এছিয়াৰ দেশ
৫৯ প্ৰবন্ধ
-
ভাৰত
ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ (Republic of India) দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা প্ৰথম তথা সৰ্ববৃহৎ গণতন্ত্ৰ।
-
বাংলাদেশ
বাংলাদেশ দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ। দেশখনৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত ভাৰত আৰু দক্ষিণ-পূব সীমাত ম্যানমাৰ; দক্ষিণে বঙ্গোপসাগৰ। বাংলাদেশ আৰু ভাৰতীয় অঙ্গৰাজ্য পশ্চিমবংগই একেলগে এটা বঙালীভাষী অঞ্চল গঠন কৰে। যাৰ ঐতিহাসিক নাম “বঙ্গ” বা “বাংলা”।
-
চীন
চীন, চৰকাৰীভাৱে গনপ্ৰজাতন্ত্ৰী চীন পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিৱীৰ সবাতোকৈ জনবহুল আৰু আয়তনৰ দিশৰপৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান।
-
পাকিস্তান
পাকিস্তান বা ইছলামী প্ৰজাতন্ত্ৰী পাকিস্তান (উৰ্দু ভাষাত: اسلامی جمہوریۂ پاکستان ইছলামী জুমহূৰিয়াতে পাকিস্তান) দক্ষিণ এছিয়াৰ অন্তৰ্গত এখন দেশ। এই দেশখন বিশ্বৰ পঞ্চম-সৰ্বাধিক জনবহুল দেশ, ইয়াৰ জনসংখ্যা হ'ল ২১২.২ মিলিয়ন।
-
নেপাল
নেপালৰ (Nepal नेपाल), চৰকাৰী নাম হৈছে সংঘীয় লোকতান্ত্ৰিক গণতন্ত্ৰ নেপাল। দক্ষিণ এছিয়াত অৱস্থিত নেপাল এখন সাৰ্বভৌমত্ব ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ১৪৭,১৮১ বৰ্গ কিঃমিঃ (৫৬,৮২৭ বৰ্গ মাইল) আৰু জনসংখ্যা প্ৰায় ২.৭ কোটি। নেপালৰ উত্তৰ দিশত চীন দেশ, দক্ষিণ, পূৱ আৰু পশ্চিম দিশত ভাৰতবৰ্ষ অৱস্থিত।
-
শ্ৰীলংকা
শ্ৰীলংকা ( or;) (ශ්රී ලංකාව, শ্ৰী লাংকাবা, இலங்கை, ইলাংকাই) দক্ষিণ এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰী শ্ৰীলংকা। ১৯৭২ চনৰ আগেয়ে এই দ্বীপ ছিলন নামেও পৰিচিত আছিল। ইয়াৰ ৰাজধানীৰ নাম শ্ৰী জয়াবৰ্ধনপুৰ কোট। ইয়াৰ প্ৰধান চহৰ কলম্বো।
-
জাপান
জাপান (আই.পি.এ: zapan) (日本 নিপ্পন) এছিয়া মহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এটা দ্বীপ ৰাষ্ট্ৰ। দেশখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ’ল হনছু, হোক্কাইডো, কিয়ুছু আৰু ছিক’কু।
-
ম্যানমাৰ
ম্যানমাৰ (Myanmar) বা মানদেশ হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰ দেশৰ অন্য এক নাম হৈছে ব্ৰহ্ম দেশ (Burma)। Republic of the Union of Myanmar হৈছে এই দেশৰ চৰকাৰী নাম। কোনো কোনো ৰাষ্ট্ৰই এই দেশক Union of Burma বুলিও কয়।
-
ইণ্ডোনেছিয়া
ইণ্ডোনেছিয়া ( Indonesia) বা ইণ্ডোনেছিয়া গণৰাজ্য ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ মাজৰ দক্ষিণ-পূব এছিয়া আৰু ওচেনিয়াৰ এখন দেশ। ইণ্ডোনেছিয়া সুমাট্ৰা, জাভা, চুলাৱেছি, আৰু বৰ্নিও আৰু নিউ গিনিৰ বিভিন্ন অংশকে ধৰি ১৭,০০০ৰো অধিক দ্বীপেৰে গঠিত।
-
থাইলেণ্ড
থাইলেণ্ড ( বা; ประเทศไทย), চৰকাৰী নাম Kingdom of Thailand (ราชอาณาจักรไทย; ), সাধাৰণতে চিয়াম দেশ বুলি কোৱা হয় (สยาม), দক্ষিণপূৱ এচিয়াৰ এখন দেশ। ইয়াৰ উত্তৰে মানদেশ আৰু লাউচ, পূৱত লাউচ আৰু কম্বোডিয়া, দক্ষিণে থাইলেণ্ড উপসাগৰ আৰু মালয়েছিয়া, আৰু পশ্চিমত আন্দামান সাগৰ আছে।
-
ইৰান
ইৰান, যাৰ আধিকাৰিক নাম ইছলামী প্ৰজাতন্ত্ৰী ইৰান আৰু ঐতিহাসিক নাম পাৰস্য, হ’ল পশ্চিম এছিয়াৰ এখন দেশ। ইয়াৰ পশ্চিমে ইৰাক, উত্তৰ-পশ্চিমে তুৰস্ক, আজেৰবাইজান আৰু আৰ্মেনিয়া, উত্তৰে কাস্পীয় সাগৰ, উত্তৰ-পূৱে তুৰ্কমেনিস্তান, পূৱে আফগানিস্তান, দক্ষিণ-পূৱে পাকিস্তান আৰু দক্ষিণে পাৰস্য উপসাগৰ আৰু ওমান…
-
ৰাছিয়া
ৰাছিয়া, হৈছে উত্তৰ ইউৰেছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ফেডাৰেল অৰ্ধ-ৰাষ্ট্ৰপতিয় প্ৰজাতন্ত্ৰ। 17075400 বৰ্গ কি.মি. মাটি-কালিৰ সৈতে ই, পৃথিৱীৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰ। পৃথিৱীৰ বসবাসযোগ্য অঞ্চলৰ প্ৰায় এক অষ্টমাংশ অঞ্চল ৰাছিয়াই অধিকাৰ কৰি আছে।
-
ভূটান
ভূটান (; འབྲུག་ཡུལ་ ) বা ভোটদেশ দক্ষিণ এছিয়াৰ এখন ৰাজতন্ত্ৰ। দেশখন ভাৰতীয় উপমহাদেশৰ হিমালয় পৰ্বতমালাৰ পূৰ্বাংশে অৱস্থিত। ভুটানৰ উত্তৰে চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চল, আৰু দক্ষিণ, পূৱ তথা পশ্চিমে ভাৰতবৰ্ষ অৱস্থিত। ভূটানৰ শব্দটো সংস্কৃত শব্দ "ভূ-উত্থান" পৰা আহিছে, অৰ্থাৎ উচ্চভূমি।
-
মালয়েছিয়া
মালয়েছিয়া (Malaysia) তেৰখন ৰাজ্য আৰু তিনখন ঐক্যবদ্ধ প্ৰদেশলৈ গঠিত দক্ষিণ -পূব এছিয়াৰ এখন দেশ। ইয়াৰ মুঠ আয়তন ৩,২৯,৮৪৫ বৰ্গকিঃমিঃ। কুৱালালামপুৰ দেশখনৰ ৰাজধানী চহৰ আৰু পুত্ৰজয় হ’ল ফেডাৰেল চৰকাৰৰ ৰাজধানী। দক্ষিণ চীন সাগৰৰ দ্বাৰা দেশখন দুই ভাগত বিভক্ত, উপদ্বীপীয়া মালয়েছিয়া আৰু পূব মালয়েছিয়া।
-
ভিয়েটনাম
ভিয়েটনাম (ভিয়েটনামিজ: Việt Nam ভিয়েট্ নাম্) চৰকাৰী নাম ভিয়েটনাম সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ, ইন্দোচীন উপদ্বীপৰ পূৱ উপকূলত অবস্থিত ৰাষ্ট্ৰ। ভিয়েটনামৰ উত্তৰে চীন, পশ্চিমে লাউচ আৰু ক'ম্বডিয়া, দক্ষিণ আৰু পূৱত দক্ষিণ চীন সাগৰ আছে। হানয় ভিয়েটনামৰ ৰাজধানী। হো চি মিন চিটি হৈছে বৃহত্তম চহৰ।
-
আফগানিস্তান
আফগানিস্তান (د افغانستان اسلامي امارت দ্য আফ্গানিস্তান ইছ্লামি ইমাৰাত), ইয়াৰ চৰকাৰী নাম হৈছে আফগানিস্তান ইছলামি আমিৰাত। ই দক্ষিণ-পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ইৰাণ, পাকিস্তান, চীন, তাজিকিস্তান, উজবেকিস্তান আৰু তুৰ্কমেনিস্তানৰ মধ্যস্থলত এটা ভূ-বেষ্টিত মালভূমিৰ ওপৰত অৱস্থিত।
-
ফিলিপাইন
ফিলিপাইন, চৰকাৰী ভাৱে ফিলিপাইন গণৰাজ্য বোলা হয়, হ'ল পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত দক্ষিণপূৱ এচিয়াৰ এখন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ৭,১০৭টা দ্বীপেৰে গঠিত, লুজম, ৱিছায়াছ, আৰু মিন্দানাও নামেৰে তিনিটা প্ৰধান ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে। .
-
ছিংগাপুৰ
ছিংগাপুৰ দক্ষিণ-পূব এছিয়াৰ এক দ্বীপ ৰাষ্ট্ৰ। দেশখন মালয় উপদ্বীপৰ নিকটত অৱস্থিত। ইয়াৰ আনুষ্ঠানিক নাম ছিংগাপুৰ প্ৰজাতন্ত্ৰ (Republic Singapura ৰেপুব্লিক্ ছিংগাপুৰা; Republic of Singapore ৰিপাব্লিক্ অফ্ ছিংগাপুৰ্; 新加坡共和国 চিঞ্চিয়াপু গংহেগুঅ; சிங்கப்பூர் குடியரசு চিঙ্কাপ্পূৰ্ কুদিয়াৰাচু)।
-
কম্বোডিয়া
কম্বোডিয়া বা কাম্বোডিয়া বা কাম্পুচিয়া দক্ষিণ-পূব এছিয়াৰ এখন দেশ। "কম্বোডিয়া" নাম (ইংৰাজী Cambodia শব্দৰ পৰা আহিছে। ইয়াৰ উৎস হ’ল স্থানীয় খ্মেৰ ভাষাৰ প্ৰতেহ্ কম্পুচিয়া (ប្រទេសកម្ពុជា) অৰ্থাৎ "কম্বোজ প্ৰদেশ"। দেশখন কাম্পুচিয়া নামেৰেও পৰিচিত।
-
ইজিপ্ত
ইজিপ্ত বা মিছৰ (আৰবী ভাষাত: مصر মিস্ব্ৰ্, কথিত ইজিপ্তীয় আৰবী مصر মাস্ব্ৰ্, ইংৰাজী ভাষাত: Egypt), চৰকাৰী নাম ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ, উত্তৰ আফ্ৰিকাৰ এখন প্ৰাচীন ৰাষ্ট্ৰ। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ।
-
তুৰস্ক
তুৰস্ক, হৈছে পূৱ ইউৰোপৰ এখন ৰাষ্ট্ৰ। তুৰস্কৰ প্ৰায় সম্পূৰ্ণ এছিয় অংশ, পৰ্বতময় আনাতোলিয়া (তুৰ্কি: Antalya আন্তালিয়া) বা এছিয়া মাইনৰ উপদ্বীপত পৰিছে। তুৰস্কৰ ৰাজধানী আনকাৰা আনাতোলিয়াতেই অৱস্থিত। তুৰস্কৰ বাকী অংশৰ নাম পূৱ বা তুৰ্কীয় থ্ৰাছ আৰু ই ইউৰোপৰ দক্ষিণ-পূৱ দিশত অৱস্থিত।
-
দক্ষিণ কোৰিয়া
দক্ষিণ কোৰিয়া (South Korea; চৰকাৰী নাম: কোৰিয়া প্ৰজাতন্ত্ৰ) এছিয়া মহাদেশৰ উত্তৰ-পূৱৰ এখন দেশ যাৰ দক্ষিণ অংশটো কোৰিয়া উপদ্বীপৰে গঠিত। কোৰীয় ভাষাত ইয়াৰ নাম 'দেহান মিন্গুক' (; হানগুল লিপিত লিখা হয়: 대한민국 আৰু হাঞ্জা লিপিত লিখা হয় 大韓民國)।
-
লাউচ
লাউচ (ເມືອງລາວ মিয়াং লাউ বা ປະເທດລາວ পাঠেট্ লাউ) দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ। চৰকাৰী নাম গণতান্ত্ৰীক গণপ্ৰজাতন্ত্ৰী লাউচ (লাউ ভাষা: ສາທາລະນະລັດ ປະຊາທິປະໄຕ ປະຊາຊົນລາວ চাঠালানালাট্ পাচাঠিপাটাই পাচাছন্ লাউ)। দেশখন পূৰ্বতে ইন্দো-চীন ইউনিয়ন তথা ফৰাচী ইন্দোচীনৰ অংশ আছিল।
-
ইজৰাইল
ইজৰাইল হৈছে মধ্যপ্ৰাচ্যৰ এখন সংসদীয় গণতন্ত্ৰ। ভূমধ্য সাগৰৰ পূৱ উপকূলত অৱস্থিত এই ৰাষ্ট্ৰৰ ৰাজধানী হৈছে জেৰুজালেম। বিশ্বৰ ৫০খন মুছলিম ৰাষ্ট্ৰৰ ৩০খন দেশে ইজৰাইলক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব নিবিচাৰে।
-
টাইৱান
টাইৱান (Taiwan), চৰকাৰীভাবে চীন প্ৰজাতন্ত্ৰ (Republic of China (ROC)), পূব এছিয়াৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱান ইউৰেছিয়া ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰু ফিলিপাইনৰ দক্ষিণত অৱস্থিত।
-
ইৰাক
ইৰাক চৰকাৰীভাৱে ইৰাক প্ৰজাতন্ত্ৰ (Arabic: Jumhūrīyat al-‘Irāq দ্ঝুম্হুৰীয়েত এল ইৰাআক়), এখন পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ। ইয়াৰ চাৰিসীমা হৈছে, উত্তৰে তুৰষ্ক, পূৱে ইৰাণ, দক্ষিণপূৱত কুৱেট, দক্ষিণে চৌদি আৰৱ, দক্ষিণপশ্চিমত জৰ্দান আৰু পশ্চিমে ছিৰিয়া। ইয়াৰ দক্ষিণাঞ্চল আংশিক ভাবে আৰব উপদ্বীপৰ ভিতৰত পৰে।
-
চৌদি আৰৱ
চৌদি আৰৱ (العربية السعودية, আল-আআৰাবিইয়া আচ-চাউউদিইয়াহ, চৰকাৰীভাৱে চৌদি আৰৱ সাম্ৰাজ্য নামে পৰিচিত) মধ্যপ্ৰাচ্যৰ এখন ৰাজতন্ত্ৰিক দেশ। ভৌগোলিক ভাৱে ই পশ্চিম এচিয়াৰ বৃহত্তম সাৰ্বভৌম দেশ, আৰৱ বিশ্বৰ ই দ্বিতীয় বৃহত্তম,এছিয়া মহাদেশৰ পঞ্চম বৃহত্তম,আৰু গোটেই বিশ্বৰ ই ১২তম বৃহত্তম সাৰ্বভৌম দেশ।
-
দক্ষিণ এছিয়া
দক্ষিণ এছিয়া হৈছে এছিয়াৰ দক্ষিণ উপঅঞ্চল, যাক ভৌগোলিক লগতে জাতিগত-সাংস্কৃতিক দিশৰ আধাৰত সংজ্ঞায়িত কৰা হয়। ২.০৪ বিলিয়ন জনসংখ্যা থকা দক্ষিণ এছিয়াত বিশ্বৰ জনসংখ্যাৰ প্ৰায় এক চতুৰ্থাংশ (২৫%) লোক বাস কৰে।
-
ছিৰিয়া
ছিৰিয়া ( سوريّة'Sūrriya or Sūrya), চৰকাৰীভাৱে ছিৰিয়ান আৰৱ গণতন্ত্ৰ (আৰবী:الجمهورية العربية السورية), দক্ষিণ পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ইয়াৰ পশ্চিমত লেবানন আৰু ভূমধ্য সাগৰ, দক্ষিণ-পশ্চিমত ইজৰাইল, দক্ষিণত জৰ্ডান, পূবত ইৰাক আৰু উত্তৰে তুৰস্ক অৱস্থিত।
-
মালদ্বীপ
মালদ্বীপ ভাৰত মহাসাগৰৰ এটি দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম মালে। দক্ষিণ এছিয় আঞ্চলিক সহযোগিতা সংস্থাৰ সদস্য দেশ। অপৰূপ সৌন্দৰ্য্যৰ লীলাভূমি এই দেশ বিশ্বৰ সবাতোকৈ নিম্ন। পৰ্যটনৰ বাবে বিখ্যাত এই দেশ সমুদ্ৰপৃষ্ঠৰ পৰা সৰ্বোচ্চ উচ্চতা মাত্ৰ ২.৩ মিটাৰ আৰু গড় উচ্চতা মাত্ৰ ১.৫ মিটাৰ।