ম্যানমাৰ
২৭ প্ৰবন্ধ
-
ম্যানমাৰ
ম্যানমাৰ (Myanmar) বা মানদেশ হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰ দেশৰ অন্য এক নাম হৈছে ব্ৰহ্ম দেশ (Burma)। Republic of the Union of Myanmar হৈছে এই দেশৰ চৰকাৰী নাম। কোনো কোনো ৰাষ্ট্ৰই এই দেশক Union of Burma বুলিও কয়।
-
মান ভাষা
মান ভাষা মূলতঃ দক্ষিণ পূব এছিয়াৰ দেশ ম্যানমাৰত প্ৰচলিত এক চীনা-তিব্বতীয় মূলৰ ভাষা। এই ভাষাটোক বৰ্মী, বাৰ্মী, বাৰ্মীচ বা ম্যানমাৰ ভাষা নামেৰেও জনা যায়। মান ভাষা ম্যানমাৰৰ চৰকাৰী ভাষা। ২০০৭ চনৰ তথ্য অনুসৰি মান ভাষা ৩.৩ কোটি লোকৰ মাতৃভাষা আৰু ১ কোটি লোকৰ দ্বিতীয় ভাষা। মান ভাষা মান লিপিত লিখা হয়।
-
ৰাখাইন ৰাজ্য
ৰাখাইন ৰাজ্য (ရခိုင်ပြည်နယ်) ম্যানমাৰ (পূৰ্বৰ বাৰ্মা)ৰ এখন ৰাজ্য। পশ্চিম উপকূলত অৱস্থিত এই ৰাজ্যৰ উত্তৰে চিন ৰাজ্য, পূবে মাগৱে অঞ্চল, বাগো অঞ্চল আৰু আয়েয়াৰৱাডী অঞ্চল, পশ্চিমে বংগোপসাগৰ আৰু উত্তৰ-পশ্চিমে বাংলাদেশৰ চট্টগ্ৰাম বিভাগ।
-
কাচিন ৰাজ্য
কাচিন ৰাজ্য হ'ল ম্যানমাৰৰ এখন ৰাজ্য। ই ম্যানমাৰৰ উত্তৰ অংশত অৱস্থিত। এই ৰাজ্যৰ উত্তৰ আৰু পূৰ্ব দিশত চীন অৱস্থিত। দক্ষিণ দিশত অৱস্থিত শাহ ৰাজ্য। পশ্চিম দিশত ভাৰত আৰু ছাঘাইন অৱস্থিত। ৰাজ্যটিৰ মুঠ কালি হ'ল ৮৯,০৪১.৮ বৰ্গ কিলোমিটাৰ বা ৩৪,৩৭৯.২ বৰ্গ মাইল।
-
চিন ৰাজ্য
চিন ৰাজ্য (ချင်းပြည်နယ်) হৈছে পশ্চিম ম্যানমাৰৰ এখন ৰাজ্য। চিন ৰাজ্যৰ পূবে সাগাইং বিভাগ আৰু মাগৱে বিভাগ, দক্ষিণে ৰাখাইন ৰাজ্য, পশ্চিমে বাংলাদেশৰ চট্টগ্ৰাম বিভাগ, আৰু পশ্চিমে ভাৰতৰ মিজোৰাম আৰু উত্তৰে মণিপুৰ ৰাজ্য। ২০১৪ চনৰ লোকপিয়ল অনুসৰি চিন ৰাজ্যৰ জনসংখ্যা প্ৰায় ৪ লাখ ৭৮ হাজাৰ ৮০১ জন।
-
ছিট্টৱে জিলা
ছিট্টৱে জিলা (စစ်တွေခရိုင်) পশ্চিম ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। জিলাখনৰ কেন্দ্ৰ ছিট্টৱেত অৱস্থিত।
-
কিয়াউকপিউ জিলা
কিয়াউকপিউ জিলা (ကျောက်ဖြူခရိုင်) পশ্চিম ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। জিলাখনৰ সদৰ কিয়াউকফিউত অৱস্থিত।
-
থাণ্ডৱে জিলা
থাণ্ডৱে জিলা (သံတွဲခရိုင်) পশ্চিম ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। জিলাখনৰ সদৰ হৈছে থাণ্ডৱে। ২০১৫ চনৰ জনগণনা অনুসৰি ইয়াৰ জনসংখ্যা আছিল ৩৫৭,৮৪০ জন।
-
বাৰ্মা অইল কোম্পানী
বাৰ্মা অইল কোম্পানী (Burmah Oil Company) এক আগশাৰীৰ ব্ৰিটিছ তেল কোম্পানী আছিল। ই এসময়ত এফ টি এছ ই ১০০ সূচকাংকৰ এটা গঠনকাৰী একক আছিল। ১৯৬৬ চনত বাৰ্মায়ে কেষ্ট্ৰল অধিগ্ৰহণ কৰে আৰু ইয়াৰ নাম বাৰ্মাহ-কেষ্ট্ৰল ৰখা হয়। ২০০০ চনত বি পি আমোকোৱে কোম্পানীটো ক্ৰয় কৰিছিল।
-
মেগৱে অঞ্চল
মেগৱে অঞ্চল (မကွေးတိုင်းဒေသကြီး; পূৰ্বৰ মেগৱে বিভাগ) হৈছে মধ্য ম্যানমাৰৰ এটা প্ৰশাসনিক বিভাগ। ম্যানমাৰৰ সাতটা বিভাগৰ ভিতৰত ই দ্বিতীয় বৃহত্তম বিভাগ, যাৰ আয়তন ৪৪,৮২০ কিলোমিটাৰ বৰ্গমাইল (১৭,৩০৬ বৰ্গমাইল)। পা ডেল বান্ধ (ပဒဲဆည်) হৈছে মেগৱে বিভাগৰ অংলান টাউনশ্বিপৰ অন্যতম নদীবান্ধ।
-
ম্ৰাউক-উ জিলা
ম্ৰাউক-উ জিলা (မြောက်ဦးခရိုင်) ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন নতুনকৈ সৃষ্টি হোৱা জিলা। যিটো পূৰ্বতে ছিট্টৱে জিলাৰ অংশ আছিল। ইয়াৰ প্ৰশাসনিক কেন্দ্ৰ হৈছে ম্ৰাউক-উ। ম্ৰাউক-উত আনুষ্ঠানিকভাৱে ২৫টা পাহাৰৰ নামকৰণ কৰা হৈছে। কেমা টাউং এই জিলাৰ সৰ্বোচ্চ স্থান। য়ুলিন জং হৈছে আটাইতকৈ ডাঙৰ পৰ্বত।
-
কায়াহ ৰাজ্য
কায়াহ ৰাজ্য (ကယားပြည်နယ်; পূৰ্বৰ কাৰেনি ৰাজ্য) হৈছে ম্যানমাৰৰ এখন ৰাজ্য। পূব ম্যানমাৰত অৱস্থিত ইয়াৰ উত্তৰে শ্বান ৰাজ্য, পূবে থাইলেণ্ডৰ মে হং ছন প্ৰদেশ আৰু দক্ষিণ আৰু পশ্চিমে কায়িন ৰাজ্য। ই প্ৰায় ১৮° ৩০′ আৰু ১৯° ৫৫′ উত্তৰ অক্ষাংশৰ ভিতৰত আৰু ৯৬° ৫০′ আৰু ৯৭° ৫০′ পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত।
-
দক্ষিণ এছিয়ান আচাৰ
দক্ষিণ এছিয়ান আচাৰ (অন্যান্য নামৰ ভিতৰত আচাৰ বুলিও জনাজাত) হৈছে বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূল নিমখ-পানী, ভিনেগাৰ, ভোজ্য তেল আৰু দক্ষিণ এছিয়ান মচলা ব্যৱহাৰ কৰি সংৰক্ষণ কৰা একপ্ৰকাৰৰ আচাৰ কৰা আৰু প্ৰায়ে অতি জ্বলা-মচলাযুক্ত অনুষংগিক খাদ্য।
-
ম্যানমাৰৰ জিলাসমূহ
জিলা (ခရိုင်) হৈছে ম্যানমাৰৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশাসনিক বিভাগ। এই জিলাসমূহ হৈছে ম্যানমাৰৰ ৰাজ্য আৰু অঞ্চলৰ মহকুমা। ম্যানমাৰ তথ্য ব্যৱস্থাপনা ইউনিট (এমআইএমইউ)ৰ তথ্য অনুসৰি ২০১৫ চনৰ ডিচেম্বৰ মাহলৈকে ম্যানমাৰত ৭৬খন জিলা আছে, যিবোৰক পাছলৈ টাউনশ্বিপ, তাৰ পিছত চহৰ, ৱাৰ্ড আৰু গাঁৱত উপবিভক্ত কৰা হৈছে।
-
অচেইক
অচেইক (Acheik; বাৰ্মিজ: အချိတ်) বা লুনটায়া অচেইক (luntaya acheik; অৰ্থ: এশ মাকুৰ অচেইক) হৈছে ম্যানমাৰৰ এবিধ থলুৱা বস্ত্ৰৰ আৰ্হি বা ডিজাইন। ইয়াত পথালি আঁচৰ সৈতে জটিল তৰংগসদৃশ শৈলী আৰু আৰাবেস্ক ডিজাইনৰ সংমিশ্ৰণ দেখা যায়। 'লুনটায়া' (luntaya; বাৰ্মিজ: လွန်းတစ်ရာ) শব্দৰ আক্ষৰিক অৰ্থ হৈছে "এশটা মাকো"।
-
ঙাপি
ঙাপি ( Ngapi) ব্ৰহ্মদেশৰ বৰ্মা জাতিৰ এবিধ পৰম্পৰাগত জনপ্ৰিয় খাদ্য। ঙাপি শব্দৰ অৰ্থ “হেঁচা দি থোৱা মাছ’’। কেঁচা মাছ বিভিন্ন কৌশলেৰে গেলাই ঙাপি প্ৰস্তুত কৰা হয়। ই তিনিপ্ৰকাৰৰ। সাধাৰণতে, মাছ বা মিছামাছৰ পৰা তৈয়াৰী ই এটা তিতা পেষ্ট।
-
পাংচাউ পাছ
পাংচাউ পাছ বা পান চাউং পাছ (বাৰ্মিজ: ပန်ဆေလမ်းကြောင်းာ) ৩,৭২৭ ফুট উচ্চতাত (১,১৩৬ মিটাৰ) ভাৰত-ম্যানমাৰ সীমান্তৰ পাটকাই পাহাৰৰ শিখৰত অৱস্থিত এটা পাছ। পাছটোৱে অসম সমভূমিৰ পৰা বাৰ্মালৈ যোৱা আটাইতকৈ সহজ পথবোৰৰ এটা।
-
বাৰ্মিজ পৌৰাণিক কথা
বাৰ্মিজ পৌৰাণিক কাহিনী (ရှေးမြန်မာ့ဒဏ္ဍာရီ) হৈছে মিথ (কল্পকথা), লোককথা, কিংবদন্তী, আৰু বিশ্বাসসমূহৰ এক সংকলন, যিবোৰ ঐতিহ্যগতভাৱে বাৰ্মিজ জনগোষ্ঠীৰ দ্বাৰা বৰ্ণিত। এই কাহিনীবোৰ মৌখিকভাৱে পৰম্পৰাগতভাৱে প্ৰৱাহিত হৈছিল আৰু কদাচিৎ লিখিত ৰূপত পোৱা গৈছিল।
-
মানসকলৰ নাম
মানসকলৰ নাম (မြန်မာ အမည်)ৰ ক্ষেত্ৰত পশ্চিমীয়া নামসমূহৰ দৰে ধাৰাবাহিক গঠন নাথাকে। ভিয়েটনামী নামৰ বাহিৰে মেইনলেণ্ড দক্ষিণ-পূৱ এছিয়াৰ অন্য জাতিসমূহৰ দৰে, ম্যানমাৰৰ লোকসকলে মাতৃনাম বা পিতৃনামৰ কোনো প্ৰচলন নাৰাখে আৰু পৰিয়ালৰ নাম ব্যৱহাৰৰো পৰম্পৰা নাই।
-
মোহিঙ্গা
মোহিঙ্গা (; বাৰ্মিজ: မုန့်ဟင်းခါး)স্থানীয় ভাৱে মণ্ট হিন গাৰ বুলিও কোৱা হয়। মোহিঙ্গা হৈছে ম্যানমাৰৰ ৰাষ্ট্ৰীয় ব্যঞ্জন। মোহিঙ্গা হৈছে চাউল নুডলছৰ সৈতে তৈয়াৰ কৰা মাছৰ চুপ, যাক সাধাৰণতে ৰাতিপুৱাৰ আহাৰ হিচাপে পৰিৱেশন কৰা হয়। ইয়াত লেমনগ্ৰাছ, হালধি আৰু মাছৰ চছৰ সৈতে সোৱাদ যুক্ত এক সমৃদ্ধ সোৱাদ থাকে।
-
ম্যানমাৰ অৰ্থনৈতিক নিগম
ম্যানমাৰ অৰ্থনৈতিক নিগম (বাৰ্মিজ: မြန်မာ့စီးပွားရေး ကော်ပိုရေးရှင်း; MEC for... short) হৈছে বাৰ্মিজ সামৰিক বাহিনীয়ে পৰিচালনা কৰা দুটা বৃহৎ কোম্পানী, আনটো হৈছে ম্যানমা ইকনমিক হোল্ডিংছ লিমিটেড।
-
ম্যানমাৰ মান সময়
ম্যানমাৰ মান সময় (မြန်မာ စံတော်ချိန်) হৈছে ম্যানমাৰৰ মান সময়, যি সাৰ্বজনীন মান সময় (ইউটিচি)তকৈ ৬.৫ ঘণ্টা আগুৱাই আছে। এমএমটি ৯৭°৩০′উঃ দ্ৰাঘিমাংশৰ ভিত্তিত গণনা কৰা হয়।এমএমটি গোটেই বছৰটো ব্যৱহাৰ কৰা হয়, কাৰণ ম্যানমাৰে দিনৰ পোহৰৰ সময় পালন নকৰে।
-
ম্যানমাৰৰ টাউনশ্বিপসমূহ
টাউনশ্বিপ (မြို့နယ်) হৈছে ম্যানমাৰৰ তৃতীয় পৰ্যায়ৰ প্ৰশাসনিক বিভাগ। লগতে ই ম্যানমাৰৰ জিলাসমূহৰ মহকুমা। ম্যানমাৰ তথ্য ব্যৱস্থাপনা ইউনিট (মিমু)ৰ তথ্য অনুসৰি ২০১৫ চনৰ ডিচেম্বৰ মাহলৈকে ম্যানমাৰত ৩৩০খন টাউনশ্বিপ আছে।
-
ম্যানমাৰৰ নাৰী
ঐতিহাসিক ভাবে, ম্যানমাৰৰ (বাৰ্মা বুলিও জনা যায়) নাৰীসকলক(women in the Myanmar) সামাজিকভাৱে যথেষ্ট মৰ্যাদা আৰু সন্মান দিয়া হয়। মিয়া সৈনে(Mya Sein) কৰা গবেষণা অনুসাৰে ম্যানমাৰৰ নাৰী সকল এক শতিকাৰ পূৰ্বৰে পৰা স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰিছিল।
-
ম্যানমাৰৰ প্ৰশাসনিক বিভাগ
ম্যানমাৰক একবিংশটা প্ৰশাসনিক মহকুমাত বিভক্ত কৰা হৈছে, য'ত ৭টা অঞ্চল, ৭টা ৰাজ্য, ১টা কেন্দ্ৰীয় শাসিত অঞ্চল, ১টা স্ব-প্ৰশাসিত বিভাগ, আৰু ৫টা স্ব-প্ৰশাসিত মণ্ডল অন্তৰ্ভুক্ত কৰা হৈছে।
-
ম্যানমাৰৰ মিজো জনগোষ্ঠী
ম্যানমাৰৰ লুচেই (মিজো) জনগোষ্ঠী—ঐতিহাসিকভাৱে বাৰ্মা নেচনেল লুছাই হৈছে সম্পূৰ্ণ বা আংশিক মিজোৰ সৈতে ম্যানমাৰৰ নাগৰিক বংশবৃক্ষ। যদিও বিগত শতিকা ধৰি ম্যানমাৰত বিভিন্ন মিজো জনগোষ্ঠীয়ে বাস কৰি আহিছে, তথাপিও ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বিংশ শতিকাৰ পৰা মিজোৰ প্ৰথম ঢৌৱে পুনৰ ম্যানমাৰলৈ প্ৰব্ৰজন কৰিছিল।
-
লঙ্গুৱা
লঙ্গুৱা বা লংৱা (Longwa) হৈছে, ভাৰত আৰু ম্যানমাৰ (বাৰ্মা) ত অৱস্থিত এখন কন্যাক নগা গাঁও যি ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ মন জিলা আৰু ম্যানমাৰৰ ছাগাইং অঞ্চলৰ নগা স্ব-প্ৰশাসিত অঞ্চলৰ দুয়োফালে বিস্তৃত হৈ আছে।