অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ত্ৰিপুৰা কুইন আনাৰস

ত্ৰিপুৰা কুইন আনাৰস হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ আনাৰস। এই ফলবিধ ত্ৰিপুৰাৰ ৰাজ্যিক ফল। ২০১৪ চনৰ ২৫ নৱেম্বৰত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে ত্ৰিপুৰাৰ কুইন আনাৰসক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।

হালনাগাদ: ৩০ অক্টোবৰ ২০২৫ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ত্ৰিপুৰা কুইন আনাৰস হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ আনাৰস। এই ফলবিধ ত্ৰিপুৰাৰ ৰাজ্যিক ফল।১ ২০১৪ চনৰ ২৫ নৱেম্বৰত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে ত্ৰিপুৰাৰ কুইন আনাৰসক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।২

নিৰ্দিষ্টকৰণ

ত্ৰিপুৰা কুইন আনাৰস ফলবোৰ কাঁইটীয়া, কমলা-হালধীয়া ৰঙৰ আৰু পকা অৱস্থাত সুগন্ধি আৰু সোৱাদ বৃদ্ধি হয়।৩ ফলবোৰৰ আকৃতি অণ্ডাকাৰ আৰু সতেজ অৱস্থাত ফলৰ গড় ওজন ৭৬১ গ্ৰাম। ফলৰ গুড়ি আংশৰ ৰং হালধীয়া। এটা ফলৰ মুঠ ১০০% ভিতৰত খাব পৰা মঙহাল অংশ ৮১.৪% আৰু ছাল ১৩.৯%। ত্ৰিপুৰা কুইন আনাৰসৰ ৰসৰ পৰিমাণ ২৩.৬৮%।২

গঠনমূলক-ৰাসায়নিক বৈশিষ্ট্য

+ পুষ্টিৰ পৰিমাণ
প্ৰাচলপৰিমাণবিভিন্ন জাতত পৰিৱৰ্তনশীলতা
টিএচএচ (°ব্ৰিক্স)১৭.২১৫.৭
অম্লতা (গ্ৰাম/১০০ মিলিলিটাৰ)০.৭৬১৬০.৫-১.৫০
এস্কৰবিক এচিড (মিলিগ্ৰাম /১০০ গ্ৰাম)২৯.৪২৭.৪-৩৯.০
মুঠ চেনি %১০.১১০.৮
আদ্ৰতা %৮১.৪৬৮৭.৮
কেলচিয়াম০.৫৩মিলিগ্ৰাম/মিলিলিটাৰ২০মিলিগ্ৰাম/১০০গ্ৰাম
ছডিয়াম০.১১মিলিগ্ৰাম/মিলিলিটাৰ-
পটাছিয়াম১.৫৬মিলিগ্ৰাম/মিলিলিটাৰ১.৩৪মিলিগ্ৰাম/মিলিলিটাৰ

তথ্যসূত্ৰ

  1. ↑ 9 years of Modi Govt: Queen Pineapple brings cheer to Tripura's farmers. News Service Division All India Radio
  2. ↑ Tripura queen pineapple. Govt. Of India
  3. ↑ PINEAPPLE GROWING STATES >> TRIPURA. Pineapple India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভৌগোলিক স্বীকৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিপুৰা কুইন আনাৰস” প্ৰবন্ধৰ সংশোধন ৫৪৬২৮৮ (৩০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।