সৰ্বজনীন সুগমতা সজাগতা দিৱস (Global Accessibility Awareness Day) (জিএএডি) হৈছে বৰ্তমানৰ বিশেষভাৱে সক্ষম এক বিলিয়নতকৈ অধিক লোকৰ বাবে ডিজিটেল প্ৰৱেশ আৰু অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক সজাগতা দিৱস।১ বছৰি মে' মাহৰ তৃতীয় বৃহস্পতিবাৰে এই দিৱস পালন কৰা হয়।২
২০১৮ চনত জিএএডি চিহ্নিত কৰা কেইবাটাও ভাৰ্চুৱেল কাৰ্যসূচীৰ উপৰিও ছখন মহাদেশৰ কমেও ঊনৈশখন দেশৰ জনসাধাৰণৰ বাবে মুকলি অনুষ্ঠানৰো ব্যৱস্থা আছিল।৩
গ্ল'বেল এক্সেচিবিলিটি এৱাৰেনেছ ডে' ৱেবছাইটৰ মতে, "জিএএডিৰ উদ্দেশ্য হৈছে সকলোৰে বাবে ডিজিটেল (ৱেব, চফ্টৱেৰ, মোবাইল আদি) প্ৰৱেশ বা অন্তৰ্ভুক্তি আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বিষয়ে মাত মতা, চিন্তা কৰা আৰু শিকিবলৈ দিয়া।" ৪ স্থানীয় সাৰ্বজনিন সুগমতা সজাগতা দিৱসৰ অনুষ্ঠানসমূহে কেনেকৈ বিশেষভাৱে সক্ষম লোকসকলে সহায়ক প্ৰযুক্তি ব্যৱহাৰ কৰি ৱেব আৰু ডিজিটেল সামগ্ৰীসমূহ ব্যৱহাৰ কৰে, বা কিছুমান বিশেষ অক্ষমতাৰ বাবে প্ৰয়োজনীয় বুলি বিবেচনা কৰাত প্ৰযুক্তিগত সামগ্ৰী সৃষ্টি কৰা লোকসকলক সহায় কৰে।৩
২০১২ চনৰ মে' মাহত আৰম্ভ হোৱা এই দিৱস ২০১১ চনৰ নৱেম্বৰ মাহৰ পৰা লছ এঞ্জেলছৰ ৱেব ডেভেলপাৰ জো ডেভনৰ এটা ব্লগ পোষ্টৰ পৰা অনুপ্ৰাণিত হৈছিল।৫৬ তেওঁ জিএএডিৰ সহ-প্ৰতিষ্ঠাপক আছিল।
তথ্যসূত্ৰ
- ↑ (20 May 2021). Global Accessibility Awareness Day highlights need for developer education. SD Times
- ↑ About. Global Accessibility Awareness Day
- ↑ Asuncion, Jennison. 2018 Events. globalaccessibilityawarenessday.org
- ↑ Asuncion, Jennison. Global Accessibility Awareness Day. Global Accessibility Awareness Day
- ↑ About. GAAD
- ↑ (2011-11-27). CHALLENGE: Accessibility know-how needs to go mainstream with developers. NOW.. MySQLTalk.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৰ্বজনীন সুগমতা সজাগতা দিৱস” প্ৰবন্ধৰ সংশোধন ৩৬৬৩২১ (১৯ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।