ভাৰতৰ অঞ্চলসমূহ
২৫ প্ৰবন্ধ
-
নামনি অসম
নামনি অসম ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিমাংশৰ বিস্তৃত সমতলভূমি অঞ্চল, যাক পশ্চিম অসম বুলিও কোৱা হয়। অতীজৰ কামৰূপ ৰাজ্যৰ কেন্দ্ৰ আৰু আধুনিক অসমৰ প্ৰশাসনিক-নগৰীয়া কেন্দ্ৰ গুৱাহাটী–দিছপুৰ এই অঞ্চলতেই অৱস্থিত।
-
উত্তৰ-পূব ভাৰত
উত্তৰ-পূব ভাৰত বুলিলে ভাৰতৰ একেবাৰে পূবদিশত থকা সাতভনী ৰাজ্যসমূহ, ছিক্কিম আৰু উত্তৰ বংগৰ কিছু অংশক (দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰ জিলা) বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক।
-
বংগ
বংগ (বাংলা ভাষাত: বঙ্গ/ বাংলা) এটি ভৌগোলিক, সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল, যি দক্ষিণ এছিয়াৰ পূব দিশে স্থিত, বংগোপসাগৰৰ উত্তৰ দিশে। ই ঘাইকৈ বৰ্তমানৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ ৰাজ্য সামৰে। ভৌগোলিকভাৱে, ই গংগা-ব্ৰহ্মপুত্ৰ ব-দ্বীপ সামৰে, যি বিশ্বৰ সৰ্ববৃহৎ ব-দ্বীপ।
-
নেফা
উত্তৰ-পূব সীমান্ত অঞ্চল বা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী (চমুকৈ নেফা) আছিল ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ এক ৰাজনৈতিক সমষ্টি। ১৯৭২ চনলৈ ই সংযুক্ত ভাৰতবৰ্ষৰ অংশ হিচাপে থাকে আৰু পিছত অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত হয়। ১৯৭৪ চনলৈ ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙত আছিল আৰু পিছত ইটানগৰলৈ স্থানান্তৰিত কৰা হৈছিল।
-
হস্তিনাপুৰ
হস্তিনাপুৰ হৈছে ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মীৰুট জিলাৰ এখন চহৰ হস্তিনাপুৰ। মহাভাৰত আৰু পুৰাণ আদি হিন্দু গ্ৰন্থত হস্তিনাপুৰাক কুৰু ৰাজ্যৰ ৰাজধানী বুলি বৰ্ণনা কৰা হৈছে; প্ৰাচীন জৈন গ্ৰন্থতো ইয়াৰ উল্লেখ আছে। হস্তিনাপুৰ গংগা নদীৰ সোঁপাৰত অৱস্থিত।
-
ৰামেশ্বৰম
ৰামেশ্বৰম ভাৰতৰ তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ এখন পৌৰসভা। ই পাম্বান প্ৰণালীৰ দ্বাৰা ভাৰতৰ মূল ভূখণ্ডৰ পৰা পৃথক হোৱা পাম্বান দ্বীপত অৱস্থিত আৰু শ্ৰীলংকাৰ মান্নাৰ দ্বীপৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৪০ কিলোমিটাৰ। ই ভাৰতীয় উপদ্বীপৰ প্ৰান্তত মান্নাৰ উপসাগৰত অৱস্থিত।
-
বান্দ্ৰা
বান্দ্ৰা (Bandra) ভাৰতৰ মহাৰাষ্ট্ৰৰ কংকন বিভাগৰ সৰ্ববৃহৎ চহৰ মুম্বাইত অৱস্থিত এখন উপকূলীয় উপকণ্ঠ অঞ্চল। বান্দ্ৰা মিথি নদীৰ একেবাৰে উত্তৰত অৱস্থিত। মুম্বাই চহৰ আৰু পুনেৰ পিছত এই অঞ্চলটো মহাৰাষ্ট্ৰৰ তৃতীয় বৃহত্তম বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিচিত৷ ১৯২৪ চনৰ ১ জুলাইত খাৰ ৰোড ৰেলৱে ষ্টেচন মুকলি হোৱাৰ…
-
মাৰৱাৰ
মাৰৱাৰ (Marwar) ভাৰতৰ ৰাজস্থান ৰাজ্যৰ পশ্চিম অংশত অৱস্থিত এক সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল। ইয়াক যোধপুৰ অঞ্চল বুলিও কোৱা হয়। ৰাজস্থানৰ বিখ্যাত থৰ মৰুভূমিও এই অঞ্চলত অৱস্থিত, যি পশ্চিমে পাকিস্তানৰ সিন্ধু প্ৰদেশলৈকে বিস্তৃত। এই অঞ্চলৰ স্থানীয় ভাষাটি হʼল মাৰোৱাৰী।
-
বৰসনা
বৰসনা, (অসমীয়া উচ্চাৰণ বৰচনা) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন ঐতিহাসিক চহৰ আৰু নগৰ পঞ্চায়ত। কৃষ্ণৰ মুখ্য পত্নী হিন্দু দেৱী ৰাধাৰ জন্মস্থান হিচাপে এই চহৰখনে সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্য লাভ কৰিছে। বৰসনা ব্ৰজ অঞ্চলত অৱস্থিত।
-
মানালী
মানালী ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ কুল্লু জিলাৰ কুল্লু চহৰৰ ওচৰৰ এখন ৰিজ'ৰ্ট চহৰ। এই চহৰখন বিয়াছ নদীৰদ্বাৰা গঠিত কুল্লু উপত্যকাৰ উত্তৰ মূৰত অৱস্থিত। ৰাজ্যৰ ৰাজধানী চিমলাৰপৰা প্ৰায় ২৭০ কিলোমিটাৰ (১৭০ মাইল) উত্তৰে আৰু ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰপৰা ৫৪৪ কিলোমিটাৰ (৩৩৮ মাইল) উত্তৰ-পূবে কুল্লু…
-
গোকুল
ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন চহৰ গোকুল। মথুৰাৰপৰা ১৫ কিলোমিটাৰ (৯.৩ মাইল) দক্ষিণ-পূবে অৱস্থিত।
-
তিৰুমালা
তিৰুমালা ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ তিৰুপতি জিলাৰ এখন হিন্দু ধৰ্মীয় মন্দিৰ চহৰ। তিৰুপতি চহৰৰ অন্যতম চুবুৰী। তিৰুপতি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অংশ আৰু তিৰুপতি ৰাজহ সংমণ্ডলৰ তিৰুপতি (নগৰীয়া) মণ্ডলত অৱস্থিত এই চহৰখন। চহৰখন সম্পূৰ্ণ নিৰামিষভোজী।
-
মধ্য ভাৰত
মধ্য ভাৰত হৈছে মধ্যপ্ৰদেশ আৰু ছত্তীছগঢ়ক সাঙুৰি লৈ গঠিত হোৱা ভাৰতৰ এক বিশেষ ভৌগোলিক ক্ষেত্ৰ। ইন্দোৰ, মধ্যপ্ৰদেশৰ ব্যৱসায়িক ৰাজধানী, হৈছে এই ক্ষেত্ৰৰ বৃহত্তম চহৰ। আন মুখ্য চহৰবোৰৰ ভিতৰত আছে ভূপাল, ৰায়পুৰ। এই দুখন ৰাজ্যত বিভিন্ন ভাষা-ভাষীৰ আৰু ভিন্ন সাংস্কৃতিক বৈচিত্ৰ্যৰ লোক আছে।
-
অমৰাৱতী, অন্ধ্ৰপ্ৰদেশ
অমৰাৱতী ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ পালনাডু জিলাৰ কৃষ্ণ নদীৰ পাৰৰ এখন গাঁও। ১৮ শতিকাৰ শেষৰফালে জমিদাৰ বছিৰেদ্দি ভেংকটাদ্ৰি নাইডুৱে প্ৰাচীন সতবাহনৰ ৰাজধানী ধন্যকটকৰ ঠাইত নিৰ্মাণ কৰিছিল। অমৰাৱতী অমৰাৱতী মণ্ডলৰ প্ৰশাসনিক কেন্দ্ৰ হিচাপে কাম কৰে আৰু ই অন্ধ্ৰপ্ৰদেশ ৰাজধানী অঞ্চলত অৱস্থিত।
-
আলুভা
আলুভা (Aluva) পূৰ্বতে অলৱেই নামেৰে জনাজাত, ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি মহানগৰীৰ উত্তৰ অংশৰ এখন প্ৰধান চহৰ আৰু পৌৰসভা। পূৰ্বতে অলৱেই নামেৰে জনাজাত, ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি মহানগৰীৰ উত্তৰ অংশৰ এখন প্ৰধান চহৰ আৰু পৌৰসভা।
-
ধৌলি
ধৌলি বা ধৌলিগিৰি ভাৰতৰ ওড়িশা ৰাজ্যৰ ৰাজধানী ভূৱনেশ্বৰৰপৰা ৮ কিলোমিটাৰ দক্ষিণে দয়া নদীৰ পাৰত অৱস্থিত এটি পাহাৰ।
-
নন্দগাঁও
নন্দগাঁও ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন ঐতিহাসিক চহৰ আৰু নগৰ পঞ্চায়ত। নন্দগাঁও ব্ৰজ অঞ্চলৰ এটা ধৰ্মীয় কেন্দ্ৰ। শিৱৰ বাহন নন্দীৰ নামেৰে নামকৰণ কৰা এই নগৰখনৰ নাম আছিল পূৰ্বতে নন্দীগ্ৰাম।
-
শ্ৰীকুৰ্মম্
শ্ৰীকুৰ্মম্ ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকুলামৰ ওচৰৰ এখন গাঁও, ঠাইখনক শ্ৰীকুৰ্মু বা শ্ৰীকুৰ্মাই বুলিও জনা যায়। ই শ্ৰীকুলম চহৰৰ দক্ষিণ-পূব দিশত ১৪.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ঠাইখন শ্ৰীকাকুলাম জিলাৰ গৰা মণ্ডলত অৱস্থিত।
-
আন্দামান আৰু নিকোবৰ দীপপুঞ্জৰ ইতিহাস
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ মুঠ ৫৭২টা দ্বীপৰ এটা দ্বীপপুঞ্জ, যাৰ ভিতৰৰ ৩৭টা দ্বীপত মানুহৰ বসবাস আছে। ই ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল।
-
আৰনমুলা
আৰনমুলা (Aranmula) ভাৰতৰ কেৰালা ৰাজ্যৰ পথানামথিট্টা জিলাত অৱস্থিত এখন মন্দিৰ-নগৰী।
-
কুম্বৰজুৱা
কুম্বৰজুৱা হৈছে গোৱাৰ মাণ্ডোৱী নদীৰ এটা দ্বীপ আৰু নগৰ। গোৱাৰ ৰাজধানী পাঞ্জিমৰ পৰা ২০ কিলোমিটাৰ পূবে অৱস্থিত। ই মাণ্ডোভি আৰু জুয়াৰীৰ মাজৰ ছটা বৃহৎ দ্বীপৰ ভিতৰত এটা, বাকীকেইটা হ'ল: ইলহাছ দে গোৱা, চোৰাও, দিৱাৰ, চেন্ট এষ্টেভাম, ভানক্সিম আৰু... আন বহুতো সৰু সৰু মেংগ্ৰোভ দ্বীপ আৰু বালিৰ টিলা।
-
নৰকন্দা (চহৰ)
নৰকন্দা হিমাচল প্ৰদেশৰ চিমলা জিলাৰ কুমাৰছাইন মহকুমাৰ এখন চহৰ আৰু নগৰ পঞ্চায়ত।ভাৰতৰ হিমাচল প্ৰদেশৰ ভাৰত-তিব্বত পথ (NH 5)ত ২৭০৮ মিটাৰ উচ্চতাত এবিধ ফাৰ (Abies pindrow) অৰণ্যত অৱস্থিত। শিমলাৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত হিমালয়ৰ পৰ্বতমালাৰে আগুৰি আছে। শীতকালত এই চহৰখন স্কিইং ৰিজৰ্ট।
-
ভাৰতৰ সংৰক্ষিত আৰু নিষিদ্ধ অঞ্চল
বিদেশী (সংৰক্ষিত অঞ্চল) আইন, ১৯৫৮ত উল্লেখ কৰা হৈছে যে, ভাৰতৰ কিছুমান অঞ্চল (মূলতঃ উত্তৰ-পূব ভাৰতৰ) ভ্ৰমণ কৰিবলৈ অনা-ভাৰতীয় নাগৰিকৰ বাবে সংৰক্ষিত এলেকাৰ অনুমতি (PAP)ৰ প্ৰয়োজন। এই অনুমতি পত্ৰ লাভ কৰিবলৈ হ’লে কিছুমান বিশেষ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব।
-
মুভাট্টুপুঝা
মুভাট্টুপুঝা (Muvattupuzha) কেৰালাৰ এৰ্নাকুলাম জিলাৰ এখন পৌৰসভা। জিলা সদৰ থ্ৰিক্কাকাৰাৰপৰা মুভাট্টুপুঝা প্ৰায় ৩৫ কিলোমিটাৰ (২১.৭ মাইল) পূবে আৰু ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা প্ৰায় ২০৪ কিলোমিটাৰ (১২৬.৮ মাইল) উত্তৰে অৱস্থিত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি, মুভাট্টুপুঝাৰ মুঠ জনসংখ্যা ৩০,৩৯৭ জন।
-
সোংখ
সৌংখ বা সততে সোংখ বুলি বানান কৰা (অসমীয়া উচ্চাৰণ চৌংখ বা চোংখ), ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ এখন চহৰ আৰু নগৰ পঞ্চায়ত।