ভৌগোলিক অঞ্চল
৪১ প্ৰবন্ধ
-
ভাৰতীয় উপমহাদেশ
ভাৰতীয় উপমহাদেশ (Indian subcontinent) হৈছে এছিয়া মহাদেশৰ দক্ষিণৰ এক উপদ্বীপ অঞ্চল। এই অঞ্চলটোৰ অধিকাংশই ভাৰতীয় ভূত্বকীয় ফলকত অৱস্থিত আৰু এয়া উত্তৰে হিমালয় পৰ্বতমালাৰ পৰা দক্ষিণে ভাৰত মহাসাগৰলৈ বিস্তৃত্ব।
-
নাগপুৰ
নাগপুৰ (Nagpur, नागपुर) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ দ্বিতীয় ৰাজধানী আৰু তৃতীয় বৃহত্তম চহৰ। কেন্দ্ৰীয় ভৌগোলিক অৱস্থানৰ বাবে ইয়াক ভাৰতৰ হৃদপিণ্ড বুলি কোৱা হয়। এইখন চহৰ মধ্য ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু জনবসতিপূৰ্ণ চহৰ। "কমলা চহৰ" নামেৰেও জনাজাত নাগপুৰ হ'ল জনসংখ্যাৰফালৰপৰা ভাৰতৰ ত্ৰয়োদশ বৃহত্তম চহৰ।
-
মস্কো
মস্কো (Москва) হৈছে ৰাছিয়াৰ ৰাজধানী আৰু আটাইতকৈ জনবহুল চহৰ, যি কেন্দ্ৰীয় ৰাছিয়াৰ মস্কভা নদীৰ পাৰত অৱস্থিত। চহৰখনৰ সীমাৰ ভিতৰত জনসংখ্যা প্ৰায় ১.৩ কোটি, মস্কো ইউৰোপৰ আটাইতকৈ জনবহুল চহৰ আৰু ইউৰোপৰ ভিতৰত বৃহত্তম নগৰ আৰু মহানগৰ অঞ্চল। চহৰখনৰ ইতিহাস ১১৪৭ চনত প্ৰথম উল্লেখ পোৱা যায়।
-
হৰিদ্বাৰ
হৰিদ্বাৰ (Haridwar) ভাৰতৰ উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ এখন চহৰ আৰু পৌৰ নিগম। ২০১১ চনত ২২৮,৮৩২ জনসংখ্যাৰে ই ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম চহৰ। গংগা নদীৰ সোঁপাৰে, শিৱলিক পৰ্বতমালাৰ পাদদেশত এই চহৰখন অৱস্থিত। হৰিদ্বাৰ ডোৱাব অঞ্চলত অৱস্থিত য'ত মানুহে খাৰি বলি ভাষা কয়।
-
ৱেষ্ট ইণ্ডিজ
ৱেষ্ট ইণ্ডিজ কেৰিবিয়ান আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ এটি অঞ্চল যিয়ে আণ্টিলেচৰ দ্বীপ আৰু লুকায়ানক সামৰে। ক্ৰিষ্টোফাৰ কলম্বাছৰ আমেৰিকালৈ প্ৰথম যাত্ৰাৰ পিছত, ইউৰোপীয় সকলে "ৱেষ্ট ইণ্ডিজ" ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেই অঞ্চলক ইণ্ডিজ (দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়া)ৰ পৰা পৃথক কৰিবলৈ।
-
আমষ্টাৰডাম
আমষ্টাৰডাম নেদাৰলেণ্ডৰ ৰাজধানী আৰু সৰ্বাধিক জনবসতিপূৰ্ণ চহৰ। ইয়াৰ জনসংখ্যা চহৰখনৰ ভিতৰত ৯২১,৪০২, চহৰ অঞ্চলত ১,৪৫৭,০১৮ জন আৰু মহানগৰ অঞ্চলত ২,৪৮০,৩৯৪ জন। ডাটচ প্ৰদেশ উত্তৰ হলণ্ডত অৱস্থিত আমষ্টাৰডামক ইয়াৰ বৃহৎ সংখ্যক নৰ্ডমাৰ বাবে,"উত্তৰৰ ভেনিচ" বুলিও কোৱা হয়।
-
আমিনগাঁও
আমিনগাঁও (IPA: ˈɑ:mɪnˌgɑ̃ʊ) উত্তৰ গুৱাহাটী, অসমৰ এটা অঞ্চল।
-
উজ্জয়িন
উজ্জয়িন (Ujjain, পুৰণি নাম অৱন্তিকা, বা উজ্জয়িনী) ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ উজ্জয়িন জিলাৰ এখন চহৰ। জনসংখ্যাৰ হিচাপত ই মধ্যপ্ৰদেশৰ পঞ্চম বৃহত্তম চহৰ আৰু উজ্জয়িন জিলা আৰু উজ্জয়িন সংমণ্ডলৰ প্ৰশাসনিক কেন্দ্ৰ।
-
নাছিক
নাছিক( Nashik) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ উত্তৰ অঞ্চলৰ এখন চহৰ। গোদাবৰী নদীৰ পাৰত অৱস্থিত। নাছিক চহৰৰ জনসংখ্যা প্ৰায় ২২ লাখ আৰু ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা চহৰ হিচাপে মান্য়তা দিয়া হৈছে।
-
বৰসনা
বৰসনা, (অসমীয়া উচ্চাৰণ বৰচনা) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন ঐতিহাসিক চহৰ আৰু নগৰ পঞ্চায়ত। কৃষ্ণৰ মুখ্য পত্নী হিন্দু দেৱী ৰাধাৰ জন্মস্থান হিচাপে এই চহৰখনে সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্য লাভ কৰিছে। বৰসনা ব্ৰজ অঞ্চলত অৱস্থিত।
-
গোকুল
ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন চহৰ গোকুল। মথুৰাৰপৰা ১৫ কিলোমিটাৰ (৯.৩ মাইল) দক্ষিণ-পূবে অৱস্থিত।
-
গোবৰ্ধন
গোবৰ্ধনক গিৰিৰাজ বুলিও কোৱা হয়, ভাৰতৰ এখন মূল তীৰ্থ কেন্দ্ৰ আৰু পৌৰসভাৰ চহৰ; এখন নগৰ পঞ্চায়ত; উত্তৰ প্ৰদেশৰ এজন বিধায়ক (বিধানসভাৰ সদস্য)ৰ আসন; ই এটা তহচিল, ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাত। মথুৰাৰপৰা প্ৰায় ২৩ কিলোমিটাৰ দূৰত্বত এই চহৰখন মথুৰা আৰু দীগৰ মাজৰ পথ সংযোগস্থলত অৱস্থিত।
-
মেৰাপি
মাউণ্ট মেৰাপি হৈছে ইণ্ডোনেছিয়াৰ মধ্য জাভা প্ৰদেশ আৰু যোগ্যকাৰ্টা বিশেষ অঞ্চলৰ সীমান্তত অৱস্থিত এটা সক্ৰিয় স্তৰ আগ্নেয়গিৰি। ই ইণ্ডোনেছিয়াৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰি আৰু ১৫৪৮ চনৰপৰা নিয়মিতভাৱে বিস্ফোৰণ ঘটি আছে।
-
মৈমনসিং
মৈমনসিং বিভাগ হ'ল বাংলাদেশৰ আঠটা প্ৰশাসনিক বিভাগৰ ভিতৰত অন্যতম। ইয়াৰ আয়তন ১০,৪৮৫ বৰ্গ কিলোমিটাৰ (৪,০৪৮ বৰ্গমাইল) আৰু ২০২২ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১২,২২৫,৪৯৮ জন। ইয়াৰ পূৰ্বে ঢাকা সংমণ্ডলৰ উত্তৰ অংশ গঠন কৰা জিলাসমূহৰ পৰা ২০১৫ চনত গঠন কৰা হৈছিল।
-
আয়িক্কাৰা
ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ কান্নুৰ পৌৰ নিগমৰ ৫৫টা বিভাগৰ ভিতৰত আয়িক্কাৰা অন্যতম। কান্নুৰ দুৰ্গ, আৰু মাপিলা উপসাগৰ আয়িক্কাৰাৰ ওচৰত। ইয়াত বাস কৰে এগৰাকী উল্লেখযোগ্য মহিলা অধিকাৰ কৰ্মী চাহিল ছালিম।
-
কান্নুৰ দুৰ্গ
কান্নুৰ দুৰ্গ বা চেণ্ট এঞ্জেলো দুৰ্গ আৰব সাগৰৰফালে থকা এটা দুৰ্গ, যিটো কেৰেলাৰ কান্নুৰৰপৰা ৩ কিলোমিটাৰ দূৰত অৱস্থিত।
-
ছাম্বিং
ছাম্বিং বা মাউণ্ট ছাম্বিং (গুনুং ছাম্বিং) ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা সক্ৰিয় আগ্নেয়গিৰিৰ স্তৰ। এই আগ্নেয়গিৰিটো ইয়াৰ উত্তৰ-পশ্চিমে অৱস্থিত ইয়াৰ চুবুৰীয়া মাউণ্ট সুন্দৰোৰ দৰেই প্ৰতিসম। প্ৰশাসনিকভাৱে, আগ্নেয়গিৰিটো ৩টা ৰিজেন্সিৰ মাজত বিভক্ত: টেমাংগুং, ৱনোছবো, আৰু মাগেলাং।
-
দক্ষিণ মালাবাৰ
দক্ষিণ মালাবাৰ (South Malabar) হৈছে ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ এক ভৌগোলিক অঞ্চল, যি বৰ্তমানৰ কেৰালা ৰাজ্যৰ কিছুমান অংশ সামৰি আছে। দক্ষিণ মালাবাৰৰ অন্তৰ্গত অঞ্চলসমূহ হ'ল বৰ্তমানৰ কোঝিকোড জিলাৰ কোঝিকোড আৰু থামাৰাশ্বেৰী তালুক, ৱায়ানাড জিলাৰ মানন্তভাড়ী তালুক বাদে বাকী সমগ্ৰ অংশ, মালাপ্পুৰম জিলাৰ…
-
পুনাখা
পুনাখা ( Punakha) ভূটানৰ ২০ খন জিলাৰ ভিতৰত এখন আৰু ই পুনাখা জংখাগৰ প্ৰশাসনিক কেন্দ্ৰ। ১৯৫৫ চনলৈকে পুনাখা ভূটানৰ ৰাজধানী আৰু চৰকাৰৰ সচিবালয়ৰ স্থান আছিল, তাৰ পিছত ৰাজধানী থিম্ফুলৈ স্থানান্তৰ কৰা হয়। পুনাখাৰ দূৰত্ব থিম্ফুৰ পৰা প্ৰায় ৭২ কিলোমিটাৰ, ৰাজধানীৰ পৰা গাড়ীৰে প্ৰায় ৩ ঘণ্টা সময় লাগে।
-
মাপিলা উপসাগৰ
মাপিলা উপসাগৰ (বা মপিলা বে’) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ পৌৰ নিগমৰ আয়িক্কাৰাত অৱস্থিত এটা প্ৰাকৃতিক বন্দৰ। উপসাগৰখনৰ এফালে ১৫ শতিকাত পৰ্তুগীজসকলে নিৰ্মাণ কৰা ফ’ৰ্ট চেণ্ট এঞ্জেলো আৰু আনফালে আৰাক্কাল পেলেচ।
-
সুন্দৰো
মাউণ্ট সুন্দৰো বা চিণ্ডোৰো বা চিণ্ডাৰা ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা অৰ্ধ-সক্ৰিয় স্তৰ আগ্নেয়গিৰি। উত্তৰ-পশ্চিম-দক্ষিণ ফালে পৰজীৱী গহ্বৰ আৰু আগ্নেয়গিৰিৰ শংকু পোৱা যায়; আটাইতকৈ ডাঙৰটোৰ নাম কেম্বাং। এটা সৰু লাভা গম্বুজে আগ্নেয়গিৰিটোৰ শিখৰ দখল কৰিছে।
-
গোসাঁনীমাৰী
গোসাঁনীমাৰী (খালিছা গোসাঁনীমাৰী বুলিও জনা যায়) উত্তৰ-পূব ভাৰতৰ পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ দিনহাটা মহকুমাৰ দিনহাটা প্ৰথম চিডি ব্লকৰ এখন গাঁও আৰু প্ৰত্নতাত্ত্বিক স্থান দুয়োটা। এই স্থানৰ নাম দিনহাটা মহকুমাৰ আধুনিক গ্ৰামাঞ্চ্যাত নামৰপৰা লোৱা হৈছে।
-
জালাহ
জলাহ অসমৰ বাক্সা জিলাত অৱস্থিত এখন গ্ৰাম্য-চহৰ।
-
নন্দগাঁও
নন্দগাঁও ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন ঐতিহাসিক চহৰ আৰু নগৰ পঞ্চায়ত। নন্দগাঁও ব্ৰজ অঞ্চলৰ এটা ধৰ্মীয় কেন্দ্ৰ। শিৱৰ বাহন নন্দীৰ নামেৰে নামকৰণ কৰা এই নগৰখনৰ নাম আছিল পূৰ্বতে নন্দীগ্ৰাম।
-
নৈহাটী
নৈহাটী ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ উত্তৰ ২৪ পৰগনা জিলাৰ এখন চহৰ আৰু এখন পুৰণি পৌৰসভা, যিখন ১৮৬৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ই কলকাতা মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সামৰি লোৱা অঞ্চলৰ এটা অংশ।
-
বিদৰ্ভ ৰাজ্য
সংস্কৃত মহাকাব্য মহাভাৰতৰ বিদৰ্ভ ৰাজ্য যদু ৰজাই (ভোজ যাদৱ) শাসন কৰা বহু ৰাজ্যৰ ভিতৰত অন্যতম। ই মধ্য ভাৰতৰ বৰ্তমান মহাৰাষ্ট্ৰত এতিয়াও বিদৰ্ভ নামেৰে জনাজাত অঞ্চলত অৱস্থিত আছিল। নলৰ পত্নী দময়ন্তী আছিল বিদৰ্ভৰ ৰাজকুমাৰী। একেদৰে বাসুদেৱ কৃষ্ণৰ জ্যেষ্ঠ পত্নী ৰুক্মিণী বিদৰ্ভৰ আছিল।
-
ভান্দিৰবন
ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ মন্ত তহচিলৰ এক প্ৰাচীন ধৰ্মীয় স্থান ভান্দিৰবন। এই ঠাইডোখৰ হিন্দু দেৱতা কৃষ্ণআৰু দেৱী ৰাধাৰ কাহিনীৰ সৈতে জড়িত।
-
মেৰবাবু
মাউণ্ট মেৰবাবু (ইণ্ডোনেছিয়া:গুনুং মেৰবাবু ) ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ মধ্য জাভা প্ৰদেশৰ এটা নিদ্ৰিত আগ্নেয়গিৰি। জাভানীজ সংযুক্ত শব্দৰপৰা মেৰবাবু নামটোক শিথিলভাৱে ‘ছিৰ পৰ্বত’ বুলি অনুবাদ কৰিব পাৰি; মেৰুৰ অৰ্থ "পৰ্বত" আৰু ৱু বা আবুৰ অৰ্থ "ছাই।" সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট মেৰাপি ইয়াৰ দক্ষিণ-পূব…
-
ম’ৰ’গ’ৰ’
ম’ৰ’গ’ৰ (Morogoro, চৰকাৰীভাৱে সংযুক্ত গণতান্ত্ৰিক টাঞ্জানিয়াৰ ম’ৰ’গ’ৰ’ অঞ্চলৰ ৰাজধানী ) পূৱ আফ্ৰিকাৰ এখন দেশ, টাঞ্জানিয়াৰ পূৰ্ৱাঞ্চলত অৱস্থিত এখন চহৰ। ম’ৰ’গ’ৰ’ চহৰখন টাঞ্জানিয়াৰ মুখ্য চহৰ ডাৰ-এ- ছালামৰ পৰা মোটামুটি ১৯৬ কিলোমিটাৰ (১২২ মাইল) পশ্চিমে অৱস্থিত।
-
আদ্ৰাৰ মালভূমি
আৰ্দ্ৰাৰ (আৰবী: هضبة آدرار, বাৰ্বাৰ ভাষাত "পৰ্বত") উত্তৰ মৰিটানিয়াৰ চাহাৰা মৰুভূমিৰ এটা প্ৰাকৃতিক উচ্চভূমি আৰু ঐতিহাসিক অঞ্চল। মৰিটানিয়াৰ এটা প্ৰশাসনিক বিভাগ আৰ্দ্ৰাৰ অঞ্চলৰ পৰম্পৰাগত অঞ্চলটোৰ নামেৰে নামকৰণ কৰা হৈছে।