নদী
৪২ প্ৰবন্ধ
-
নদী
নদী হৈছে স্থলপথেৰে বা গুহাৰ ভিতৰত নিম্ন উচ্চতাত থকা আন এটা পানীৰ ফালে বৈ যোৱা মিঠা পানীৰ প্ৰাকৃতিক ধাৰা, যেনে সাগৰ, হ্ৰদ, বা আন নদী। নদী এখনৰ পানী শেষ হ’লে নিজৰ গতিপথৰ শেষত উপনীত হোৱাৰ আগতে শুকাই যাব পাৰে, বা কেৱল কিছুমান বিশেষ ঋতুতহে বৈ যাব পাৰে।
-
নীল নদী
নীল নদী (النيل,, Egyptian: iteru, অৰ্থাৎ "নদী", Coptic: ⲫⲓⲁⲣⲱ) আফ্ৰিকা মহাদেশ অৱস্থিত পৃথিৱীৰ আটাইতকৈ দীঘল নদী। ইয়াৰ দৈৰ্ঘ্য ৬,৮৫৩ কিমি (৪,২৫৮ মাইল)। নীল নদীক এক আন্তIৰ্জাতিক নদী বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ জলসম্পদ এঘাৰখন দেশে ব্যৱহাৰ কৰে।
-
পেৰিয়াৰ নদী
পেৰিয়াৰ (অৰ্থ: ডাঙৰ নদী) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ আটাইতকৈ দীঘল নদী আৰু সৰ্বাধিক পানী নিষ্কাষণৰ ক্ষমতা থকা নদী। এই অঞ্চলৰ কেইখনমান চিৰপ্ৰৱাহী নদীৰ মদ্যে এইখন অন্যতম আৰু ই কেইবাখনো প্ৰধান চহৰক খোৱাপানী যোগান ধৰে।
-
আমাজান নদী
আমাজান নদী (Amazon River; বা; স্পেনীছ আৰু Amazonas) দক্ষিণ আমেৰিকাত অৱস্থিত দীৰ্ঘতম (পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী) আৰু জলপ্ৰৱাহ (discharge)-ৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম নদী পৃথিৱীৰ সৰ্ববৃহৎ নদী।
-
পদ্মা নদী
পদ্মা (Podma. বাংলাদেশ ৰ এখন প্ৰধান নদী। ই গংগা নদীৰ মূল, দক্ষিণ-পূব দিশলৈ 356 কি.মি. ৰ বাবে বৈ গৈ মেঘনা নদীৰ সৈতে বংগ উপসাগৰৰ ওচৰত লগ হৈ প্ৰবাহিত হৈছে। বাংলাদেশৰ গুৰুত্বপূৰ্ণ চহৰ ৰাজশাহি নগৰ পদ্মা নদীৰ পাৰতে অৱস্থিত। .. ১৯৬৬ চনৰ পৰা ৬৬ হাজাৰ হেক্টৰৰো অধিক মাটি পদ্মা নদীৰ খহনীয়াৰ কবলত পৰিছে।
-
য়াংজে নদী
য়াংজে নদী (Yangtze River) ( or ), (Chinese: 长江, Cháng Jiāng), (চীনা নাম - Chang Jiang বা Yangzi) এছিয়াৰ আটাইতকৈ দীঘল আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী।
-
নাইজাৰ নদী
নাইজাৰ নদী (; (le) fleuve Niger, ) পশ্চিম আফ্ৰিকাৰ এখন প্ৰধান নদী৷ ইয়াৰ দৈৰ্ঘ্য 4180 কি.মি.৷ ইয়াৰ অপবাহ দ্ৰোণী (drainage basin) 2117700 বৰ্গ কি.মি. জুৰি বিস্তৃত হৈ আছে ৷ এই নদীৰ উৎস হৈছে গিনিৰ পৰ্বতাঞ্চল (Guinea Highlands) ৷ এই নদী মালি (Mali), নাইজাৰ (Niger) আৰু নাইজেৰিয়া (Nigeria)ৰ মাজেৰে…
-
ভল্গা নদী
ভল্গা (Volga) (Во́лга) নদী ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী। এই নদী ৰাছিয়াৰ পৰা কাস্পিয়ান সাগৰলৈ বৈ গৈছে। এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী বুলি গণ্য কৰা হয়।
-
ভাৰতপুঝা নদী
ভাৰতপুঝা ( Bharathappuzha) যাক নীলা নদী বুলিও জনা যায়, ভাৰতৰ তামিলনাডু আৰু কেৰালা ৰাজ্যৰ মাজেৰে বৈ যোৱা এখন নদী। ২০৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদীখন কেৰালাৰ মাজেৰে বৈ যোৱা নদীসমূহৰ ভিতৰত পেৰিয়াৰৰ পিছত দ্বিতীয় দীৰ্ঘতম নদী। ভাৰতপুঝা পালাক্কাঁড় গেপৰ মাজেৰে বৈ গৈছে।
-
কৰ্ণফুলি নদী
কৰ্ণফুলি নদী বা কথলাংতুইপুই নদী (মিজোৰামত প্ৰচলিত নাম) বাংলাদেশ-ভাৰতৰ এখন সীমান্তৱৰ্তী নদী। এই নদীখন বাংলাদেশৰ দক্ষিণ-পূৰ্বাঞ্চলৰ এক প্ৰধান নদী। নদীটোৰ বাংলাদেশ অংশৰ দৈৰ্ঘ্য ১৬১ কিলোমিটাৰ, গড় প্ৰস্থ ৪৫৩ মিটাৰ আৰু ইয়াৰ প্ৰকৃতি সৰ্প আকৃতিৰ। ইয়াৰ উপনদী সমূহ হ'ল - হালদা, বোয়ালখালী, কাসালং আৰু সাহনী।
-
চন্দ্ৰগিৰি নদী
চন্দ্ৰগিৰি নদী (Chandragiri River) , কৰ্ণাটকত পয়স্বিনী নদী আৰু কেৰালাত পেৰুমপুঝা নামেৰেও পৰিচিত। ই ভাৰতৰ কেৰালা ৰাজ্যৰ কাছৰগোড় জিলাৰ আটাইতকৈ দীঘল নদী। এই নদীখন চেম্নাডৰ এক ঐতিহাসিক সম্পদ হিচাপে পৰিগণিত। নদীখনৰ নাম মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ নামেৰে ৰখা হৈছিল।
-
ফো ছু
ফো ছু (পুৰুষ নদী) ভূটানৰ অন্যতম প্ৰধান নদী, যিয়ে ইয়াৰ উৎসৰপৰা ভূটান আৰু তিব্বতৰ সীমান্তৰ গাছা জিলালৈকে বৈ গৈছে। ই ড্ৰাটছাং লেনচোগৰ শীতকালীন বাসস্থান পুনাখা ড্জোঙৰ তলৰ সংগমস্থলীত মো ছু (মহিলা নদী)ৰ সৈতে মিলি যায়।
-
মেকং নৈ
মেকং নৈ বা মেকং নদী পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ এখন আন্তঃসীমান্ত নদী। ই বিশ্বৰ দ্বাদশতম সৰ্বাধিক দীঘল নদী আৰু এছিয়াৰ তৃতীয় সৰ্বাধিক দীঘল নদী। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৪,৯০৯ কিলোমিটাৰ (৩,০৫০ মাইল) আৰু ইয়াৰ জলপ্ৰবাহৰ এলেকা ৭৯৫,০০০ বৰ্গ কিলোমিটাৰ (৩০৭,০০০ বৰ্গ মাইল), বছৰি ৪৭৫ কিউবিক কিলোমিটাৰ…
-
মো ছু
মো ছু ভূটানৰ এখন প্ৰধান নদী। ভূটানৰ চৰকাৰী জাতীয় ভাষা ড্জোংখা ভাষাত "চু" শব্দৰ অৰ্থ "নদী" বা "পানী।" ভূটান আৰু তিব্বতৰ সীমান্তৰ ওচৰৰ গাছা জোংখাগ (জিলা)ত এই নদীখনৰ উৎপত্তি হৈছে। তাৰপৰা মো ছু সাধাৰণতে দক্ষিণ দিশে মধ্য ভূটানৰ পুনাখালৈ বৈ যায়, য’ত ই উত্তৰ-পূবৰপৰা ফো ছুৰ লগত মিলি যায়।
-
হোৱাংহো নদী
হোৱাংহো নদী বা হালধীয়া নৈ (Huang He / Yellow River) এছিয়াৰ ভিতৰতে য়াংজে (Yangtze) আৰু য়েনিছেই (Yenisei) নদীৰ পিছত তৃতীয়খন সৰ্বোচ্চ দৈৰ্ঘ্যৰ নৈ। বিশ্বৰ ভিতৰত দৈৰ্ঘ্যৰ ফালৰ পৰা এই নৈৰ স্থান ষষ্ঠ। এই নৈৰ দৈৰ্ঘ্য প্ৰায় 5464 কি.মি.।
-
ইথিক্কাৰা নদী
ইথিক্কাৰা নদী (Ithikkara River) কেৰালা, ভাৰতৰ এখন ৫৬ কিলোমিটাৰ দীঘল নদী। ই পশ্চিমঘাটৰ কুলাথুপুঝা অঞ্চলত উৎপত্তি হৈ কোল্লাম জিলাৰ মাজেৰে বৈ গৈ অৱশেষত পৰাভুৰ হ্ৰদত মিলিত হৈছে। নদীখনৰ পাৰত থকা ইথিক্কাৰা গাঁওখন কোল্লাম বন্দৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত।
-
চলিয়াৰ নদী
চলিয়াৰ নদী (Chaliyar River) হৈছে কেৰালা, ভাৰতৰ চতুৰ্থ দীঘলীয়া নদী। ইয়াৰ দৈৰ্ঘ্য ১৬৯ কিলোমিটাৰ। চলিয়াৰ নদীখনক চুলিকা নদী, নীলাম্বুৰ নদী বা সাগৰৰ ওচৰত অৱস্থিত হোৱাৰ বাবে বেইপোৰ নদী বুলিও কোৱা হয়। ইয়াৰ উপনৈসমূহ মালাপ্পুৰম আৰু কোজিকোড় দুয়োখন জিলাৰ মাজেৰে বৈ গৈছে।
-
চালাকুডী নদী
চালাকুডী নদী বা চালাকুডী পুঝা (Chalakudy River or Chalakudy Puzha) কেৰালা, ভাৰতৰ পঞ্চম দীঘল নদী। এই নদীখন কেৰালাৰ থ্ৰিছুৰ, পালাক্কাড আৰু এৰ্ণাকুলাম জিলাৰ মাজেৰে বৈ গৈছে। নদীখনৰ মুঠ জলনিৰ্গমন (drainage) অঞ্চল ১,৭০৪ বৰ্গ কিলোমিটাৰ। ইয়াৰে ১,৪০৪ বৰ্গ কিলোমিটাৰ কেৰালাত আৰু বাকী অংশ তামিলনাডুত অৱস্থিত।
-
ডানয়ুব নদী
ডানয়ুব নদী (, also known by other names) ইউৰোপৰ দ্বিতীয় সৰ্ববৃহৎ নদী আৰু ই কেন্দ্ৰীয় আৰু পূব ইউৰোপত প্ৰবাহিত হৈছে। ডানয়ুব নদী ঐতিহাসিকভাৱে ৰোমান সাম্ৰাজ্যৰ এক প্ৰধান অংশ আছিল আৰু বৰ্তমান ই দহখন দেশৰ মাজেৰে প্ৰবাহিত হৈ আছে। এই নদী জাৰ্মানীত আৰম্ভ হৈ দক্ষিণ-পূব দিশত মুঠ 1,914 কি.মি. জুৰি বৈ গৈছে।
-
তিৰুৰ নদী
তিৰুৰ নদী বা তিৰুৰ-পোন্নানি (Tirur River or Tirur-Ponnani River) নদী দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ তিৰুৰ তালুকৰ আথাৱানাড গাঁৱৰপৰা উৎপত্তি হৈছে। নদীখন প্ৰথমে দক্ষিণ-পশ্চিম দিশে থিৰুনাভায়ালৈ বৈ যায় আৰু তাৰ পিছত উত্তৰ-পশ্চিম দিশে এলামকুলামলৈ আগবাঢ়ে।
-
নেয়াৰ নদী
নেয়াৰ নদী (Neyyar River) কেৰালাৰ তিৰুৱনন্তপুৰম জিলাৰ মাজেৰে বৈ যোৱা প্ৰায় ৫৬ কিলোমিটাৰ দীঘল এখন নদী। ইয়াৰ উৎপত্তি পশ্চিমঘাটৰ অগস্ত্য মালা (অগস্ত্যাৰকূডম) অঞ্চলত। তিৰুৱনন্তপুৰম জিলাৰ নেয়্যাট্টিনকাৰা চহৰখন এই নদীৰ পাৰত অৱস্থিত আৰু নদীখনৰ নাম অনুসৰিয়েই চহৰখনৰ নামকৰণ কৰা হৈছে।
-
বেকী নদী
বেকী নদী যাক ভূটানত কুৰিশ্বু নদী বুলিও জনা যায়, মহান ব্ৰহ্মপুত্ৰ নদীৰ সোঁপাৰৰ অন্যতম উপনৈ, যি ভূটান অঞ্চলৰ পৰা তললৈ বৈ আহিছে যদিও ইয়াৰ বৃহৎ অংশ অসমৰ মাজেৰে বৈ যায়।
-
মিছিছিপি নদী
মিছিছিপি নদী উত্তৰ আমেৰিকা মহাদেশীয় অপবাহ প্ৰণালী (drainage system) ৰ প্ৰধান নদী৷ আমৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতে মূলত: প্ৰবাহিত হোৱা এই নদী মিনোছ’টাৰ উত্তৰে উৎপত্তি হৈ দক্ষিণলৈ 2320 মাইল জুৰি বৈ গৈ Gulf of Mexico ৰ মিছিছিপি নদীৰ ব-দ্বীপ (Mississippi River Delta) ত পৰিছেগৈ৷ ইয়াৰ বিভিন্ন উপনৈসমূহৰ…
-
সুৰু নদী
সুৰু নদী ভাৰতৰ লাডাখৰ কাৰ্গিল জিলাৰ মাজেৰে বহুলাংশে বৈ গৈ পাকিস্তানৰ গিলগীত-বাল্টিস্তানলৈ বৈ যোৱা সিন্ধু নদীৰ উপনৈ। সুৰু উপত্যকা কাৰ্গিল তহচিলৰ সৈতে সমবিস্তৃত, ইয়াৰ পাৰত কাৰ্গিল চহৰ অৱস্থিত। এই নদীখনে গিলগিট-বাল্টিস্তানৰ খাৰমাং জিলাত প্ৰৱেশ কৰে, কিছু সময় পাৰ হৈ মাৰোলৰ ওচৰৰ সিন্ধুৰ সৈতে মিলিত হয়।
-
ৰাইন
ৰাইন (Rhein; Rhin; Rijn) এখন ইউৰোপীয়ান নদী। ১২৩০ কিমি দীঘল এই নদীখন কেন্দ্ৰীয় আৰু পশ্চিম ইউৰোপৰ দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী ৰাইন আৰু ড’নুবে (Danube) নদীয়ে ৰোমান সাম্ৰাজ্যৰ উত্তৰদিশ সামৰি আছিল আৰু তেতিয়াৰে পৰা বাণিজ্য সম্প্ৰসাৰণ তথা জলজ সম্পদৰ ক্ষেত্ৰত এই নদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি…
-
আচানকোভিল নদী
অচানকোভিল নদী (Achankovil River) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মাজেদি বৈ যোৱা ১২৮ কিলোমিটাৰ (৮০ মাইল) দীঘল এখন পশ্চিমমুখী প্ৰৱাহিত নদী। এই নদীখন কেৰালাৰ কোল্লাম, পাথানামথিট্টা আৰু আলাপ্পুঝা জিলাৰ মাজেৰে বৈ গৈছে।
-
উপ্পালা নদী
উপ্পালা নদী (Uppala River) কৰ্ণাটক আৰু কেৰালা ৰাজ্যৰ মাজেৰে বৈ গৈছে।উপ্পালা নদীখনৰ দৈৰ্ঘ্য ৫০ কিলোমিটাৰ আৰু ই কেৰালাৰ ২৬সংখ্যক দীৰ্ঘতম নদী। নদীখন কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ বীৰাকাম্বা পাহাৰৰ পৰা সাগৰপৃষ্ঠৰ পৰা ১৫০ মিটাৰ উচ্চতাত উৎপত্তি হৈছে।
-
কংগো নদী
কংগো নদী (also known as the Zaire River; (le) fleuve Congo / Zaïre; rio Congo / Zaire) আফ্ৰিকাত অৱস্থিত এখন নদী৷ ক্ষৰণ ( discharge) ৰ দিশৰ পৰা আমাজানৰ পিছতেই এই নদী বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ নদী ৷ তাৰোপৰি 220 মিটাৰ গভীৰতাৰে কংগো নদীক বিশ্বৰ সৰ্বোচ্চ গভীৰতাৰ নদী বুলিও গণ্য কৰা হয়৷ কংগো নদীৰ…
-
কদালুণ্ডী নদী
কদালুণ্ডী নদী (কদলুণ্ডীপুঝা) (Kadalundi River(Kadalundipuzha) ) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ মাজেৰে বৈ যোৱা চাৰিখন প্ৰধান নদীৰ ভিতৰত অন্যতম। আন তিনিখন নদী হৈছে চালিয়াৰ, ভাৰতপুঝা আৰু তিৰুৰ নদী। এই বৰষুণনিৰ্ভৰ নদীখনৰ দৈৰ্ঘ্য ১৩০ কিলোমিটাৰ (৮১ মাইল) আৰু ই জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ নদী।
-
কাবিনী নদী
কাবিনী নদী The Kabini River, নদী দক্ষিণ ভাৰতৰ কাবেৰী নদীৰ অন্যতম প্ৰধান উপনৈ, ইয়াৰ উৎপত্তি কেৰেলা ৰাজ্যৰ ৱায়ানাদ জিলাত পানামাৰাম নদী আৰু মানান্থাভাডি নদীৰ সংগমস্থলীৰ পৰা হয়। ই ৱায়ানাদ জিলাৰ মাজেৰে পূব দিশলৈ বৈ গৈ কৰ্ণাটকৰ মহীশূৰ জিলাত প্ৰৱেশ কৰি কৰ্ণাটকৰ মহীশূৰ জিলাৰ কাবেৰী নদীৰ সৈতে মিলিছে।