কেৰালা
৭৮ প্ৰবন্ধ
-
কেৰালা
কেৰালা (কেৰল বা কেৰেলা বুলিও কোৱা হয়; Kerala, കേരളം কেৰলম্) ভাৰতৰ দক্ষিণ-পশ্চিমাঞ্চলৰ মালবাৰ উপকূলত অৱস্থিত এখন ৰাজ্য। পূৰ্বৰ ট্ৰাভঙ্কৰ-ক’চিন ৰাজ্য আৰু মাদ্ৰাজ ৰাজ্যৰ মালয়ালমভাষী অঞ্চলসমূহক একত্ৰিত কৰি ৰাজ্য পুনৰ্গঠন আইনৰ অনুসৰি ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰালা ৰাজ্যৰ গঠন কৰা হয়।
-
কোচি
কোচি (Kochi,, ) ভাৰতৰ এখন প্ৰধান বন্দৰ নগৰ। ইয়াক আগতে কোচিন ( Cochin, ), বুলি জনা গৈছিল। এই চহৰখন মালাবাৰ উপকূলত অৱস্থিত। ইয়াৰ কাষতে লাক্ষাদ্বীপ সাগৰ আছে। কোচি চহৰখন কেৰালা ৰাজ্যৰ এৰ্নাকুলাম জিলাৰ অন্তৰ্গত। ইয়াৰ প্ৰধান বাণিজ্যিক অঞ্চলটোক এৰ্নাকুলাম বুলি কোৱা হয়।
-
তিৰুৱনন্তপুৰম
তিৰুৱনন্তপুৰম ( Thiruvananthapuram, തിരുവനന്തപുരം) ভাৰতৰ কেৰেলা ৰাজ্যৰ ৰাজধানী চহৰ। এই চহৰৰ আন এটা নাম ত্ৰিবান্দ্ৰম। ২০১১ চনৰ লোকপিয়ল অনুসৰি, তিৰুৱনন্তপুৰম পৌৰ নিগমৰ জনসংখ্যা আছিল ৯,৫৭,৭৩০ জন। এই চহৰখন ২১৪.৮৬ বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত। ই কেৰেলাৰ আটাইতকৈ বেছি জনসংখ্যা থকা চহৰ।
-
আলাপ্পুয়া
আলাপ্পুয়া (Alappuzha, ) বা আল্লেপ্পী হ’ল ভাৰতৰ দক্ষিণৰ ৰাজ্য কেৰালাৰ লাক্ষাদ্বীপ সাগৰৰ পাৰত অৱস্থিত এখন পৌৰসভা আৰু চহৰ। এইখন আলাপ্পুয়া জিলাৰ প্ৰশাসনিক সদৰ। এই চহৰখন ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা প্ৰায় ১৩০ কিলোমিটাৰ উত্তৰে অৱস্থিত।
-
নীলগিৰি
নীলগিৰি পৰ্বতমালা (Nilgiri Mountains) দক্ষিণ ভাৰতৰ পূৰ্ব ঘাট আৰু পশ্চিম ঘাট পৰ্বতমালাৰ সংযোগস্থলত অৱস্থিত এক পৰ্বতমালা। ই তামিলনাডু, কৰ্ণাটক আৰু কেৰালা ৰাজ্যলৈকে বিস্তৃত। এই পৰ্বতমালাই এক ৫৬ কিলোমিটাৰ দীঘল আৰু ৩২ কিলোমিটাৰ বহল মালভূমি গঠন কৰিছে।
-
পেৰিয়াৰ নদী
পেৰিয়াৰ (অৰ্থ: ডাঙৰ নদী) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ আটাইতকৈ দীঘল নদী আৰু সৰ্বাধিক পানী নিষ্কাষণৰ ক্ষমতা থকা নদী। এই অঞ্চলৰ কেইখনমান চিৰপ্ৰৱাহী নদীৰ মদ্যে এইখন অন্যতম আৰু ই কেইবাখনো প্ৰধান চহৰক খোৱাপানী যোগান ধৰে।
-
বিষু
বিষু (মালয়ালম: വിഷു) হৈছে ভাৰতৰ কেৰালা, তুলুনাডু আৰু মাহেত মালয়ালী নৱবৰ্ষ উদযাপন কৰা হিন্দু উৎসৱ।বিষু মালয়ালম পঞ্জিকাত মেডাম মাহৰ প্ৰথম দিনত পৰে (গ্ৰেগ'ৰিয়ান পঞ্জিকাত ১৪ বা ১৫ এপ্ৰিল)। ই পৰম্পৰাগত নতুন বছৰ, আনহাতে কোলাম যুগৰ কেলেণ্ডাৰ নতুন বছৰ ১ম চিংহামত পৰে।
-
অষ্টমুদি হ্ৰদ
অষ্টমুদি হ্ৰদ (মালয়ালম: അഷ്ടമുടിക്കായൽ; Ashtamudi Kayal) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লম জিলাত অৱস্থিত এক গুৰুত্বপূৰ্ণ লৱণাক্ত-মিঠা পানীৰ পিছপানী জলাভূমি আৰু মোহনা পৰিৱেশতন্ত্ৰ। ইয়াৰ বহু শাখাযুক্ত আকৃতিৰ বাবে হ্ৰদটো এক স্বকীয় ভূ-আকৃতি লাভ কৰিছে।
-
নীলগিৰি তহৰ
নীলগিৰি তহৰ (Nilgiri tahr; বৈজ্ঞানিক নামঃ Nilgiritragus hylocrius) হৈছে ভাৰতৰ তামিলনাডু আৰু কেৰালা ৰাজ্যৰ নীলগিৰি পাহাৰ আৰু পশ্চিম ঘাটৰ দক্ষিণ অংশৰ স্থানীয় প্ৰাণী। ই নীলগিৰিট্ৰাগছ (Nilgiritragus) গণৰ একমাত্ৰ প্ৰজাতি। এই প্ৰজাতিটোক আই ইউ চি এনৰ ৰঙা তালিকাত বিপন্ন হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
-
ফ'ৰ্ট কোচি
ফ'ৰ্ট কোচি (ইংৰাজী: Fort Kochi) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ এটা অন্যতম ঐতিহাসিক অঞ্চল। ইয়াক পূৰ্বতে ফ'ৰ্ট কোচিন বুলিও জনা গৈছিল। পৰ্তুগীজ ইষ্ট ইণ্ডিজৰ নিয়ন্ত্ৰণত থকা আৰু ভাৰতীয় ভূমিত নিৰ্মিত প্ৰথম ইউৰোপীয় দুৰ্গ ফ'ৰ্ট ইমানুৱেলৰ নাম অনুসৰিয়েই এই অঞ্চলটোৰ নাম ফ'ৰ্ট কোচি ৰখা হৈছিল।
-
ইডুক্কি জিলা
ইডুক্কি জিলা (মালয়ালম: ഇടുക്കി) হৈছে দেশৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত ভাৰতীয় ৰাজ্য কেৰালাৰ ১৪খন জিলাৰ ভিতৰত অন্যতম। ই কেৰালাৰ সৰ্ববৃহৎ জিলা আৰু কেৰালাৰ পশ্চিমঘাট পৰ্বতমালাৰ ইলাচী পাহাৰৰ মাজত অৱস্থিত। ইডুক্কি জিলাত দুখন পৌৰ চহৰ আছে – কাট্টাপ্পানা আৰু থডুপূজা, আৰু লগতে পাঁচখন তালুক আছে।
-
আৰাট্টু
আৰাট্টু (Ārāttu) হ’ল ভাৰতৰ কেৰালাৰ হিন্দু মন্দিৰৰ উৎসৱৰ সময়ত পালন কৰা এক বাৰ্ষিক ৰীতি, য’ত এজন পুৰোহিতে নদী বা মন্দিৰৰ পুখুৰীত ডুবাই দেৱতাৰ বিগ্ৰহ স্নান কৰায়। ই মূলতঃ মন্দিৰৰ উৎসৱৰ শেষত সম্পন্ন কৰা হয়। আৰাট্টু বছৰত দুবাৰকৈ উদযাপন কৰা হয়— বসন্ত উৎসৱ (মাৰ্চ-এপ্ৰিল) আৰু শৰৎ উৎসৱ (অক্টোবৰ-নৱেম্বৰ)।
-
কোচি পৌৰ নিগম
কোচি পৌৰ নিগম (ইংৰাজী: Kochi Municipal Corporation) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰখন পৰিচালনা কৰা পৌৰ নিগম। এই নিগমে কোচি চহৰৰ ৯৪.৮৮ কিলোমিটাৰ বৰ্গক্ষেত্ৰ পৰিচালনা কৰে আৰু সেই অঞ্চলৰ ভিতৰত ইয়াৰ জনসংখ্যা ৬৭৭,৩৮১। ই ৰাজ্যখনৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰ নিগম।
-
ট্ৰাভাংকোৰ ৰাজপৰিয়াল
ট্ৰাভাংকোৰ ৰাজপৰিয়াল ট্ৰাভাংকোৰ ৰাজ্যৰ শাসক ৰাজবংশ আছিল। তেওঁলোকে ১৭৮৮ চনত ব্ৰিটিছৰ সৈতে এটা চুক্তি স্বাক্ষৰ কৰি ব্ৰিটিছ আধিপত্য মানি লৈছিল। পিছত ১৮০५ চনত তেওঁলোকে চুক্তিখন পুনৰ সংশোধন কৰে, যাৰ ফলত ৰাজকীয় কৰ্তৃত্ব হ্ৰাস পায় আৰু ট্ৰাভাংকোৰে ৰাজনৈতিক স্বাধীনতা হেৰুৱায়।
-
নীলগিৰি কাঠনি পাৰ
নীলগিৰি কাঠনি পাৰ (Nilgiri wood pigeon; বৈজ্ঞানিক নামঃ Columba elphinstonii) দক্ষিণ-পশ্চিম ভাৰতৰ পশ্চিম ঘাটৰ আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু পাহাৰীয়া ক্ৰান্তীয় বনভূমিত এবিধ বৃহৎ আকাৰৰ পাৰ চৰাই৷ ইহঁত প্ৰধানকৈ ফলভোজী আৰু ঘন পাহাৰীয়া অৰণ্যৰ ওখ ওখ গছৰ আচ্ছাদন থকা ঠাইত খাদ্য বিচাৰি ঘূৰি ফুৰে।
-
ভাৰতপুঝা নদী
ভাৰতপুঝা ( Bharathappuzha) যাক নীলা নদী বুলিও জনা যায়, ভাৰতৰ তামিলনাডু আৰু কেৰালা ৰাজ্যৰ মাজেৰে বৈ যোৱা এখন নদী। ২০৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদীখন কেৰালাৰ মাজেৰে বৈ যোৱা নদীসমূহৰ ভিতৰত পেৰিয়াৰৰ পিছত দ্বিতীয় দীৰ্ঘতম নদী। ভাৰতপুঝা পালাক্কাঁড় গেপৰ মাজেৰে বৈ গৈছে।
-
মত্তনচেৰী প্ৰসাদ
মত্তনচেৰী প্ৰসাদ বা মত্তনচেৰী পেলেচ হৈছে ভাৰতৰ কেৰেলা ৰাজ্যৰ কোচিৰ মটানচেৰীত অৱস্থিত, যাক ডাচ পেলেচ নামেৰে জনাজাত এটা ৰাজপ্ৰসাদ। য'ত কোচিৰ ৰজাৰ প্ৰতিকৃতি আৰু প্ৰদৰ্শনী অংকন কৰা কেৰেলাৰ ভিন্ন শিল্পকৰ্ম আছে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আংশিক তালিকাত এই ৰাজপ্ৰসাদ অন্তৰ্ভুক্ত কৰা হৈছিল।
-
কন্যাৰকালি
কন্যাৰকালি (Kanniyar Kali; കന്നിയാർ കളി) হ’ল কেৰালাৰ পলক্কাদ জিলাৰ, চিট্টুৰ তালুকৰ গাঁৱৰ মন্দিৰবোৰত অনুষ্ঠিত হোৱা এটা লোকনৃত্য। অনুষ্ঠানটো সাধাৰণতে গাঁৱৰ বিষু উৎসৱৰ এটা অংশ আৰু ‘ভেলা’ৰ (গ্ৰাম্যমেলা) সৈতে সংগতি ৰাখি এপ্ৰিল-মে’ মাহত অনুষ্ঠিত কৰা হয়।
-
কাছাৰগোড়
কাছাৰগোড় ভাৰতৰ কেৰালা ৰাজ্যৰ কাছাৰগোড জিলাৰ অন্তৰ্গত এখন পৌৰ চহৰ তথা প্ৰশাসনিক সদৰ। ১৯৬৬ চনত প্ৰতিষ্ঠিত এই চহৰখন জিলাখনৰ প্ৰথমখন পৌৰ চহৰ আছিল। ই কেৰালাৰ আটাইতকৈ উত্তৰ প্ৰান্তৰ জিলা আৰু ইয়াক সপ্ত ভাষা সংগম ভূমি বুলিও জনা যায়।
-
কোট্টায়াম
কোট্টায়াম ভাৰতৰ কেৰালা ৰাজ্যৰ কোট্টায়াম জিলাত অৱস্থিত এখন চহৰ। এই চহৰখন জিলাখনৰ সদৰ ঠাই আৰু ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা প্ৰায় ১৫১ কিলোমিটাৰ উত্তৰত অৱস্থিত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি কোট্টায়ামৰ জনসংখ্যা হৈছে ১৩৬,৮১২ জন আৰু জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৪৭০ জন।
-
দক্ষিণ মালাবাৰ
দক্ষিণ মালাবাৰ (South Malabar) হৈছে ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ এক ভৌগোলিক অঞ্চল, যি বৰ্তমানৰ কেৰালা ৰাজ্যৰ কিছুমান অংশ সামৰি আছে। দক্ষিণ মালাবাৰৰ অন্তৰ্গত অঞ্চলসমূহ হ'ল বৰ্তমানৰ কোঝিকোড জিলাৰ কোঝিকোড আৰু থামাৰাশ্বেৰী তালুক, ৱায়ানাড জিলাৰ মানন্তভাড়ী তালুক বাদে বাকী সমগ্ৰ অংশ, মালাপ্পুৰম জিলাৰ…
-
নীলগিৰি লেংগুৰ
নীলগিৰি লেংগুৰ (Nilgiri langur; বৈজ্ঞানিক নামঃ Semnopithecus johnii) পুৰণি বিশ্বৰ বান্দৰৰ এবিধ এছিয়ান লেংগুৰ। ইয়াৰ চকচকীয়া, ক’লা নোম আৰু মূৰত কমলা-সোণালী বাদামী মানুহৰ দৰে চুলি থাকে। মাইকী নীলগিৰি লেংগুৰৰ ভিতৰৰ উৰুত বগা নোমৰ দাগ থাকে।
-
নীলেশ্বৰম
নীলেশ্বৰম (Nileshwaram), যাক নীলেশ্বৰ বা নীলেশ্বৰম বুলিও কোৱা হয়, ভাৰতৰ কেৰালা ৰাজ্যৰ কাছাৰগোড় জিলাৰ এখন পৌৰসভা আৰু গুৰুত্বপূৰ্ণ নগৰ। কাছাৰগোড় জিলাৰ তিনিখন পৌৰসভাৰ ভিতৰত নীলেশ্বৰম অন্যতম; আন দুখন হৈছে কাছাৰগোড় আৰু কাঞ্জনগড়। নীলেশ্বৰম কাভ্বায়ী বেকৱাটাৰ আৰু নীলেশ্বৰম নদীৰ মোহনাৰ ওচৰত অৱস্থিত।
-
পুলি কালি
পুলি কালি বা পুলিক্কালি (Puli Kali) ভাৰতৰ কেৰালা ৰাজ্যৰ এক মনোৰঞ্জনমূলক লোককলা। প্ৰশিক্ষিত শিল্পীসকলে মুখ্যতঃ ভাৰতীয় ৰাজ্য কেৰালাত উদযাপন কৰা বাৰ্ষিক কৃষিভিত্তিক উৎসৱ ওনাম উপলক্ষে মানুহক মনোৰঞ্জন কৰিবলৈ প্ৰদৰ্শন কৰে।
-
ভাল্লাম কালি
ভাল্লাম কালি (Vallam Kali) ভাৰতৰ কেৰালাত প্ৰচলিত পৰম্পৰাগত নাও খেল। আক্ষৰিক ভাবে ভাল্লাম কালি মানে নাও খেল। এইটো মুখ্যতঃ বসন্তত কৃষিভিত্তিক উৎসৱ ওনামৰ সময়ত পতা কৰা হয়। ভাল্লাম কালিত বহু প্ৰকাৰৰ বৈঠাযুক্ত দীঘল নৌকা আৰু 'সাপৰ নাও'ৰ নাওখেলৰ প্ৰতিযোগিতা অন্তৰ্ভুক্ত আছে।
-
অমৃতা হাস্পতাল, কোচি
অমৃতা হাস্পতাল, যাক পূৰ্বে অমৃতা ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (AIMS) বুলি জনা গৈছিল, হৈছে ভাৰতৰ কোচিত অৱস্থিত এখন বহুমুখী চিকিৎসা সুবিধা প্ৰদানকাৰী টাৰ্চিয়াৰী কেয়াৰ হাস্পতাল।
-
অৰঞ্জনা চাৰাডু
অৰঞ্জনা চাৰাডু বা অৰৈঞাণ কায়িৰু (মালয়ালম: അരഞ്ഞാണ ചരട്; তামিল: அரைஞாண் கயிறு; তেলুগু: మొలతాడు) হৈছে দক্ষিণ ভাৰতত প্ৰচলিত এক পৰম্পৰাগত প্ৰথা। এই প্ৰথা বিশেষকৈ হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত দেখা যায়।
-
আই এন এছ ভেণ্ডুৰুথি
ভাৰতৰ কেৰালাৰ উইলিংডন দ্বীপত অৱস্থিত ভাৰতীয় নৌসেনাৰ ঘাটি হৈছে আই এন এছ ভেণ্ডুৰুথী। ই দক্ষিণ নৌসেনাৰ কমাণ্ডৰ মুখ্য কাৰ্যালয় হিচাপে কাম কৰে। ই ভাৰতীয় নৌসেনাৰ সৰ্ববৃহৎ প্ৰশিক্ষণ প্ৰতিষ্ঠান। আই এন এছ গৰুডা হৈছে আই এন এছ ভেণ্ডুৰথীৰ ভিতৰত অৱস্থিত নৌসেনাৰ বিমান কেন্দ্ৰ।
-
আলুভা
আলুভা (Aluva) পূৰ্বতে অলৱেই নামেৰে জনাজাত, ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি মহানগৰীৰ উত্তৰ অংশৰ এখন প্ৰধান চহৰ আৰু পৌৰসভা। পূৰ্বতে অলৱেই নামেৰে জনাজাত, ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি মহানগৰীৰ উত্তৰ অংশৰ এখন প্ৰধান চহৰ আৰু পৌৰসভা।
-
ইথিক্কাৰা নদী
ইথিক্কাৰা নদী (Ithikkara River) কেৰালা, ভাৰতৰ এখন ৫৬ কিলোমিটাৰ দীঘল নদী। ই পশ্চিমঘাটৰ কুলাথুপুঝা অঞ্চলত উৎপত্তি হৈ কোল্লাম জিলাৰ মাজেৰে বৈ গৈ অৱশেষত পৰাভুৰ হ্ৰদত মিলিত হৈছে। নদীখনৰ পাৰত থকা ইথিক্কাৰা গাঁওখন কোল্লাম বন্দৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত।