নগাঁও জিলা
৩৫ প্ৰবন্ধ
-
নগাঁও জিলা
নগাঁও জিলা অসমৰ মধ্যভাগত অৱস্থিত এখন প্ৰশাসনিক জিলা, যি সাৰুৱা সমভূমি, বিল-জলাহভূমি আৰু নানাবিধ জাতি-জনগোষ্ঠীৰ সহাৱস্থানেৰে চিহ্নিত। এই জিলাই শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ লগতে এশিঙীয়া গঁড়ৰ বাবে খ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ অন্তৰ্ভুক্ত কৰাৰ বাবে ঐতিহাসিক আৰু প্ৰাকৃতিক দুয়ো দিশতেই গুৰুত্ব…
-
নগাঁও
নগাঁও মধ্য অসমৰ এটা ঐতিহাসিক আৰু শিক্ষাসাংস্কৃতিক কেন্দ্ৰ হিচাপে পৰিচিত চহৰ। কলং নদীয়ে নগৰখনক দুটা অংশত ভাগ কৰি ৰাষ্ট্ৰীয় পথ, ৰে’ল আৰু নিকটৱৰ্তী বিমানবন্দৰৰ জৰিয়তে ৰাজ্যৰ বহু ঠাইৰ সৈতে সংযোগ স্থাপন কৰিছে।
-
কলিয়াবৰ মহকুমা
কলিয়াবৰ মহকুমা অসম ৰাজ্যৰ নগাঁও জিলাৰ পূব ভাগত অৱস্থিত এক প্ৰশাসনিক মহকুমা, যাৰ অৱস্থান উজনি অসম আৰু নামনি অসমৰ সংযোগ অঞ্চলত। ইয়াৰ ভূ-প্ৰাকৃতিক সীমা-চিহ্ন, ঐতিহাসিক নাম-উৎপত্তি, ধৰ্মীয়-সাংস্কৃতিক কেন্দ্ৰ আৰু শিক্ষা-সাহিত্যৰ পৰম্পৰা এই মহকুমাৰ পৰিচয় গঢ়ে।
-
নগাঁও (লোকসভা সমষ্টি)
নগাঁও লোকসভা সমষ্টি (Nowgong Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
কলিয়াবৰ (লোকসভা সমষ্টি)
কাজিৰঙা (কলিয়াবৰ) লোকসভা সমষ্টি (Kaziranga (Kaliabor) Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
কামপুৰ
অসমৰ নগাঁও জিলাৰ প্ৰসিদ্ধ কপিলী নৈৰ উত্তৰ-দক্ষিণ দুয়োপাৰ জুৰি কামপুৰ অঞ্চল অৱস্থিত। নগাঁও চহৰৰ পৰা ৩০ কিঃমিঃ দক্ষিণে কামপুৰ নগৰ অৱস্থিত। কামপুৰ এখন উন্নত ঠাই। ১৯৯৬ চনৰ ৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ গেজেট জাননীত কামপুৰ টাউন কমিটি গঠনৰ সিদ্ধান্ত প্ৰকাশ পায়।
-
ৰহা
ৰহা নগাঁও জিলাৰ এখন সৰু অথচ ব্যস্ত চহৰ। সকলো ধৰ্মৰ লোকেই এই চহৰত মিলা-প্ৰীতিৰে বাস কৰে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই অৱস্থিত এই চহৰখন। কলং আৰু কপিলী নদী ৰহাৰ কাষেৰে বৈ গৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মীন মহাবিদ্যালয় ৰহাত অৱস্থিত।
-
শিলঘাট
শিলঘাট (Silghat) হৈছে অসমৰ নগাঁও জিলাৰ অন্তৰ্গত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত এখন চহৰ। নগাঁও চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৫২ কিলোমিটাৰ। শিলঘাটত থকা অন্যতম আকৰ্ষণীয় ঠাইসমূহ হৈছে হাতীমূৰা মন্দিৰ, কামাখ্যা দেৱালয়, ত্ৰিশূলধাৰী মন্দিৰ, সামন্তগিৰি আদি। শিলঘাটত এটি মৰাপাটৰ কলো আছে।
-
পুৰণিগুদাম
অসমৰ নগাঁও জিলাৰ প্ৰধান চহৰখনৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ নিলগত পুৰণিগুদাম (Puranigudam) অঞ্চলটো অৱস্থিত। কেইবাখনো জনবসতিপূৰ্ণ গাঁৱেৰে পৰিৱেষ্টিত পুৰণিগুদাম অঞ্চলটো নগাঁও জিলাৰ বাণিজ্যিক আৰু সাংস্কৃতিক প্ৰাণকেন্দ্ৰসমূহৰ ভিতৰত অন্যতম।
-
ডবকা
ডবকা (IPA: ˈdʌbəkə} (Dabaka) অসমৰ নগাঁও জিলাত অৱস্থিত এখন ঠাই।
-
ধিং
ধিং ভাৰতৰ অসম ৰাজ্যৰ নগাঁও জিলাৰ এখন গাঁও। ই ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিন পাৰৰ ঠাই।
-
জখলাবন্ধা
জখলাবন্ধা হৈছে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এখন গুৰুত্বপূৰ্ণ ঠাই। নগাঁও জিলাৰ পূৱ প্ৰান্তত এই ঠাইখন অৱস্থিত।
-
কামপুৰ মহাবিদ্যালয়
নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল কামপুৰ মহাবিদ্যালয়। মহাবিদ্যালয়খনি ১৯৬৮ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাপ্ত এই কামপুৰ মহাবিদ্যালয়।
-
চম্পাৱতী জলপ্ৰপাত
চম্পাৱতী (Champawati Waterfall) বা চাপানলা জলপ্ৰপাত হৈছে অসমৰ নগাঁও জিলাৰ চাপানলা নামৰ গাঁৱত অৱস্থিত এটা বিখ্যাত জলপ্ৰপাত আৰু পৰ্যটনস্থলী। জলপ্ৰপাতটোৰ লগতে ইয়াৰ চৌপাশে থকা চাহ-বাগান আৰু তাত ভ্ৰমণ কৰিবলৈ অহা পক্ষী পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ। জলপ্ৰপাতটিৰ তিনিটা কুণ্ড আছে।
-
চামগুৰি বিধানসভা সমষ্টি
চামগুৰি বিধানসভা সমষ্টি (ইংৰাজী: Samaguri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
কুঁৱৰীটোল
কুঁৱৰীটোল (Kuwaritol) হʼল অসমৰ নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁও আৰু স্থানীয় প্ৰশাসনিক কেন্দ্ৰ। ই কলং নদীৰ পাৰত অৱস্থিত।
-
ধিং বিধানসভা সমষ্টি
ধিং বিধানসভা সমষ্টি (ইংৰাজী: Dhing Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
নগাঁও জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
নগাঁও জিলা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ সদৰ ঠাই নগাঁও। নগাঁও জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। নগাঁও জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।
-
নুৰুল আমিন ষ্টেডিয়াম
নুৰুল আমিন ষ্টেডিয়াম (Nurul Amin Stadium) বা Nowgong Sports Club Ground হৈছে অসমৰ নগাঁও জিলাত অৱস্থিত এখনি বহুমুখী ষ্টেডিয়াম৷ এইখন ষ্টেডিয়াম প্ৰধানকৈ ফুটবল, ক্ৰিকেট আৰু আন কিছুমান খেলৰ বাবে ব্যৱহাৰ কৰা হয়৷ প্ৰতি বছৰৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত এইখন ষ্টেডিয়ামত প্ৰখ্যাত স্বাধীনতা দিৱস কাপ ফুটবল…
-
পখীতীৰ্থ
পখীতীৰ্থ (Pokhitirtho) বা চামগুৰি বিল হৈছে নগাঁও চহৰৰ পৰা প্ৰায় ষোল্ল কিলোমিটাৰ দূৰত্বত অৱস্থিত এখনি জলভূমি। বিভিন্ন সময়ত ইয়ালৈ পৰিভ্ৰমী পখীৰ আগমন ঘটে বাবে এই বিলখনক পখীতীৰ্থ বুলি কোৱা হয়।
-
ভঁৰালী নামঘৰ
ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰ ভৰালী গাঁৱত অৱস্থিত। হাটবৰৰ পৰা ২ কিলোমিটাৰ নিলগত আছে ভৰালী গাওঁ। নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ পূব প্ৰান্তৰ প্ৰাচীন ঐতিহ্যৰে ভৰপূৰ, অসম ইতিহাসৰ উল্লেখযোগ্য স্থান ভৰালী গাওঁ। গাওঁ খনৰ অধিকাংশ মানুহেই কৃষিজীবি আৰু একশৰণীয় ধৰ্মৰে দীক্ষিত।
-
মাধৱ থান
শ্ৰী শ্ৰী মাধৱ থান অসমৰ এখন ধৰ্মস্থান। ই নগাওঁ জিলাৰ কামপুৰ নগৰৰ পৰা প্ৰায় ১২ কিঃমিঃ দক্ষিণে মাধৱপাৰা পাহাৰৰ ওচৰত লাংপি (কাৰ্বি), চীনা বা বৰাপানী নদীৰ পাৰত অৱস্থিত। কিংবদন্তিমতে এই স্থানত শ্ৰীকৃষ্ণ (মাধব) আৰু অৰ্জুনে এবাৰ জিৰণি লৈছিল।
-
ৰূপহীহাট বিধানসভা সমষ্টি
ৰূপহীহাট বিধানসভা সমষ্টি (ইংৰাজী: Rupohihat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
আকাশী গংগা জলপ্ৰপাত
আকশী গংগা অসমৰ নগাঁও জিলাৰ পৰা ৫০ কিলোমিটাৰ পূব-দক্ষিণ দিশত ডবকা-ডিমাপুৰ পথত অৱস্থিত এক জলপ্ৰপাত। লগতে এই অঞ্চলত ভালেসংখ্যক প্ৰত্নতাত্বিক ধ্বংসাৱশেষ পোৱা যায়। কালিকা পুৰাণতো এই অঞ্চলৰ উল্লেখ আছে বুলি জনা যায়।
-
নগাঁও চিকিৎসা মহাবিদ্যালয়
নগাঁও চিকিৎসা মহাবিদ্যালয় (Nagaon Medical College and Hospital অসমৰ নগাঁও জিলাৰ মহখুলিত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। মহাবিদ্যালয়খনে ২০২৩ চনৰ পৰা কাৰ্যক্ষমতা আৰম্ভ কৰাৰ অনুমতি লাভ কৰে।
-
মহা মৃত্যুঞ্জয় মন্দিৰ
মহা মৃত্যুঞ্জয় মন্দিৰ (Maha Mrityunjay Temple) অসমৰ নগাঁও জিলাৰ ভেৰভেৰিত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।
-
হাতীমূৰা মন্দিৰ
হাতীমূৰা মন্দিৰ অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰ। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমৰ্দিনী দেৱী দুৰ্গাৰ প্ৰতি সমৰ্পিত।
-
হেজাৰী ভাওনা
হেজাৰী ভাওনা বা কলিয়াবৰৰ হেজাৰী ভাওনা অসমৰ নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত ভাওনা উৎসৱ। অসমৰ নাট ভাওনাৰ এক বিশেষ পৰিৱেশ্য আঞ্চলিক ৰূপ হিচাপে নগাঁৱৰ হেজাৰী ভাওনা বিখ্যাত।
-
ৰণথলী
ৰণথলী অসমৰ নগাঁও জিলাৰ এখন গাঁও। গাঁওখন নগাঁও চহৰৰ ওচৰত অৱস্থিত আৰু অসমীয়া গহনা নিৰ্মাণৰ বাবে বিশেষভাৱে পৰিচিত। ৰণথলী অসমৰ পৰম্পৰাগত সোণ আৰু ৰূপৰ গহনা নিৰ্মাণৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ। গাঁওখনৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সৈতে গহনা নিৰ্মাণৰ ঘনিষ্ঠ সম্পৰ্ক আছে।
-
বৰুৱাচুক (কলিয়াবৰ)
বৰুৱাচুক (Baruahchook) অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ এখন গাঁও। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে সুদূৰ কনৌজৰ পৰা অহা ৰামলাল ভাগৱতী নামৰ এজন ব্যৱসায়ীয়ে বণিজৰ উদ্দেশ্যে আহি এই ঠাইতে থাকিবলৈ লয় আৰু তেওঁৰ সতি-সন্ততিৰ পৰাই এই গাঁওখন ঠন ধৰি উঠে।