পৰ্বতমালা
২৯ প্ৰবন্ধ
-
হিমালয়
হিমালয় পৰ্বতমালাক (Himalaya Mountains; বা; সংস্কৃত: দেৱনাগৰী লিপি: हिमालय), সাধাৰণতে হিমালয় বোলা হয়। সংস্কৃতৰ 'হিম' আৰু 'আলয়' - এই দুটা শব্দ মিলি 'হিমালয়' শব্দটোৰ গঠন হৈছে। ইয়াৰ অৰ্থ হৈছে 'বৰফৰ ঘৰ'। হিমালয় পৰ্বতমালা ভাৰতীয় উপদ্বীপৰ উত্তৰ দিশত অৱস্থিত।
-
মাউণ্ট এভাৰেষ্ট
মাউণ্ট এভাৰেষ্ট (Mount Everest), (নেপালত Sagarmāthā আৰু তীব্বতত Chomolungma হিচাপে জনা যায় ), পৃথিৱীৰ সৰ্ব্বোচ্চ উচ্চতাত থকা পৰ্বত। ই হিমালয় পৰ্বতমালাৰ মহালংগোৰ ( Mahalangur) অংশত সাগৰ পৃষ্ঠৰ পৰা ৮৮৪৮ মিটাৰ (২৯০২৯ ফুট) উচ্চতাত অৱস্থিত।
-
পশ্চিমঘাট পৰ্বতমালা
পশ্চিমঘাট পৰ্বতমালা বা সহ্যাদ্ৰী (Western Ghats) এক পৰ্বতশ্ৰেণী যাৰ পৰিসৰ ১,৬০,০০০ বৰ্গ কিলোমিটাৰ আৰু পৰিধি ১,৬০০ কিলোমিটাৰ। ই ভাৰতবৰ্ষৰ পশ্চিমসীমাৰ উপকূলীয় অঞ্চলৰ সমান্তৰালকৈ গুজৰাট ৰাজ্যৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ সহ্যাদ্ৰী পৰ্বতমালা, গোৱা, কৰ্ণাটকৰ মালাবাৰ উপকূল, কেৰালা আৰু তামিলনাডু…
-
পাটকাই
পাটকাই (𑜆𑜡𑜄𑜫 𑜀𑜩,Patkai) হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত পৰ্বতমালা। ই জৈৱ-বৈচিত্ৰৰে চহকী ঘন চিৰ সেউজীয়া বৰ্ষাৰণ্যৰে ভৰা এক অঞ্চল। কেইবাটাও জনগোষ্ঠীয়েও এই অঞ্চলত বসবাস কৰে। পাটকাই পৰ্বত অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ উপৰিও ম্যানমাৰ দেশলৈ বিস্তৃত হৈ আছে।
-
কাঞ্চনজংঘা
কাঞ্চনজংঘা (कञ्चनजङ्घा) হৈছে পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ। ই ভাৰত আৰু নেপালৰ সীমাত অৱস্থিত। ইয়াৰ উচ্চতা প্ৰায় ৮৫৮৬ মিটাৰ। হিমালয় পৰ্বতৰ এই অংশটোক কাঞ্চনজংঘা হিমল বোলা হয়। ইয়াৰ পশ্চিমে তামূৰ নদী, উত্তৰে লহনাক চু নদী আৰু জংচং লা শৃংগ, আৰু পূবে তিষ্টা নদী অৱস্থিত।
-
নীলগিৰি
নীলগিৰি পৰ্বতমালা (Nilgiri Mountains) দক্ষিণ ভাৰতৰ পূৰ্ব ঘাট আৰু পশ্চিম ঘাট পৰ্বতমালাৰ সংযোগস্থলত অৱস্থিত এক পৰ্বতমালা। ই তামিলনাডু, কৰ্ণাটক আৰু কেৰালা ৰাজ্যলৈকে বিস্তৃত। এই পৰ্বতমালাই এক ৫৬ কিলোমিটাৰ দীঘল আৰু ৩২ কিলোমিটাৰ বহল মালভূমি গঠন কৰিছে।
-
এণ্ডিছ
এণ্ডিজ (Andes) বিশ্বৰ আটাইতকৈ সৰ্বোচ্চ দৈৰ্ঘ্যৰ পৰ্বতমালা। এই পৰ্বতমালা দক্ষিণ আমেৰিকাৰ পশ্চিমে ৭০০০ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। এই পৰ্বতমালাৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ৪০০০ মিটাৰ। এণ্ডিজ পৰ্বতমালা সাতখন দেশ জুৰি বিস্তৃত হৈ আছে।
-
পামিৰ পৰ্বতমালা
পামিৰ পৰ্বতমালা মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ মাজত অৱস্থিত এক পৰ্বতমালা। ই অন্যান্য উল্লেখযোগ্য পৰ্বতমালা যথা টিয়েন শ্বান, কাৰাকোৰাম, কুনলুন, হিন্দুকুশ আৰু হিমালয়ৰ সংযোগস্থলত অৱস্থিত। ই পৃথিৱীৰ অন্যতম ওখ পৰ্বত। পামিৰ পৰ্বতমালাৰ বেছিভাগেই তাজিকিস্তানৰ গৰ্নো-বাদাখছান অঞ্চলত অৱস্থিত।
-
বৰাইল পৰ্বত
বৰাইল পৰ্বত (Barail Range) উত্তৰ-পূব ভাৰতৰ এখন অন্যতম বিশাল পৰ্বতমালা। এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত (দ্ৰাঘিমাংশ ৯৩.১৫০০°, অক্ষাংশ ২৫.১৫০০°)। এই পৰ্বত প্ৰধানতঃ অসমৰ ডিমা-হাছাও জিলাত অৱস্থিত আৰু ই হৈছে অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ (বা পৰ্বত)।
-
ছাম্বিং
ছাম্বিং বা মাউণ্ট ছাম্বিং (গুনুং ছাম্বিং) ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা সক্ৰিয় আগ্নেয়গিৰিৰ স্তৰ। এই আগ্নেয়গিৰিটো ইয়াৰ উত্তৰ-পশ্চিমে অৱস্থিত ইয়াৰ চুবুৰীয়া মাউণ্ট সুন্দৰোৰ দৰেই প্ৰতিসম। প্ৰশাসনিকভাৱে, আগ্নেয়গিৰিটো ৩টা ৰিজেন্সিৰ মাজত বিভক্ত: টেমাংগুং, ৱনোছবো, আৰু মাগেলাং।
-
মাউণ্ট কিলিমাঞ্জাৰ'
মাউণ্ট কিলিমাঞ্জাৰ (Kilimanjaro), টাঞ্জানিয়াৰ কিলিমাঞ্জাৰ' ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত এটা সুপ্ত আগ্নেয়গিৰি (volcanic mountain)৷ ইয়াৰ তিনিটা মূখ্য গিৰিশৃংগ আছে- কিব' (Kibo), মাৱেঞ্জি (Mawenzi), আৰু শ্বিৰা (Shira) ৷ ই আফ্ৰিকাৰ সৰ্ব্বোচ্চ পৰ্বত৷ ইয়াৰ কিব' শৃংগৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৫,৮৯৫…
-
সুন্দৰো
মাউণ্ট সুন্দৰো বা চিণ্ডোৰো বা চিণ্ডাৰা ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা অৰ্ধ-সক্ৰিয় স্তৰ আগ্নেয়গিৰি। উত্তৰ-পশ্চিম-দক্ষিণ ফালে পৰজীৱী গহ্বৰ আৰু আগ্নেয়গিৰিৰ শংকু পোৱা যায়; আটাইতকৈ ডাঙৰটোৰ নাম কেম্বাং। এটা সৰু লাভা গম্বুজে আগ্নেয়গিৰিটোৰ শিখৰ দখল কৰিছে।
-
ৰকি পৰ্বতমালা
ৰকি পৰ্বতমালা (Rocky Mountains) হৈছে উত্তৰ আমেৰিকাত অৱস্থিত পৰ্বতশ্ৰেণীসমূহৰ ভিতৰত অন্যতম এক পৰ্বতমালা। ই ব্ৰিটিছ কলম্বিয়া,পশ্চিম কানাডাৰ পৰা নিউ মেক্সিক', দক্ষিণ-পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰ লৈকে ৩০০০ মাইল পৰ্যন্ত বিস্তৃত হৈ আছে।
-
অগস্ত্য মালা
অগস্ত্যমালা বা অগস্ত্যৰকূডম এক গুৰুত্বপূৰ্ণ পৰ্বত-শৃংগ। ই পশ্চিমঘাট পৰ্বতমালাৰ অগস্ত্যমালা জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চলৰ অন্তৰ্ভুক্ত। এই শৃংগটো তামিলনাডুৰ তিৰুনেলভেলী জিলা আৰু কেৰালাৰ তিৰুৱনন্তপুৰম জিলাৰ সীমান্তত অৱস্থিত। এই শৃংগটো মূলতঃ কেৰালাৰ তিৰুৱনন্তপুৰম জিলাত পৰে। ইয়াৰ উচ্চতা ১,৮৬৮ মিটাৰ।
-
আনামুডি
আনামুডি ভাৰতৰ কেৰালা ৰাজ্যৰ এক পৰ্বত। ই এৰ্নাকুলাম জিলা আৰু ইডুক্কি জিলাত অৱস্থিত। মালায়ালম ভাষাত এই নামৰ অৰ্থ হৈছে "হাতীৰ মূৰ।" এই শৃংগটোৰ উচ্চতা ২৬৯৫ মিটাৰ। ই পশ্চিমঘাট পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগ। সমগ্ৰ দক্ষিণ ভাৰতৰ ভিতৰতো এইটোৱে উচ্চতম শৃংগ।
-
এল্পছ
এল্পছ (Alps) ইউৰোপ মহাদেশৰ সৰ্ব্বোচ্চ আৰু বহুলভাৱে বিস্তৃত হৈ থকা পৰ্বতমালা। প্ৰায় ১২০০ কিমি জুৰি থকা এই পৰ্বতমালা আঠখন দেশ ফ্ৰান্স, ম’নাক’,ছুইজাৰলেণ্ড, জাৰ্মানী, ইটালী, অষ্ট্ৰিয়া, লিকটেন্সটেইন (Liechtenstein) আৰু শ্ল’ভেনিয়া পৰ্যন্ত বিস্তৃত হৈ আছে।
-
কৈলাশ পৰ্বত
কৈলাশ পৰ্বত ( Mount Kailash also Kailasa, Gang Tise and Gang Rinpoche or Kangrinboqê) চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ঙাৰী প্ৰিফেকচাৰৰ এটা পৰ্বত। ই তিব্বতী মালভূমিৰ পশ্চিম অংশত ট্ৰেন্সহিমালয়ৰ গাংদিচ শ্বান পৰ্বতমালাত অৱস্থিত।
-
বিন্ধ্যা পৰ্বতমালা
বিন্ধ্যা পৰ্বতমালা ( বিন্ধ্যাচল নামেৰেও জনাজাত) হৈছে পশ্চিম-মধ্য ভাৰতৰ পৰ্বতমালা, পাহাৰ, উচ্চভূমি আৰু মালভূমিৰ ঢালৰ এক বিচ্ছিন্ন শৃংখল। কাৰিকৰী দিশৰপৰা বিন্ধ্যা ভাৰতৰ সৰ্বোচ্চ পৰ্বতমালা।
-
মেৰবাবু
মাউণ্ট মেৰবাবু (ইণ্ডোনেছিয়া:গুনুং মেৰবাবু ) ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ মধ্য জাভা প্ৰদেশৰ এটা নিদ্ৰিত আগ্নেয়গিৰি। জাভানীজ সংযুক্ত শব্দৰপৰা মেৰবাবু নামটোক শিথিলভাৱে ‘ছিৰ পৰ্বত’ বুলি অনুবাদ কৰিব পাৰি; মেৰুৰ অৰ্থ "পৰ্বত" আৰু ৱু বা আবুৰ অৰ্থ "ছাই।" সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট মেৰাপি ইয়াৰ দক্ষিণ-পূব…
-
ৰৈৱতক
ৰৈৱতক পৰ্বত মহাভাৰত মহাকাব্য আৰু হৰিৱংশ-পুৰাণ ২.৫৫.১১১ত উল্লেখ কৰা পৰ্বত আছিল। মহাভাৰতত ইয়াক অনৰ্ত ৰাজ্যত অৱস্থিত বুলি উল্লেখ কৰা হৈছে। হৰিৱংশ-পুৰাণত ইয়াক "ৰজা ৰৈৱতকৰ ক্ৰীড়াক্ষেত্ৰৰ ওচৰত" (২.৫৬.২৯) আৰু ইয়াক "দেৱতাৰ বাসস্থান" (২.৫৫.১১১) বুলি কোৱা হয়।
-
আদি কৈলাশ
আদি কৈলাশ ( Adi Kailash), যাক শিৱ কৈলাশ, চোটা কৈলাশ, বাবা কৈলাশ বা জংলিংকং শৃংগ বুলিও কোৱা হয়, ভাৰতৰ উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ হিমালয় পৰ্বতমালাত অৱস্থিত এটা পৰ্বত।
-
আলভাণ্ড
আলভাণ্ড (Alvand) হৈছে পশ্চিম ইৰাণৰ জাগ্ৰ'ছ পৰ্বতমালাৰ এটা উপশ্ৰণী। এই পৰ্বতমালা হামাদান প্ৰদেশৰ হামাদান চহৰৰপৰা ১০ কিলোমিটাৰ দক্ষিণে অৱস্থিত। ইয়াৰ শিখৰৰ উচ্চতা হৈছে 3580 মিটাৰ.
-
আৰাৱল্লী পৰ্বতমালা
আৰাৱল্লী পৰ্বতমালা (Aravalli Range; বানানভেদে আৰাৱলী বুলিও লিখা হয়) হʼল উত্তৰ-পশ্চিম ভাৰতৰ এলানি পৰ্বতমালা। দক্ষিণ-পশ্চিম দিশত ই প্ৰায় ৬৭০ কিলোমিটাৰ (৪২০ মাইল) বিস্তৃত। ই দিল্লীৰ ওচৰত আৰম্ভ হৈ দক্ষিণ হাৰিয়ানা আৰু ৰাজস্থানৰ মাজেৰে গৈ গুজৰাটৰ আহমেদাবাদত শেষ হৈছে।
-
গংখাৰ পুয়েনছুম
গংখাৰ পুয়েনছুম (Gangkhar Puensum ) ভূটানৰ আটাইতকৈ ওখ পৰ্বত আৰু বিশ্বৰ সৰ্বোচ্চ অনাৰোহী পৰ্বত, ইয়াৰ উচ্চতা ৭,৫৭০ মিটাৰ (২৪,৮৩৬ ফুট) আৰু উচ্চতা ২,৯৯৫ মিটাৰ (৯,৮২৬ ফুট)। জোংখা ভাষাত ইয়াৰ নামৰ অৰ্থ হৈছে "তিনিজন আধ্যাত্মিক ভাতৃৰ বগা শিখৰ"। গংখাৰ পুয়েনছুম ভূটান আৰু তিব্বতৰ সীমান্তত অৱস্থিত।
-
টালিছ পৰ্বতমালা
টালিছ পৰ্বতমালা (Talysh Mountains) হৈছে আজাৰবাইজানৰ লংকাৰান-আস্তাৰা অৰ্থনৈতিক অঞ্চল আৰু ইৰাণৰ আৰ্দাবিল আৰু গিলান প্ৰদেশৰ এটা পৰ্বতমালা
-
নন্দা দেৱী
নন্দা দেৱী কাঞ্চনজংঘাৰ পিছতেই ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত, আৰু সম্পূৰ্ণৰূপে দেশখনৰ ভিতৰত অৱস্থিত আটাইতকৈ ওখ পৰ্বত, কাৰণ কাঞ্চনজংঘা ভাৰত আৰু নেপালৰ সীমান্তত অৱস্থিত।
-
বাণাসুৰ পাহাৰ
বাণাসুৰ পাহাৰ (Banasura Hill) কেৰালাৰ পদিনজাৰাথাৰাত অৱস্থিত। ই কেৰালাৰ ৱায়নাড় জিলাৰ পশ্চিমঘাট পৰ্বতমালাৰ এটা ওখ পৰ্বত। এই পাহাৰটোৰ নাম ভাৰতীয় পৌৰাণিক আখ্যানৰ চৰিত্ৰ বাণাসুৰৰ নামেৰে ৰখা হৈছে। চেম্ব্ৰা শৃংগৰ পিছতে নীলগিৰি আৰু হিমালয়ৰ মাজত অৱস্থিত ২,০০০ মিটাৰতকৈ ওখ শৃংগসমূহৰ ভিতৰত ই অন্যতম।
-
বুৰ্খাণ খাল্ডুন
বুৰ্খাণ খাল্ডুন (ছিৰিলিক ভাষাত: Бурхан Халдун) উত্তৰ-পূব মংগোলিয়াৰ খেণ্টাই অঞ্চলৰ এক খেণ্টাই পৰ্বত। পৰ্বতটো জেংঘিছ খানৰ জন্মস্থল বুলি বিশ্বাস কৰা হয় আৰু ইয়াতেই তেখেতৰ সমাধিস্থল অৱস্থিত। এই স্থান আন এক বিখ্যাত বীৰ চাবুটাইৰ জন্মস্থল।
-
মাউণ্ট ফুজি
মাউণ্ট ফুজি বা Mount Fuji, Mount Fuji (富士山, Fuji-san) জাপানৰ সৰ্বোচ্চ পৰ্বত। ইয়াৰ উচ্চতা3776 মিটাৰ। লগতে ই এটা আগ্নেয়গিৰী। ই শ্বিজোকা আৰু য়ামানাশিৰ সীমাত অৱস্থিত। মাউণ্ট ফুজি জাপানৰ সাংস্কৃতিক চিহ্ন। ২০১৩ চনত ই জাপানৰ ১৩তম ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰিণত হয়।