সাথী লীলাৱতী (Sathi Leelavathi) ১৯৯৫ চনৰ বালু মহেন্দ্ৰৰ পৰিচালনা, সহ-লেখন, চিত্ৰগ্ৰহণ আৰু সম্পাদনাত নিৰ্মিত এখন ভাৰতীয় তামিল ভাষাৰ কমেডী ছবি। ছবিখনত ৰমেশ অৰবিন্দ, কল্পনা (অভিনেত্ৰী) আৰু হীৰাই মুখ্য ভূমিকাত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে কোভাই সৰলা আৰু কমল হাছানে। ছবিখনৰ কাহিনী অৰুণক (অৰবিন্দ) কেন্দ্ৰ কৰি ঘূৰ্ণায়মান, যিয়ে পত্নী লীলাৱতীৰ (কল্পনা) সাধাৰণ চেহেৰা আৰু শকত হোৱা বাবে অসন্তুষ্ট হৈ প্ৰিয়াৰ (হীৰা) সৈতে বিবাহ বহিৰ্ভূত প্ৰেমত লিপ্ত হয়।১
ছবিখনৰ প্ৰযোজক কমল হাছান। ১৯৮৯ চনৰ আমেৰিকান ছবি শ্বি-ডেভিলৰ পৰা শিথিলভাৱে অভিযোজিত২ সাথী লীলাৱতীৰ কাহিনী অনন্থুৱে ৰচনা কৰিছে। সংলাপ ক্ৰেজী মোহনৰ।৩ সংগীত ৰচনা ইলায়াৰাজাৰ। ১৯৯৫ চনৰ ১৫ জানুৱাৰীত মুক্তি৪ পোৱা সাথী লীলাৱতী ব্যৱসায়িকভাৱে সফল হৈছিল। হিন্দী ভাষাত বিবি নং ১ (১৯৯৯) আৰু কানাড়া ভাষাত ৰামা শামা ভামা (২০০৫) নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।৫ কানাড়াখনত অৰবিন্দ আৰু হাছানে পুনৰ নিজৰ চৰিত্ৰত অভিনয় কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ S, Srivatsan. (6 November 2019). From 'Kadalora Kavithaigal' to 'Adithya Varma': Tamil cinema's quintessential 'soft-spoken hero' Raja returns after a 20-year exile. দ্য হিন্দু
- ↑ Sathi Leelavathi (1994). Raaga.com
- ↑ (12 June 2020). 'சதிலீலாவதி' வெற்றிக்கு கோவை சரளாவும் காரணம்: கமல் புகழாரம். Hindu Tamil Thisai
- ↑ ஆர். பி. ஆர். (22 January 1995). சதி லீலாவதி. Kalki. পৃ. 1
- ↑ (18 March 2005). Kamal Haasan back after 16 years.. দ্য হিন্দু
- ↑ (18 March 2005). Kamal Haasan back after 16 years.. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাথী লীলাৱতী (১৯৯৫ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৫০২৮৮ (১২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।