ডিকি ডলমা (Dicky Dolma; জন্ম: ৫ এপ্ৰিল ১৯৭৪) ডিকি ডলমা এগৰাকী ভাৰতীয় নাৰী, তেওঁ ১৯ বছৰ বয়সত ১৯৯৩ চনৰ ১০ মে তাৰিখে মাউণ্ট এভাৰেষ্টৰ শীৰ্ষবিন্দু আৰোহণ কৰা সবাতোকৈ কম বয়সৰ নাৰী হিচাপে পৰিচিত।১২ এই ঐতিহাসিক ক্ষণটি সম্ভৱ হৈ উঠিছিল ভাৰত-নেপালৰ মহিলা এভাৰেষ্ট অভিযানৰ সময়ত। এই ইণ্ডো-নেপাল মহিলা এভাৰেষ্ট অভিযানৰ নেতৃত্বত আছিল বাচেন্দ্ৰী পাল। তেওঁ ১৯৮৪ চনত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা। ডিকি এচিয়াৰ এগৰাকী 'স্কাই' খেলুৱৈও। তেওঁ ১৯৯৯ চনত অনুষ্ঠিত হোৱা 'অল ইণ্ডিয়া অ'পেন অলি স্কাই ফেষ্টিভেল' তথা 'এচিয়ান শীতকালীন গেমস'ৰ অনেক ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ 'মানালি ইনষ্টিটিউট'ত স্কাই প্ৰশিক্ষণ তথা মৌলিক পৰ্বতাৰোহণ কোৰ্স গ্ৰহণ কৰিছিল। ডলমা বৰ্তমান মানালিৰ (ভাৰত) পলচাঁন গ্ৰামত বাস কৰে।৩
এভাৰেষ্ট আৰোহণৰ চূড়ান্ত প্ৰতিযোগিতাৰ তালিকাৰ সবাতোকৈ কম বয়সীয়া নাৰী হিচাপে ডলমাৰ নাম চিৰপৰিচিত।৪ ২০১৬ চনৰ ২১ এপ্ৰিল তাৰিখে ডলমাক আজীৱন কৰ্মসম্পাদনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ (lifetime achievement award)-ৰে ভূষিত কৰা হয়।৫
তথ্যসূত্ৰ
- ↑ New Seasons Course Book 6, 2/E By Manuja Sarita, Page 85
- ↑ Everest 2005: Chris Harris, 14
- ↑ Punjab History Conference, Thirty-seventh Session, March 18-20, 2005(Google Books)
- ↑ Adventure Stats
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিকি ডলমা” প্ৰবন্ধৰ সংশোধন ৬১০৭৫০ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।