লোক সভা টিভি এক ভাৰতীয় কেবল দূৰদৰ্শন নেটৱৰ্ক, ভাৰত চৰকাৰৰ দ্বাৰা যিয়ে কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজ আৰু অন্যান্য লোক কাৰ্য বিষয়ক সামগ্ৰী প্ৰদৰ্শন কৰে।১ এই চেনেলৰ উদ্দেশ্য ভাৰতৰ সকলো সংসদীয় আৰু বৈধানিক সংগঠনৰ কাম-কাজৰ তথ্য ৰাজহুৱাভাৱে উপলব্ধ কৰোৱা।২ এই চেনেলে ভাৰতৰ নিম্ন সদন লোকসভাৰ কাম-কাজ পোণপটীয়াভাৱে আৰু পাছলৈও প্ৰকাশিত কৰে।
ইতিহাস
১৯৮৯ৰপৰা সংসদৰ কোনো কোনো অংশ প্ৰচাৰ হৈ আহিছে, যেনে ৰাষ্ট্ৰপতিৰ ভাষণ। ১৯৯৪ৰপৰা উভয় সদনৰ প্ৰশ্ন কাল দূৰদৰ্শন আৰু অনাতাৰত প্ৰচাৰ হ'বলৈ আৰম্ভ কৰিলে।
২০০৬ চনত ডিডি লোক সভা চেনেলৰ স্থান গ্ৰহণ কৰিলে লোক সভা টিভিয়ে। এই চেনেল এক ২৪-ঘণ্টীয়া টিভি চেনেল, যি লোক সভাৰেই সম্পত্তি আৰু লোক সভাৰ দ্বাৰাই চালিত। লোক সভাৰ অধিবেশণৰ সময়ত এই চেনেলত সকলো কাৰ্য পোণপতীয়াকৈ প্ৰদৰ্শন কৰা হয়, আৰু অন্যান্য সময়ত বিভিন্ন সাংস্কৃতিক আৰু শিক্ষাগত অনুষ্ঠানৰ সৈতে আলোচনা আদি প্ৰদৰ্শন কৰা হয়।৩
তথ্যসূত্ৰ
- ↑ Introduction to Loksabha TV Official website
- ↑ Lok Sabha Television | With pride but no prejudice Mint, 14 May 2009
- ↑ Parliament television channel 'Lok Sabha TV'
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোক সভা টিভি” প্ৰবন্ধৰ সংশোধন ৫২৯৮০৫ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।