ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ছাম্ফাই জিলা
ছাম্ফাই জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম। জিলাখনৰ উত্তৰ দিশত মণিপুৰ ৰাজ্যৰ চুৰাচান্দপুৰ জিলা; পশ্চিমে চৈতুৱেল আৰু চেৰচিপ জিলা; দক্ষিণ আৰু পূবে ম্যানমাৰ অৱস্থিত। এই জিলাখনৰ আয়তন হৈছে ৩,১৮৫.৮৩ কিলোমিটাৰ (১,২৩০.০৬ বৰ্গমাইল)। ছাম্ফাই জিলাখনৰ প্ৰশাসনিক সদৰ।
-
ছাম্বিং
ছাম্বিং বা মাউণ্ট ছাম্বিং (গুনুং ছাম্বিং) ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা সক্ৰিয় আগ্নেয়গিৰিৰ স্তৰ। এই আগ্নেয়গিৰিটো ইয়াৰ উত্তৰ-পশ্চিমে অৱস্থিত ইয়াৰ চুবুৰীয়া মাউণ্ট সুন্দৰোৰ দৰেই প্ৰতিসম। প্ৰশাসনিকভাৱে, আগ্নেয়গিৰিটো ৩টা ৰিজেন্সিৰ মাজত বিভক্ত: টেমাংগুং, ৱনোছবো, আৰু মাগেলাং।
-
জয়নগৰ মজিলপুৰ
জয়নগৰ মজিলপুৰ ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ দক্ষিণ চব্বিশ পৰগনা জিলাত অৱস্থিত এখন চহৰ।
-
জিৰি নদী
জিৰি নদী ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ অন্যতম বৃহৎ নৈ বৰাক নদীৰ এখন উপনৈ। এই নদীখনৰ উৎপত্তি ডিমা হাচাও জিলাৰ বড়ো নিংগলো অঞ্চলৰ পৰা হৈছে। জিৰি নদীয়ে মণিপুৰ আৰু অসমৰ মাজত আন্তঃৰাজ্যিক সীমা হিচাপে কাম কৰে আৰু জিৰিমুখত বৰাক নদীৰ সৈতে মিলি যায়। (জিৰি-মুখ য'ত মুখৰ অৰ্থ অসমীয়া ভাষাত মুখমণ্ডলক বুজাইছে)।
-
জুনহেব'ট'
জুনহেব'ট (Pron:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন নগৰ।
-
জুন্হেব’ট’ জিলা
জুন্হেব’ট’ (Zunheboto, উচ্চাৰণ:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷
-
ডকমোকা
ডকমোকা ( )(Dokmoka) অসমৰ কাৰ্বি আংলং জিলাৰ এখন পৌৰ-নগৰ। ইয়াৰ এখন নিজা নগৰ-সমিতি আছে।
-
তুষাৰ
মৰুভূমি হল বৰষুণৰ কঠিন ৰূপ যি পৃথিৱীৰ বায়ুমণ্ডলত ক্ষুদ্ৰ ক্ষুদ্ৰ স্ফটিক আকাৰে বিৰাজ কৰে। ই প্ৰকৃতপক্ষে পানীৰ কঠিন ৰূপ বা বৰফ। শীতকালত যেতিয়া তাপমাত্ৰা শূন্য ডিগ্ৰী ছেলছিয়াছৰ তললৈ নামি যায় তেতিয়া মেঘৰ পৰা তুষাৰ পতিত হয়, ইয়াকে তুষাৰপাত বোলে।
-
থাণ্ডৱে জিলা
থাণ্ডৱে জিলা (သံတွဲခရိုင်) পশ্চিম ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। জিলাখনৰ সদৰ হৈছে থাণ্ডৱে। ২০১৫ চনৰ জনগণনা অনুসৰি ইয়াৰ জনসংখ্যা আছিল ৩৫৭,৮৪০ জন।
-
দিল্লীৰ জিলাসমূহ
ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক ১১ খন জিলাত ভাগ কৰা হৈছে। ১৯৯৭ চনৰ জানুৱাৰী মাহত ইয়াৰে ৯ খন জিলাৰ গঠন কৰা হয়। তাৰ আগতে দিল্লীত কেৱল এখনেই জিলা আছিল আৰু তাৰ সদৰ আছিল তিচ-হাজাৰী। ২০১২ চনৰ ছেপ্টেম্বৰত নতুনকৈ দুখন জিলাৰ গঠন কৰা হয়: এই দুখন হৈছে দক্ষিণ পূব দিল্লী জিলা আৰু শাহদৰা জিলা।
-
ধুবুৰী-ফুলবাৰী দলং
ধুবুৰী-ফুলবাৰী দলং হৈছে উত্তৰ-পূব ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণাধীন এখন দলং। ধুবুৰী-ফুলবাৰী দলংখন ২০২৬–২৭ চনৰ ভিতৰত সমাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছে, এয়া নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম দলং আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৯ কিলোমিটাৰতকৈ বেছি।
-
নামচাই জিলা
নামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখন ২০১৪ চনৰ ২৫ নৱেম্বৰৰ দিনা লোহিত জিলাৰ একাংশ পৃথক কৰি গঠন কৰা হয়৷ জিলাখনৰ সদৰ ঠাই নামচাই৷
-
নামদাঙৰ শিলৰ সাঁকো
নামদাঙৰ শিলৰ সাঁকো (Namdang Stone Bridge) অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জিলাত অৱস্থিত।
-
নাহৰলগুন
নাহৰলগুন (Naharlagun) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত এখন নগৰ৷
-
নিমাতী ঘাট
নিমাতী ঘাট হৈছে যোৰহাট জিলাৰ এটা ব্যস্ত নদী ঘাট। ইয়াৰ পৰাই দৈনিক মাজুলীলৈ ফেৰী চলাচল কৰে। ফেৰীয়ে হৈছে মাজুলীৰ পৰা যোৰহাটলৈ অহা-যোৱা কৰাৰ একমাত্ৰ মাধ্যম।
-
পট্টডাকাল স্মাৰকসমূহ
পট্টডাকাল স্মাৰকসমূহ (Group of Monuments at Pattadakal) ১৯৮৭ চনত ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয় । ইয়াত নটা গুৰুত্বপূৰ্ণ হিন্দু মন্দিৰ আৰু এটা জৈন মঠ বিদ্যমান। ইয়াৰ মাজত বিৰুপক্ষ মন্দিৰটো ৭৪০ খ্ৰীষ্টাব্দত ৰাণী লোকমহাদেবীয়ে স্বামীৰ দক্ষিণ ভাৰত বিজয় উপলক্ষে নিৰ্মাণ কৰিছিল।
-
ফো ছু
ফো ছু (পুৰুষ নদী) ভূটানৰ অন্যতম প্ৰধান নদী, যিয়ে ইয়াৰ উৎসৰপৰা ভূটান আৰু তিব্বতৰ সীমান্তৰ গাছা জিলালৈকে বৈ গৈছে। ই ড্ৰাটছাং লেনচোগৰ শীতকালীন বাসস্থান পুনাখা ড্জোঙৰ তলৰ সংগমস্থলীত মো ছু (মহিলা নদী)ৰ সৈতে মিলি যায়।
-
বলকান অঞ্চল
বলকান অঞ্চল ( The Balkans ) বুলি দক্ষিণ-পূৱ ইউৰোপৰ এটা ঐতিহাসিক অঞ্চলক বুজায়। ইয়াৰ পূবে কৃষ্ণ সাগৰ, পশ্চিমে এড্ৰিয়াটিক সাগৰ, দক্ষিণে ভূমধ্য সাগৰ। ডানিউব, সাভা আৰু কুপা নদীকেইখনে এই অঞ্চলৰ উত্তৰ সীমা নিৰ্ধাৰণ কৰে।
-
ভক্তৰডবা
ভক্তৰডবা (Bhaktardoba) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন বজাৰ। ই কালদিয়া নদীৰ পাৰত অৱস্থিত। কাষৰীয়া গাঁওসমূহৰ ভিতৰত নলীগাঁও, হেলচাৰ পাম, নলীৰ পাম, নলীৰ পাথাৰ, কাৱৈমাৰী ব্লক নং ৯, কাৱৈমাৰী ব্লক নং ১০, পিঠাদী গাঁও আৰু পিঠাদী পাম।
-
মাউংদাও জিলা
মাউংদাও জিলা (မောင်တောခရိုင်) পশ্চিম ম্যানমাৰ (বাৰ্মা)ৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। ইয়াৰ ৰাজধানী চহৰ মাউংদাও আৰু জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ২৯৫ জন। মাউংদাও জিলাৰ জনসংখ্যাৰ প্ৰায় ৯১ শতাংশ মুছলমান, যাৰ ফলত ই ম্যানমাৰৰ সৰ্বাধিক মুছলমান থকা জিলা হিচাপে পৰিগণিত হৈছে।
-
মাপিলা উপসাগৰ
মাপিলা উপসাগৰ (বা মপিলা বে’) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ পৌৰ নিগমৰ আয়িক্কাৰাত অৱস্থিত এটা প্ৰাকৃতিক বন্দৰ। উপসাগৰখনৰ এফালে ১৫ শতিকাত পৰ্তুগীজসকলে নিৰ্মাণ কৰা ফ’ৰ্ট চেণ্ট এঞ্জেলো আৰু আনফালে আৰাক্কাল পেলেচ।
-
মালাৱাত পূৰ্ণা
মালাৱাত পূৰ্ণা(বা পূৰ্ণা মালাৱাত; জন্ম ১০ জুন ২০০০) পূৰ্ণা এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ তেলেঙ্গনা ৰাজ্যৰ নিজমাবাদ জিলাৰ বাসিন্দা। ২০১৪ চনৰ ২৫ মে তাৰিখে পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰে।
-
মেক্সিকো চিটি
মেক্সিকো চিটি হৈছে মেক্সিকোৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই মেক্সিকোৰ ৰাজনৈতিক, সাংস্কৃতিক, আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গুৰুত্বপূৰ্ণ।
-
মো ছু
মো ছু ভূটানৰ এখন প্ৰধান নদী। ভূটানৰ চৰকাৰী জাতীয় ভাষা ড্জোংখা ভাষাত "চু" শব্দৰ অৰ্থ "নদী" বা "পানী।" ভূটান আৰু তিব্বতৰ সীমান্তৰ ওচৰৰ গাছা জোংখাগ (জিলা)ত এই নদীখনৰ উৎপত্তি হৈছে। তাৰপৰা মো ছু সাধাৰণতে দক্ষিণ দিশে মধ্য ভূটানৰ পুনাখালৈ বৈ যায়, য’ত ই উত্তৰ-পূবৰপৰা ফো ছুৰ লগত মিলি যায়।
-
ম্ৰাউক-উ জিলা
ম্ৰাউক-উ জিলা (မြောက်ဦးခရိုင်) ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন নতুনকৈ সৃষ্টি হোৱা জিলা। যিটো পূৰ্বতে ছিট্টৱে জিলাৰ অংশ আছিল। ইয়াৰ প্ৰশাসনিক কেন্দ্ৰ হৈছে ম্ৰাউক-উ। ম্ৰাউক-উত আনুষ্ঠানিকভাৱে ২৫টা পাহাৰৰ নামকৰণ কৰা হৈছে। কেমা টাউং এই জিলাৰ সৰ্বোচ্চ স্থান। য়ুলিন জং হৈছে আটাইতকৈ ডাঙৰ পৰ্বত।
-
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 36, চমুকৈ NH 36) হৈছে অসম আৰু নাগালেণ্ডৰ মাজত সংযোগ স্থাপন কৰা ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ নগাঁওত আৰম্ভ হৈ এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 170 কি.মি.। ইয়াৰে 167 কি.মি. অসমত আৰু 3 কি.মি. নাগালেণ্ডত আছে।
-
গোৱাৰ জিলাসমূহ
গোৱা পশ্চিম ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী পানাজী। মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য গোৱাক দুখন প্ৰশাসনিক জিলাত ভাগ কৰা হৈছে।
-
অসমৰ নগৰ-মহানগৰসমূহৰ তালিকা
অসমৰ নগৰ-মহানগৰসমূহৰ তালিকাত জিলা ভিত্তিক অসমৰ পৌৰ নগৰ সমূহক সূচীভূক্ত কৰা হৈছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত ২৭ খন জিলা, ৫৮ টা মহকুমা আৰু ৮৩ খন নগৰ আছে। মহানগৰ অসমত মাত্ৰ এখনেই আৰু সেইখন হৈছে গুৱাহাটী মহানগৰ । ৰাজ্যখনত মুঠ জনসংখ্যা ৩১,১৬৯,২৭২ জন।
-
অৰুণাচল প্ৰদেশৰ উৎসৱসমূহ
অৰুণাচল প্ৰদেশৰ সমাজৰ সকলো শ্ৰেণীৰ লোকে কৃষি, ধৰ্ম আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। এই সমূহত তেওঁলোকে নৃত্য কৰি, ভোজ-ভাত খাই আনন্দ কৰে। কৃষিৰ লগত জড়িত থকা উৎসৱ সমূহত খেতি ভাল হ’বৰ বাবে ভগৱানক প্ৰাৰ্থনা অথবা ভাল খেতি হোৱা বাবে ভগৱানক ধন্যবাদ কৃতজ্ঞতা বাবে উদযাপন কৰা হয়।
-
অৰৰিয়া জিলা
অৰৰিয়া জিলা ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত এখন জিলা। অৰৰিয়া এই জিলাখনৰ সদৰ ঠাই। জিলাখনৰ মাটিকালি ২,৮৩০ বৰ্গ কিলোমিটাৰ। এই জিলা পূৰ্ণিয়া সংমণ্ডলৰ অন্তৰ্গত।