অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

খনমা

খনমা নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা বিছ কিলোমিটাৰ পশ্চিমে অৱস্থিত এখন আংগামী নগা গাওঁ। গাওঁখনক স্থানীয় এবিধ উদ্ভিদ (Glouthera fragrantisima) ৰ আংগামী নাম অনুসৰি ’Khwuno-ra’ বুলিও জনা যায়। খনমাৰ মুঠ জনসংখ্যা ১৯৪৩ জন আৰু ৪২৪টা পৰিয়াল। খনমাক ভাৰতৰ প্ৰথমখন সেউজ গাওঁ বুলি গণ্য কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

খনমা নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা বিছ কিলোমিটাৰ পশ্চিমে অৱস্থিত এখন আংগামী নগা গাওঁ।

গাওঁখনক স্থানীয় এবিধ উদ্ভিদ (Glouthera fragrantisima) ৰ আংগামী নাম অনুসৰি ’Khwuno-ra’ বুলিও জনা যায়। খনমাৰ মুঠ জনসংখ্যা ১৯৪৩ জন আৰু ৪২৪টা পৰিয়াল১। খনমাক ভাৰতৰ প্ৰথমখন সেউজ গাওঁ বুলি গণ্য কৰা হয়।

ভৌগোলিক অৱস্থিতি

খনমাৰ মূলত: পাহাৰীয়া। ইয়াৰ পাহাৰবোৰ সেউজ অৰণ্যৰে আৱৰি আছে। নাগালেণ্ডৰ ৰাজ্যিক চৰাই, ব্লাইথ’ছ ট্ৰগ’পান (Blyth's tragopan) খনমাৰ অৰণ্যত দেখা পোৱা যায়।২

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি খনমাত বসবাস কৰা মুঠ পৰিয়ালৰ সংখ্যা ৪২৪টা আৰু জনসংখ্যা ১৯৪৩ জন। ইয়াৰে ৯১৯ জন পুৰুষ আৰু ১০২৪ গৰাকী মহিলা।

গাওঁখন তিনিটা খেলত বিভক্ত- মেৰহুমা (Merhüma, M-Khel), চেম’মা (Semoma, S-Khel) আৰু থেভ’মা (Thevoma,T-Khel).

খনমাৰ সাক্ষৰতাৰ হাৰ নাগালেণ্ডৰ ৰাজ্যিক হাৰতকৈ অধিক। ২০১১ চনৰ লোকপিয়ল অনুসৰি খনমাৰ নাগালেণ্ডৰ ৭৯.৫৫% ৰ বিপৰীতে ৮৩.৪১% লোক সাক্ষৰ। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৩.৭২% আৰু মহিলাৰ ৭৪.১৯%৩

ভাৰত চৰকাৰৰ পঞ্চায়তী ৰাজ আইনৰ অধীনত খনমা গাওঁখন গাওঁবুঢ়াই পৰিচালনা কৰে।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Census 2011, Khonoma village Data
  2. ↑ KHONOMA - The First Green Village
  3. ↑ Census 2011, Literacy rate in Khonoma village

সম্পৰ্কিত শ্ৰেণী

নাগালেণ্ডভাৰতৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খনমা” প্ৰবন্ধৰ সংশোধন ৩৮০৬০২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।