ভাৰতৰ ভৌগোলিক স্বীকৃতি
৪৫ প্ৰবন্ধ
-
অসমৰ গামোচা
অসমৰ গামোচা অসমীয়াসকলৰ দৈনন্দিন ব্যৱহাৰ, ধৰ্মীয় আচাৰ আৰু সামাজিক সন্মান—এই তিনিও ক্ষেত্ৰতে বহুলভাৱে জড়িত এক পৰম্পৰাগত বস্ত্ৰ। বগা কাপোৰত ৰঙা (কেতিয়াবা সেউজীয়া) পাৰি আৰু বোৱা নক্সাৰ সংমিশ্ৰণে ইয়াক অসমীয়াৰ পৰিচয়-চিহ্ন হিচাপে স্বীকৃতি দিছে; ১৩ ডিচেম্বৰ ২০২২ তাৰিখে ই ভৌগোলিক স্বীকৃতি (GI)…
-
মুগা (ৰেচম)
মুগা ৰেচম অসমৰ এক স্বকীয় ৰেচম-উৎপাদন, যি মূলত এন্থেৰিয়া আছামেনছিছ প্ৰজাতিৰ পলুৰ কোকুনৰ পৰা পোৱা যায়। সোণোৱালী বৰণ, স্থায়িত্ব আৰু ঐতিহাসিক উল্লেখৰ বাবে মুগা অসমৰ প্ৰাচীন উদ্যোগ আৰু সাংস্কৃতিক পৰিচয়ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
-
ভোট-জলকীয়া
ভোট-জলকীয়া (Bhut jolokia, IPA: [ˈbʱʊt.zɔˌlɔkiˌja]) এবিধ গুল্মজাতীয় উদ্ভিদ। ই বাংলাদেশৰ নাগা মৰিচৰ ওচৰ-সম্বন্ধীয়। ইয়াক বিহ-জলকীয়া, নগা-জলকীয়া, ৰাজা-মৰিচ ইত্যাদি নামেৰেও জনা যায়। ই এক প্ৰকাৰৰ আন্তঃপ্ৰজাতিৰ বৰ্ণসংকৰ জলকীয়া। ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মণিপুৰত ইয়াৰ খেতি কৰা হয়।
-
অসম চাহ
অসম চাহ ভাৰতৰ অসমত উৎপাদিত এক প্ৰকাৰৰ ৰঙা চাহ। অসমৰ চাহ বিশেষকৈ Camellia sinensis var. assamica (Masters) নামৰ এবিধ চাহ গছৰ পৰা তৈয়াৰ কৰা হয়। এই চাহ, যিবোৰৰ অধিকাংশ সমুদ্ৰ পৃষ্ঠৰ উচ্চতাত বৃদ্ধি হয়, ইয়াৰ গঠন, স্ফুৰ্টিদায়ক, সুগন্ধ, আৰু অধিক উজ্জ্বল ৰঙৰ বাবে জনাজাত।
-
কাজিনেমু
কাজিনেমু হৈছে অসমৰ বিভিন্ন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু। কাজিনেমু অসমৰ ৰাজ্যিক ফল৷ ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon। ই Rutaceae পৰিয়ালৰ অন্তৰ্গত Citrus গণৰ এটা প্ৰজাতি। কাজিনেমুৰ কিছুমান বৈশিষ্ট্য আছে যাৰ বাবে ই আন নেমুতকৈ পৃথক।
-
জহা চাউল
জহা চাউল হৈছে চুটি বা মধ্যম আকাৰৰ এবিধ সুগন্ধি চাউল। অসমৰ মাটি আৰু জলবায়ু জহাধানৰ বাবে উপযোগী হোৱাৰ হেতুকে চাউলবিধ মূলতঃ অসমতেই উৎপাদিত হয়। জহা চাউলত যথেষ্ট পৰিমাণে প্ৰাকৃতিক সুগন্ধি ২-এচিটাইল-১-পাইৰ’লাইন নিহিত হৈ থকাৰ বাবে চাউলবিধ নিজস্ব গোন্ধযুক্ত হয়।
-
বোকা চাউল
বোকা চাউল নামনি অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ কোমল চাউল। এই চাউল নিসিজোৱাকৈ খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে। কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ললে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে এই চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে। ২০১৮ চনত এই চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰে।
-
তেজপুৰ লিচু
তেজপুৰ লিচু অসমৰ তেজপুৰৰ বিভিন্ন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ লিচু। ইয়াৰ বৈজ্ঞানিক নাম, Litchi chinensis। ই Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ এটা প্ৰজাতি। তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে।
-
অসম কাৰ্বি আংলং আদা
অসম কাৰ্বি আংলং আদা হৈছে অসমৰ কাৰ্বি আংলং জিলাত উৎপাদিত মছলাজাতিয় উদ্ভিদ। ই Zingiberaceae পৰিয়ালৰ অন্তৰ্গত Zingiber গণৰ একপ্ৰকাৰৰ সপুশ্পক উদ্ভিদ, বৈজ্ঞানিক নাম হৈছে Zingiber officinale Rosc। অসম কাৰ্বি আংলং আদাৰ কেইবাটাও প্ৰকাৰভেদ আছে।
-
চকোৱা চাউল
চকোৱা চাউল বা চকোৱা ধান অসমৰ বিভিন্ন ঠাইত উৎপাদিত এবিধ থলুৱা জাতৰ শালিধান। এই চাউলবিধত এমিলুজ উপাদান (শৰ্কৰা অণু) তুলনামূলকভাৱে কম পৰিমাণে পোৱা যায়। আন চাউলসমূহত এমিলুজ উপাদান ২০-২৭% হোৱাৰ পৰিৱৰ্তে চকোৱা চাউলত এই পৰিমাণ ১২-১৭% হয়। চকোৱা চাউল কিছু পৰিমাণে আঠাজাতীয় হয়।
-
জুডিমা (পানীয়)
জুডিমা (Judima) অসমৰ ডিমাছা সকলে প্ৰস্তুত কৰা পাৰম্পৰিক চাউলৰ সুৰা। জুডিমা ডিমাছা সমাজৰ সকলো ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। উত্তৰ পূব ভাৰতৰ সকলো সম্প্ৰদায়ৰ দ্বাৰা চাউলৰ সুৰা প্ৰস্তুত কৰা হয়।
-
পশমিনা
পশমিনা (Pashmina) হৈছে কাশ্মীৰী ঊলৰ পৰা প্ৰস্তুত কৰা একপ্ৰকাৰৰ গাত লোৱা গৰম-চাদৰ। সৰ্ব প্ৰথমে ভাৰতৰ কাশ্মীৰত এই কাপোৰ তৈয়াৰ কৰা হৈছিল। পশমিনা শব্দটো ফৰাচী শব্দ পাচমিনাৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ ঊলৰ পৰা প্ৰস্তুত কৰা। কাশ্মীৰী জাতৰ পাহাৰীয়া ছাগলীৰ পৰা এই ঊল সংগ্ৰহ কৰা হয়।
-
অৰুণাচল কমলা
অৰুণাচল কমলা বা ৱাক্ৰ’ কমলা হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ কমলা টেঙা। ২০১৫ চনৰ ২৩ মাৰ্চত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে অৰুণাচল কমলাক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।
-
বেনাৰসী শাৰী
বেনাৰসী শাৰী (Banarasi sari) উত্তৰ প্ৰদেশৰ বাৰাণসী চহৰত তৈয়াৰ কৰা শাৰীৰ প্ৰকাৰ। বাৰাণসী চহৰৰ পুৰণি নাম বেনাৰস আৰু এই নামেৰে ইয়াত উৎপাদিত শাৰীৰ নাম বেনাৰসী শাৰী হৈছে। ই ভাৰতৰ উৎকৃষ্ট শাৰীবোৰৰ অন্যতম আৰু ইয়াক সোণালী আৰু ৰূপালী কিংখাপ বা জৰি, উৎকৃষ্ট ৰেচম আৰু সমৃদ্ধ এমব্ৰয়দাৰীৰ বাবে জনা যায়।
-
মথুৰা পেড়া
মথুৰা পেড়া (Mathura Peda) এক উত্তৰ ভাৰতীয় অতি জনপ্ৰিয় মিঠাই। ইয়াৰ উৎপত্তিস্থল ভাৰতৰ মথুৰা। গাখীৰৰ পৰা প্ৰস্তুত কৰা উত্তৰ ভাৰতীয় এক উপকৰণ খয়া বা মাৱাৰ পৰা তৈয়াৰ কৰা হয়।
-
অসমীয়া গহনা
অসমীয়া গহনা বা অসমীয়া অলংকাৰ ভাৰতৰ অসম ৰাজ্যৰ পৰম্পৰাগত হস্তনিৰ্মিত অলংকাৰ। এই গহনা সাধাৰণতে বিশুদ্ধ সোণ, যাক স্থানীয়ভাৱে কেঁচা সোণ বুলি কোৱা হয়, অথবা সোণৰ প্ৰলেপ দিয়া ৰূপেৰে তৈয়াৰ কৰা হয়। ইয়াত প্ৰায়ে বিভিন্ন ৰঙৰ ৰত্ন, মণি, জাংফাই আৰু মীনা কাম ব্যৱহাৰ কৰা হয়।
-
কণকচূড়
কণকচূড় (Kanakchur) হৈছে পশ্চিমবংগত পৰম্পৰাগতভাৱে খেতি কৰা এবিধ সুগন্ধি ধানৰ জাত। ইয়াৰ বৈজ্ঞানিক নাম Oryza sativa। কণকচূড়ৰ ধানৰ বিশেষ সুগন্ধ আৰু দানাৰ বৈশিষ্ট্যৰ বাবে ইয়াক বিভিন্ন পৰম্পৰাগত খাদ্য প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়। বিশেষকৈ এই ধানৰপৰা প্ৰস্তুত কৰা আখৈ বঙালী খাদ্য-সংস্কৃতিত গুৰুত্বপূৰ্ণ।
-
গুণ্টুৰ সান্নাম
গুণ্টুৰ সান্নাম (Guntur Sannam) বা Capsicum annuum var. Longhum এবিধ সুপৰিচিত জলকীয়া সমূহৰ ভিতৰত অন্যতম। গোটেই পৃথিৱীতে এই জলকীয়াৰ ব্যাপক চাহিদা। ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলা আৰু তেলঙ্গানা ৰাজ্যৰ ৱাৰেংগেল আৰু খাম্মাম জিলাৰ বিস্তৃত অঞ্চলত গুণ্টুৰ জলকীয়াৰ খেতি কৰা হয়।
-
চম্বা ৰুমাল
চম্বা ৰুমাল (Chamba Rumal) ভাৰতৰ হিমাচল প্ৰদেশত প্ৰচলিত পাৰম্পৰিক এম্ব্ৰইডাৰী কৰা হস্তশিল্প। এই শিল্প এসময়ত চম্বা ৰাজ্যৰ শাসকসকলৰ পৃষ্ঠপোষকতাত প্ৰচাৰ কৰা হৈছিল। উজ্জ্বল ৰঙৰ ব্যৱহাৰৰ সৈতে বিতং আৰ্হিৰ ৰুমালবোৰ হিমাচলত অতি জনপ্ৰিয়।
-
ত্ৰিপুৰা কুইন আনাৰস
ত্ৰিপুৰা কুইন আনাৰস হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ আনাৰস। এই ফলবিধ ত্ৰিপুৰাৰ ৰাজ্যিক ফল। ২০১৪ চনৰ ২৫ নৱেম্বৰত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে ত্ৰিপুৰাৰ কুইন আনাৰসক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।
-
পুণেৰী পাগুৰী
পূণেৰী পাগুৰী (Puneri Pagadi) মহাৰাষ্ট্ৰৰ পূণে নগৰীৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা এক প্ৰকাৰৰ পাগুৰী। দুই শতিকাৰ আগতে ইয়াৰ প্ৰচলন আৰম্ভ হৈছিল। এই পাগুৰী সন্মানৰ প্ৰতীক হ'লেও আজি কালি মহাবিদ্যালয় বোৰত পাৰম্পাৰিক দিনসমূহতো ব্যৱহাৰ কৰা দেখা যায়।
-
আলেপ্পী সেউজীয়া ইলাচী
আলেপ্পী সেউজীয়া ইলাচী (Alleppey Green Cardamom) হৈছে বৰ্তমানৰ ভাৰতীয় ৰাজ্য কেৰালাত উৎপাদিত ইলাচীৰ এবিধ জাত। পশ্চিম ঘাট পৰ্বতমালাৰ লগতে দক্ষিণ কেৰালা, পশ্চিম আৰু দক্ষিণ তামিলনাডুত এইবিধ ইলাচীৰ উৎপাদন হয়।
-
আৰানমুলা কান্নাড়ি
আৰানমুলা কান্নাড়ি (ആറന്മുളക്കണ്ണാടി, মানে Aranmula mirror বা আৰানমুলা দাপোন) হল এক প্ৰকাৰৰ হস্তজাত ধাতৱ দাপোন। এই দাপোন কেৱল ভাৰতৰ কেৰালা ৰাজ্যৰ আৰানমুলা গাৱত তৈয়াৰ কৰা হয়।
-
ওড়িশাৰ শিলৰ খোদাই
ওড়িশাৰ শিলৰ খোদাই (Stone carving in Odisha) শিলক খোদিত কৰি কলা আৰু উপযোগী বস্তুলৈ ৰূপান্তৰ কৰা ওড়িশাৰ প্ৰাচীন হস্তশিল্পৰ অনুশীলন। শিলৰ খোদাই কাৰিকৰসকলে মুখ্যতঃ পুৰী, ভুৱনেশ্বৰ আৰু কটক জিলাৰ ললিতগিৰিত অনুশীলন কৰে। ময়ূৰভঞ্জ জিলাৰ খিচিঙতো কিছু পৰিমাণে এই কলাৰ অনুশীলন কৰা হয়।
-
কাছুটি
কাছুটি (Kasuti) ভাৰতৰ কৰ্ণাটক ৰাজ্যত অনুশীলন কৰা লোক এম্ব্ৰইডাৰীৰ এক পৰম্পৰাগত ৰূপ। কাছুটি এম্ব্ৰইডাৰীৰ কাম অতি জটিল হয়। কেতিয়াবা হাতেৰে ৫,০০০টা লৈকে চিলাই কৰি ইয়াক প্ৰস্তুত কৰা হয়। পৰম্পৰাগতভাৱে ইল্কাল শাৰী, ৰবিকে আৰু আংগী বা কুৰ্তাৰ দৰে পোছাকৰ ওপৰত কাছুটি কৰা হয়।
-
কিন্নাল কাৰুশিল্প
কিন্নাল কাৰুশিল্প বা কিন্হাল কাৰুশিল্প (ಕಿನ್ನಾಳ ಕಲೆ), ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এখন চহৰ কিন্নাল বা কিন্হালৰ স্থানীয় পাৰম্পাৰিক কাঠৰ কাৰুশিল্প। কিন্নাল চহৰ ইয়াৰ কিন্নাল পুতলা আৰু ধৰ্মীয় প্ৰতিমাৰ বাবে বিখ্যাত।
-
কোণ্ডাপল্লী খেলনা
কোণ্ডাপল্লী খেলনা (Kondapalli Toys) ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াৰ ওচৰৰ কৃষ্ণা জিলাৰ এখন গাওঁ কোণ্ডাপল্লীত কাঠৰে তৈয়াৰ কৰা খেলনাৰ প্ৰকাৰ। কোণ্ডাপল্লীৰ বুম্মলা কলনী বা খেলনাৰ কলনীত এই শিল্প চৰ্চা কৰা হয়।
-
কোল্হাপুৰী চেণ্ডেল
কোল্হাপুৰী চেণ্ডেল (Kolhapuri chappal) ভাৰতৰ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত প্ৰচলিত পৰম্পৰাগত হাতেৰে নিৰ্মাণ কৰা চামৰাৰ চেণ্ডেল। এই হস্তশিল্পত প্ৰাকৃতিক ৰং যেনে পাচলিৰ ৰং ব্যৱহাৰ কৰি স্থানীয়ভাৱে তৈয়াৰ কৰা হয়।
-
খুৰ্জা মৃৎশিল্প
খুৰ্জা মৃৎশিল্প (Khurja pottery) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বুলন্দশ্বাহৰ জিলাৰ খুৰ্জাত প্ৰচলিত পৰম্পৰাগত ভাৰতীয় মৃৎশিল্প। বৌদ্ধিক সম্পত্তি অধিকাৰ (ট্ৰিপছ) চুক্তিৰ বাণিজ্য সম্পৰ্কীয় দিশৰ ওপৰত চুক্তিৰ ভৌগোলিক স্বীকৃতিৰ অধীনত খুৰ্জা মৃৎশিল্পক সুৰক্ষা প্ৰদান কৰা হৈছে।
-
চান্নাপাটনা খেলনা
চান্নাপাটনা খেলনা (Channapatna toys) ভাৰত কৰ্ণাটক ৰাজ্যৰ চান্নাপাটনা চহৰৰ একপ্ৰকাৰৰ প্ৰাচীন কাঠৰ হস্তশিল্প। এই শিল্পৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পুতলা, খেলনা, ফল-মূল পাচলি আদিৰ আকৃতি, গাড়ী, হুইছেল, বাঁহী, মানৱ আকৃতি আদি বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী কাঠেৰে প্ৰস্তুত কৰা হয়।