সাগৰকন্যাকা (Sagarakanyaka) হৈছে কেৰালা শংকুমুঘম উপকূলত অৱস্থিত এখন জলপৰীৰ ভাস্কৰ্য।১ কানায়ী কুঁহিৰামনে নিৰ্মাণ কৰা এই ভাস্কৰ্য্যটোক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডে বিশ্বৰ আটাইতকৈ ডাঙৰ জলপৰীৰ ভাস্কৰ্য্য হিচাপে বিবেচিত কৰিছে।২ ইয়াৰ দৈৰ্ঘ্য ৮৭ ফুট আৰু উচ্চতা ২৫ ফুট।৩ অৱশেষত ১৯৯১ চনত সম্পূৰ্ণ হোৱা ভাস্কৰ্যটো সম্পূৰ্ণ কৰিবলৈ কুঁহিৰামনে দুবছৰ সময় লৈছিল।৪৫
সংক্ষিপ্ত বিৱৰণ
কুঁহিৰমনে কোনো মাননি নোলোৱাকৈয়ে ভাস্কৰ্য নিৰ্মাণ সম্পূৰ্ণ কৰিলে। নিৰ্মাণৰ সময়ত জিলা উপায়ুক্তই ভাস্কৰ্যটো অশ্লীল বুলি কৈ নিৰ্মাণ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।৬ কিন্তু সেই সময়ত মুখ্যমন্ত্ৰী হৈ থকা কে কৰুণাকৰনে হস্তক্ষেপ কৰি কুঁহিৰমনৰ অনুৰোধত ভাস্কৰ্য নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পৰামৰ্শ আগবঢ়ায়।৭ ২০২২ চনৰ অক্টোবৰ মাহত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে ইয়াক বিশ্বৰ সৰ্ববৃহৎ জলপৰীৰ ভাস্কৰ্য হিচাপে ঘোষণা কৰিছিল।
তথ্যসূত্ৰ
- ↑ ലോക വേദിയില് കേരളത്തിന്റെ അഭിമാനമായി കാനായിയുടെ സാഗരകന്യക; ഗിന്നസ് റെക്കോര്ഡിന്റെ പകിട്ട്. www.asianetnews.com
- ↑ Kanayi's Sagarakanyaka sets Guinness record. www.onmanorama.com
- ↑ (30 October 2022). guinness world record for kanayi kunhiraman. www.twentyfournews.com
- ↑ (2021-01-11). A mermaid, a chopper & a turf war
- ↑ T.R; Mani, Dr Amitha P. (2022-04-17). Cultural Congruence: Contemporaneity and Confluence. Co-Text Publishers. ISBN 978-81-952253-7-8
- ↑ സാഗര കന്യകയ്ക്കരികെ ഹെലികോപ്റ്റർ; അപമാനിച്ചെന്ന് കാനായി; വിവാദം. Manoramanews
- ↑ Dani, Neha. (2022-10-30). कनयी के सागरकन्याका ने बनाया गिनीज रिकॉर्ड. jantaserishta.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাগৰকন্যাকা” প্ৰবন্ধৰ সংশোধন ৪৯০০৬৯ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।