ডিব্ৰুগড় জিলা
৪২ প্ৰবন্ধ
-
ডিব্ৰুগড়
ডিব্ৰুগড় উজনি অসমত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ এখন ঐতিহাসিক মহানগৰ আৰু ডিব্ৰুগড় জিলাৰ সদৰ। ২০২৪ চনত পৌৰ নিগম গঠনৰ পাছত ই অসমৰ দ্বিতীয় মহানগৰ হিচাপে স্বীকৃতি পায় আৰু চাহ-বাণিজ্য, উদ্যোগ-কাৰখানা আৰু ৰাজ্যিক প্ৰশাসনৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ ৰূপে পৰিগণিত।
-
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ ডিব্ৰুগড় চহৰত অৱস্থিত এক ৰাজহুৱা বিশ্ববিদ্যালয়, যি উত্তৰ-পূৰ্বাঞ্চলৰ পূব প্ৰান্তৰ উচ্চশিক্ষাৰ এটা গুৰুত্বপূর্ণ কেন্দ্ৰ। ১৯৬৫ চনত “ডিব্ৰুগড় বিশ্ববিদ্যালয় বিধেয়ক, ১৯৬৫” অনুসৰি স্থাপিত এই বিশ্ববিদ্যালয়ে বিভাগীয় পাঠদানৰ লগতে বহু সংখ্যক অধীনস্থ মহাবিদ্যালয়ৰ এক…
-
ডিব্ৰুগড় জিলা
ডিব্ৰুগড় জিলা অসম ৰাজ্যৰ এটা প্ৰশাসনিক জিলা, ভাৰতৰ উত্তৰ-পূব অংশত অৱস্থিত। জিলাখনৰ সদৰ ঠাই ডিব্ৰুগড় নগৰ; ইতিহাস, নদী-উপত্যকা, আৰু শিক্ষা-চিকিৎসা প্ৰতিষ্ঠানৰ বাবে ই উজনি অসমৰ উল্লেখযোগ্য অঞ্চল।
-
ডিব্ৰুগড় বিমানবন্দৰ
ডিব্ৰুগড় বিমানবন্দৰ অসমৰ ডিব্ৰুগড় জিলাৰ মোহনবাৰী অঞ্চলত অৱস্থিত এক অসামৰিক বিমানবন্দৰ, যি ডিব্ৰুগড় নগৰৰ বিমান যোগাযোগৰ মুখ্য দ্বাৰ। ই ভাৰতীয় বায়ু সেনাৰ কিছুমান একককো সহায় কৰা সংযুক্ত নাগৰিক–সামৰিক সুবিধা হিচাপে গুৰুত্বপূৰ্ণ।
-
দুলীয়াজান
দুলীয়াজান অসম ৰাজ্যৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন ঔদ্যোগিক চহৰ, যাক “তৈল নগৰী” নামেৰেও জনা যায়। তেল-গেছ খণ্ডৰ বৃহৎ প্ৰতিষ্ঠানসমূহৰ কাৰ্যালয় দুলীয়াজানত অৱস্থিত হোৱাৰ বাবে ই ৰাজ্যৰ অৰ্থনৈতিক মানচিত্ৰত বিশেষ স্থান দখল কৰি আছে।
-
অসম চিকিৎসা মহাবিদ্যালয়
অসম চিকিৎসা মহাবিদ্যালয় অসমৰ পূব প্ৰান্তৰ পুৰণি চিকিৎসা শিক্ষাপ্ৰতিষ্ঠানসমূহৰ অন্যতম, যি ডিব্ৰুগড় নগৰৰ বৰবাৰী অঞ্চলত অৱস্থিত। ৩ নৱেম্বৰ ১৯৪৭ তাৰিখে বেৰী-হোৱাইট মেডিকেল স্কুল উন্নীত হৈ এই মহাবিদ্যালয় ৰূপে আনুষ্ঠানিকভাৱে উদ্বোধিত হয়।
-
অইল ইণ্ডিয়া লিমিটেড
অইল ইণ্ডিয়া লিমিটেড ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ চৰকাৰী মালিকানাধীন হাইড্ৰ'কাৰ্বন অন্বেষণ আৰু উৎপাদন নিগম। ই ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ মালিকানাধীন আৰু ইয়াৰ ক্ষেত্ৰ নিয়ন্ত্ৰণৰ মুখ্য কাৰ্যালয় অসমৰ ডিব্ৰুগড় জিলাৰ দুলিয়াজানত অৱস্থিত।
-
নামৰূপ
নামৰূপ (Namrup) হৈছে পাটকাই পৰ্বত শ্ৰেণী (ম্যানমাৰৰ লগত সংযোগ হৈ থকা পূৰ্বাঞ্চল শ্ৰেণী)ৰ নামনি অঞ্চলত অসমৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত আৰু ডিব্ৰুগড় জিলাৰ এখন সৰু লোকপিয়ল নগৰ তথা অসম ৰাজ্য বা মুং দুন চুন খামৰৰ তৃতীয় ৰাজধানী।। নামৰূপৰ মাজেদি দিচাং নদী বৈ গৈছে। ই অসমৰ এখন উল্লেখযোগ্য উদ্যোগিক ঠাই।
-
নাহৰকটীয়া
নাহৰকটীয়া (Naharkatia)(IPA: ˈnɑːəˌkətɪə) অসমৰ ডিব্ৰুগড় জিলা ত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো খাৰুৱা তেলৰ বাবে প্ৰসিদ্ধ৷
-
ডিব্ৰুগড় ৰেল ষ্টেচন
ডিব্ৰুগড় ৰেল ষ্টেচন (Dibrugarh Railway Station) অসমৰ ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত। ই লামডিং-ডিব্ৰুগড় শাখাৰ এক গুৰুত্বপূৰ্ণ ষ্টেচন। ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (DBRT)ৰ পিছতেই ডিব্ৰুগড় ৰেল ষ্টেচন (DBRG) ঐতিহাসিক নগৰৰ দ্বিতীয় ৰেল ষ্টেচন।
-
ডিব্ৰুগড় (লোকসভা সমষ্টি)
ডিব্ৰুগড় লোকসভা সমষ্টি (Dibrugarh Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় ১৯৪৫ চনৰ ১৫ জুনত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ ডাঙৰীয়াই এই মহাবিদ্যালয় উদ্বোধন কৰিছিল।
-
চাবুৱা
চাবুৱা (Chabua) অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন ঠাই৷
-
মৰাণ (নগৰ)
মৰাণ (Moran Town), ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন সৰু লোকপিয়ল নগৰ। নগৰখন ঔদ্যোগিক ভাৱে উন্নত। এইখন দেশৰ এখন অন্যতম চাহ আৰু খাৰুৱা তৈল উৎপাদন হোৱা অঞ্চল। অঞ্চলটোৰ এটা প্ৰধান আকৰ্ষণ হ'ল ৰাইদঙীয়া দৌল, যিটোৱে আহোম ৰাজত্বৰ ঐতিহ্য বহন কৰিছে।
-
ছল্ট ব্ৰুক একাডেমী
ছল্ট ব্ৰুক একাডেমী (Salt Brook Academy) অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ১৯৯৫ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন ছল্ট ব্ৰুক একাডেমী চ'চাইটিয়ে পৰিচালনা কৰে। উক্ত চ'চাইটিখন চ'চাইটি আইন ১৮৮০ৰ অন্তৰ্ভুক্ত।
-
অসম গেছ কোম্পানী লিমিটেড
অসম গেছ কোম্পানী লিমিটেড (Assam Gas Company Ltd) প্ৰাকৃতিক গেছ পৰিবহণ আৰু বিতৰণৰ লগত জড়িত অসমৰ ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে স্থাপিত কোম্পানী। ১৯৬২ চনৰ ৩১ মাৰ্চ তাৰিখে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ডিব্ৰুগড় জিলাৰ দুলিয়াজানত অৱস্থিত।
-
টিংখং
টিংখং ডিব্ৰুগড় জিলাৰ এখন বিধান সভা সমষ্টি। টিংখং চাহ উৎপাদনকাৰী আৰু তৈলক্ষেত্ৰ অঞ্চল। টিংখং ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৮০ কিঃমিঃ দক্ষিণ পূবত আৰু তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ৭০ কিঃমিঃ দূৰত অৱস্থিত।
-
টিপাম
টিপাম বা তিপাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহকুমাৰ টিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক গাঁও। ডিন বুৰঞ্জীৰ মতে টিপামক অসম ৰাজ্য বা মুং দুন চুন খামৰৰ দ্বিতীয় ৰাজধানী। ঐতিহাসিকভাৱে টিপামৰ নাম ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে।
-
মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়
মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় ১৯৬৩ চনৰ জুলাই মাহত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনত মুঠ ছাত্ৰীৰ সংখ্যা প্ৰায় ১৮০০ গৰাকী। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত।
-
আকাশবাণী ডিব্ৰুগড়
আকাশবাণী ডিব্ৰুগড়(Akashvani Dibrugarh) (All India Radio, Dibrugarh) হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ ডিব্ৰুগড় জিলাত অৱস্থিত চৰকাৰী আকাশবাণী কেন্দ্ৰ। কেন্দ্ৰটোৱে পূব অসম তথা নিকটৱৰ্তী সীমান্তীয় অঞ্চলসমূহলৈ সংবাদ, সংস্কৃতি, শিক্ষামূলক কাৰ্যসূচী আৰু লোক-সংস্কৃতি প্ৰসাৰণ কৰি আহিছে।
-
জ্ঞান বিজ্ঞান একাডেমী
জ্ঞান বিজ্ঞান একাডেমী (Gyan Vigyan Academy) অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ২০০৭ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন জ্ঞান বিজ্ঞান একাডেমী 'চাইটিয়ে পৰিচালনা কৰে। উক্ত চ'চাইটিখন চ'চাইটি আইন ১৮৮০ৰ অন্তৰ্ভুক্ত।
-
ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়
ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় (Dibrugarh Govt. Boys' Higher Secondary School) ব্ৰিটিছৰ ৰাজত্ব কালত ১৮৪০ চনত উজনি অসমৰ ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। এইখনে উজনি অসমৰ আটাইতকৈ পুৰণি উচ্চ মাধ্যমিক বিদ্যালয়।
-
বৈৰাগীমঠ
বৈৰাগীমঠ ডিব্ৰুগড়চহৰৰ উপকণ্ঠত অৱস্থিত। এক সুন্দৰ আৱাসিক এলেকা হোৱাৰ ওপৰিও ইয়াত বহুতো দোকান-পোহাৰ, বজাৰ, শিক্ষানুষ্ঠান, কাৰ্য্যালয়, হোটেল -ৰেষ্টুৰেন্ট, হোষ্টেল আৰু ধৰ্মানুষ্ঠান আছে। শিক্ষা আৰু সংস্কৃতিৰ থলী হিচাপে বৈৰাগীমঠ ডিব্ৰুগড়ৰ ভিতৰতে অন্যতম।
-
ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড়
ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড় (National Institute of Health Research, Dibrugarh ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে স্থাপন কৰা ছখন আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ অন্যতম।
-
অসম পেট্ৰ’কেমিকেলছ লিমিটেড
অসম পেট্ৰ’কেমিকেলছ লিমিটেড অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ। অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ আৰু অসম গেছ কোম্পানী লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত প্ৰতিষ্ঠানটো ১৯৭১ চনত প্ৰতিষ্ঠা কৰা হৈছিল।
-
কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ
কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ বা আধিকাৰিক ভাবে অসম গেছ ভিত্তিক শক্তি কেন্দ্ৰ (Assam Gas based power plant) অসমৰ ডিব্ৰুগড় জিলাৰ বকুলনিত অৱস্থিত তাপ বিদ্যুৎ কেন্দ্ৰ। এই সংযুক্ত চক্ৰ গেছ টাৰ্বাইন প্ৰকল্পটো নীপকোৰ অধীনত।
-
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে।
-
ডিব্ৰু মহাবিদ্যালয়
ডিব্ৰু মহাবিদ্যালয় ১৯৬৩ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত স্থাপন কৰা হৈছিল। কলা, বিজ্ঞান আৰু বাণিজ্যি শাখাত স্নাতক মহলাৰ পাঠ্যক্ৰম আগবঢ়োৱা ডিব্ৰু মহাবিদ্যালয় অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এখন উল্লেখযোগ্য মহাবিদ্যালয়।
-
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ (Namrup Thermal Power Station) অসমৰ ডিব্ৰুগড় জিলাৰ নামৰূপ অৱস্থিত তাপ বিদ্যুৎ কেন্দ্ৰ। ইয়াৰ লগতে নতুনকৈ নামৰূপ প্ৰতিষ্ঠাপন শক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে। মুঠ ১৬২.৯ মেগাৱাট ক্ষমতাসম্পন্ন গেছ ভিত্তিক দুয়ো তাপ বিদ্যুৎ কেন্দ্ৰ অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনত।
-
ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড
ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড (Brahmaputra Valley Fertilizers Corporation Limited) ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ ৰাসায়নিক সাৰ উৎপাদন কৰা উদ্যোগ। এই সাৰ কাৰখানা ডিব্ৰুগড় জিলাৰ নামৰূপত অৱস্থিত।