ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আই নদী
আই অসমৰ মানাহ নদীৰ এক উপনদী।
-
আন্তঃসীমান্ত নদী
আন্তঃসীমান্ত নদী হৈছে এক ধৰণৰ নদী, যি অন্ততঃ এক বা ততোধিক দেশৰ ৰাজনৈতিক সীমান্ত অতিক্ৰম কৰি প্ৰবাহিত হয়। এই সীমান্ত দুখন বা ততোধিক দেশৰ অভ্যন্তৰীণ সীমান্ত হ'ব পাৰে। বৰ্তমান পৃথিৱীত প্ৰায় ২৬০খন আন্তঃসীমান্ত নদী আছে।
-
আল্টা
আল্টা (Alta) অসমৰ কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা সৰু উন্নয়নশীল অঞ্চল। ই গুৱাহাটীৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত।
-
উত্তৰ গাৰো পাৰ্বত্য জিলা
উত্তৰ গাৰো পাৰ্বত্য (North Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ ৰেচুবেলপাৰাত অৱস্থিত। জিলাখনৰ আয়তন ১,১১৩ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১,১৮,৩২৫ জন।
-
উত্তৰ চেণ্টিনেল দ্বীপ
উত্তৰ চেণ্টিনেল দ্বীপ বঙ্গোপসাগৰত স্থিত আন্দামান দ্বীপপুঞ্জৰ এটা দ্বীপ। এই দ্বীপ চেণ্টিনেলী জনগোষ্ঠীৰ বাসস্থান, যিসকল স্বেচ্ছামূলক বিচ্ছিন্নতাত জীৱন জাপন কৰে। অৰ্থাৎ তেওঁলোকে বাহিৰৰ জগতৰ সৈতে কোনো ধৰণৰ সংস্পৰ্শ নাৰাখে আৰু প্ৰায়ে বলপূৰ্বকভাৱে, বাহিৰৰ জগতৰ পৰা নিজৰ বিচ্ছিন্নতা ৰক্ষা কৰে।
-
কাদালুণ্ডি পক্ষী অভয়াৰণ্য
কাদালুণ্ডি পক্ষী অভয়াৰণ্য ( Kadalundi Bird Sanctuary} ভাৰতৰ কেৰালা ৰাজ্যৰ কোঝিকোড জিলাৰ কাদালুণ্ডি গ্ৰাম পঞ্চায়ত আৰু মালাপ্পুৰম জিলাৰ ভাল্লিক্কুন্নু গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত। এই ঠাই কাদালুণ্ডি নদী আৰব সাগৰত মিলিত হোৱা ঠাইত অৱস্থিত আৰু কেইবাটাও দ্বীপপুঞ্জৰ সমষ্টি লগ হৈ বহুদূৰলৈকে বিস্তৃত।
-
কিফিৰে
কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ (২৯৪০ ফুট) উচ্চতাত অৱস্থিত৷
-
কুণ্ডিনাপুৰী
কুণ্ডিনাপুৰী ভীম নামৰ এজন পৌৰাণিক ৰজাৰ দ্বাৰা শাসিত বিদৰ্ভ ৰাজ্যৰ ৰাজধানী আছিল। এই বিদৰ্ভ ৰাজ্য ভোজ-যাদৱ বংশৰ ভীষ্মক আৰু তেওঁৰ পুত্ৰ ৰুক্মিয়েও শাসন কৰিছিল। অৱশ্যে ৰজা ৰুক্মিয়ে বিদৰ্ভৰ বাবে ভোজাকটা নামৰ আন এখন ৰাজধানী নিৰ্মাণ কৰিছিল।
-
কুলশী নদী
কুলশী নদী বা কুলচি নদী ভাৰতৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ। এই নদীৰ উৎপত্তি মেঘালয়ৰ পশ্চিম খাচী পাহাৰৰ পৰা। উৎপত্তিস্থলত এই নদীখন খিৰ নদী নামেৰে জনাজাত। মেঘালয়ত ১২ কিঃমিঃ অতিক্ৰম কৰাৰ পিছত এই নদীখন অসমৰ কামৰূপ জিলাৰ মাজেৰে বৈ গৈছে আৰু ইয়াক কুলশী নামেৰে জনা যায়।
-
কেপেল দ্বীপ, ছিংগাপুৰ
কেপেল দ্বীপ (Keppel Island) হৈছে ছিংগাপুৰৰ বুকিট মেৰাহৰ হাৰ্বাৰফ্ৰণ্টৰ প্ৰেচিণ্টত অৱস্থিত এটি সৰু ব্যক্তিগত দ্বীপ। এই দ্বীপটো বহুলাংশে সমতল, কেপেল উপসাগৰৰ উত্তৰ অংশত, ছিংগাপুৰৰ মূল দ্বীপ আৰু চেণ্টোছা দ্বীপৰ মাজত অৱস্থিত।
-
কৈলা মৈলা গাওঁ
কৈলা মৈলা অসমৰ চিৰাং জিলাৰ এখন ৰাজহ গাঁও। এইখন জিলা সদৰ কাজলগাঁৱৰপৰা প্ৰায় ৩১ কিলোমিটাৰ আৰু ৰাজ্যৰ ৰাজধানী দিছপুৰৰপৰা প্ৰায় ২০২ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
-
ক’লাশিব জিলা
উত্তৰ-পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ আঠটা জিলাৰ ভিতৰত ক’লাশিব জিলা অন্যতম৷ জিলাখনৰ সদৰ ক’লাশিব চহৰত অবস্থিত৷ এই জিলাখন আয়তনৰ হিচাপত মিজোৰামৰ সকলোতকৈ সৰু জিলা৷
-
খনমা
খনমা নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা বিছ কিলোমিটাৰ পশ্চিমে অৱস্থিত এখন আংগামী নগা গাওঁ। গাওঁখনক স্থানীয় এবিধ উদ্ভিদ (Glouthera fragrantisima) ৰ আংগামী নাম অনুসৰি ’Khwuno-ra’ বুলিও জনা যায়। খনমাৰ মুঠ জনসংখ্যা ১৯৪৩ জন আৰু ৪২৪টা পৰিয়াল। খনমাক ভাৰতৰ প্ৰথমখন সেউজ গাওঁ বুলি গণ্য কৰা হয়।
-
গৌতম বুদ্ধ নগৰ (লোকসভা সমষ্টি)
উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ ৮০টা লোকসভা (সংসদীয়) সমষ্টিৰ ভিতৰত গৌতম বুদ্ধ নগৰ লোকসভা সমষ্টি অন্যতম। ২০০২ চনত গঠন হোৱা ভাৰতৰ সীমা নিৰ্ধাৰণ আয়োগৰ পৰামৰ্শৰ ভিত্তিত সংসদীয় সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কাৰ্যকৰী কৰাৰ অংশ হিচাপে ২০০৮ চনত বুলন্দশহৰ আৰু গৌতম বুদ্ধ নগৰ জিলাত বিস্তৃত এই সমষ্টিটোৰ অস্তিত্ব…
-
চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান
চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান (Champaner-Pavagadh Archaeological Park) গুজৰাট ৰাজ্যৰ পাঁচমহল জিলাত অৱস্থিত। ২০০৪ চনত প্ৰাকৃতিক ক্ষেত্ৰ হিচাপে ই ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে। ইয়াত অনেক অখননকৃত পুৰাতাত্বিক, ঐতিহাসিক আৰু জীৱ-সাংস্কৃতিক ঐতিহ্য সম্পত্তি আছে।
-
চিকৰ
চিকৰ ভাৰতৰ ৰাজস্থানৰ চিকৰ জিলাৰ এখন চহৰ।
-
চীন মান সময়
চীন মান সময় অথবা বেইজিং সময় হৈছে গণপ্ৰজাতন্ত্ৰী চীনৰ (পিআৰসি) বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰিনিছৰ সৈতে ইয়াৰ সময় পাৰ্থক্য ইউটিসি+৮। পূৰ্ব এছিয়াৰ মালয়েছেয়া আৰু ফিলিপাইন সহ অন্যান্য অঞ্চলত একেই অফসেট সময় বিভিন্ন নামত ব্যৱহৃত হয় যেনে শাংগিওয়ান মান সময়, হংকং মান সময়, মাকাউ মান সময়, ছিঙ্গাপুৰ…
-
ছিক্কিমৰ জিলাসমূহ
ছিক্কিম (Sikkim) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত ভাৰতবৰ্ষৰ এখন ৰাজ্য। | এই ৰাজ্যখন ছখন জিলাত ভাগ কৰা হৈছে। এই ছখন জিলা হৈছে গেংটক, মাংগন, নামছি, গেইজিঙ, পাকয়ং আৰু ছৰেং। কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া জিলা উপায়ুক্তই এই জিলা সমূহ পৰিচালনা কৰে। এই জিলা সমূহ পুনৰ মহকুমাত ভাগ কৰা হৈছে।
-
জালাহ
জলাহ অসমৰ বাক্সা জিলাত অৱস্থিত এখন গ্ৰাম্য-চহৰ।
-
ঠাই
ভূগোলত ঠাই,স্থান বা অৱস্থান শব্দই ভূ-পৃষ্ঠ বা অইন কিহবাত কোনো এক বিন্দু বা কালি বা আয়তনযুক্ত অংশক নিৰ্দিষ্ট কৰে। ঠাই শব্দটি সাধাৰণভাৱে যিকোনো কালি বা আয়তনযুক্ত অংশক সুনিৰ্দিষ্ট পৰিসীমা ব্যক্ত নকৰাকৈ নিৰ্দিষ্ট কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। ভূ-পৃষ্ঠৰ ঠাই সমূহ ভাষাভেদে বিভিন্ন নামেৰে নামকৰণ হৈছে।
-
ড'ৰা বিল
ড'ৰা বিল বা ডৰা বিল হৈছে ৰামপুৰ নং ২ত অৱস্থিত এটা জলাশয় আৰু হ্ৰদ। পলাশবাৰী ৰাজহ সংমণ্ডলৰ অন্তৰ্গত ২ খন গাঁও আৰু অসমৰ কামৰূপ জিলাৰ ৰাজাপুখুৰী, নাহিৰা, ভক্তপাৰা, তেজপুৰ, ৰামপুৰ, মাজপাৰা, কুলডুং, ধনতোলা, বৰটাৰী আৰু খিদিৰপুখুৰী আদি গাঁওৰে আগুৰি আছে।
-
ডিকি ডলমা
ডিকি ডলমা (Dicky Dolma; জন্ম: ৫ এপ্ৰিল ১৯৭৪) ডিকি ডলমা এগৰাকী ভাৰতীয় নাৰী, তেওঁ ১৯ বছৰ বয়সত ১৯৯৩ চনৰ ১০ মে তাৰিখে মাউণ্ট এভাৰেষ্টৰ শীৰ্ষবিন্দু আৰোহণ কৰা সবাতোকৈ কম বয়সৰ নাৰী হিচাপে পৰিচিত। এই ঐতিহাসিক ক্ষণটি সম্ভৱ হৈ উঠিছিল ভাৰত-নেপালৰ মহিলা এভাৰেষ্ট অভিযানৰ সময়ত।
-
ত্ৰিপুৰা কুইন আনাৰস
ত্ৰিপুৰা কুইন আনাৰস হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ আনাৰস। এই ফলবিধ ত্ৰিপুৰাৰ ৰাজ্যিক ফল। ২০১৪ চনৰ ২৫ নৱেম্বৰত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে ত্ৰিপুৰাৰ কুইন আনাৰসক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।
-
ত্ৰিপুৰাৰ জিলাসমূহ
ভাৰতৰ ৰাজ্য ত্ৰিপুৰাক ৮ খন জিলাত বিভক্ত কৰা হৈছে।
-
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য (South West Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা।
-
দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলা
দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য (South West Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। ২০১২ চনৰ ৭ আগষ্টত আমপতি অসামৰিক উপ-বিভাগটোক দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য হিচাপে এখন পূৰ্ণাংগ জিলালৈ উন্নীত কৰা হয় আৰু ইয়াৰ জিলাৰ সদৰ আমপতিত অৱস্থিত।
-
দানি চাপৰি
দানি চাপৰি (ইংৰাজী: Dani Chapori) গোলাঘাট জিলাৰ দেৰগাঁওৰ অন্তৰ্গত এখন গাঁও।
-
দাপ'ৰিজ'
দাপ'ৰিজ উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন চহৰ। এই চহৰ অৰুণাচল প্ৰদেশৰ উজনি সোৱনশিৰি জিলাৰ সদৰ ঠাই। চহৰখনৰ নামৰ Dapo-ৰ অৰ্থ প্ৰতিৰক্ষা আৰু Rijo-ৰ অৰ্থ উপত্যকা- অৰ্থাৎ অপশক্তিৰ পৰা প্ৰতিৰক্ষিত উপত্যকা অঞ্চল।
-
ধৌলি
ধৌলি বা ধৌলিগিৰি ভাৰতৰ ওড়িশা ৰাজ্যৰ ৰাজধানী ভূৱনেশ্বৰৰপৰা ৮ কিলোমিটাৰ দক্ষিণে দয়া নদীৰ পাৰত অৱস্থিত এটি পাহাৰ।
-
নাগালেণ্ডৰ জিলাসমূহ
নাগালেণ্ড (Nagaland), ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। নাগালেণ্ডৰ মুঠ ১১ খন জিলা আছে।