ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অসমৰ বিমানবন্দৰসমূহ
-
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা তলত দিয়া হৈছে
-
আঠিয়াবাৰী
ভাৰতৰ অসম ৰাজ্যৰ অন্তৰ্গত বাক্সা জিলাৰ এখন লোকপিয়ল গাঁও আঠিয়াবাৰী। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি আঠিয়াবাৰী গাঁৱৰ মুঠ জনসংখ্যা ৪,২৩৪ জন, তাৰে পুৰুষ ২,১৪১জন আৰু মহিলা ২,০৯৩জনী আছে।
-
আদ্ৰাৰ মালভূমি
আৰ্দ্ৰাৰ (আৰবী: هضبة آدرار, বাৰ্বাৰ ভাষাত "পৰ্বত") উত্তৰ মৰিটানিয়াৰ চাহাৰা মৰুভূমিৰ এটা প্ৰাকৃতিক উচ্চভূমি আৰু ঐতিহাসিক অঞ্চল। মৰিটানিয়াৰ এটা প্ৰশাসনিক বিভাগ আৰ্দ্ৰাৰ অঞ্চলৰ পৰম্পৰাগত অঞ্চলটোৰ নামেৰে নামকৰণ কৰা হৈছে।
-
আহমেদনগৰ ৰাজ্য
আহমেদনগৰ ৰাজ্য আছিল নিজাম শ্বাহী ৰাজবংশৰ দ্বাৰা শাসিত পশ্চিম দাক্ষিণাত্যত অৱস্থিত এক মধ্যযুগীয় মাৰাঠী ৰাজ্য। 1490 চনৰ 28 মে 'ত জুনাৰ বাহমনী গৱৰ্ণৰ মালিক আহমেদে জেনেৰেল ঝাংগিৰ খানৰ নেতৃত্বত থকা বাহমনী সৈন্যবাহিনীক পৰাস্ত কৰি স্বাধীনতা ঘোষণা কৰাৰ পিছত এই ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিল।
-
আৰানমুলা কান্নাড়ি
আৰানমুলা কান্নাড়ি (ആറന്മുളക്കണ്ണാടി, মানে Aranmula mirror বা আৰানমুলা দাপোন) হল এক প্ৰকাৰৰ হস্তজাত ধাতৱ দাপোন। এই দাপোন কেৱল ভাৰতৰ কেৰালা ৰাজ্যৰ আৰানমুলা গাৱত তৈয়াৰ কৰা হয়।
-
আৰাৱল্লী পৰ্বতমালা
আৰাৱল্লী পৰ্বতমালা (Aravalli Range; বানানভেদে আৰাৱলী বুলিও লিখা হয়) হʼল উত্তৰ-পশ্চিম ভাৰতৰ এলানি পৰ্বতমালা। দক্ষিণ-পশ্চিম দিশত ই প্ৰায় ৬৭০ কিলোমিটাৰ (৪২০ মাইল) বিস্তৃত। ই দিল্লীৰ ওচৰত আৰম্ভ হৈ দক্ষিণ হাৰিয়ানা আৰু ৰাজস্থানৰ মাজেৰে গৈ গুজৰাটৰ আহমেদাবাদত শেষ হৈছে।
-
ইয়' জিমা
ইয়' জিমা, officially Iō-tō, হৈছে জাপানৰ তিনিটা আগ্নেয়গিৰি দ্বীপৰ মাজৰটো। পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দ্বীপটো প্ৰায় ৫ মাইল (৮ কি:মি:) দীঘল, ৭৩০ মিটাৰ-৪ কি:মি: বহল, আৰু ইয়াৰ মাটিকালি ৮ বৰ্গমাইল (২০ বৰ্গকি:মি:)। ই ট'কিয়' পৰা ৬৫০ নটিকেল মাইল (৭৫০ মাইল; ১২০০ কি:মি:) দূৰত অৱস্থিত।
-
উত্তৰ কামাখ্যাগুৰি
উত্তৰ কামাখ্যাগুৰি পশ্চিমবংগ ৰাজ্যৰ আলিপুৰদুৱাৰ জিলাত অৱস্থিত কুমাৰগ্ৰাম সমষ্টি উন্নয়ন ব্লক’ৰ অন্তৰ্গত কুমাৰগ্ৰাম আৰক্ষী চকীৰ অধীনস্থ এটি জনগণনা নগৰ।
-
উপ্পালা নদী
উপ্পালা নদী (Uppala River) কৰ্ণাটক আৰু কেৰালা ৰাজ্যৰ মাজেৰে বৈ গৈছে।উপ্পালা নদীখনৰ দৈৰ্ঘ্য ৫০ কিলোমিটাৰ আৰু ই কেৰালাৰ ২৬সংখ্যক দীৰ্ঘতম নদী। নদীখন কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ বীৰাকাম্বা পাহাৰৰ পৰা সাগৰপৃষ্ঠৰ পৰা ১৫০ মিটাৰ উচ্চতাত উৎপত্তি হৈছে।
-
উমছিয়াং ডাবল-ডেকাৰ ৰুট ব্ৰীজ
উমছিয়াং ডাবল-ডেকাৰ ৰুট ব্ৰীজ (Umshiang Double-Decker Root Bridge) হ'ল ভাৰতৰ মেঘালয় ৰাজ্যত অৱস্থিত এখন জীৱন্ত ৰুট ব্ৰীজ। চেৰাপুঞ্জীৰ পৰা ৪৫ কিলোমিটাৰ (২৮ মাইল) বা ৬৫০০ খোজ ট্ৰেকিং কৰি ইয়ালৈ যাব পাৰি। ইয়াৰ ওচৰতে আছে এটি জলপ্ৰপাত। পৰ্যটনৰ বাবেই ৰুট ব্ৰীজৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।
-
উষাপুৰ
উষাপুৰ ডিব্ৰুগড় জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন গাঁও৷ উষাপুৰ গাঁৱৰ পূবে গৰীয়াবাম গাঁও, পশ্চিমে বুঢ়ীদিহিং নৈ, উত্তৰে পদুমনি,ৰূপহী গাঁও আৰু দক্ষিণে টিপাম গাঁও৷ যথেষ্ঠ সাৰুৱা এই অঞ্চলত অইলৰ কেইবাটাও তৈল খাদৰ ওপৰি এটা অ চি এছ আছে৷
-
উৰপদ বিল
উৰপদ বিল অসমৰ গোৱালপাৰা জিলাৰ আগিয়া গাঁৱত অৱস্থিত এখন প্ৰাকৃতিক বিল। এই হ্ৰদটো গোৱালপাৰা জিলাৰ জিলা সদৰৰ পৰা ৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত। উৰপদ বিল অসমৰ অন্যতম বৃহৎ প্ৰাকৃতিক হ্ৰদ।
-
এছিয়া মহাদেশ পৰা অস্কাৰ বঁটা বিজয়ী আৰু মনোনীতৰ তালিকা
বিশ্বৰ সৰ্ববৃহত্ মহাদেশ এছিয়া জনসংখ্য়াৰ ফালৰ পৰাও সৰ্বোচ্চ। সেই অনুপাতে মহাদেশখনৰ মুঠ ৪৪ খন দেশৰ বিভিন্ন পৰিচালকে নিৰ্মাণ কৰা বিভিন্ন চলচিত্ৰ বিশ্বৰ সৰ্বোত্তম চলচিত্ৰ বঁটা অস্কাৰৰ বাবে বিভিন্ন সময়ত নিৰ্বাচিত হৈছে আৰু বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।
-
এছিয়াৰ ৰাষ্ট্ৰসমূহৰ তালিকা
নিম্নোলিখিত ৪৯খন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ সদস্য. {| ! পতাকা !! মানচিত্ৰ !! ইংৰাজী নাম !! স্থানীয় নাম !! জনসংখ্যা !! মাটিকালি |- | ||
-
এলাহাবাদী মধুৰীআম
এলাহাবাদী মধুৰীআম বা এলাহাবাদী চুৰখা, যাক এপল গুৱাভা বুলিও জনা যায়, সাধাৰণ বগা ৰঙৰ পৰিৱৰ্তে ভিতৰত গভীৰ গোলাপী ৰঙৰ আৰু বাহিৰৰ ছাল আপেলৰ দৰে ৰঙা। এই ফলটো মিঠা, আৰু কম গুটিৰ সৈতে প্ৰচুৰ সোৱাদযুক্ত আৰু দুয়ো মূৰ সমান্য চাপ খোৱা হয়। উদ্ভিদবোৰ শক্তিশালী, গম্বুজ আকৃতিৰ আৰু সংকুচিত।
-
ঔষধিপৰ্বত
ঔষধিপৰ্বত হৈছে ৰামায়ণত বৰ্ণিত ঔষধি উদ্ভিদেৰে পৰিপূৰ্ণ এক পৰ্বত। লংকাত ৰাম আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে ৰামৰ ভ্ৰাতৃ লক্ষ্মণক বাসৱী শক্তি বা শক্তিশেলেৰে আক্ৰমণ কৰে আৰু লক্ষ্মণ নিশ্চিত মৃত্যুৰ মুখত পৰে। তেওঁক আৰোগ্য কৰিবলৈ জাম্বৱনৰ পৰামৰ্শ অনুযায়ী হনুমান হিমালয়লৈ যাত্ৰা কৰে।
-
কচুপথাৰ গাঁও
কচুপথাৰ গাঁও হৈছে অসমৰ চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা ৰাজহ চক্ৰৰ অধীনস্থ এখন ৰাজহ গাঁঁও। এইখন গাঁৱৰ পূবে জজলী হাবি গাঁও, পশ্চিমে খোকামৰা লাওজান গাঁও, উত্তৰে টিফুক নৈ আৰু দক্ষিণে মৰাণজান গাঁও অৱস্থিত। গাঁওখনত প্ৰায় ৮০০ জন লোক বসবাস কৰে।
-
কমলাপুৰ ৰেল ষ্টেচন
কমলাপুৰ ৰেল ষ্টেচন (বাংলা: কমলাপুৰ ৰেলওয়ে ষ্টেশন) হৈছে বাংলাদেশৰ ৰাজধানী ঢাকাত অৱস্থিত কেন্দ্ৰীয় ৰেল ষ্টেচন; যাক প্ৰাতিষ্ঠানিকভাবে ঢাকা ৰেল ষ্টেচন বুলি জনা যায়। এইটো দেশৰ আটাইতকৈ ডাঙৰ ষ্টেচন আৰু পৰিবহণৰ ক্ষেত্ৰত ব্যস্ততম আন্তঃগাঁথনি। কমলাপুৰ ৰেল ষ্টেচন ৰাজধানীৰ প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰা হয়।
-
কলিকতা জিলা
কলিকতা জিলা (Kolkata district) হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ এখন জিলা, যাৰ মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত।
-
কাপলা বিল
কাপলা বিল (Kapla Beel) হʼল অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বনিয়াকুছি-হালধীবাৰীৰ দক্ষিণ দিশত অৱস্থিত এখন আৰ্দ্ৰভূমি আৰু হ্ৰদ।
-
কুকুৰ গাঁও
কুকুৰ হৈছে মধ্য আলবেনিয়াৰ এলবাছান জিলাৰ এখন গাঁও আৰু পূৰ্বৰ এটা পৌৰসভা। ২০১৫ চনৰ স্থানীয় চৰকাৰী পুনৰ্গঠন অনুসৰি, ই গ্ৰামচ পৌৰসভাৰ এটা উপবিভাগ হিচাপে অন্তৰ্ভুক্ত হয়। ২০১১ চনৰ জনগণনাৰ অনুসৰি ইয়াৰ জনসংখ্যা আছিল ২,৫৬০ গৰাকী।
-
কুটিয়াদি
কুটিয়াডি (Kuttiady) কেৰালা ৰাজ্যৰ কোঝিকোড জিলাৰ অন্যতম বৃহৎ চহৰ। কুটিয়াদি কেৰালাৰ কুটিয়াডি নদীৰ পাৰত অৱস্থিত। চহৰখন পশ্চিমঘাট পৰ্বতমালাৰ ঢালত অৱস্থিত। কুটিয়াডি কেৰালাৰ ১৪০টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম।
-
কোৱাই কোৰা কপাহী শাড়ী
কোৱাই কোৰা কপাহী বা কোভাই কোৰা কপাহী শাড়ী ভাৰতৰ তামিলনাডুৰ কইম্বাটুৰ অঞ্চলত নিৰ্মিত একপ্ৰকাৰৰ কপাহী শাড়ী। ২০১৪–১৫ চনত ভাৰত চৰকাৰে ইয়াক ভৌগোলিক ইংগিত হিচাপে স্বীকৃতি দিছে।
-
খোৱাই নদী
খুৱাই নদী (Khowai River) হৈছে ভাৰতবৰ্ষৰ ত্ৰিপুৰা ৰাজ্য আৰু বাংলাদেশৰ এখন নদী। আথাৰামুৰা পৰ্বতৰ উত্তৰ অংশত এই নদীখনৰ উৎপত্তি হৈছে। এই নদীখন পশ্চিম আৰু উত্তৰলৈ বৈ গৈ বাংলাদেশৰ ছিলেট জিলাত প্ৰৱেশ কৰিছে। তাৰ পিছত পূব দিশে বৈ গৈ মেঘনা নদীৰ লগত মিলি গৈছে।
-
গড় দ’ল
গড় দ'ল বা গড় দৌল শোণিতপুৰ জিলাত অৱস্থিত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সংৰক্ষিত স্থান। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নৰ অন্যতম। ই তেজপুৰৰ পৰা প্ৰায় ৭ কিঃমিঃ নিলগত তৰাজান কুমাৰগাঁৱত অৱস্থিত। গড় দ'লৰ ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে প্ৰদান কৰা নম্বৰ হ'ল S-AS-95।
-
গান্ধী হিল, বিজয়বাড়া
গান্ধী হিল অথবা গান্ধী পাহাৰ (Gandhi Hill; উচ্চতা - প্ৰায় ৫০০ ফুট বা ১৫০ মিটাৰ) হৈছে বিজয়ৱাড়া ৰেল ষ্টেচনৰ পিছফালে তাৰাপেট অঞ্চলৰ বিজয়ৱাড়াত অৱস্থিত এটা পাহাৰ। এই পাহাৰত নিৰ্মিত গান্ধী স্মাৰকটো হৈছে দেশৰ ভিতৰতে প্ৰথম সাতটা স্তূপ থকা স্থাপত্য। পাহাৰটো গান্ধী নামেৰেও জনপ্ৰিয়।
-
গোহাঁই টেকেলা গাঁও
গোহাঁই টেকেলা গাঁও যোৰহাট মহানগৰৰ পূৱত অবস্থিত এখন সৰু গাঁও। ইয়াৰ দক্ষিণ দিশৰপৰা পশ্চিমলৈ ভোগদৈ নদী বৈ গৈছে। উত্তৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাঁইপথ আৰু পূবে ২ নং বামুন গাঁও অৱস্থিত। গোহাঁই টেকেলা গাঁৱত প্ৰায় ৫৮৯ ঘৰত প্ৰায় ২৫৯৩ মানুহে বসবাস কৰে।
-
গৌৰাং
গৌৰাং (ইংৰাজী: Gwrang) হৈছে ৯৮ কিলোমিটাৰ দীঘল এখন নদী, যিখন ভূটানত উৎপত্তিলাভ কৰি দক্ষিণলৈ ভাৰত অভিমুখে বৈ আহিছে। এই নদীখনে প্ৰথমে অসমৰ চিৰাং জিলাত প্ৰৱেশ কৰে, য’ত ইয়াৰ নাম স্বৰ্মাঙ্গা (Swrmanga) হয়।
-
চন্দ্ৰপুৰ, গুৱাহাটী
চন্দ্ৰপুৰ পাহাৰেৰে আবৃত, আৰু ই মূলতঃ এক ঔদ্যোগিক অঞ্চল। ASEB থাৰ্মেল প্ৰকল্পটো চন্দ্ৰপুৰ চহৰৰ প্ৰধান ঔদ্যোগিক প্ৰকল্পসমূহৰ এক অন্যতম প্ৰকল্প। অঞ্চলটোত এনটিচি (NTC) প্ৰকল্পটো বন্ধ কৰি দিয়া হয় আৰু এএছএফচি লিমিটেড (ASFC Ltd.) প্ৰকল্পটো বৰ্তমান কাৰ্যক্ষম অৱস্থাত আছে।