২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়াক্ষেত্ৰত ১১,৩০৪ জনীয়া বিহুৱা-নাচনীৰ দলে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰি এক নতুন বিশ্ব অভিলেখৰ সৃষ্টি কৰে।১২৩ এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীসভাৰ সদস্যসকল আৰু লণ্ডনত অৱস্থিত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মুখ্য কাৰ্যালয়ৰ প্ৰতিনিধি ঋষি নাথ উপস্থিত থাকে।২ এই অনুষ্ঠানটোৰ জৰিয়তে দুটা বিশ্ব অভিলেখ স্থাপন হয়: প্ৰথমটো হৈছে ১১,৩০৪ গৰাকী বিহুৱা-নাচনীৰে একেলগে কৰা বিহু নৃত্য আৰু দ্বিতীয়টো হ'ল ২,৫৪৮জন ঢুলীয়াৰ দ্বাৰা একেলগে কৰা ঢোলবাদন।২৪৩ বিশ্ব অভিলেখ সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানৰ আয়োজক আছিল অসম চৰকাৰ।৩ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মতে এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যে অসমৰ থলুৱা সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ লৈ যোৱা।৪
তথ্যসূত্ৰ
- ↑ (14 April 2023). 'Bihu' performance with 11,304 drummers, dancers enters Guinness World Records. The Economic Times
- ↑ Umanand Jaiswal. (15 April 2023). Bihu makes it to Guinness World Records. The Telegraph (Online0
- ↑ (14 April 2023). Rongali Bihu Festival: Over 11,000 Bihu Dancers Perform In An Attempt To Set A Guinness World Record. Outlook
- ↑ Rahul Karmakar. (14 April, 2023). PM Modi gets into Bihu mood after world record show. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰুসজাইত বিহু নৃত্যৰে অভিলেখ” প্ৰবন্ধৰ সংশোধন ৩৭২২০৯ (২২ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।