ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ
২৫ প্ৰবন্ধ
-
দিহিং নদী
দিহিং নদী (বা বুঢ়ী দিহিং) ব্ৰহ্মপুত্ৰ নদৰ এটি ডাঙৰ উপনৈ, যি অৰুণাচল প্ৰদেশ আৰু উজনি অসমৰ মাজেৰে বৈ গৈ ব্ৰহ্মপুত্ৰত মিলিত হয়। ই একে সময়তে উজনি অসমৰ ঐতিহাসিক ৰাজনীতি, সীমান্ত-প্ৰশাসন আৰু নদী-ভূগোলৰ বৃহৎ পৰিবৰ্তনৰ সাক্ষী।
-
সোৱণশিৰি নদী
সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ এক বৃহৎ উপনৈ, যি চীনৰ অধীনত থকা তিব্বত অঞ্চলৰ হিমালয়ৰ পৰা উৎপত্তি লৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজেদি বৈ গৈ ব্ৰহ্মপুত্ৰত মিলি যায়। ই দৈৰ্ঘ্য, অৱবাহিকা আৰু জলযোগানৰ দিশত ব্ৰহ্মপুত্ৰ নদীপৰিয়ালত বিশেষ গুৰুত্ব বহন কৰে।
-
দিখৌ নদী
দিখৌ নদী (Dikhow River) ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ এখন উপনৈ। নদীখনৰ উৎপত্তি নাগালেণ্ডত আৰু তাৰপৰা ই অসমৰ শিৱসাগৰ জিলাৰ মাজেৰে বৈ দিখৌমুখত ব্ৰহ্মপুত্ৰত মিলিছে। নদীখনৰ দৈৰ্ঘ্য প্ৰায় ২০০ কিঃমিঃ আৰু ইয়াৰ অৱবাহিকাই প্ৰায় ৪,৩৭২ বৰ্গ কিঃমিঃ অঞ্চল আগুৰি আছে।
-
কপিলী নদী
কপিলী নদী (Kopili River) ব্ৰহ্মপুত্ৰ নদৰ এখনি দক্ষিণবাহিনী উপনৈ। কপিলী নৈ মেঘালয় মালভূমিৰ পৰা উৎপত্তি হৈ ডিমা হাছাও জিলাৰে অসমত প্ৰৱেশ কৰিছে। তাৰপিছত ই পশ্চিম কাৰ্বি আংলং জিলা, কাৰ্বি আংলং জিলা, হোজাই জিলা, নগাঁও জিলা, মৰিগাঁও জিলাৰ মাজেৰে বৈ কামৰূপ মহানগৰ জিলাত ব্ৰহ্মপুত্ৰ নদত পৰিছে।
-
কলং নদী
কলং নদী নাইবা কৈলাং (Kolong) হৈছে ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী। এই নদীখন নগাঁও জিলাৰ জখলাবন্ধাৰ হাতীমূৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা আঁতৰি গৈছে আৰু গুৱাহাটীৰ কাষৰ কলংপাৰত সমাপ্ত হৈছে। উপনদীখন প্ৰায় ২৫০ কিলোমিটাৰ (১৬০ মিঃ) দীঘল আৰু নদীখন নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাসমূহৰ মাজেৰে প্ৰবাহিত হৈছে।
-
জীয়া ভৰলী
জীয়া ভৰলী নৈ (পুৰণি নাম ভৰলী নৈ), ব্ৰহ্মপুত্ৰ নদীৰ এখন উল্লেখযোগ্য উপনৈ। ই অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নৈৰ উৎপত্তি হৈছে। বৰ্তমান ই অৰুণাচল প্ৰদেশত কামেং নৈ আৰু অসমত জীয়া ভৰলী বুলি জনা যায়। জীয়া ভৰলী দীঘে প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)।
-
মানস নদী
মানস নদী বা মানাহ নদী (ইংৰাজী: Manas River) ভাৰতৰ পূৱ প্ৰান্তৰ ৰাজ্য অসমৰ এখন উল্লেখযোগ্য নদী। যোগিনীতন্ত্ৰমতে প্ৰাচীন কামৰূপ ৰাজ্যক যি চাৰিটা পীঠত ভাগ কৰা হৈছিল তাৰে ৰত্নপীঠ আৰু কামপীঠৰ মধ্যৱৰ্তী সীমা আছিল মানাস (মানস)। মানস নদী দক্ষিণ ভুটান আৰু ভাৰতৰ সীমামুৰীয়া অঞ্চলৰ এটা জলপ্ৰবাহ।
-
ভোগদৈ নদী
ভোগদৈ নদী (Bhogdoi River) ব্ৰহ্মপুত্ৰ নদৰ এখন দক্ষিণ বাহিনী উপনদী। নগা পাহাৰৰ পৰা উৎপত্তি হৈ ই যোৰহাট চহৰৰ মাজেদি প্ৰবাহিত হৈছে আৰু অন্য এখন নদীৰ সৈতে মিলিত হৈ নদীখনৰ নাম গেলাবিল হৈ যায় আৰু ব্ৰহ্মপুত্ৰত লগ লাগে। পূৰ্বতে ভোগদৈ নদী খনৰ নাম আছিল দিচৈ। ইয়াৰ পুৰণা সুঁতিটো বৰ্তমান মৰিদিচৈ নামেৰে জনাজাত।
-
লোহিত নদী
লোহিত নদী বা জায়ো নদী হৈছে ভাৰত আৰু চীনৰ এখন নদী। কাংগ্ৰি গাৰ্পো ৰেঞ্জৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ পৰা উৎপত্তি হৈছে, তাত ইয়াক জায়ো নদী (察隅河) বোলে। তাৰ পৰা ই লোহিত নাম লৈ অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলৰ মাজেৰে প্ৰায় ২০০ কিলোমিটাৰ (১২০ মাইল) অতিক্ৰম কৰি আহি অসমত চিয়াং (ব্ৰহ্মপুত্ৰ নদ)ত মিলিত…
-
সোণকোষ নদী
সোণকোষ বা গদাধৰ বা স্বৰ্ণকোষ ব্ৰহ্মপুত্ৰ নদৰ উত্তৰবাহিনী উপনৈ। ইয়াৰ উদ্ভৱ উত্তৰ ভূটানত। ই ভাৰতৰ অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদত লগ লাগিছে। সোণকোষ নদী বিভিন্ন অঞ্চলত বিভিন্ন নামেৰে বৈ যায়। এইখন নদীক ঠাই বিশেষে স্বৰ্ণকোষ, সোণকোষ আৰু গদাধৰ নামেৰেও জনা যায়। আন কিছুমান ঠাইত ই গংগাধৰ নদী নামেৰে পৰিচিত।
-
দিচাং নদী
দিচাং নদী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদী। এই নদীৰ দৈৰ্ঘ্য ২৩০ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৩৯৫০ বৰ্গ কিঃমিঃ।
-
বৰনদী
বৰনদী অসমৰ পশ্চিম-উত্তৰ দিশত অৱস্থিত। ব্ৰিটিছসকলৰ শাসন কালত অসমৰ এই নদীখনে কামৰূপ জিলা আৰু দৰং জিলাক পৃথক কৰিছিল। ইয়াৰ নামটো বাৰা/বড়ো/বদা নদীৰপৰা উৎপত্তি হৈছে।
-
জাঁজী নদী
জাঁজী নদী (Jhanji River) হৈছ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। এই নদীখনে অসমৰ যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণ কৰিছে। নাগালেণ্ডৰ মোককচাং নগৰৰ উত্তৰ দিশৰ কোনো এক ঠাইৰপৰা জাঁজী নদীৰ উৎপত্তি হৈছে। ১৯১৭ চনৰ মানচিত্ৰৰ মতে, জাঁজী নদী খনৰ দীঘ ১০৭ কি:মি: আৰু অৱবাহিকাৰ কালি ১৩৫০ বৰ্গ কি:মি:।
-
ধনশিৰি নদী
ধনশিৰি নদী (Dhansiri River) হৈছে অসমৰ গোলাঘাট জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ মুখ্য নদী। এই নদীখন নাগালেণ্ডৰ লাইছাং শৃংগ (Laisang peak)ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৩৫২ কিঃমিঃ। ই দক্ষিণৰ পৰা উত্তৰলৈ বৈ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ। এই নদীৰ অৱবাহিকাৰ মুঠ কালি হৈছে ১২২০ বৰ্গ কিঃমিঃ।
-
ডিব্ৰু নদী
ডিব্ৰু নদী (Dibru River) হৈছে ব্ৰহ্মপুত্ৰৰ উপনদী। অসমৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ খেৰেম নামৰ ঠাইত ডিব্ৰু নদীৰ উৎপত্তি হৈছে। এই নদীখন ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ লগ লাগিছে।
-
পাগলাদিয়া নদী
পাগলাদিয়া নদী (Pagladiya River) বা পাগ্লাদিয়া নদী ভাৰতৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদৰ উত্তৰবাহিনী উপনদী। পাগলাদিয়া নদীৰ উদ্গম স্থান হৈছে ভূটান পাহাৰৰ দেওথাং। ই ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হোৱাৰ আগতে অসমৰবাক্সা জিলা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ গৈছে।
-
ৰঙানৈ
ৰঙানৈ/ৰঙানদী (Ranganoi, Ranganadi) লখিমপুৰ জিলাৰ এখন প্ৰধান নদী, সোৱণশিৰিৰ অন্যতম উপনৈ। ইয়াৰ দৈৰ্ঘ্য ১৫০ কিল'মিটাৰ।
-
কাকডোঙা নদী
কাকডোঙা নদী ব্ৰহ্মপুত্ৰৰ উপনদীৰ এক উপনৈ। অসমৰ যোৰহাট আৰু গোলাঘাট জিলাৰ সীমা ৰেখা। নদীখনৰ পুৰিণ নাম দিলশিৰি। কোনোৱে দিলখিৰি বুলি উচ্চাৰণ কৰে। নৈখন নাগালেণ্ডৰ মোককচাং জিলাৰ উত্তৰাংশত ৰংপং নৈ নামে ওলাইছে।
-
পুঠিমাৰী নদী
পুঠিমাৰী নদী (ইংৰাজী: Puthimari River) ভূটানৰ পাহাৰত উৎপত্তি হোৱা মহান ব্ৰহ্মপুত্ৰ নৈ ৰ উপনৈ। অসম ৰাজ্যৰ জলজ সমভূমি অঞ্চলৰ মাজেৰে বৈ গৈ হাজো চহৰৰ সাত কিলোমিটাৰ D/S ৰ ওচৰত মহান ব্ৰহ্মপুত্ৰৰ সৈতে সংগম ঘটাই 1000 দৈৰ্ঘ্য অতিক্ৰম কৰি ১৫০ কি.মি. পুঠিমাৰী নদীৰ জলাশয় প্ৰায় ১৭৭৪ বৰ্গ।
-
বুৰৈ নদী
বুৰৈ নদী(ইংৰাজী: Buroi River) ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ টকৌবাৰী গাওঁ-পঞ্চায়ত অন্তৰ্গত বুৰৈঘাট নামে গাঁৱত অবস্থিত। ব্ৰহ্মপুত্ৰ নদীৰ উপনদীসমূহৰ ভিতৰত বুৰৈ নদীও এক উপনৈ। বুৰৈ নদী ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ বাহিনী উপনৈ। বুৰৈ নদী গহপুৰৰ অন্যতম এক বনভোজস্থলী হিচাপে জনাজাত।
-
কৃষ্ণাই নদী
কৃষ্ণাই নদী হৈছে ভাৰতৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী। কৃষ্ণাই নদী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত উৎপন্ন হৈছে। কৃষ্ণাই নদী গোৱালপাৰা জিলাৰ মাটিয়াত দুধনৈ নদীৰ সৈতে মিলিত হয় আৰু তাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সঙ্গম ৰখাৰ আগতে মৰনৈ নদী হিচাপে নাম লৈছে।
-
চম্পাৱতী নৈ
চম্পাৱতী নৈ ভাৰত উপমহাদেশৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ। চম্পাৱতী নৈৰ তিনিটা উপনৈ আছে - ভূৰ নদী (মোৰা ভূৰ নদীকে ধৰি), লোপানী আৰু ঢল পানী, যিবোৰ ভূটানৰ পাহাৰৰ পৰা উৎপত্তি হৈছে।
-
দৰিকা নদী
দৰিকা নদী হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য নদী। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চণ্টক চাহ বাগিছাৰ পূবত থকা নগা পাহাৰৰ নামনি অংশৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে।
-
ভৰলু নদী
ভৰলু নদী (Bharalu River) ব্ৰহ্মপুত্ৰ নদৰ এখনি দক্ষিণবাহিনী উপনৈ। ভৰলু নৈ মেঘালয়ৰ খাচী পাহাৰত উৎপত্তি হৈ কামৰূপ মহানগৰ জিলাৰে অসমত প্ৰৱেশ কৰিছে। অসমত প্ৰৱেশ কৰাৰ পিছত ই গুৱাহাটী মহানগৰৰ মাজেৰে বৈ গৈ ভৰলুমুখত ব্ৰহ্মপুত্ৰ নদীত পৰিছে। ভৰালু নদী অসমৰ আটাইতকৈ প্ৰদূষিত নদীসমূহৰ ভিতৰত অন্যতম।
-
বেকী নদী
বেকী নদী যাক ভূটানত কুৰিশ্বু নদী বুলিও জনা যায়, মহান ব্ৰহ্মপুত্ৰ নদীৰ সোঁপাৰৰ অন্যতম উপনৈ, যি ভূটান অঞ্চলৰ পৰা তললৈ বৈ আহিছে যদিও ইয়াৰ বৃহৎ অংশ অসমৰ মাজেৰে বৈ যায়।