ড অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।১ 'ড'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ড' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (ড যোগ)
ড + ড = ড্ড = আড্ডা
ড + ৰ = ড্ৰ = ড্ৰাম
'ড'ৰে আৰম্ভ শব্দৰ উদাহৰণ
- ডবকা
- ডবা
- ডংকা
- ডকাইত
- ডাং
- ডেউকা
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড” প্ৰবন্ধৰ সংশোধন ৪৪৭৩৮৬ (২২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।