অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আল্টা

আল্টা (Alta) অসমৰ কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা সৰু উন্নয়নশীল অঞ্চল। ই গুৱাহাটীৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত।

হালনাগাদ: ৯ ডিচেম্বৰ ২০২২ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

আল্টা (Alta) অসমৰ কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা সৰু উন্নয়নশীল অঞ্চল। ই গুৱাহাটীৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদ নদীৰ উত্তৰপাৰে অৱস্থিত।

প্ৰাথমিক তথ্য

২০১১ চনৰ লোকপিয়ল মতে আল্টা গাঁৱৰ গাঁও ক্ৰমাংক ৩,০২,৪৬৮৷১ উপ-জিলা সদৰ কমলপুৰৰ পৰা এই গাঁওখনলৈ দূৰত্ব প্ৰায় ২ কিমি আৰু জিলা সদৰ আমিনগাঁৱৰ পৰা এই গাঁওখনলৈ দূৰত্ব ২৭ কিমি।

এই গাঁওখন কমলপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত।

ভৌগলিক তথ্য

২০১১ চনৰ লোকপিয়ল মতে গাঁওখনৰ মুঠ মাটিকালি ২৮৩.৫৭ বৰ্গ কিমি আৰু মুঠ জনসংখ্যা ১০৪০ জন। ৩৫৫ টা পৰিয়ালৰ বসতিস্থল গাঁওখনৰ নিকটতম মহানগৰী হৈছে গুৱাহাটী (৪৭ কিমি)।

থোৰতে প্ৰাথমিক আৰু ভৌগলিক তথ্যসমূহ১
গাঁও পঞ্চায়তকমলপুৰ
উন্নয়ন খণ্ডকমলপুৰ
জিলাকামৰূপ
ৰাজ্যঅসম
ডাক সূচাংক৭৮১৩৮০
মাটিকালি২৪৩.৫৭ হেক্টৰ
জনসংখ্যা (২০১১ চনৰ লোকপিয়লমতে)১৬৪৯ গৰাকী
পৰিয়াল৩৫৫ টা
নিকটতম দূৰত্বৰ মহানগৰীগুৱাহাটী (৪৭ কিমি)

জনগাঁথনি

২০১১ চনৰ সমীক্ষা মতে, মুঠ জনসংখ্যা ১৬৪৯ গৰাকীৰ ভিতৰত ৮৩৭ গৰাকী পুৰুষ আৰু ৪১২ গৰাকী মহিলা। গাঁওখনত ০-৬ বছৰৰ শিশুৰ সংখ্যা ১৮৩ গৰাকী।২ এই গাঁৱত শিশুৰ লিংগ অনুপাত ১১৫৩, যিটো অসমৰ গড় লিংগ অনুপাত ৯৬২তকৈ বেছি।

সাক্ষৰতাৰ হাৰ

এই গাঁওৰ সাক্ষৰতাৰ হাৰ ৮৮.৪০%, যিটো অসমৰ সাক্ষৰতা হাৰ ৭২.১৯% তকৈ অধিক। পুৰুষৰ ক্ষেত্ৰত এই হাৰ ৯৪.৫৫ হোৱাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত এই হাৰ ৮১.৯৩%৷২

জীৱন-জীৱিকা

আল্টা গাঁৱৰ ৫৩১ গৰাকী কৰ্মনিযুক্ত হোৱাৰ বিপৰীতে ৫১০ গৰাকী ব্যক্তি নিবনুৱা। কৰ্মনিযুক্ত ব্যক্তিসকলৰ ৮৭.৭৬ শতাংশৰ জীৱিকাই তেওঁলোকৰ মুখ্য কৰ্ম (ছমাহতকৈ বেছি দিন সংস্থাপিত হৈ থাকিব পৰা) হোৱাৰ বিপৰীতে ১২.২৪ শতাংশৰ জীৱিকা তেওঁলোকৰ অংশকালীন কৰ্ম (ছমাহতকৈ কম দিনহে সংস্থাপিত হৈ থাকিব পৰা কৰ্ম)। আনহাতে কৰ্মনিযুক্ত ব্যক্তি ৫৩১ গৰাকীৰ ভিতৰত ১৭৬ গৰাকীয় ব্যক্তিয়েই জীৱিকা হিচাপে কৃষিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল, তেওঁলোকৰ ভিতৰত ১৪৬ গৰাকীৰ নিজা কৃষি-মাটি বা আধি-মাটি আছে আৰু বাকী ৩০ জন কৃষি শ্ৰমিক হিচাপে জীৱিকা উপাৰ্জন কৰে।২

বিৱৰণসৰ্বমুঠপুৰুষমহিলা
সাক্ষৰতাৰ হাৰ৮৮.৪০ %৯৪.৫৫ %৮১.৯৩ %
মুঠ কৰ্মী৫৩১৪৭২৫৯
মুখ্য কৰ্মী৮৬৬--
অংশকালীন কৰ্মী৬৫৩৭২৮

শিক্ষানুষ্ঠানসমূহ

  • অংগনবাদী কেন্দ্ৰ
  • ৪২৯ নং আল্টা প্ৰাথমিক বিদ্যালয়

যাতায়ত আৰু যোগাযোগ

আল্টাৰ পৰা বাইহাটা চাৰিআলি, কমলপুৰ, গুৱাহাটী আদি প্ৰায়বোৰ মুখ্য অঞ্চললৈ পোনপটীয়া ৰাজহুৱা আৰু ব্যক্তিগত উভয় প্ৰকাৰৰ পৰিবহণ ব্যৱস্থা থকাৰ লগতে নিকটৱৰ্তী ৰেলৱে ষ্টেচন বাইহাটালৈ দূৰত্ব প্ৰায় ২ কিমি। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গাঁওখনলৈ দূৰত্ব প্ৰায় ৪৩ কিমি।

তথ্যসূত্ৰ

  1. ↑ villageinfo.in/assam/kamrup/kamalpur/alta.html ৰ পৰা সংগৃহীত
  2. ↑ www.census2011.co.in/data/village/302563-alta-as ৰ পৰা সংগৃহীত

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল্টা” প্ৰবন্ধৰ সংশোধন ৩৪০০৪৪ (৯ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।