ভাৰতৰ হস্তশিল্প
২৮ প্ৰবন্ধ
-
অসমৰ মুখা শিল্প
মুখাশিল্প (Mask making) অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰীৰামচৰণ ঠাকুৰৰ 'চৰিত পুথি'ত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো (যেনে-বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন…
-
অসমৰ কাঁহ শিল্প
কাঁহ (Bell Metal) এবিধ ৰাসায়নিক মিশ্ৰ ধাতু। ইয়াৰ প্ৰস্তুতকৰণ প্ৰণালী সুকীয়া। ৰাং (Tin) আৰু তাম (Copper), এই দুই ধাতু নিৰ্দিষ্ট উষ্ণতাত গলাই এক বিশেষ মিশ্ৰণ প্ৰক্ৰিয়াৰে কাঁহ প্ৰস্তুত কৰা হয়। সাধাৰণতে ইয়াৰ অনুপাত হ’ল ২০:৮০। কেতিয়াবা সামান্য পৰিমাণে দস্তা (Zinc) আৰু সীহ (Lead) যোগ দিয়া হয়।
-
অসমৰ ৰেচম শিল্প
অসমৰ ৰেচম শিল্প বুলিলে প্ৰধানত পাট, মুগা আৰু এৰীসূতাৰে বোৱা বিভিন্ন সাজপোচাককে বুজায়। অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ।
-
অসমৰ কুঁহিলা শিল্প
কুঁহিলা শিল্প অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। কুঁহিলা পথাৰৰ পানী তল যোৱা ঠাইত হোৱা এবিধ গছ। কুঁহিলাৰ গা কোমল, সোপোকা আৰু পাতল। ইয়াৰ দ্বাৰা কঠ, পুতলা, মুখা, মূৰ্তি ইত্যাদি আদি তৈয়াৰ কৰা হয়। গোৱালপাৰাৰ কিছু অংশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা, নলবাৰী জিলাৰ মাখিবাহা আৰু মাজুলীত দেখা যায়।
-
অসমৰ পুতলা শিল্প
পুতলা শিল্প (Toys of Assam) অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। এই শিল্পত সাধাৰণতে শিশুসকলে খেলিবলৈ ব্যৱহাৰ কৰা পুতলা, খেলনা আৰু নানা ধৰণৰ সৌন্দৰ্যবৰ্ধক বস্তুৰ নিৰ্মাণ কৰা হয়।
-
অসমৰ পিতল শিল্প
অসমত প্ৰাচীন কালৰে পৰা সোণ, ৰূপ আদি ধাতুৰ প্ৰচলন থকা আৰু এইবোৰৰ জৰিয়তে এক কুটীৰ উদ্যোগ গঢ়ি উঠাৰ দৰে অসমৰ ঘাইকৈ হাজো অঞ্চল পিতল শিল্পৰ বাবে জনাজাত৷ পিতলেৰে গঢ়া বিভিন্ন বাচন-বৰ্তন অসমীয়া সংস্কৃতিৰ অংগাংগী সম্পদ৷ সাধাৰণতে, মৰীয়া জনগোষ্ঠীৰ লোকসকলেই পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে৷ এই মৰীয়াসকল…
-
অসমৰ বাঁহ-বেতৰ শিল্প
অসমৰ বাঁহ-বেতৰ শিল্প (Bamboo and cane culture of Assam) হৈছে অসমৰ এক কুটীৰ শিল্প। অসম প্ৰাকৃতিক সম্পদেৰে চহকী আৰু ইয়াৰ অধিকাংশ অৰণ্যত বিভিন্ন প্ৰজাতিৰ বাঁহ-বেত মজুত আছে। বাঁহ হৈছে এবিধ বহুমুখী কেঁচামাল আৰু ই পৌৰাণিক দিনৰে পৰা অসমৰ জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অংগ।
-
অসমৰ স্বৰ্ণ শিল্প
অসমৰ স্বৰ্ণ শিল্পই (Gold crafts of Assam) কামৰূপৰ যুগৰে পৰা অসমৰ অৰ্থনীতিত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে৷ পৌৰাণিক গ্ৰন্থ যেনে অৰ্থশাস্ত্ৰ, কালিকা পুৰাণ বা যোগিনী তন্ত্ৰত প্ৰাচীন অসমৰ সোণ আৰু সোণৰ অলংকাৰৰ বিষয়ে উল্লেখ পোৱা যায়।
-
ওড়িশাৰ শিলৰ খোদাই
ওড়িশাৰ শিলৰ খোদাই (Stone carving in Odisha) শিলক খোদিত কৰি কলা আৰু উপযোগী বস্তুলৈ ৰূপান্তৰ কৰা ওড়িশাৰ প্ৰাচীন হস্তশিল্পৰ অনুশীলন। শিলৰ খোদাই কাৰিকৰসকলে মুখ্যতঃ পুৰী, ভুৱনেশ্বৰ আৰু কটক জিলাৰ ললিতগিৰিত অনুশীলন কৰে। ময়ূৰভঞ্জ জিলাৰ খিচিঙতো কিছু পৰিমাণে এই কলাৰ অনুশীলন কৰা হয়।
-
কচ্ছ এম্ব্ৰইডাৰী
কচ্ছ এম্ব্ৰইডাৰী (Kutch Embroidery) হৈছে ভাৰতৰ গুজৰাটৰ কচ্ছ জিলাৰ জনজাতীয় সম্প্ৰদায়ৰ এক হস্তশিল্প আৰু স্বাক্ষৰ বহনকাৰী বস্ত্ৰ কলাৰ পৰম্পৰা। ইয়াৰ সমৃদ্ধ ডিজাইনৰ এই এম্ব্ৰইডাৰীয়ে ভাৰতীয় এম্ব্ৰইডাৰী পৰম্পৰাত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
-
কাঁথা
কেঁথা (Kantha) হ'ল বাংলাদেশ আৰু ভাৰতৰ পূব অঞ্চল বিশেষকৈ ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা আৰু ওড়িশাৰ এক প্ৰকাৰৰ এম্ব্ৰয়ডাৰী শিল্প, যাক কান্তা বা কোৱান্তা বুলিও উচ্চাৰণ কৰা হয়। ওড়িশাত পুৰণি শাৰীবোৰ ইটো সিটোৰ ওপৰত থুপ খােৱাই হাতেৰে চিলাই কৰি কুশ্বনৰ পাতল টুকুৰা এটা তৈয়াৰ কৰা হয়।
-
কোণ্ডাপল্লী খেলনা
কোণ্ডাপল্লী খেলনা (Kondapalli Toys) ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াৰ ওচৰৰ কৃষ্ণা জিলাৰ এখন গাওঁ কোণ্ডাপল্লীত কাঠৰে তৈয়াৰ কৰা খেলনাৰ প্ৰকাৰ। কোণ্ডাপল্লীৰ বুম্মলা কলনী বা খেলনাৰ কলনীত এই শিল্প চৰ্চা কৰা হয়।
-
কোল্হাপুৰী চেণ্ডেল
কোল্হাপুৰী চেণ্ডেল (Kolhapuri chappal) ভাৰতৰ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত প্ৰচলিত পৰম্পৰাগত হাতেৰে নিৰ্মাণ কৰা চামৰাৰ চেণ্ডেল। এই হস্তশিল্পত প্ৰাকৃতিক ৰং যেনে পাচলিৰ ৰং ব্যৱহাৰ কৰি স্থানীয়ভাৱে তৈয়াৰ কৰা হয়।
-
গুৰুসদয় সংগ্ৰহালয়
গুৰুসদয় সংগ্ৰহালয় ( Gurusaday Museum) ভাৰতৰ কলকাতাত অৱস্থিত এক লোককলা আৰু শিল্প সংগ্ৰহালয়।
-
দস্তকাৰ
দস্তকাৰ (Dastkar) হ'ল ভাৰতৰ পৰম্পৰাগত শিল্পকলাৰ প্ৰচাৰ আৰু পুনৰুজ্জীৱিত কৰাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ শিল্পীসকলৰ সৈতে কাম কৰা এক ভাৰতীয় বেচৰকাৰী সংস্থা। ১৯৮১ চনত দিল্লীত ইয়াৰ বৰ্তমানৰ অধ্যক্ষ লাইলা ত্যাবজীকে ধৰি ছয়গৰাকী মহিলাৰ এটা দলে প্ৰতিষ্ঠা কৰিছিল।
-
নতুনগ্ৰামৰ কাঠৰ পুতলা
নতুনগ্ৰামৰ কাঠৰ পুতলা হ’ল ভাৰতত জনপ্ৰিয় এবিধ কাঠৰ পুতলা, বিশেষকৈ পশ্চিমবংগৰ বৰ্ধমান জিলাত ইয়াৰ প্ৰচলন অধিক। কাঠৰ পুতলা তৈয়াৰ কৰাটো কিছুমান ভাৰতীয় সংস্কৃতিৰ এক পৰম্পৰাগত চৰ্চা আৰু নতুনগ্ৰামৰ পুতলাসমূহৰ বিশেষ সাংস্কৃতিক গুৰুত্ব আছে কাৰণ এইবোৰ পোনপটীয়াকৈ দেৱী লক্ষ্মীৰ সৈতে জড়িত।
-
নিজামাবাদৰ ক'লা মাটিৰ শিল্প
নিজামাবাদৰ ক'লা মাটিৰ শিল্প (Nizamabad black clay pottery) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আজমগড় জিলাৰ নিজামাবাদত প্ৰচলিত পৰম্পৰাগত মৃৎশিল্প। ক'লা উজ্জ্বল পাত্ৰত ৰূপালী নক্সাৰ বাবে এই মৃৎশিল্প জনাজাত।
-
বাঁকুৰাৰ ঘোঁৰা
বাঁকুৰাৰ ঘোঁৰা ( Bankura horse ) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ বাঁকুৰা জিলাৰ পাঁচমুৰা গাঁৱত উৎপাদিত এবিধ পোৰামাটিৰ ঘোঁৰা। “ইয়াৰ মাৰ্জিত ভংগী আৰু মৌলিক মূল্যবোধৰ অনন্য বিমূৰ্ততাৰ বাবে” ইয়াক প্ৰশংসা কৰা হৈছে।
-
বাঘ প্ৰিণ্ট
বাঘ প্ৰিণ্ট (Bagh print) হ'ল মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ বাগত উদ্ভৱ হোৱা এক পৰম্পৰাগত ভাৰতীয় হস্তশিল্প। এই প্ৰক্ৰিয়াত প্ৰাকৃতিকভাৱে আহৰণ কৰা ৰং আৰু ৰঙৰ সৈতে হাতেৰে ছপা কাঠৰ ব্লক ৰিলিফ প্ৰিণ্ট কৰা হয়।
-
বান্ধনী
বান্ধনী (Bandani) হৈছে এক প্ৰকাৰৰ টাই-ডাই বস্ত্ৰ, য’ত নখৰে কাপোৰখন চিকুটি ক্ষুদ্ৰ ক্ষুদ্ৰ গাঁঠি দি ৰং কৰি ডিজাইন তৈয়াৰ কৰা হয়। বান্ধনী শব্দটো সংস্কৃত মূল "বান্ধ" ("বন্ধা বা গাঁঠি দিয়া")ৰ পৰা উদ্ভৱ হৈছে।
-
বালুচড়ী শাড়ী
বালুচড়ী পশ্চিমবংগৰ প্ৰসিদ্ধ শাড়ী, ভাৰতৰ ভৌগোলিক স্বীকৃতি আৰু বয়নশৈলীত জাতীয় পুৰস্কাৰ প্ৰাপ্ত শিল্পকৰ্ম। আঁচলত বিবিধ পৌৰাণিক আৰু অন্যান্য নক্সা-গঁঠা এই শাড়ী আভিজাত্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বালুচড়ী শাড়ী তৈয়াৰ কৰোঁতে প্ৰায় ১ সপ্তাহ বা তাতোকৈ বেছি সময় লাগে।
-
মনসা চালি
মনসা চালি বা মনসা বাৰী ( Manasa chali ) দেৱী মনসাৰ এক অনন্য মাটিৰ প্ৰতিমা, যি ভাৰতৰ পশ্চিম বংগৰ পাঁচমুৰাৰ পোৰামাটিৰ শিল্পকলাৰ তথা পশ্চিম বংগৰ শিল্পকলাৰ উত্তম নিদৰ্শন। দেৱী প্ৰতিমাৰ চালচিত্ৰৰ দৰে ইয়াৰ মনসাৰ চালিত দেৱী মনসাৰ প্ৰতীকিস্বৰূপ অৰ্ধচন্দ্ৰাকৃতিৰ ৰূপত ফণা মেলি থকা সৰ্পৰ শাৰী থাকে।
-
মাডুৰাই চুংগুডি
মাডুৰাই ছুংগুডি হৈছে ভাৰতৰ তামিলনাডু ৰাজ্যৰ মাদুৰাইৰ এটা ডিজাইন, যিটো পৰম্পৰাগতভাৱে টাই আৰু ডাই (প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি) পদ্ধতি ব্যৱহাৰ কৰি উৎপাদিত এক একচেটিয়া বস্ত্ৰ সামগ্ৰী, যিসকলে সপ্তদশ শতিকাত ৰজা থিৰুমালাই নাইকাৰৰ পৃষ্ঠপোষকতাত মাদুৰাইলৈ প্ৰব্ৰজন কৰা সৌৰাষ্ট্ৰীয়সকলে।
-
মাদুৰকাঠি
মাদুৰকাঠি বা মাদুৰ (Madurkathi) মাদুৰকাঠি পাটি বা মাদুৰ হৈছে পশ্চিম বংগত মাদুৰী নামৰ ঘাঁহজাতীয় উদ্ভিদৰ পৰা বোৱা এবিধ পাটি। মাদুৰী পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা সংগ্ৰহ কৰা হয়। মাদুৰকাঠি পাটি তৈয়াৰ কৰাটো মেদিনীপুৰ জিলাৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা আৰু ই গ্ৰাম্য অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ।
-
মিজো শিল্প
মিজো শিল্পক মিজোৰামৰ হস্তশিল্প বুলিও কোৱা হয়। ই হ’ল "উত্তৰ-পূবৰ সুগায়ক পক্ষী" (Songbird of the North east) হিচাপে জনাজাত মিজোৰাম ৰাজ্যৰ বাসিন্দাসকলৰ এক পৰম্পৰাগত কলা আৰু কৌশল। এই লোকসকলক সামূহিকভাৱে মিজো বুলি জনা যায়। মিজো শিল্পকৰ্ম প্ৰাচীন কালৰে পৰা বৰ্তি আছে।
-
মীৰা ঠাকুৰ
মীৰা ঠাকুৰ ভাৰতৰ বিহাৰৰ এগৰাকী শিল্পী। তেওঁ চিকি ঘাঁহৰ শিল্পকলাৰ সাধনা কৰে আৰু শিকায় ৷ তেওঁ ইউনেস্কোৰ পৰা হস্তশিল্পৰ বাবে উৎকৃষ্টতাৰ মোহৰ আৰু নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে ৷
-
শান্তিনিকেতনী চৰ্মজাত সামগ্ৰী
শান্তিনিকেতনী চৰ্মজাত সামগ্ৰী এক ধৰণৰ হস্তশিল্প যাৰ উৎস পশ্চিমবংগ ৰাজ্যৰ বীৰভূম জিলাৰ শান্তিনিকেতন। এই চৰ্মজাত সামগ্ৰীবোৰ অতি ৰঙীন বুটাকৰা অথবা বিভিন্ন নক্সাযুক্ত হয়। শান্তিনিকেতনী চৰ্মজাত দ্ৰব্যৰ প্ৰধান বৈশিষ্ট্য হ'ল ই সুন্দৰ ৰঙৰ লৈখিক নক্সাযুক্ত।
-
ৰাল্লী লেপ
ৰাল্লী, ৰিল্লী বা ৰিল্কি লেপ (Ralli quilt) হৈছে দক্ষিণ-পূব পাকিস্তানৰ সিন্ধ আৰু বেলুচিস্তানৰ দক্ষিণ-পূব অংশ, পাঞ্জাৱৰ বাহাৱালপুৰ অঞ্চল, ৰাজস্থান আৰু গুজৰাটৰ কচ্চ অঞ্চলৰ সীমাৰেখাৰে আবৃত অঞ্চলসমূহৰ পৰম্পৰাগত লেপ।