লীলা ৰায় ঘোষ ( Leela Roy Ghosh; ১৯৪৭ বা ১৯৪৮ – ১১ মে' ২০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কণ্ঠ ডাবিঙৰ পাৰদৰ্শী আছিল। তেওঁ হিন্দী, বাংলা, ইংৰাজী, মাৰাঠী আৰু উৰ্দু ভাষাত ডাবিং কৰিছিল।১ তেওঁ এগৰাকী ডাবিং পৰিচালকও আছিল। তেওঁৰ কন্যা মোনা ঘোষ শ্বেট্টি এগৰাকী কণ্ঠ অভিনেত্ৰী আৰু গায়িকা।২
কৰ্মজীৱন
ঘোষে হয়তো মুম্বাই চহৰৰ আন্ধেৰীত অৱস্থিত ডাবিং ষ্টুডিঅ’ ছাউণ্ড এণ্ড ভিজন ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ হিচাপে পৰিচিত আছিল। তেওঁৰ ছোৱালী মোনাই তেওঁক সহায় কৰিছিল আৰু ১৯৯০ চনৰ আৰম্ভণিৰ পৰা লীলাৰ মৃত্যুলৈকে তেওঁলোকে একেলগে কোম্পানীটোৰ বাবে ব্যৱসায় কৰিছিল। কোম্পানীটোৱে হলিউডৰ প্ৰডাকচন হাউছ যেনে পেৰামাউণ্ট পিকচাৰ্ছ, ইউনিভাৰ্চেল ষ্টুডিঅ’ আৰু চ’নী পিকচাৰ্ছ এণ্টাৰটেইনমেণ্টে নিৰ্মাণ কৰা চিনেমাৰ বাবে ভাৰতীয় ভইচ-ডাব (বেছিভাগেই হিন্দী) চম্ভালে। ২০১৩ চনলৈকে ডাবিং ষ্টুডিঅ'টোৱে ৩০০ৰো অধিক বিদেশী ছবি আৰু হাজাৰৰো অধিক বিদেশী টিভি অনুষ্ঠান ডাবিং কৰিছে।৩৪
মৃত্যু
২০১২ চনৰ ১১ মে'ত ৬৪ বছৰ বয়সত যকৃত প্ৰতিস্থাপন অস্ত্ৰোপচাৰৰ জটিলতাৰ বাবে ঘোষৰ মৃত্যু হয়।৫
তথ্যসূত্ৰ
- ↑ (30 January 2012). The New Wordsmiths. The Indian Express
- ↑ Nikhil, Menon. (7 March 2010). Making their mark behind the celluloid screen - Economic Times. The Economic Times
- ↑ (7 August 2008). Cartoon Voice Dubbing. Cartoon Voice Talent
- ↑ Dandavate, Rohini. (1 May 2013). Leela Roy Ghosh: A Guardian Angel
- ↑ Leela Ghosh, Directory, Biography, Encyclopedia, Telephone Number, Address. Bollywoodchaska.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলা ৰায় ঘোষ” প্ৰবন্ধৰ সংশোধন ৫০৬৫৮৮ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।