভাৱে প্ৰৱাহিত হৈছিল আৰু কদাচিৎ লিখিত ৰূপত পোৱা গৈছিল।
-
বি কে সামন্ত
বি কে সামন্ত হ'ল উত্তৰাখণ্ডৰ এজন লোকগায়ক, সংগীত পৰিচালক আৰু গীতিকাৰ, তেওঁৰ ভাইৰেল গীত থাল কী বজাৰৰ বাবে পৰিচিত যিটো ইউটিউবত সৰ্বাধিক দৰ্শন কৰা কুমাউনী বা গড়ৱালি মিউজিক ভিডিঅ', যাৰ দৰ্শকৰ সংখ্যা ৬ কোটিৰো অধিক।
-
বিউটিফুল (২০২০ চনৰ চলচ্চিত্ৰ)
বিউটিফুল: এন অ'ড টু ৰংগীলা ২০২০ চনৰ ভাৰতীয় হিন্দী-ভাষাৰ ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ, যি অগস্ত্য মঞ্জুৱে পৰিচালনা কৰিছিল আৰু নৰেশ কুমাৰ টি.য়ে প্ৰযোজনা কৰিছিল। চলচ্চিত্ৰখনত নয়না গাংগুলী, কে. কে. বিনোজী, আৰু পাৰ্থ সূৰীয়ে মুখ্য ভূমিকা নিভাইছিল।
-
বিজ্ঞান নগৰী, গুৱাহাটী
বিজ্ঞান নগৰী, গুৱাহাটী অসমৰ গুৱাহাটীৰ উপকণ্ঠ অঞ্চল টেপেচিয়া, সোণাপুৰত অৱস্থিত এটা বৃহৎ বিজ্ঞান শিক্ষা আৰু প্ৰদৰ্শনী কেন্দ্ৰ। ২০২৬ চনৰ ১০ মাৰ্চত উদ্বোধন কৰা এই কেন্দ্ৰটো উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ বিজ্ঞান কেন্দ্ৰ হিচাপে পৰিগণিত হয়।
-
বিশ্ব আলোকচিত্ৰ দিৱস
১৯ আগষ্ট দিনটো প্ৰতি বছৰে বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰা হয়। বিভিন্ন অনুষ্ঠানৰ যোগেদি সমগ্ৰ বিশ্বৰ মানুহেএই দিৱস উদ্যাপন কৰে।
-
বিহাৰ দিৱস
বিহাৰ দিৱস (Bihar Day) ভাৰতৰ বিহাৰ ৰাজ্যৰ প্ৰতিষ্ঠাবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে ২২ মাৰ্চত পালিত এটি দিৱস। ১৯১২ চনৰ ২২ মাৰ্চত বেংগল প্ৰেচিডেঞ্চিৰ পৰা বিহাৰ আৰু উৰিষ্যা বিভাগ পৃথক কৰি ব্ৰিটিছ ভাৰতত বিহাৰ আৰু উৰিষ্যা প্ৰদেশ গঠন কৰা হৈছিল৷ বিহাৰত এই দিনটো চৰকাৰী বন্ধৰ দিন।
-
বিৰাজ বহু
বিৰাজ বহু ( Biraj Bahu ) ১৯৫৪ চনত মুক্তি পোৱা আৰু শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বাংলা উপন্যাসৰ আধাৰত নিৰ্মিত এখন হিন্দী ছবি। ছবিৰ পৰিচালক বিমল ৰায় আৰু প্ৰযোজক হিতেন চৌধুৰী। কামিনী কৌশল, অভি ভট্টাচাৰ্য আৰু প্ৰাণ অভিনীত ছবিখনৰ সংগীত ৰচনা সলিল চৌধুৰীৰ।
-
বীৰ মংগদবলো
বীৰ মংগদবলো (Vir Mangdavalo) ১৯৭৬ চনৰ এখন গুজৰাটী ৰোমান্টিক ফেণ্টাচি ছবি। বাবুভাই মিষ্ট্ৰী পৰিচালিত ছবিখনত গুজৰাটৰ এক লোককথা চিত্ৰিত হৈছে। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল উপেন্দ্ৰ ত্ৰিবেদী, অৰবিন্দ ত্ৰিবেদী আৰু স্নেহলতাই। সংগীত ৰচনা কৰিছিল অবিনাশ ব্যাসে। ছবিখন ব্যৱসায়িকভাৱে সফল হৈছিল।
-
বীৰাঙ্গনা মূলাগাভৰু বঁটা
জনজাতীয় সংগঠন টাই আহোম যুৱ পৰিষদ অসম(চমুকৈ টাইপা)ৰ চৰাইদেউ জিলা সমিতিয়ে আহোম কুঁৱৰী তথা মহীয়সী আহোম যুঁজাৰু মহিলা ফ্ৰাচেংমু'ঙ বৰগোহাঁইৰ পত্নী বীৰাংগনা মূলাগাভৰুৰ জীৱনাদৰ্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মৰ্যাদাৰে সুঁৱৰি ২০১৩ বৰ্ষৰ পৰা বীৰাংগনা মূলাগাভৰু স্মৃতি বঁটা প্ৰদান কৰি…
-
বুনিয়াদ
বুনিয়াদ (আক্ষৰিক অৰ্থ-ভেটি (Foundation)) হৈছে এখনি ভাৰতীয় ধাৰাবাহিক৷ ধাৰাবাহিকখনৰ পৰিচালক হৈছে ৰমেশ চিপ্পী আৰুজ্যোতি স্বৰূপ৷ এই ধাৰাবাহিকখনৰ কাহিনী লিখিছিল মনোহৰ শ্যাম যোশী৷ কাহিনীটোৰ কেন্দ্ৰীয় বিষয় আছিল ১৯৪৭ চনৰ ভাৰত বিভাজন আৰু ইয়াৰ পৰিণতি৷ ১৯৮৬ চনত পোনপ্ৰথমবাৰৰ বাবে বুনিয়াদ ৰাষ্ট্ৰীয়…
-
বৈৰাণকোডে ভেলা
বৈৰাণকোডে উৎসৱ (Vairankode Festival) যাক বৈৰাণকোডে ভেলা বা বৈৰাণকোডে থীয়াট্টুৎসৱম বুলিও জনা যায়, কেৰালাৰ মালাপ্পুৰম জিলাৰ তিৰুণাৱায়াৰ ওচৰৰ বৈৰাণকোডে ভগৱতী মন্দিৰত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এক ধৰ্মীয় উৎসৱ। এই উৎসৱ দেৱী ভদ্ৰকালীৰ প্ৰতি উৎসৰ্গিত।
-
বোমকাই শাৰী
বোমকাই শাৰী ( Bomkai Saree) ভাৰতৰ ওড়িশাৰ এবিধ হস্ততাঁত শাৰী। গঞ্জাম জিলাৰ পৰা বোমকাই গাঁৱত উৎপত্তি যদিও পিছলৈ ইয়াক প্ৰধানকৈ সুবৰ্ণপুৰ জিলাৰ ভুলীয়া সম্প্ৰদায়ে উৎপাদন কৰিবলৈ লয়। বোমকাই ভাৰতৰ অন্যতম ভৌগোলিক সূচক লাভ কৰা এবিধ সামগ্ৰী। এই শাৰী বিভিন্ন ফেশ্বন শ্ব'ত প্ৰদৰ্শিত জনপ্ৰিয় পৰিচ্ছদ।
-
বৰলা কাই (ধাৰাবাহিক)
বৰলা কাই হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।
-
বৰ্ষা উৎসৱ
বৰ্ষা উৎসৱ (বৰ্ষা উৎসব) হৈছে বাংলাদেশত উদ্যাপন কৰা এটা দিনজোৰা বৰ্ষা অভিবাদন উৎসৱ। এইটো বৰ্ষা মঙ্গল উৎসৱ নামেৰেও জনাজাত। বাংলা চান্দ্ৰ-সূৰ্য্য কেলেণ্ডাৰ অনুসৰি আহাৰ মাহৰ প্ৰথম দিনা উৎসৱৰ তাৰিখটো নিৰ্ধাৰণ কৰা হয়। সাধাৰণতে এই দিনটো গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি ১৫ জুনত পৰে।