কুলশী নদী বা কুলচি নদী ভাৰতৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদৰ উপনৈ। এই নদীৰ উৎপত্তি মেঘালয়ৰ পশ্চিম খাচী পাহাৰৰ পৰা। উৎপত্তিস্থলত এই নদীখন খিৰ নদী নামেৰে জনাজাত। মেঘালয়ত ১২ কিঃমিঃ অতিক্ৰম কৰাৰ পিছত এই নদীখন অসমৰ কামৰূপ জিলাৰ মাজেৰে বৈ গৈছে আৰু ইয়াক কুলশী নামেৰে জনা যায়। অসমৰ কামৰূপ জিলাৰ নগৰবেৰাত কুলশী আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগম ঘটে।
ডলফিনৰ বাসস্থান

কুলচি নদী হৈছে বিলুপ্তপ্ৰায় দক্ষিণ এছিয়াৰ নদী ডলফিন (Platanista gangetica) ৰ বাসস্থান। এই বিলুপ্তপ্ৰায় ডলফিনে (অসমীয়া ভাষাত শিহু নামেৰে জনাজাত) সমগ্ৰ ব্ৰহ্মপুত্ৰৰ বদ্বীপত ১ কেৱল সোৱণশিৰি নদী আৰু কুলচি নদীতহে প্ৰজনন কৰে। কিন্তু বালি খনন আৰু অন্যান্য উন্নয়নমূলক কাম-কাজে কুলচিৰ ডলফিনক দুৰ্বল কৰি তুলিছে আৰু এই বিলুপ্তপ্ৰায় ডলফিনৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলশী নদী” প্ৰবন্ধৰ সংশোধন ৪৩৫১৭৭ (৩ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।