ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পদুম পুখুৰী
তেজপুৰ চহৰৰ পশ্চিম দিশত, চিত্ৰলেখা উদ্যানৰ কাষতে এক বিস্তৃত অঞ্চল এই পুখুৰীয়ে আৱৰি লৈ তেজপুৰ চহৰৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰিছে। পুখুৰীৰ মাজত এটা গোলাকাৰ সৰু দ্বীপ আছে। বৃটিছসকলৰ দিনত এই পুখুৰীটো তৃতীয় জৰ্জৰ নামেৰে ’জৰ্জ লেক’ নামে পৰিচিত আছিল।
-
পুঠিমাৰী নদী
পুঠিমাৰী নদী (ইংৰাজী: Puthimari River) ভূটানৰ পাহাৰত উৎপত্তি হোৱা মহান ব্ৰহ্মপুত্ৰ নৈ ৰ উপনৈ। অসম ৰাজ্যৰ জলজ সমভূমি অঞ্চলৰ মাজেৰে বৈ গৈ হাজো চহৰৰ সাত কিলোমিটাৰ D/S ৰ ওচৰত মহান ব্ৰহ্মপুত্ৰৰ সৈতে সংগম ঘটাই 1000 দৈৰ্ঘ্য অতিক্ৰম কৰি ১৫০ কি.মি. পুঠিমাৰী নদীৰ জলাশয় প্ৰায় ১৭৭৪ বৰ্গ।
-
বুৰৈ নদী
বুৰৈ নদী(ইংৰাজী: Buroi River) ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ টকৌবাৰী গাওঁ-পঞ্চায়ত অন্তৰ্গত বুৰৈঘাট নামে গাঁৱত অবস্থিত। ব্ৰহ্মপুত্ৰ নদীৰ উপনদীসমূহৰ ভিতৰত বুৰৈ নদীও এক উপনৈ। বুৰৈ নদী ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ বাহিনী উপনৈ। বুৰৈ নদী গহপুৰৰ অন্যতম এক বনভোজস্থলী হিচাপে জনাজাত।
-
বৰগাং
বৰগাং অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন গাঁও। ২০০৬ চনত ই চহৰাঞ্চলৰ মৰ্যাদা লাভ কৰে। উইলিয়ামচন মেগৰৰ চাহ খেতিয়ে ঠাইখন আগুৰি আছে। বৰগাং নদী এই গাঁওখনৰ মাজেৰে বৈ গৈছে। বৰগাঙৰ কেথলিক গীৰ্জা আৰু চিকিৎসালয় ১৯৭৮ চনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক খ্ৰীষ্টান মিছনাৰীসকলে পৰিচালনা কৰে।
-
বৰাইল পৰ্বত
বৰাইল পৰ্বত (Barail Range) উত্তৰ-পূব ভাৰতৰ এখন অন্যতম বিশাল পৰ্বতমালা। এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত (দ্ৰাঘিমাংশ ৯৩.১৫০০°, অক্ষাংশ ২৫.১৫০০°)। এই পৰ্বত প্ৰধানতঃ অসমৰ ডিমা-হাছাও জিলাত অৱস্থিত আৰু ই হৈছে অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ (বা পৰ্বত)।
-
ভৈৰৱকুণ্ড
ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন উল্লেখযোগ্য পৰ্যটনস্থলী। ঠাইখন অৰুণাচল প্ৰদেশ আৰু ভূটান সীমান্তত অৱস্থিত। ভৈৰৱকুণ্ডত শীতকালত বনভোজকাৰী দল আৰু পৰ্যটকৰ আগমন হয়।
-
মাহুৰ
মাহুৰ (IPA: mɑːʊə) (Mahur) অসমৰ ডিমা হাছাও জিলাত অৱস্থিত এখন ঠাই৷
-
মেঘালয় চৰকাৰ
মেঘালয় চৰকাৰ (Government of Meghalaya) বা মেঘালয় ৰাজ্য চৰকাৰ হ'ল ভাৰতৰ মেঘালয় ৰাজ্য আৰু ইয়াৰ ১২খন জিলাৰ সৰ্বোচ্চ শাসক কৰ্তৃপক্ষ৷ ইয়াত মেঘালয়ৰ ৰাজ্যপালৰ নেতৃত্বত এটা কাৰ্যবাহী, ন্যায়পালিকাৰ আৰু বিধানসভা শাখা আছে।
-
মৰাণ স্বায়ত্বশাসিত পৰিষদ
মৰাণ স্বায়ত্বশাসিত পৰিষদ (Moran Autonomous Council) মৰাণ জনগোষ্ঠীৰ উন্নয়ত আৰু সুৰক্ষাৰ বাবে ২০২০ চনত গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ বা স্বায়ত্বশাসিত পৰিষদ।
-
লচ এঞ্জেলচ
লচ এঞ্জেলচ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়া ৰাজ্যৰ আটাইতকৈ ডাঙৰ মহানগৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিতীয় সৰ্বাধিক জনবহুল চহৰ। ই বিশ্বৰ অন্যতম সাংস্কৃতিক, বাণিজ্যিক আৰু বিনোদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।
-
লেহ জিলা
লেহ জিলা ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ এখন জিলা। ৪৫,১১০ কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ এইখন জিলা কচ্চৰ পিছতে দেশৰ দ্বিতীয় বৃহত্তম জিলা। ইয়াৰ উত্তৰ দিশত গিলগিট-বাল্টিস্তানৰ খাৰ্মাং আৰু ঘাঞ্চে জিলা, জিনজিয়াঙৰ কাছগাৰ প্ৰিফেকচাৰ আৰু হোটান প্ৰিফেকচাৰেৰে সীমাবদ্ধ, যাৰ সৈতে ই ঐতিহাসিক কাৰাকোৰাম পাছৰ…
-
শিলচৰ বিমানবন্দৰ
শিলচৰ বিমানবন্দৰ (শিলচৰ বিমানবন্দৰ) (Silchar Airport) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ কাছাৰ জিলাৰ শিলচৰত অৱস্থিত এটা বিমানবন্দৰ। এই বিমানবন্দৰটো শিলচৰ নগৰৰ পৰা কিছু দূৰৈত কুম্ভিৰগ্ৰাম নামৰ ঠাইত অৱস্থিত। বিমানবন্দৰটো ১৯৪৪ চনত বৃটিছসকলে প্ৰতিষ্ঠা কৰে।
-
শিলপুখুৰী
শিলপুখুৰী হৈছে অসমৰ কামৰূপ জিলাৰ গুৱাহাটীৰ এটি ব্যস্ত আৰু ঘন বসতিপূৰ্ণ অঞ্চল। ১৮৯৯ খ্ৰীষ্টাব্দত শিলপুখুৰী অঞ্চলটো গুৱাহাটী পৌৰসভাৰ অন্তৰ্ভুক্ত হয়। শিলপুখুৰীৰ পুৰণি নাম আছিল কুকুৰমুতা। গুৱাহাটীৰ এটি পুৰণি পুখুৰী 'শিলপুখুৰী'ৰ কাষে-পাজৰে এটি জনবসতি গঢ় লৈ উঠিছিল।
-
শ্ৰীমদ্ লীলানন্দ ঠাকুৰ আশ্ৰম
শ্ৰীমদ্ লীলানন্দ ঠাকুৰ আশ্ৰম (পাগলবাবা আশ্ৰম বা পাগলবাবা মন্দিৰ বুলিও কোৱা হয়) অসম ৰাজ্যৰ ধুবুৰী জিলাৰ সাপটগ্ৰাম চহৰৰ পাৰ্শ্বৱৰ্তী শান্তিপুৰ গাঁৱত অৱস্থিত এটা প্ৰসিদ্ধ হিন্দু ধৰ্মীয় স্থান। সাপটগ্ৰাম অঞ্চল এই আশ্ৰমৰ বাবে বিশেষভাৱে পৰিচিত।
-
সৰুপথাৰ
সৰুপথাৰ (Sarupathar) অসমৰ গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ৷
-
হয়বৰগাঁও
হয়বৰগাঁও হৈছে অসমৰ নগাঁও জিলাৰ এখন জনবহুল অঞ্চল। সংস্কৃত ভাষাত 'হয়' মানে 'ঘোঁৰা' আৰু 'বৰ'ৰ অৰ্থ 'ডাঙৰ'। তাৰ নামেৰেই ঠাইখন পৰৱৰ্তী কালত হয়বৰগাঁও বুলি জনাজাত হ'ল। ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ কলং নদীৰ পাৰত চহৰখন অৱস্থিত। কলং নদীয়ে নগৰখনক দুটা অংশত বিভক্ত কৰিছে: নগাঁও আৰু হয়বৰগাঁও।
-
হামৰেণ
হামৰেণ(Hamren)(IPA: ˈhæmrən)অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন পৰ্বতীয়া ঠাই।
-
আগ্ৰা প্ৰদেশ
আগ্ৰা প্ৰদেশ (Agra Province) ব্ৰিটিছ ৰাজৰ অন্তিম দশকবোৰৰ, ১৯০৪ চনৰ পৰা ১৯৪৭ চনলৈ ব্ৰিটিছ ভাৰতৰ আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশৰ এটা অংশ আছিল। ই সংযুক্ত প্ৰদেশ আইন ১, ১৯০৪-ৰ ধাৰা ৪(৪)-ৰ অধীনত সমৰ্পিত আৰু বিজিত প্ৰদেশ আৰু উত্তৰ পশ্চিম প্ৰদেশৰ (১৮৩৬-১৯০২) অনুৰূপ আছিল।
-
আয়িক্কাৰা
ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ কান্নুৰ পৌৰ নিগমৰ ৫৫টা বিভাগৰ ভিতৰত আয়িক্কাৰা অন্যতম। কান্নুৰ দুৰ্গ, আৰু মাপিলা উপসাগৰ আয়িক্কাৰাৰ ওচৰত। ইয়াত বাস কৰে এগৰাকী উল্লেখযোগ্য মহিলা অধিকাৰ কৰ্মী চাহিল ছালিম।
-
উমিয়াম হ্ৰদ
উমিয়াম হ্ৰদ (অন্য নাম বৰাপানী হ্ৰদ) মেঘালয় ৰাজ্যৰ শ্বিলং নগৰৰ ১৫ কিলোমিটাৰ উত্তৰে অৱস্থিত এক জলাধাৰ। ১৯৬০-ৰ দশকত উমিয়াম নদীত বান্ধ দি ইয়াৰ সৃষ্টি কৰা হৈছিল। হ্ৰদ আৰু বান্ধৰ অৱবাহিকা অঞ্চল প্ৰায় ২২০ কিলোমিটাৰ বিস্তৃত।
-
ঔৰংগাবাদ জিলা, বিহাৰ
ঔৰংগাবাদ ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন জিলা। ঔৰংগাবাদ নগৰ এই জিলাখনৰ সদৰ ঠাই।
-
কমনৱেলথ গেমছত ভাৰতবৰ্ষ
কমনৱেলথ গেমছত ভাৰতে ১৯৩৪ চনৰ দ্বিতীয় কমনৱেলথ গেমছৰ পৰা আৰম্ভ কৰি কেৱল চাৰিখন কমনৱেলথ গেমছৰ বাহিৰে সকলোতে প্ৰতিদ্বন্দ্বিতা কৰিছে। ২০১০ চনত ভাৰতে এবাৰ কমনৱেলথ গেমছৰ আয়োজনো কৰিছে। এই প্ৰতিযোগিতাসমূহত ভাৰতৰ বাবে আটাইতকৈ সফল খেলবিধ হৈছে শ্বুটিং।
-
কুঁৱৰীটোল
কুঁৱৰীটোল (Kuwaritol) হʼল অসমৰ নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁও আৰু স্থানীয় প্ৰশাসনিক কেন্দ্ৰ। ই কলং নদীৰ পাৰত অৱস্থিত।
-
কৃষ্ণাই নদী
কৃষ্ণাই নদী হৈছে ভাৰতৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী। কৃষ্ণাই নদী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত উৎপন্ন হৈছে। কৃষ্ণাই নদী গোৱালপাৰা জিলাৰ মাটিয়াত দুধনৈ নদীৰ সৈতে মিলিত হয় আৰু তাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সঙ্গম ৰখাৰ আগতে মৰনৈ নদী হিচাপে নাম লৈছে।
-
ক্ৰা দাদি জিলা
ক্ৰা দাদি জিলা (Kra Daadi district) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত কুৰুং কুমেই জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল। এই জিলাৰ সদৰ ঠাই পালিন। জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ।
-
কৰ্ণফুলি নদী
কৰ্ণফুলি নদী বা কথলাংতুইপুই নদী (মিজোৰামত প্ৰচলিত নাম) বাংলাদেশ-ভাৰতৰ এখন সীমান্তৱৰ্তী নদী। এই নদীখন বাংলাদেশৰ দক্ষিণ-পূৰ্বাঞ্চলৰ এক প্ৰধান নদী। নদীটোৰ বাংলাদেশ অংশৰ দৈৰ্ঘ্য ১৬১ কিলোমিটাৰ, গড় প্ৰস্থ ৪৫৩ মিটাৰ আৰু ইয়াৰ প্ৰকৃতি সৰ্প আকৃতিৰ। ইয়াৰ উপনদী সমূহ হ'ল - হালদা, বোয়ালখালী, কাসালং আৰু সাহনী।
-
গ্ৰীষ্মকালীন পেৰালিম্পিক ২০১৬ত ভাৰত
ভাৰতে ২০১৬ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ ব্ৰাজিলৰ ৰিঅ' দি জেনেৰিঅ'ত অনুষ্ঠিত ২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিক ক্ৰীড়াত অংশগ্ৰহণ কৰে। ১৯৬৮ চনৰ পেৰালিম্পিক ক্ৰীড়াৰ পৰা ভাৰতীয় খেলুৱৈ সকলে গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ১৯৭৬ আৰু ১৯৮০ চনৰ সংস্কৰণক বাদ দি প্ৰতিটো সংস্কৰণত যোগদান কৰি আহিছে।
-
চান্দমাৰী
চান্দমাৰী (Chandmari) হৈছে অসমৰ গুৱাহাটীত থকা পুৰণি বসতিস্থলৰ ভিতৰত অন্যতম৷ চান্দমাৰী কামৰূপ মহানগৰ জিলাৰ পৰা পূব দিশত অৱস্থিত৷ অল ইণ্ডিয়া ৰেডিঅ', গুৱাহাটীৰ লগতে কেইখনমান শৈক্ষিক প্ৰতিষ্ঠান চান্দমাৰীত আছে৷ তাৰে ভিতৰত হ'লি চাইল্ড কনভেণ্ট, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সমীপত অৱস্থিত ভাস্কৰ…
-
চাৰছিপ জিলা
ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত চাৰছিপ জিলা অন্যতম। জিলাখনৰ আয়তন হৈছে ১৪২১.৬০ কিলোমিটাৰ। চাৰছিপ চহৰখন জিলাখনৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়। এই জিলাখন ১৯৯৮ চনৰ ১৫ ছেপ্টেম্বৰত বৃহত্তৰ আইজল জিলাৰ পৰা পৃথক কৰাত অস্তিত্ব লাভ কৰে।
-
ছাইহা জিলা
ছাইহা জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰৰ এখন জিলা। জিলাখনৰ উত্তৰ-পশ্চিমে লুংলে জিলা; উত্তৰ আৰু পশ্চিমে লঙট্লাই জিলা আৰু দক্ষিণ আৰু পূবে ম্যানমাৰ। জিলাখনৰ আয়তন হৈছে ১৩৯৯.৯ কিলোমিটাৰ। ছাইহা চহৰখন মাৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়।