ৰাজধানী
৩১ প্ৰবন্ধ
-
নতুন দিল্লী
নতুন দিল্লী (New Delhi, नई दिल्ली) হৈছে ভাৰতৰ ৰাজধানী। ই ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ দিল্লী চৰকাৰ কেন্দ্ৰ ৰূপে কাম কৰে। নতুন দিল্লী দিল্লী মহানগৰ অন্তৰ্গত আৰু ই দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১খন জিলাৰ ভিতৰত এখন।
-
ঢাকা
ঢাকা (Dhaka, অতীতত Dacca ব্যৱহৃত হৈছিল) বাংলাদেশৰ ৰাজধানী আৰু ঢাকা বিভাগৰ প্ৰধান চহৰ। ঢাকা এখন মহানগৰ আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান চহৰ। বুঢ়ী গংগা নদীৰ তীৰত অৱস্থিত এই চহৰ বাংলাদেশৰ বৃহত্তম চহৰ। ঢাকাৰ মহানগৰ অঞ্চলৰ জনসংখ্যা প্ৰায় ১ কোটি ৫০ লাখ।
-
কাঠমাণ্ডু
কাঠমাণ্ডু হৈছে নেপালৰ ৰাজধানী তথা বৃহত্তম চহৰ। ইয়াক সৌন্দৰ্য্য আৰু শান্তিৰ এক অপূৰ্ব মিলনভূমি বুলি কোৱা হয়। সমুদ্ৰপৃষ্ঠৰ পৰা ১৩৫০ মিটাৰ উচ্চতাত অৱস্থিত এই ৰোমাণ্টিক নগৰী ইয়াৰ নৈশজীৱনৰ বাবেও বিখ্যাত। কাঠমাণ্ডু নেপালৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় নগৰ যত পৰ্যটকৰ সকলোতকৈ বেছি আগমন হয়।
-
তেহৰাণ
তেহৰাণ হৈছে ইৰাণ আৰু তেহৰাণ প্ৰদেশৰ ৰাজধানী। নগৰৰ জনসংখ্যা প্ৰায় ৯ নিযুত আৰু বৃহৎ মহানগৰীয় এলেকাত প্ৰায় ১৬ নিযুত, তেহৰান হৈছে ইৰানৰ সৰ্ববৃহৎ মহানগৰ আৰু নগৰীয় এলেকা, পশ্চিম এছিয়াৰ দ্বিতীয় বৃহৎ মহানগৰ, আৰু মধ্য পূৱ তৃতীয় বৃহৎ মহানগৰীয় এলেকা।
-
বেইজিং
বেইজিং হৈছে চীনৰ ৰাজধানী আৰু পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যাৰ চহৰ সমূহৰ ভিতৰত এখন অন্যতম চহৰ। ২০১৩ চনৰ পিয়লমতে ইয়াৰ জনসংখ্যা আছিল ২,১১,৫০,০০০ জন। জনসংখ্যাৰ ফালৰ পৰা ই পৃথিৱীৰ ত্ৰয়োদশতম বৃহৎ চহৰ।
-
বেংকক
বেংকক (Bangkok) হৈছে থাইলেণ্ডৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। থাই ভাষাত ইয়াক খ্ৰুং থেপ মহা নাশন (กรุงเทพมหานคร বা চমুকৈ বুলি কোৱা হয়। এই চহৰখনে মধ্য থাইলেণ্ডৰ চাও ফ্ৰায়া নদীৰ ব-দ্বীপৰ প্ৰায় 1568.7 বৰ্গ কি.মি.
-
টকিঅ'
টকিঅ, হৈছে জাপান ৪৭খন মহানগৰ প্ৰশাসনৰ অন্যতম, অঞ্চল তথা ইয়াৰ ৰাজধানী। ই জাপানৰ আটাইতকৈ ডাঙৰ নগৰ। বৃহত্তৰ টকিঅ' অঞ্চল হৈছে পৃথিৱীৰ এখন সৰ্বাধিক জনবহুল মহানগৰীয় অঞ্চল। এসময়ত টকিঅ' জাপানৰ সম্ৰাটসকলৰ আৰু জাপানী শাসনকৰ্তাৰ আসন আছিল।
-
জাকাৰ্টা
জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰ, (যদিও জাকাৰ্টা নিজে এখন প্ৰদেশ) আৰু বিশ্বৰ এখন লেখত ল'বলগীয়া জনবহুল নগৰ অঞ্চল। জাভাৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত, জাকাৰ্টা হৈছে দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰস্বৰূপ। ২০১২ চনৰ ডিচেম্বৰত ইয়াৰ জনসংখ্যা আছিল ৯৭,৬১,৪০৭ জন।
-
বাগদাদ
বাগদাদ হৈছে ইৰাকৰ ৰাজধানী। ২০১১ চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় ৭২,১৬,০৪০ জন, সেই অনুসৰি ই ইৰাকৰ সৰ্বাধিক জনবহুল নগৰ, আৰৱ বিশ্বৰ দ্বিতীয় সৰ্বাধিক (কাইৰো আৰু ইজিপ্তৰ পিছত) আৰু ইৰাণ আৰু তেহৰাণৰ পিছত এছিয়াৰো দ্বিতীয় সৰ্বাধিক জনবহুল নগৰ। বাগদাদ নগৰ খন টাইগ্ৰীছ নদীৰ তীৰত অৱস্থিত।
-
ৰোম
ৰোম হৈছে ইটালীৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই লাজিঅ’ অঞ্চলৰ কেন্দ্ৰ আৰু ইউৰোপৰ ইতিহাস আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ৰোম খ্ৰীষ্টপূৰ্ব ৭৫৩ চনত প্ৰতিষ্ঠিত বুলি ধৰা হয় আৰু প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ মূল ৰাজ্যিক কেন্দ্ৰ আছিল।
-
ৱাশ্বিংটন ডি.চি.
ৱাশ্বিংটন ডি.চি.,(পূৰ্বতে District of Columbia আৰু সাধাৰণতে কোৱা হয় "ৱাশ্বিংটন", বা চমূকৈ "ডি.চি."), আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী মহানগৰী। ১৭৯০ চনৰ ১৬ জুলাইত স্বাক্ষৰ কৰা ’ৰেছিডেন্স আইন’ (Residence Act) অনুসৰি এই মহানগৰীৰ সৃষ্টি কৰা হয়।
-
বাৰ্লিন
বাৰ্লিন হৈছে জাৰ্মানীৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই জাৰ্মানীৰ এটি বিশেষ ৰাজ্য আৰু ইউৰোপৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজনৈতিক, সাংস্কৃতিক আৰু আৰ্থিক কেন্দ্ৰ। বাৰ্লিন ১২৫১ চনত প্ৰতিষ্ঠিত হৈছিল আৰু আজিলৈকে উন্নতি কৰি বিশ্বৰ শীৰ্ষ মহানগৰসমূহৰ ভিতৰত পৰিণত হৈছে।
-
ইছলামাবাদ
ইছলামাবাদ হৈছে পাকিস্তানৰ ৰাজধানী। ই ফেডাৰেল ইছলামাবাদ টেৰিটৰীৰ অন্তৰ্গত। ই পাকিস্তনৰ নৱম বৃহৎ চহৰ, ইয়াৰ জনসংখ্যা দুই নিযুততকৈও অধিক। আনহাতে ৫ নিযুতকৈও অধিক জনসংখ্যাৰে ইছলামাবাদ ৰাৱলপিণ্ডি মহানগৰীয় এলেকা হৈছে পাকিস্তানৰ তৃতীয় বৃহত্তম অঞ্চল।
-
এথেন্স
এথেন্স গ্ৰীচৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। ভূমধ্যসাগৰীয় এক উল্লেখযোগ্য উপকূলীয় নগৰীয়া অঞ্চল, এথেন্স আটিকা অঞ্চলৰ ৰাজধানী আৰু ইউৰোপীয় মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ ৰাজধানী। ইয়াৰ নগৰীয়া অঞ্চলৰ জনসংখ্যা ৩৬ লাখতকৈ অধিক আৰু ইউৰোপীয় সংঘৰ অষ্টম বৃহত্তম নগৰীয়া অঞ্চল।
-
ভিয়েনা
ভিয়েনা (; Wien, ) অষ্ট্ৰিয়াৰ নখন প্ৰদেশৰ এখন। ই অষ্ট্ৰিয়াৰ ভিতৰতে সৰ্ববৃহৎ মহানগৰী আৰু ইয়াৰ ৰাজধানী। এই মহানগৰৰ জনসংখ্যা প্ৰায় ১.৮ মিলিয়ন যি অষ্ট্ৰিয়াৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ। জনসংখ্যাৰ ফালৰ পৰা ভিয়েনা ইউৰোপিয়ান ইউনিয়নৰ ভিতৰত সপ্তম বৃহৎ মহানগৰ।
-
কুৱালালামপুৰ
কুৱালালামপুৰ, চৰকাৰী নাম ফেডাৰেল টেৰিটৰী অৱ কুৱালা লামপুৰ, হৈছে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় ৰাজধানী তথা ইয়াৰ সৰ্ববৃহৎ নগৰ। নগৰখনৰ মাটিকালি প্ৰায় 243 বৰ্গ কি.মি. আৰু ২০১৫ চনৰ আনুমানিক জনসংখ্যা হৈছে ১.৭ নিযুত। ক্লাং উপত্যাকা নামেৰেও জনাজাত গ্ৰেটাৰ কুয়ালা লামপুৰ হৈছে এক সামূহিক নগৰ।
-
ডামাস্কাছ
ডামাস্কাছ (Damascus) বা দামিস্ক (دمشق Dimashq ) হৈছে পূৰ্ৱ এলেপ্প’ৰ গণযুদ্ধৰ পৰা ছিৰিয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ই বৰ্তমান ছিৰিয়াৰ সৰ্ববৃহৎ চহৰ। ছিৰিয়াত ইয়াক সাধাৰণতে আছ-ছাম (الشام ash-Shām) বুলি কোৱা হয় আৰু তগৰৰ চহৰ (مدينة الياسمين Madīnat al-Yāsmīn) উপনামেৰে জনা যায়।
-
কাইৰো
কাইৰো হৈছে মিছৰৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই আফ্ৰিকা আৰু আৰব বিশ্বৰ অন্যতম বৃহৎ মহানগৰ হিচাপে পৰিগণিত হৈছে।
-
থিম্ফু
থিম্ফু (/(/tɪmˈpuː/; Dzongkha: ཐིམ་ཕུ [tʰimpʰu]; পূৰ্বতে থিম্বু ) ভূটান ৰাজ্যৰ সৰ্ববৃহৎ চহৰ আৰু ৰাজধানী। ই দেশখনৰ মধ্য ভাগৰ পশ্চিম ফালে অৱস্থিত আৰু এই অঞ্চলৰ চাৰিওকাষে আছে ভূটানৰ অন্যতম ঝংখাগ থিম্ফু জিলা।
-
ছিউল
ছিউল দক্ষিণ কোৰিয়াৰ ৰাজধানী তথা বৃহত্তম মহানগৰ। ইয়াৰ জনসংখ্যা প্ৰায় ২৫.৬ নিযুত। ৬,৭৮,১০২ গৰাকী আন্তঃৰাষ্ট্ৰীয় বাসীন্দাৰ সৈতে প্ৰায় অৰ্ধাংশতকৈও অধিক দক্ষিণ কোৰিয়ানৰ গৃহচহৰ।
-
মাদ্ৰিদ
মাদ্ৰিদ হৈছে স্পেইনৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই স্পেইনৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে।
-
পিয়ং ইয়াং
পিয়ং ইয়াং (평양, P’yŏngyang, অৰ্থাৎ: "সমতল ভূমি" বা "শান্ত ভূমি") উত্তৰ কোৰিয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ মহানগৰ। পিয়ং ইয়াং টাএডং নদীৰ পশ্চিম কোৰিয়া সাগৰৰ মুখৰ ১১০ কিলোমিটাৰ উজনিত অৱস্থিত। ২০০৮ চনৰ লোকপিয়লৰ প্ৰাৰম্ভিক ফলাফল অনুযায়ী পিয়ং ইয়াং ৩২,৫৫,৩৮৮ জনৰ বসতিস্থল।
-
বেইৰুত
বেইৰুট (Beyrut) হৈছে লেবাননৰ ৰাজধানী তথা প্ৰধান চহৰ। ২০০৭ চনৰ মতে ইয়াৰ জনসংখ্যা হৈছে ২১ লাখ। লেবাননৰ অক্ষৰেখাৰ প্ৰায় সোঁমাজত ভূমধ্যসাগৰৰ এটা উপদ্বীপত বেইৰুট অৱস্থিত। ই লেবাননৰ সৰ্ববৃহৎ চহৰ তথা বিমানবন্দৰ। এই চহৰৰ সৈতে অন্য কিছু উপ-চহৰ লগ লাগি বেইৰুট জিলা গঠন কৰিছে।
-
ৰিয়াধ
ৰিয়াধ (আৰৱী: الرياض অৰ্থ উদ্যান) চৌদি আৰৱৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ নগৰ। ই চৌদি আৰৱৰ ৰিয়াধ প্ৰান্তৰ ৰাজধানী হোৱাৰ উপৰিও নেজ্দ আৰু আল য়ামামাৰ দৰে ঐতিহাসিক ক্ষেত্ৰৰ লগতো ইয়াৰ সম্পৰ্ক আছে। সমুদ্ৰপৃষ্ঠৰ পৰা ২৫০০ ফুট উচ্চতাত আৰৱ মালভূমিত ৰিয়াধ অৱস্থিত।
-
মেক্সিকো চিটি
মেক্সিকো চিটি হৈছে মেক্সিকোৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই মেক্সিকোৰ ৰাজনৈতিক, সাংস্কৃতিক, আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গুৰুত্বপূৰ্ণ।
-
বগোটা
বগোটা হৈছে কলম্বিয়াৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই দেশখনৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ। বগোতা ১৫৩৮ চনত প্ৰতিষ্ঠিত হৈছিল আৰু এতিয়ালৈকে কলম্বিয়াৰ গুৰুত্বপূৰ্ণ মহানগৰ হিচাপে পৰিগণিত হৈছে।
-
ব্ৰুচেলছ
ব্ৰুচেল্লজ হৈছে বেলজিয়ামৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই ইউৰোপীয় সংঘৰ প্ৰধান কাৰ্যালয়ৰ অৱস্থান আৰু ইয়াক ইউৰোপৰ ৰাজধানী বোলা হয়।
-
শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে
শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে (Sri Jayawardenepura Kotte বা Sri Jayewardenepura Kotte) (কট্টে বুলিও জনাজাত ) শ্ৰীলংকাৰ চৰকাৰী ৰাজধানী। ১৯৮২ চনত শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ পৰা শ্ৰী জয়াবৰ্ধনেপুৰা কট্টেলৈ স্থানান্তৰ কৰা হয়। ই কলম্বোৰ কাষতে অৱস্থিত নাগৰিক এলেকা।
-
ৰিঅ' ডি জেনেৰ'
ৰিঅ' ডি জেনেৰ’ হৈছে দক্ষিণ আমেৰিকাৰ ব্ৰাজিলৰ এখন বৃহৎ মহানগৰ আৰু ৰিঅ' ডি জেনেৰ' ৰাজ্যৰ ৰাজধানী। ই আটলাণ্টিক মহাসাগৰৰ তীৰৰ কাষত অৱস্থিত আৰু ব্ৰাজিলৰ অন্যতম প্ৰধান সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ। মহানগৰখন ১৫১৬ চনত প্ৰতিষ্ঠা হৈছিল।
-
চেণ্ট পিটাৰছবাৰ্গ
চেণ্ট পিটাৰছবাৰ্গ হৈছে ৰাছিয়াৰ এখন বৃহৎ মহানগৰ আৰু চেণ্ট পিটাৰছবাৰ্গ ফেডেৰেল সাৱেকৰ ৰাজধানী। ই বাল্টিক সাগৰৰ তীৰৰ কাষত অৱস্থিত আৰু ৰাছিয়াৰ সাংস্কৃতিক, ঐতিহাসিক আৰু অৰ্থনৈতিক কেন্দ্ৰসমূহৰ ভিতৰত অন্যতম।