অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জালাহ

জলাহ অসমৰ বাক্সা জিলাত অৱস্থিত এখন গ্ৰাম্য-চহৰ।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৫ ১০৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জলাহ অসমৰ বাক্সা জিলাত অৱস্থিত এখন গ্ৰাম্য-চহৰ।

ভূগোল

জালাহ লোকপিয়ল গ্ৰাম্য-চহৰৰ মুঠ ভৌগোলিক এলেকা ৭ বৰ্গ কিলোমিটাৰ যাৰ ফলত ই বাক্সা জিলাৰ আয়তন অনুসৰি আটাইতকৈ ডাঙৰ লোকপিয়ল গ্ৰাম্য-চহৰ।

জনগাঁথনি

২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি জালাহৰ মুঠ জনসংখ্যা ৬,৪৬৮ জন ইয়াৰে ৩,২৮৩ জন পুৰুষ আৰু ৩,১৮৫ জন মহিলা। জালাহৰ সাক্ষৰতাৰ হাৰ ৮২.৮ শতাংশ যিটো বাক্সা জিলাৰ ৭৫.৫ শতাংশ সাক্ষৰতাৰ হাৰৰ তুলনাত অধিক।

যাতায়াত

পাঠশালা ৰেলৱে ষ্টেচনৰপৰা জালাহ দূৰত্ব প্ৰায় ২২ কিলোমিটাৰ। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো পৰা প্ৰায় ২০ কিলোমিটাৰ আৰু লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰপৰা প্ৰায় ১০১ কিলোমিটাৰ দূৰত্বত জালাহ অৱস্থিত।১

জলবায়ু

জালাহৰ বাৰ্ষিক গড় বৰষুণ ১১১৩ মিলিমিটাৰ। সৰ্বোচ্চ উষ্ণতা ৩৫°C লৈ আৰু সৰ্বনিম্ন উষ্ণতা ৮°C লৈ নামি যায়।

তথ্যসূত্ৰ

  1. ↑ Jalah. village.org.in

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক অঞ্চলঅসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জালাহ” প্ৰবন্ধৰ সংশোধন ৫৩৬৬৯৪ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।