ভূগোলত ঠাই,স্থান বা অৱস্থান শব্দই ভূ-পৃষ্ঠ বা অইন কিহবাত কোনো এক বিন্দু বা কালি বা আয়তনযুক্ত অংশক নিৰ্দিষ্ট কৰে।
ঠাই শব্দটি সাধাৰণভাৱে যিকোনো কালি বা আয়তনযুক্ত অংশক সুনিৰ্দিষ্ট পৰিসীমা ব্যক্ত নকৰাকৈ নিৰ্দিষ্ট কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। ভূ-পৃষ্ঠৰ ঠাই সমূহ ভাষাভেদে বিভিন্ন নামেৰে নামকৰণ হৈছে। তদুপৰি ঠাই বুলিলে সেই কালিযুক্ত অংশ এখন গাঁও, নগৰ, চহৰ, জিলা, ৰাজ্য, দেশ, মহাদেশ, সাগৰ অথবা মহাসাগৰ বা এইবোৰৰ কোনো অংশ হব পাৰে।
স্থান শব্দটি ভূ-গৰ্ভ বা বায়ুমণ্ডল বা মহাকাশৰ কোনো বিন্দুস্থান বা কালি বা আয়তনযুক্ত অংশকো নিৰ্দিষ্ট কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
অৱস্থান শব্দটি যিকোনো বিন্দুস্থান বা কালি বা আয়তনযুক্ত অংশক কোনো জ্যামিত্ৰিক পদ্ধতিৰে যেনে অক্ষাংশ, দ্ৰাঘিমাংশ বা অইন কোনো স্থানাংক জ্যামিত্ৰিক পদ্ধতিৰে সৰ্বোচ্চ সঠিকতাৰে নিৰ্দিষ্ট কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঠাই” প্ৰবন্ধৰ সংশোধন ২৩৫০০৪ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।