উত্তৰ গাৰো পাৰ্বত্য (North Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা।১ জিলাৰ সদৰ ৰেচুবেলপাৰাত অৱস্থিত।২ জিলাখনৰ আয়তন ১,১১৩ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১,১৮,৩২৫ জন।
ইতিহাস
উত্তৰ গাৰো পাৰ্বত্য জিলাখন পূব গাৰো পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছিল। জনসাধাৰণৰ সুবিধাৰ্থে আৰু উন্নত প্ৰশাসনৰ বাবে মেঘালয়ৰ ৰাজ্যপালে পূব গাৰো পাৰ্বত্য জিলাৰ উক্ত ৰেচুবেলপাৰা চিভিল চাব-ডিভিজনক এটি পূৰ্ণাঙ্গ জিলা হিচাবে উন্নীত কৰাৰ বাবে জৰুৰী বুলি মন কৰে।
ভূগোল
ৰেচুবেলপাৰা উত্তৰ গাৰো পাৰ্বত্য জিলাৰ জিলা সদৰ।
তথ্যসূত্ৰ
- ↑ (6 September 2012). Meghalaya set to be in country's railway map soon. The Economic Times
- ↑ (27 July 2012). Mukul to inaugurate N. Garo Hills today. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ গাৰো পাৰ্বত্য জিলা” প্ৰবন্ধৰ সংশোধন ৪৪৩৯১২ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।