তেজপুৰ
২৬ প্ৰবন্ধ
-
তেজপুৰ
তেজপুৰ শোণিতপুৰ জিলাৰ সদৰ নগৰ আৰু উত্তৰ অসমৰ এক গুৰুত্বপূৰ্ণ নগৰকেন্দ্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত এই নগৰখন ঐতিহাসিক কাহিনী, স্থাপত্য-স্মৃতি আৰু আধুনিক অসমৰ সাংস্কৃতিক জাগৰণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
-
তেজপুৰ বিশ্ববিদ্যালয়
১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৰ্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে প্ৰফেচৰ শম্ভূনাথ সিঙক নিযুক্তি দিয়া হৈছে।
-
বাণ ৰঙ্গমঞ্চ
বাণ ৰঙ্গমঞ্চ হৈছে অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ সাংস্কৃতিক সাধনাৰ অন্যতম ঐতিহ্যমণ্ডিত কেন্দ্ৰ। এই মঞ্চক বাণ ষ্টেজ আৰু বাণ থিয়েটাৰ বুলিও জনা যায়। অসমৰ ভালেকেইগৰাকী বৰণ্যে শিল্পী, কলা-কুশলী তথা নাট্যকাৰৰ সাংস্কৃতিক জীৱনৰ শুভাৰম্ভ বাণ ৰঙ্গমঞ্চতেই হৈছিল।
-
অগ্নিগড়
অগ্নিগড় (Agnigarh) হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে।
-
দৰং মহাবিদ্যালয়
দৰং মহাবিদ্যালয় (Darrang College) তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল। মহাবিদ্যালয়খনি ১৯৪৫ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল জ্যেষ্ঠ স্বাধীনতা সংগ্ৰামী কামাখ্যা প্ৰসাদ ত্ৰিপাঠী।
-
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল ১৮৬৮ চনত। সেই সময়ত বিদ্যালয়খনি “তেজপুৰ গভট হাইস্কুল” নামেৰে পৰিচিত আছিল। কিন্তু ইতিহাসৰ পাত লুটিয়াই চালে এই বিদ্যালয়খন ইয়াৰ আৰু আগেয়ে স্থাপিত কৰা হৈছিল বুলি জানিব পাৰি।
-
কলীয়াভোমোৰা সেতু
কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায় ১৯৭৮ চনত স্থাপন কৰে৷ ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে৷ ৩.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল দলংখনত প্ৰায় ৪৪ কোটি…
-
জ্যোতি ভাৰতী
জ্যোতি ভাৰতী বা পকী হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। মহাত্মা গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰুকে আদি কৰি বহুকেইজন বিশিষ্ট স্বাধীনতা সংগ্ৰামীয়ে জ্যোতি ভাৰতীত পদাৰ্পণ কৰিছিল। এই 'পকী' বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী আৰু আহোম যুগৰ শৈলীৰ সংমিশ্ৰণত গঢ়ি উঠিছে।
-
তেজপুৰ বিমানবন্দৰ
তেজপুৰ বিমানবন্দৰ (Tezpur Airport) ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ সমীপৱৰ্তী হলেশ্বৰ মন্দিৰৰ নিলগত অৱস্থিত। এই বিমানবন্দৰটো স্থানীয় লোকসকলৰ মাজত শালনীবাৰী বিমানকোঠ হিচাপে অধিক পৰিচিত। শালনীবাৰী নামে গাঁওখনত এই বন্দৰটো থকা হেতুকে এই নাম জনাজাত হৈ পৰে।
-
মহাভৈৰৱ মন্দিৰ
তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মান কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা।
-
কলিবাৰী
কলিবাৰী (Kolibari) তেজপুৰ নগৰত অৱস্থিত এখন ঠাই৷ কলিবাৰী ঠাইখনৰ নামটো আহিছে ক’লিবুঢ়ী বা কলিবুঢ়ী নামৰ এগৰাকী বৈষ্ণৱ ধৰ্মীয় বিধৱা মহিলাৰ নামৰ পৰা৷ তথ্য অনুসৰি তেওঁ ওঠৰ শতিকাত মোৱামৰীয়া বিদ্ৰোহ দমনৰ অত্যাচাৰ পৰা ৰক্ষা পাবলৈ আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজ্যৰ পৰা পলায়ন কৰিছিল৷ শিৱসাগৰৰ তামুলী বজাৰ…
-
চিত্ৰলেখা উদ্যান
অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান। পূৰ্বতে এই উদ্যানৰ নাম ক'ল পাৰ্ক আছিল। চিত্ৰলেখা উদ্যানক তেজপুৰৰ এক যাদুঘৰ বুলিব পাৰি।
-
তেজপুৰ মহাবিদ্যালয়
তেজপুৰ মহাবিদ্যালয় কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এইখন অসমৰ তেজপুৰ চহৰত, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ দক্ষিণ দিশত আৰু অগ্নিগড় পাহাৰৰ নিচেই কাষত অবস্থিত।
-
ভৈৰৱী মন্দিৰ
ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে "মাইথান" বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা।
-
দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ
তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত ইতিহাস প্ৰসিদ্ধ দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ অৱস্থিত। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে।
-
পদুম পুখুৰী
তেজপুৰ চহৰৰ পশ্চিম দিশত, চিত্ৰলেখা উদ্যানৰ কাষতে এক বিস্তৃত অঞ্চল এই পুখুৰীয়ে আৱৰি লৈ তেজপুৰ চহৰৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰিছে। পুখুৰীৰ মাজত এটা গোলাকাৰ সৰু দ্বীপ আছে। বৃটিছসকলৰ দিনত এই পুখুৰীটো তৃতীয় জৰ্জৰ নামেৰে ’জৰ্জ লেক’ নামে পৰিচিত আছিল।
-
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান
ভাৰতবৰ্ষত ব্ৰিটিছৰ আগমণৰ পৰাহে মানসিকভাৱে অসুস্থ লোকক আনৰপৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে ফাটেকত থোৱাৰ ব্যৱস্থা কৰা হৈছিল। বৰ্তমান ৮১ একৰ মাটিকালিৰ এই প্ৰতিষ্ঠানটোত মুঠ ৩৩৬ জন পুৰুষ-মহিলাৰ বাবে পৃথক পৃথক থকাৰ ব্যৱস্থা, চিকিৎসক-কৰ্মচাৰীৰ বাবে আৱাস, পেথ’ল’জিকেল পৰীক্ষাগাৰ, পুথিভঁৰাল, পুনৰ্সংস্থাপন বিভাগ…
-
কেতেকেশ্বৰ দেৱালয়
তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত যুগৰে নিদৰ্শন বুলি অনুমান কৰা হয়।
-
জোনাকী ছবিঘৰ
জোনাকী ছবিঘৰ (Jonaki Cinema Hall) হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা অসমৰ প্ৰথম স্থায়ী চিত্ৰগৃহ। ১৯৩৭ চনত প্ৰতিষ্ঠিত এই ছবিঘৰটি জ্যোতিপ্ৰসাদৰ ঘাইঘৰ পকীৰ পিছচোতালৰ হাবি-বন মুকলি কৰি তৈয়াৰ কৰা হৈছিল।
-
আকাশবাণী তেজপুৰ
আকাশবাণী তেজপুৰ (ইংৰাজী: Akashvani Tezpur) হৈছে শোণিতপুৰ জিলাৰ তেজপুৰ নগৰত অৱস্থিত আকাশবাণীৰ এটা অনলাইন ৰেডিঅ' ষ্টেচন, যিটো ২০০৮ চনত স্থাপন কৰা হয়। পুৰণি গীত, অনুষ্ঠান আৰু বাতৰি প্ৰচাৰ কৰাই ইয়াৰ মুখ্য লক্ষ্য। এই ৰেডিঅ' ষ্টেচনটো এফএমৰ ১০২.৪ মেগাহাৰ্টচত উপলব্ধ।
-
জিলা সংগ্ৰহালয়, তেজপুৰ
তেজপুৰ জিলা সংগ্ৰহালয় হৈছে তেজপুৰ চহৰৰ কেন্দ্ৰস্থলত অৱস্থিত অসমৰ ১২টা সংগ্ৰহালয়ৰ এটা। ১৯৮৬ চনৰ ১৬ মাৰ্চ মাহত এই সংগ্ৰহালয়টো অসমৰ গুৱাহাটীস্থিত সংগ্ৰহালয় পৰিৱেশকৰ অধীনত স্থাপন কৰা হৈছিল।
-
জ্যোতি কলা কেন্দ্ৰ
জ্যোতি কলা কেন্দ্ৰ (সম্পূৰ্ণ নাম: জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়) তেজপুৰত অৱস্থিত এখন সংগীতানুষ্ঠান। মহাবিদ্যালয় খনত মূলতঃ সংগীত আৰু নৃত্যৰ শিক্ষণ-প্ৰশিক্ষণ দিয়া হয়। ১৯৪০ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰে।
-
তেজপুৰ উন্নয়ন প্ৰাধিকৰণ
তেজপুৰ উন্নয়ন প্ৰাধিকৰণ হৈছে ভাৰতৰ তেজপুৰ চহৰত পৰিকল্পিতভাৱে আন্তঃগাঁথনি আৰু আৱাস প্ৰকল্পৰ উন্নয়নৰ বাবে সৃষ্টি কৰা বিধিগত নাগৰিক সংস্থা। বৰ্তমানৰ ভাৰতীয় নগৰ উন্নয়ন প্ৰাধিকৰণৰ ভেটি ১৮৯৬ চনত বোম্বে প্লেগৰ ফলত ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ যুগত ডিজাইন কৰা গাঁথনিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
-
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ হৈছে ভাৰতৰ অসম ৰাজ্যৰ শোণিতপুৰ জিলাত অৱস্থিত কেন্দ্ৰীয় কাৰাগাৰ। অসম ৰাজ্যৰ ৩১খন কাৰাগাৰৰ ভিতৰত ই অন্যতম। এই কাৰাগাৰখন অসম চৰকাৰৰ কাৰাগাৰ বিভাগৰ অধীনত পৰিচালিত হয়। ১৮৮১ চনত স্থাপন হোৱা এই জেলখন ৰাজ্যৰ অন্যতম প্ৰাচীন কেন্দ্ৰীয় কাৰাগাৰ হিচাপে পৰিচিত।
-
তেজপুৰ গৌৰৱযাত্ৰা
তেজপুৰ গৌৰৱযাত্ৰা (Tezpur Queer Pride) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰ তেজপুৰত অনুষ্ঠিত হোৱা বাৰ্ষিক এলজিবিটিকিউআইএ+ প্ৰাইড মাৰ্চ বা গৌৰৱযাত্ৰা। উত্তৰ-পূব ভাৰতৰ এখন সৰু চহৰত প্ৰথম সংগঠিত গৌৰৱযাত্ৰাৰ ভিতৰত অন্যতম এই আয়োজনৰ লক্ষ্য হৈছে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ বাবে অন্তৰ্ভুক্তি, দৃশ্যমানতা, আৰু…
-
বিষ্ণু ৰাভা স্মৃতি উদ্যান
বিষ্ণু ৰাভা স্মৃতি উদ্যান বা সমন্বয় ক্ষেত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ। ২০০৫ চনত এই সমন্বয় ক্ষেত্ৰখন স্থাপিত হয়। বৰ্তমান এই ক্ষেত্ৰখন উদ্যানৰ দৰে সঁজাই তোলা হৈছে। তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ দ্বাৰা এই উদ্যানখন পৰিচালিত।