অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মৰুতীৰ্থ হিংলাজ

মৰুতীৰ্থ হিংলাজ (Marutirtha Hinglaj) ১৯৫৯ চনৰ বিকাশ ৰায় পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় বঙালী ভাষাৰ এখন নাট্যধৰ্মী ছবি। এই ছবিখন হিংলাজ তীৰ্থক মহিমামণ্ডিত কৰি বঙালী ঔপন্যাসিক কালিকানন্দ অৱধূতে ৰচনা কৰা একে নামৰ ভ্ৰমণ কাহিনীৰ ওপৰত ভিত্তি ৰচনা কৰা হৈছিল।

হালনাগাদ: ১২ মে’ ২০২৬ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মৰুতীৰ্থ হিংলাজ (Marutirtha Hinglaj) ১৯৫৯ চনৰ বিকাশ ৰায় পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় বঙালী ভাষাৰ এখন নাট্যধৰ্মী ছবি।১ এই ছবিখন হিংলাজ তীৰ্থক মহিমামণ্ডিত কৰি বঙালী ঔপন্যাসিক কালিকানন্দ অৱধূতে ৰচনা কৰা একে নামৰ ভ্ৰমণ কাহিনীৰ ওপৰত ভিত্তি ৰচনা কৰা হৈছিল।২৩৪ মুখ্য অভিনেতা আছিল উত্তম কুমাৰ, সাবিত্ৰী চেটাৰ্জী, আৰু অনিল চেটাৰ্জী। সংগীত হেমন্ত মুখাৰ্জীৰ।

নিৰ্মাণ

ছবিখনৰ পৰিচালনা, প্ৰযোজনা আৰু চিত্ৰনাট্য ৰচনা বিকাশ ৰায়ৰ। তেওঁ ছবিখনত অভিনয়ো কৰিছিল। প্ৰথমে দীঘাত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। দীঘাৰ সমীপৰ সমুদ্ৰৰ উপকূলত বেলুচিস্তানৰ মৰুভূমিৰ সৃষ্টি কৰা হৈছিল। বিকাশ ৰায়ে ছবিখনত ব্যৱহাৰৰ বাবে দুটা উট আনিছিল। চাকুলীয়াতো ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল, দুদিন হৈছিল ঘাটশিলাত।৫

তথ্যসূত্ৰ

  1. ↑ Marutirtha Hinglaj (1959). Indiancine.ma
  2. ↑ Ranabir Samaddar. (July 2004). Peace Studies: An Introduction To the Concept, Scope, and Themes. SAGE Publications India. ISBN 9788132102878
  3. ↑ Marutirtha Hinglaj Ed. 2nd. archive.org
  4. ↑ Swarupa Gupta. (30 October 2017). Cultural Constellations, Place-Making and Ethnicity in Eastern India. BRILL. ISBN 9789004349766
  5. ↑ এখনখবৰ. (2020-05-16). তিনি বিকাশ ৰায়-ৰানা চক্ৰবৰ্তী - এখনখবৰ

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰ১৯৫৯ বৰ্ষৰ চলচ্চিত্ৰভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰুতীৰ্থ হিংলাজ” প্ৰবন্ধৰ সংশোধন ৬০৫৯৯৫ (১২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।