ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নেয়াৰ নদী
নেয়াৰ নদী (Neyyar River) কেৰালাৰ তিৰুৱনন্তপুৰম জিলাৰ মাজেৰে বৈ যোৱা প্ৰায় ৫৬ কিলোমিটাৰ দীঘল এখন নদী। ইয়াৰ উৎপত্তি পশ্চিমঘাটৰ অগস্ত্য মালা (অগস্ত্যাৰকূডম) অঞ্চলত। তিৰুৱনন্তপুৰম জিলাৰ নেয়্যাট্টিনকাৰা চহৰখন এই নদীৰ পাৰত অৱস্থিত আৰু নদীখনৰ নাম অনুসৰিয়েই চহৰখনৰ নামকৰণ কৰা হৈছে।
-
নেলী
নেলী হৈছে অসমৰ মৰিগাঁও জিলাৰ অন্তৰ্গত এখন গাঁও। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত এই চহৰখন চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য্য, আৰু ঐতিহাসিক তাৎপৰ্যৰ বাবে জনাজাত।
-
নৈহাটী
নৈহাটী ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ উত্তৰ ২৪ পৰগনা জিলাৰ এখন চহৰ আৰু এখন পুৰণি পৌৰসভা, যিখন ১৮৬৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ই কলকাতা মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সামৰি লোৱা অঞ্চলৰ এটা অংশ।
-
নোহছংগিথিয়াং জলপ্ৰপাত
নোহছংগিথিয়াং জলপ্ৰপাত (Nohsngithiang Falls) (চেভেন চিষ্টাৰছ জলপ্ৰপাত বা মাউছমাই জলপ্ৰপাত বুলিও জনা যায়) হৈছে সাতটা খণ্ডৰ জলপ্ৰপাত। ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব খাছি পাহাৰ জিলাৰ মাউছমাই গাঁৱৰ পৰা ১ কিলোমিটাৰ (০.৬২ মাইল) দক্ষিণে অৱস্থিত।
-
পম্বন সেতু
পম্বন সেতু এখন "কেণ্টিলিভাৰ" দলং যি ভাৰতৰ দক্ষিণ প্ৰান্তত অৱস্থিত পম্বন দ্বীপক মূলভূমিৰ সৈতে সংযোগ কৰে। এই পম্বন দ্বীপতে অৱস্থিত হিন্দু ধৰ্মাৱলম্বী সকলৰ পৱিত্ৰস্থান ৰামেশ্বৰম। পম্বন সেতু বুলিলে সমান্তৰাল কৈ যোৱা ৰে'ল আৰু ৰোড দলং দুয়োখনকে বুজোৱা হয়।
-
বগামাটি
বগামাটি ভাৰত-ভূটান সীমান্তৰ সমীপত বাক্সা জিলাত উত্তৰ দিশত অৱস্থিত। ঘন অৰণ্যৰে আবৃত এই ঠাইডোখৰ ভ্ৰমণকাৰী আৰু স্থানীয়লোকৰ বাবে এক বিখ্যাত পৰ্যটকস্থলী লৈ পৰিণত হৈছে। বৰনদী মুখত অৱস্থিত বগামাটি ঠাইখন বৰ ধুনীয়া। ভূটান পাহাৰৰ মনোমোহা দৃশ্যই এই ঠাইলৈ মানুহক আকৰ্ষণ কৰে।
-
বগোটা
বগোটা হৈছে কলম্বিয়াৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই দেশখনৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ। বগোতা ১৫৩৮ চনত প্ৰতিষ্ঠিত হৈছিল আৰু এতিয়ালৈকে কলম্বিয়াৰ গুৰুত্বপূৰ্ণ মহানগৰ হিচাপে পৰিগণিত হৈছে।
-
বাঁকা, বিহাৰ
বাঁকা ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত এখন নগৰ। ই বাঁকা জিলাৰ সদৰ ঠাই।
-
বাসুগাঁও
বাসুগাঁও (Basugaon, (IPA:ˈbɑːsʊˌgɑ̃ʊ)) অসমৰ চিৰাং জিলাত অৱস্থিত এখন নগৰ৷
-
বুৰুণ্ডী
বুৰুণ্ডি, আনুষ্ঠানিকভাৱে বুৰুণ্ডি গণৰাজ্য, আফ্ৰিকান গ্ৰেট লেকঅঞ্চল আৰু পূব আফ্ৰিকাৰ মাজৰ সংযোগস্থলত গ্ৰেট ৰিফ্ট উপত্যকাৰ এখন স্থলবেষ্টিত দেশ। ইয়াৰ সীমা উত্তৰে ৰৱাণ্ডা, পূব আৰু দক্ষিণ-পূবত টাঞ্জানিয়া আৰু পশ্চিমে কংগো গণতান্ত্ৰিক গণৰাজ্য; ইয়াৰ দক্ষিণ-পশ্চিম সীমান্তত টাঙ্গানিকা হ্ৰদ অৱস্থিত।
-
বেকী নদী
বেকী নদী যাক ভূটানত কুৰিশ্বু নদী বুলিও জনা যায়, মহান ব্ৰহ্মপুত্ৰ নদীৰ সোঁপাৰৰ অন্যতম উপনৈ, যি ভূটান অঞ্চলৰ পৰা তললৈ বৈ আহিছে যদিও ইয়াৰ বৃহৎ অংশ অসমৰ মাজেৰে বৈ যায়।
-
ব্ৰুচেলছ
ব্ৰুচেল্লজ হৈছে বেলজিয়ামৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই ইউৰোপীয় সংঘৰ প্ৰধান কাৰ্যালয়ৰ অৱস্থান আৰু ইয়াক ইউৰোপৰ ৰাজধানী বোলা হয়।
-
ভান্দিৰবন
ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ মন্ত তহচিলৰ এক প্ৰাচীন ধৰ্মীয় স্থান ভান্দিৰবন। এই ঠাইডোখৰ হিন্দু দেৱতা কৃষ্ণআৰু দেৱী ৰাধাৰ কাহিনীৰ সৈতে জড়িত।
-
ভোদা, জলন্ধৰ
ভোদা (Bhoda) হৈছে ভাৰতৰ পঞ্জাব ৰাজ্যৰ জলন্ধৰ জিলাৰ ফিল্লৌৰ উপ-জিলাত অৱস্থিত এখন গাঁও। এই গাঁওখন উপ-জিলা সদৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ (৭.৫ মাইল) আৰু জিলা সদৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ (২৫ মাইল) দূৰত্বত অৱস্থিত। এই গাঁওখনৰ প্ৰশাসন এখন নিৰ্বাচিত সৰপঞ্চৰ দ্বাৰা চলোৱা হয়।
-
ভোদা, লুধিয়ানা
ভোদা হৈছে পঞ্জাবৰ লুধিয়ানা জিলাৰ লুধিয়ানা পূব তহছিলত অৱস্থিত এখন গাঁও।
-
মণিপুৰৰ জিলাসমূহ
মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰক নখন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।
-
মামিত জিলা
ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত মামিত জিলা অন্যতম। মামিত জিলা মিজোৰামৰ পশ্চিম প্ৰান্তত অৱস্থিত। ইয়াৰ আন্তৰ্জাতিক সীমা বাংলাদেশৰ সৈতে সংযুক্ত, আৰু ই সাজেক নদীৰ দ্বাৰা বিভক্ত। সীমান্ত জিলা হোৱা বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত মামিত জিলাৰ অতি তাৎপৰ্য আছে।
-
মালাবাৰ জালুক
ভাৰতৰ কেৰালা ৰাজ্যৰ বৰ্তমানৰ মালাবাৰ অঞ্চলত পোৱা এবিধ ক’লা জালুকেই হৈছে মালাবাৰ জালুক। এই অঞ্চলত ইয়াৰ উৎপত্তি আকস্মিকভাবে এটা পুলিৰপৰা হৈছিল আৰু ই ৰোমান আৰু আৰব ব্যৱসায়ীসকলৰ সৈতে আৰু পিছলৈ ইউৰোপীয় নাৱিকসকলৰ সৈতে ব্যৱসায় কৰা মচলাবোৰৰ অন্যতম হৈ পৰিছিল।
-
মিকিৰ পাহাৰ
মিকিৰ পাহাৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত এটা পাহাৰৰ গোট। পূব মেঘালয়ে তিনিটা ফালৰ পৰা আগুৰি থকা মিকিৰ পাহাৰ আংশিকভাৱে ইয়াৰ সৈতে বিচ্ছিন্ন আছে। কাৰ্বি মালভূমি বা মিকিৰ পাহাৰক অসমৰ আটাইতকৈ পুৰণি ভূ-আকৃতি বুলি কোৱা যায়।
-
মূলাগাঁও
মূলাগাঁও (ইংৰাজী: Mulagaon) হৈছে ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত এখন গাঁও, যি বঙাইগাঁও উপ-জিলা/চাৰ্কলৰ অন্তৰ্গত। গাঁওখনৰ ডাক সূচাংক (PIN ক’ড) হ'ল ৭৮৩৩৮০ আৰু ইয়াৰ গ্ৰাম কোড ৩০১২৭৩।
-
ম্যানমাৰৰ জিলাসমূহ
জিলা (ခရိုင်) হৈছে ম্যানমাৰৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশাসনিক বিভাগ। এই জিলাসমূহ হৈছে ম্যানমাৰৰ ৰাজ্য আৰু অঞ্চলৰ মহকুমা। ম্যানমাৰ তথ্য ব্যৱস্থাপনা ইউনিট (এমআইএমইউ)ৰ তথ্য অনুসৰি ২০১৫ চনৰ ডিচেম্বৰ মাহলৈকে ম্যানমাৰত ৭৬খন জিলা আছে, যিবোৰক পাছলৈ টাউনশ্বিপ, তাৰ পিছত চহৰ, ৱাৰ্ড আৰু গাঁৱত উপবিভক্ত কৰা হৈছে।
-
মৰূদ্যান
ভূগোলৰ মতে মৰুদ্যান হৈছে মৰুভূমি বা অৰ্ধ-মৰুভূমিৰ পৰিৱেশত থকা এক উৰ্ব্বৰ এলেকা (প্ৰায়ে খেজুৰৰ দৰে উদ্ভিদ গজে)। মৰুদ্যানে জন্তু আৰু উদ্ভিদক বাসস্থানো প্ৰদান কৰে।
-
শোণিতপুৰ ৰাজ্য
অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য বৈদিক যুগৰ এখন ৰাজ্য। কিংবদন্তি অনুসৰি মৰীচি হৈছে এই ৰাজ্যখনৰ প্ৰতিষ্ঠাপক। বৰ্তমান এই ঠাইখণ্ড অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত। এই ৰাজ্যখন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ সমসাময়িক বুলি ধাৰণা কৰা হয়। পুৰাণ, মহাভাৰত আৰু অন্যান্য ধৰ্মীয় কাব্যসমূহত শোণিতপুৰৰ উল্লেখ আছে।
-
হেলচাৰ পাম
হেলচাৰ পাম (Helochar Pam) অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰী চক্ৰত অৱস্থিত এখন বৃহৎ গাঁও য'ত মুঠ ৪৭৫টা পৰিয়াল বসবাস কৰে। হেলচা গাঁৱৰ জনসংখ্যা ২৪০৯ জন ইয়াৰে ১২৪৬ জন পুৰুষ আনহাতে ১১৬৩ জন মহিলা। হেলচাৰ পাম গাঁৱৰ সাক্ষৰতাৰ হাৰ অসমৰ তুলনাত কম।
-
১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্প
১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্পটো মহাৰাষ্ট্ৰৰ কৈনানগৰ চহৰৰ সমীপত সংঘটিত হৈছিল ১১ ডিচেম্বৰত। ভূমিকম্পটোৰ মান আছিল ৬.৬ আৰু প্ৰাৱল্য আছিল মাৰ্ক'লী প্ৰাৱল্য মাপনীত VIII (Severe).ভূমিকম্পটো কৈনা নদীবান্ধৰ সমীপত সংঘটিত হৈছিল আৰু ইয়াৰ কাৰণ বহুতে নদীবান্ধটো বুলিয়েই ক'ব খোজে।
-
৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 52A ) অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাত আৰম্ভ হৈ অসমৰ গহপুৰত শেষ হৈছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৫৭ কিঃমিঃ (৩৫ মাইল)। ইয়াৰে ১৫ কিঃমিঃ (৯.৩ মাইল) অসমত আৰু ৪২ কিঃমিঃ (২৬ মাইল) অৰুণাচল প্ৰদেশত আছে।
-
ৰঙিয়া সমজিলা
ৰঙিয়া সমজিলা (ইংৰাজী: Rangia Co-District) হৈছে ভাৰতৰ অসম ৰাজ্যৰ কামৰূপ জিলাৰ এটা প্ৰশাসনিক সমজিলা। ইয়াৰ মুখ্য কাৰ্যালয় ৰঙিয়াত অৱস্থিত। এই সমজিলা জিলাৰ ভিতৰত এটা বিশেষ অঞ্চলৰ প্ৰশাসন আৰু ৰাজহ সংগ্ৰহৰ বাবে দায়বদ্ধ।
-
ৰৈৱতক
ৰৈৱতক পৰ্বত মহাভাৰত মহাকাব্য আৰু হৰিৱংশ-পুৰাণ ২.৫৫.১১১ত উল্লেখ কৰা পৰ্বত আছিল। মহাভাৰতত ইয়াক অনৰ্ত ৰাজ্যত অৱস্থিত বুলি উল্লেখ কৰা হৈছে। হৰিৱংশ-পুৰাণত ইয়াক "ৰজা ৰৈৱতকৰ ক্ৰীড়াক্ষেত্ৰৰ ওচৰত" (২.৫৬.২৯) আৰু ইয়াক "দেৱতাৰ বাসস্থান" (২.৫৫.১১১) বুলি কোৱা হয়।
-
অছৰগঞ্জ
অছৰগঞ্জ ভাৰতৰ বিহাৰ ৰাজ্যৰ মুংগেৰ জিলাত অৱস্থিত এখন সৰু নগৰ।
-
অসমৰ বান্ধ আৰু জলাধাৰসমূহৰ তালিকা
বান্ধ হৈছে প্ৰাকৃতিক ভাবে প্ৰবাহিত পানী বা ভূগৰ্ভস্থ জলপ্ৰবাহবন্ধ বা সীমিত কৰা একপ্ৰকাৰৰ কৃত্ৰিম বাধা। বান্ধৰ ফলত কৃত্ৰিম জলাধাৰৰ সৃষ্টি হয়। বান্ধৰ দ্বাৰা সৃষ্টি হোৱা জলাধাৰবোৰে বানপানী ৰোধ কৰাৰ লগতে জলসিঞ্চন, মানুহৰ দৈনন্দিন ব্যৱহাৰ, ঔদ্যোগিক ব্যৱহাৰ, মীনপালন, জলঅৰ্থনীতি আৰু যাতায়তৰ বাবে পানী…