ইণ্ডোনেছিয়া
৩৫ প্ৰবন্ধ
-
ইণ্ডোনেছিয়া
ইণ্ডোনেছিয়া ( Indonesia) বা ইণ্ডোনেছিয়া গণৰাজ্য ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ মাজৰ দক্ষিণ-পূব এছিয়া আৰু ওচেনিয়াৰ এখন দেশ। ইণ্ডোনেছিয়া সুমাট্ৰা, জাভা, চুলাৱেছি, আৰু বৰ্নিও আৰু নিউ গিনিৰ বিভিন্ন অংশকে ধৰি ১৭,০০০ৰো অধিক দ্বীপেৰে গঠিত।
-
জাকাৰ্টা
জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰ, (যদিও জাকাৰ্টা নিজে এখন প্ৰদেশ) আৰু বিশ্বৰ এখন লেখত ল'বলগীয়া জনবহুল নগৰ অঞ্চল। জাভাৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত, জাকাৰ্টা হৈছে দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰস্বৰূপ। ২০১২ চনৰ ডিচেম্বৰত ইয়াৰ জনসংখ্যা আছিল ৯৭,৬১,৪০৭ জন।
-
ইণ্ডোনেছিয়ান ভাষা
ইণ্ডোনেছিয়ান ভাষা বা বাহাছা ইণ্ডোনেছিয়া ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় ভাষা। ইণ্ডোনেছিয়ান হৈছে মালয় ভাষাৰ এটা মানক ৰূপ, যিটো ইণ্ডোনেছিয়ান দ্বীপপুঞ্জত যুগ যুগ ধৰি লিংগুয়া ফ্ৰাংকা হিচাপে ব্যৱহাৰ কৰা হয়।
-
বালি, ইণ্ডোনেছিয়া
বালি ইণ্ডোনেছিয়াৰ এক দ্বীপ অঞ্চল আৰু প্ৰদেশ। বালি আৰু ইয়াৰ কাষৰ কিছু ক্ষুদ্ৰ দ্বীপ নুচা পেনিদা, নুচা লেমবনগান আৰু নুচা চেনিনগানৰ লগ লাগি এই প্ৰদেশ গঠিত হৈছে। ইয়াৰ ৰাজধানী হৈছে ডেনপাচাৰ। ই দ্বীপটোৰ দক্ষিণাঞ্চলত অৱস্থিত। পূব জাভা অঞ্চলৰ ৩.২ কিলোমিটাৰ দূৰত বালি দ্বীপ অৱস্থিত।
-
জাভা ভাষা
জাভা ভাষা বা জাভানীজ ভাষা এটা অষ্ট্ৰ'নেছিয়ান ভাষা৷ ইণ্ডোনেছিয়াৰ জাভা দ্বীপ আৰু ইয়াৰ আশে-পাশে থকা দ্বীপসমূহৰ প্ৰায় ৮ৰ পৰা ১ কোটি লোকে ইয়াক এই ভাষা কয়। মালয়েছিয়াতো ইয়াৰ জনপ্ৰিয়তা আছে। ই সৰ্বাধিক ভাষী থকা অষ্ট্ৰ’নেছিয়ান ভাষা।
-
জাভা দ্বীপ
জাভা দ্বীপ বা জাভা (Java) ভাৰত মহাসাগৰৰ এটা দ্বীপ। ই ইণ্ডোনেছিয়াৰ এটা অংশ। ইয়াৰ দক্ষিণে ভাৰত মহাসাগৰ আৰু উত্তৰে জাভা সাগৰৰ সীমা। ১৫৩.৮ নিযুত লোকৰ জনসংখ্যাৰ সৈতে, জাভা হৈছে বিশ্বৰ আটাইতকৈ জনবহুল দ্বীপ, যি ইণ্ডোনেছিয়াৰ জনসংখ্যাৰ প্ৰায় ৫৪% লোকৰ বাসস্থান।
-
ইণ্ডোনেছিয়াৰ ভাষাসমূহ
ইণ্ডোনেছিয়া হ'ল ৭০০তকৈও অধিক জীৱিত ভাষাৰ বাসস্থান। এই উল্লেখযোগ্য ভাষিক বৈচিত্ৰ্যই ইণ্ডোনেছিয়াক পাপুয়া নিউ গিনিৰ পিছত বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক ভাষিকভাৱে বৈচিত্ৰ্যময় ৰাষ্ট্ৰৰ স্থান দিছে।
-
লম্বক
লম্বক ইণ্ডোনেছিয়াৰ পশ্চিম নুছা টেংগাৰা প্ৰদেশৰ এটা দ্বীপ। ই লেছাৰ চুণ্ডা দ্বীপপুঞ্জৰ শৃংখলৰ অংশ, পশ্চিমে বালিৰপৰা লম্বক জলদ্বীপ আৰু পূবে ইয়াৰ আৰু চুম্বাৱাৰ মাজত আলাছ জলদ্বীপক পৃথক কৰে।
-
লেছাৰ চুণ্ডা দ্বীপপুঞ্জ
লেছাৰ চুণ্ডা দ্বীপপুঞ্জ, বৰ্তমান নুছা টেংগাৰা দ্বীপপুঞ্জ (ইণ্ডোনেছিয়ান: কেপুলাউয়ান নুছা টেংগাৰা, বা "দক্ষিণ-পূব দ্বীপপুঞ্জ")নামেৰে জনাজাত, ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জসমূহৰ এটা দ্বীপপুঞ্জ।
-
ইণ্ডোনেছিয়াত হিন্দু ধৰ্ম
হিন্দু ধৰ্ম হৈছে ইণ্ডোনেছিয়াৰ তৃতীয় বৃহত্তম ধৰ্ম, যাক গৃহ মন্ত্ৰ্যালয়ৰ ২০২৩ চনৰ নাগৰিক পঞ্জীয়ন তথ্য অনুসৰি দেশৰ জনসংখ্যাৰ প্ৰায় ১.৬৮ শতাংশ লোকে পালন কৰে।
-
ইণ্ডোনেছিয়াৰ নাম
ইণ্ডোনেছিয়াৰ নাম(Names of Indonesia)টো ইণ্ডোনেছিয়া গণৰাজ্য বা ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জক বুজাবলৈ সাধাৰণভাৱে আৰু চৰকাৰীভাৱে ব্যৱহৃত নাম; কিন্তু আন নাম যেনে নুছান্টাৰা আৰু ইষ্ট ইণ্ডিজও জনা যায়।
-
ইণ্ডোনেছিয়াৰ নিৰ্বনানীকৰণ
ইণ্ডোনেছিয়াৰ নিৰ্বনানীকৰণ ( Deforestation in Indonesia) দেশৰ বহু অংশৰ দীৰ্ঘম্যাদী বনাঞ্চল আৰু শ্যামলীমা হৰণৰ কাৰণ হিচাপে পৰিগণিত; পৰিৱেশ আৰু সামাজিক ক্ষেত্ৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে।
-
কাকৱিন ৰামায়ণ
কাকৱিন ৰামায়ণ হৈছে কাকাৱিন ছন্দ শৈলীত ৰচিত ৰামায়ণৰ পুৰণি জাভানীজ কবিতা। এই কাব্যখন মধ্য জাভাত (আধুনিক ইণ্ডোনেছিয়া) প্ৰায় নৱম শতিকাৰ শেষৰ ফালে বা দশম শতিকাৰ আৰম্ভণিতে, মেডাং ৰাজ্যৰ যুগত ৰচনা কৰা হৈছিল বুলি বিশ্বাস কৰা হয়।
-
গৰুড় বিষ্ণু কাঞ্চন প্ৰতিমূৰ্তি
গৰুড় বিষ্ণু কাঞ্চন প্ৰতিমূৰ্তি ( Garuda Wisnu Kencana statue) (GWK Statue বুলিও কোৱা হয়) হৈছে ইণ্ডোনেছিয়াৰ বালিৰ গৰুড় বিষ্ণু কাঞ্চন সাংস্কৃতিক উদ্যানত অৱস্থিত ১২১ মিটাৰ উচ্চতাৰ এটা মূৰ্তি।
-
গৰুড় বিষ্ণু কাঞ্চন সাংস্কৃতিক উদ্যান
গৰুড় বিষ্ণু কাঞ্চন সাংস্কৃতিক উদ্যান (ইণ্ডোনেছিয়ান: তামান বুদায়া গৰুদা উইছনু কেনকানা), বা GWK, ইণ্ডোনেছিয়াৰ বালি দ্বীপৰ বাডুঙৰ উংগাছানত অৱস্থিত, নুৰাহ ৰাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰায় ১০–১৫ মিনিটৰ ড্ৰাইভত অৱস্থিত।
-
চুলাৱেছি
চুলাৱেছি (Sulawesi), চেলেবেছ নামেৰেও জনাজাত, ইণ্ডোনেছিয়াৰ এটা দ্বীপ। চাৰিটা বৃহত্তৰ চুণ্ডা দ্বীপৰ ভিতৰত অন্যতম আৰু বিশ্বৰ ১১ নং বৃহত্তম দ্বীপটো বৰ্নিওৰ পূবে, মালুকু দ্বীপপুঞ্জৰ পশ্চিমে আৰু মিন্দানাও আৰু চুলু দ্বীপপুঞ্জৰ দক্ষিণে অৱস্থিত।
-
জাভানী ৱিকিপিডিয়া
জাভানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ জাভানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান প্ৰবন্ধ আছে।
-
আজি চাকা
আজি চাকা জাভা ভাষাৰ এটা কিংবদন্তি, যিয়ে জাভালৈ কেনেকৈ সভ্যতা আহিছিল আৰু ইয়াক জাভাৰ কিংবদন্তি প্ৰথম ৰজা আজি চাকাই অনাৰ কাহিনী আৰু জাভা লিপিৰ উৎপত্তিৰ পৌৰাণিক কাহিনী আছে।
-
ইণ্ডোনেছিয়ান সেনাবাহিনীৰ মহিলা কৰ্পছ
ইণ্ডোনেছিয়াৰ সেনাবাহিনীৰ যুদ্ধ, যুদ্ধ সমৰ্থন আৰু সেৱা সমৰ্থন গঠনত সক্ৰিয় সেৱাত থকা মহিলাসকলৰ আনুষ্ঠানিক প্ৰশাসনিক সংগঠন হৈছে সেনা মহিলা কৰ্পছ (Kowad)।
-
ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জ
ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জ(Indonesian archipelago) হৈছে দক্ষিণ-পূব এছিয়া আৰু ওচেনিয়াৰ ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ মাজত অৱস্থিত ১৭,০০০ৰ পৰা ১৮,০০০ৰো অধিক দ্বীপৰ বিশাল আৰু বৈচিত্ৰ্যময় সংকলন।
-
ইণ্ডোনেছিয়াৰ ভিছা নীতি
ইণ্ডোনেছিয়ালৈ অহা বেছিভাগ দৰ্শকে ইণ্ডোনেছিয়াত উপস্থিত হোৱাৰ লগে লগে ভিছা লাভ কৰিব পাৰে, যদিহে তেওঁলোক ভিছা ৰেহাই পোৱা দেশসমূহৰ কোনো এখনৰ নাগৰিক নহয়। অৱশ্যে কিছুমান দেশ ইণ্ডোনেছিয়াত প্ৰৱেশৰ অনুমতি দিয়াৰ পূৰ্বে ইণ্ডোনেছিয়াৰ কোনোবা এটা কূটনৈতিক মিছনৰ পৰা আগতীয়াকৈ ভিছা ল’ব লাগিব।
-
কেয়ং ইমাছ
কেয়ং ইমাছ (জাভানিজ আৰু ইণ্ডোনেছিয়ান ভাষাত "সোণালী শামুক") হৈছে জাভানিজ ভাষাৰ এক বিখ্যাত লোককথা য'ত এগৰাকী ৰাজকুমাৰীক যাদুকৰীভাৱে ৰূপান্তৰিত কৰি সোণালী শামুকৰ খোলাত বন্দী কৰা হয়।
-
কোমোডো দ্বীপ
কোমোডো দ্বীপ ইণ্ডোনেছিয়া ৰিপাব্লিকক সামৰি লোৱা ১৭,৫০৮টা দ্বীপৰ ভিতৰত অন্যতম। এই দ্বীপটোৰ নামেৰে নামাকৰণ কৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ জেঠী কোমোডো ড্ৰেগনৰ বাসস্থান হিচাপে ই বিশেষভাৱে উল্লেখযোগ্য। কোমোডো দ্বীপৰ পৃষ্ঠভাগ ২৯১ বৰ্গ কিলোমিটাৰ, আৰু ২০২০ চনত ইয়াৰ মানৱ জনসংখ্যা প্ৰায় ১৮০০ আছিল।
-
চিটাৰম নদী
চিটাৰম নদী (অধিক শুদ্ধকৈ টাৰুম নদী বুলি কোৱা হয়, কাৰণ "si" উপসৰ্গৰ অৰ্থ হৈছে "নদী") (চুণ্ডানিজ: ৱালুংগান চিটাৰাম) ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ আটাইতকৈ দীঘল আৰু ডাঙৰ নদী। বেংগাৱান ছ'লো আৰু ব্ৰাণ্টাছৰ পিছত জাভাৰ তৃতীয় দীঘল নদী। পশ্চিম জাভাৰ জনসাধাৰণৰ জীৱনত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
-
চুণ্ডেল বলং
চুণ্ডেল বলং ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীত উল্লেখ থকা এক পৌৰাণিক ভূত, যি এটাৰী ধুনীয়া দীঘল ক’লা চুলি আৰু দীঘল বগা পোছাক পিন্ধা এগৰাকী মহিলা (তেওঁৰ ৰূপ পণ্টিয়ানাকৰ সৈতে মিল আছে)।
-
ছুয়াংগী
ছুয়াংগী বা ছুয়াংগি পূব ইণ্ডোনেছিয়াৰ বহু অঞ্চলৰ লোককথাৰ এক দুষ্ট আত্মা।
-
জাভাৰ গঁড়
জাভাৰ গঁড় সুন্দা গঁড় বা কম এশিঙিয়া গঁড় হৈছে ৰাইনোচেৰোটিডা গঁড় পৰিয়ালৰ অন্তৰ্গত। সমগ্ৰ দক্ষিণ এছিয়া আৰু আফ্ৰিকাত বাকী থকা পাঁচটা উষ্ণ গঁড়ৰ প্ৰজাতিৰ এটাৰ গুৰুতৰভাৱে বিপদাপন্ন প্ৰজাতি হৈছে জাভাৰ গঁড়।
-
পাদাৰ দ্বীপ
পাদাৰ, বা পাদা হৈছে ইণ্ডোনেছিয়াৰ ইষ্ট নুছা টেঙ্গগাৰাৰ ৱেষ্ট মাংগাৰাই ৰিজেঞ্চীৰ অংশভুক্ত কমোডো দ্বীপপুঞ্জৰ অন্তৰ্গত কমোডো আৰু ৰিঞ্চা দ্বীপৰ মাজত অৱস্থিত এটা সৰু দ্বীপ। এইটো কমোডো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তৃতীয় বৃহৎ দ্বীপ। কমোডো দ্বীপপুঞ্জ কমোডো ড্ৰেগনৰ বাবে বিখ্যাত।
-
বালি সাহিত্য
বালি সাহিত্য হ’ল ইণ্ডোনেছিয়াৰ বালি দ্বীপত কথা পতা বালি ভাষাৰ লোকসমূহৰ মৌখিক আৰু লিখিত সাহিত্য। ইয়াক সাধাৰণতে দুটা যুগত ভাগ কৰা হয়: পূৰ্ব বা পৰম্পৰাগত; আৰু আনয়াৰ বা আধুনিক।
-
বালিৰ গ্ৰীণ স্কুল
ইণ্ডোনেছিয়াৰ বালিত অৱস্থিত গ্ৰীণ স্কুল বাডুং ৰিজেন্সিৰ আবিয়ানচেমালৰ ওচৰত আয়ুং নদীৰ কাষত অৱস্থিত এখন ব্যক্তিগত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক-কিণ্ডাৰগাৰ্টেনৰ পৰা হাইস্কুললৈকে থকা এখনি বিদ্যালয়। জন আৰু চিন্থিয়া হাৰ্ডিয়ে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল।