সৰস্বতী হৈছে একে নামৰ হিন্দু দেৱীৰ বৰ্হি ভাস্কৰ্য্য, ইণ্ডোনেছিয়াৰ দূতাবাসৰ বাহিৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিৰ এম্বেচি ৰ'ত স্থাপন কৰা হৈছে।
বৰ্ণনা আৰু ইতিহাস
বালিৰ একাধিক ভাস্কৰ্য্যশিল্পীয়ে সৃষ্টি কৰা এই ভাষ্কৰ্য্য ২০১৩ চনত স্থাপন কৰা হৈছিল।১২ ১৬ ফুট (৪.৯ মিটাৰ) উচ্চতাৰ সোণালী আৰু বগা ৰঙৰ মূৰ্তিটোত হিন্দু দেৱী সৰস্বতীয়ে পদুমৰ ওপৰত থিয় হৈ থকা আৰু ভৰিত তিনিজন কণমানি ছাত্ৰক চিত্ৰিত কৰা হৈছে, ইয়াৰে এজন হৈছে বাৰাক ওবামা।২
সৰস্বতী
মূল প্ৰবন্ধ: সৰস্বতী'সৰস্বতী' (सरस्वती) হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী।৩ তেখেত সৰস্বতী-লক্ষ্মী-পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা।৪
বাৰাক অ'বামা
মূল প্ৰবন্ধ: বাৰাক অ'বামা'বাৰাক হুছেইন অ'বামা' (Barack Hussein Obama; জন্ম: ৪ আগষ্ট, ১৯৬১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়।৫
তথ্যসূত্ৰ
- ↑ (June 30, 2013). A Hindu Goddess Arrives to Bless Embassy Row. NPR
- ↑ Ghouse, Mike. (June 19, 2013). Goddess Saraswati Statue with Barack Obama Symbolizes Relationship Between Indonesia and the U.S.. The Huffington Post
- ↑ Kinsley, David. (1988). Hindu Goddesses: Vision of the divine feminine in the Hindu religious traditions. University of California Press. ISBN 0-520-06339-2
- ↑ Encyclopaedia of Hinduism, p. 1214; Sarup & Sons, ISBN 978-81-7625-064-1
- ↑ American President A Reference Resource |archive url= millercenter.org/president/obama/essays/biograph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰস্বতী (ভাস্কৰ্য্য)” প্ৰবন্ধৰ সংশোধন ৫৭৫২৭৭ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।