কেৰালাত পৰ্যটন
৩৮ প্ৰবন্ধ
-
থ্ৰিচূৰ
থ্ৰিচূৰ (Thrissur ) (মালয়ালম: തൃശൂർ; পূৰ্বৰ নাম ট্ৰিচুৰ, ঐতিহাসিক নাম থ্ৰিচিভাপেৰূৰ) ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিচূৰ জিলাৰ সদৰ চহৰ। ই কেৰালাৰ কোচি আৰু কোঝিকোডৰ পিছত তৃতীয় বৃহত্তম নগৰীয় সংহতি। ভাৰত চৰকাৰে থ্ৰিচূৰক দ্বিতীয় স্তৰৰ (Tier-2) চহৰ হিচাপে শ্ৰেণীবদ্ধ কৰিছে।
-
অষ্টমুদি হ্ৰদ
অষ্টমুদি হ্ৰদ (মালয়ালম: അഷ്ടമുടിക്കായൽ; Ashtamudi Kayal) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লম জিলাত অৱস্থিত এক গুৰুত্বপূৰ্ণ লৱণাক্ত-মিঠা পানীৰ পিছপানী জলাভূমি আৰু মোহনা পৰিৱেশতন্ত্ৰ। ইয়াৰ বহু শাখাযুক্ত আকৃতিৰ বাবে হ্ৰদটো এক স্বকীয় ভূ-আকৃতি লাভ কৰিছে।
-
উইলিংডন দ্বীপ
উইলিংডন দ্বীপ (Willingdon Island) ভাৰতৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপ। এই দ্বীপটো কেৰালাৰ কোচি চহৰৰ অন্তৰ্গত। বৰ্তমানৰ উইলিংডন দ্বীপৰ অধিকাংশ অংশ ভেম্বানাদ হ্ৰদৰপৰা মাটি উদ্ধাৰ কৰি সৃষ্টি কৰা হৈছিল।
-
কোল্লম
কোল্লম হ'ল এখন প্ৰাচীন সাগৰীয় বন্দৰ আৰু ভাৰতীয় ৰাজ্য কেৰালাৰ চতুৰ্থ বৃহত্তম চহৰ। আৰৱ সাগৰৰ মালাবাৰ উপকূলৰ দক্ষিণ প্ৰান্তত অৱস্থিত এই চহৰখন অষ্টমুদি হ্ৰদৰ পাৰত আৰু ই থিৰুৱনন্তপুৰমৰপৰা ৭১ কিলোমিটাৰ উত্তৰ-পশ্চিমত অৱস্থিত। কোল্লম ভাৰতৰ আটাইতকৈ পুৰণি নিৰন্তৰভাৱে জনবসতিপূৰ্ণ চহৰসমূহৰ ভিতৰত অন্যতম।
-
আলাথুৰ
আলাথুৰ (Alathur) ভাৰতৰ কেৰেলাৰ পলাক্কাড জিলাৰ এখন চহৰ, তালুক আৰু গ্ৰাম পঞ্চায়ত।[ আলাথুৰ হৈছে আলাথুৰ তালুকৰ প্ৰশাসনিক সদৰ। ই জিলা সদৰ পালাক্কাডৰপৰা প্ৰায় ২৪ কিলোমিটাৰ দূৰত ৰাষ্ট্ৰীয় ঘাইপথ ৫৪৪ৰ কাষত অৱস্থিত। ভাৰতপুঝা নদীৰ এটা উপনৈ গায়ত্ৰীপুঝা নদী আলাথুৰৰ মাজেৰে বৈ গৈছে।
-
চীনা মাছ ধৰা জাল
চীনা মাছ ধৰা জাল এক বিশেষ ধৰণৰ স্থায়ী জাল। ভাৰতত ইয়াক ‘চীনা ভালা’ আৰু ইণ্ডোনেছিয়াত ‘তাংকুল’ বোলা হয়। এইবোৰ মাটিত থীকি মাছ ধৰা ব্যৱস্থা। ভাৰতত ইয়াক সাধাৰণতে ‘চীনা মাছ ধৰা জাল’ বুলি কোৱা হয়। ইয়াৰ আনুষ্ঠানিক নাম হ’ল ‘পাৰৰ পৰা চলোৱা উত্তোলক জাল’।
-
আন্থুৰ
আন্থুৰ ( Anthoor) কেৰালাৰ কন্নুৰ জিলাৰ তালিপৰাম্বা তালুকৰ এখন পৌৰসভা। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি পৌৰসভাখনৰ জনসংখ্যা আছিল ২৮,২১৮ জন। আন্থুৰ ভালাপট্টনম নদীৰ পশ্চিম পাৰত অৱস্থিত। ই তালিপৰাম্বা চহৰৰপৰা প্ৰায় ৬ কিলোমিটাৰ দক্ষিণে আৰু কন্নুৰ চহৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ উত্তৰে অৱস্থিত।
-
আলুভা
আলুভা (Aluva) পূৰ্বতে অলৱেই নামেৰে জনাজাত, ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি মহানগৰীৰ উত্তৰ অংশৰ এখন প্ৰধান চহৰ আৰু পৌৰসভা। পূৰ্বতে অলৱেই নামেৰে জনাজাত, ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি মহানগৰীৰ উত্তৰ অংশৰ এখন প্ৰধান চহৰ আৰু পৌৰসভা।
-
ইথিক্কাৰা নদী
ইথিক্কাৰা নদী (Ithikkara River) কেৰালা, ভাৰতৰ এখন ৫৬ কিলোমিটাৰ দীঘল নদী। ই পশ্চিমঘাটৰ কুলাথুপুঝা অঞ্চলত উৎপত্তি হৈ কোল্লাম জিলাৰ মাজেৰে বৈ গৈ অৱশেষত পৰাভুৰ হ্ৰদত মিলিত হৈছে। নদীখনৰ পাৰত থকা ইথিক্কাৰা গাঁওখন কোল্লাম বন্দৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত।
-
কাদালুণ্ডি পক্ষী অভয়াৰণ্য
কাদালুণ্ডি পক্ষী অভয়াৰণ্য ( Kadalundi Bird Sanctuary} ভাৰতৰ কেৰালা ৰাজ্যৰ কোঝিকোড জিলাৰ কাদালুণ্ডি গ্ৰাম পঞ্চায়ত আৰু মালাপ্পুৰম জিলাৰ ভাল্লিক্কুন্নু গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত। এই ঠাই কাদালুণ্ডি নদী আৰব সাগৰত মিলিত হোৱা ঠাইত অৱস্থিত আৰু কেইবাটাও দ্বীপপুঞ্জৰ সমষ্টি লগ হৈ বহুদূৰলৈকে বিস্তৃত।
-
কোভালাম
কোভালম (Kovalam) কেৰালাৰ তিৰুৱনন্তপুৰম চহৰত অৱস্থিত এটা সমুদ্ৰতট আৰু সাগৰপাৰস্থিত অৱকাশ কেন্দ্ৰ। ই কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ নগৰ কেন্দ্ৰৰপৰা প্ৰায় ১২.৬ কিলোমিটাৰ (৭.৮ মাইল) দক্ষিণ-পূবে অৱস্থিত। কোভালমৰ সমুদ্ৰতটসমূহ দেশীয় আৰু বিদেশী উভয় পৰ্যটকৰ বাবে এক অতি জনপ্ৰিয় অৱকাশ যাপনৰ গন্তব্যস্থান।
-
চুন্দন ভল্লাম
চুন্দন ভাল্লম (Chundan vallam) বা 'ঠোঁটযুক্ত নাও' হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ একপকাৰ নাও। কেৰালাৰ বাহিৰত কেৰালা সাপ নাও(Kerala snake boat) নামেৰেও জনাজাত। ই কেৰালাৰ সংস্কৃতিৰ অন্যতম প্ৰতীক আৰু ভাল্লমকলি (নাও দৌৰ) প্ৰতিযোগিতাত ব্যৱহাৰ কৰা পৰম্পৰাগত দীঘলীয়া নাও।
-
ভেল্লায়নী হ্ৰদ
ভেল্লায়নী হ্ৰদ বা ভেল্লায়নী কায়াল (Vellayani Lake, or Vellayani Kayal) কেৰালা ৰাজ্যৰ দ্বিতীয় বৃহত্তম মিঠা পানীৰ হ্ৰদ আৰু এই হ্ৰদ ভাৰতৰ কেৰালাৰ তিৰুৱনন্তপুৰমত অৱস্থিত। ভেল্লায়নী পদুম ফুলৰ বাবে জনাজাত আৰু ইয়াক অলপ ইক’-হেভেন বুলি গণ্য কৰা হয়।
-
শবৰীমালা মন্দিৰ
শবৰীমালা শ্ৰী ধৰ্ম শাস্ত্ৰ মন্দিৰ (ശബരിമല ശ്രീ ധർമ്മ ശാസ്താ ക്ഷേത്രം) কেৰালাত অৱস্থিত এক প্ৰসিদ্ধ হিন্দু মন্দিৰ। এই মন্দিৰটো ভগৱান শ্ৰী ধৰ্ম শাস্ত্ৰৰ প্ৰতি উৎসৰ্গিত। ইয়াত ভগৱানক ‘ভগৱান আয়াপ্পান’ হিচাপে পূজা কৰা হয়। তেওঁক ভগৱান শিৱ আৰু মোহিনীৰ (ভগৱান বিষ্ণুৰ স্ত্ৰী অৱতাৰ) পুত্ৰ বুলি গণ্য কৰা হয়।
-
আচানকোভিল নদী
অচানকোভিল নদী (Achankovil River) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মাজেদি বৈ যোৱা ১২৮ কিলোমিটাৰ (৮০ মাইল) দীঘল এখন পশ্চিমমুখী প্ৰৱাহিত নদী। এই নদীখন কেৰালাৰ কোল্লাম, পাথানামথিট্টা আৰু আলাপ্পুঝা জিলাৰ মাজেৰে বৈ গৈছে।
-
আজহিকাল সমুদ্ৰতট
আজহিকাল সমুদ্ৰতট (Azheekal Beach) ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ কৰুণাগাপল্লী তালুকত আৰৱ সাগৰৰ পাৰত অৱস্থিত এটা উপকূলীয় ভূ-আকাৰ। ই আলাপ্পাড উপদ্বীপৰ উত্তৰ প্ৰান্তত অৱস্থিত। আলাপ্পাড হৈছে সাগৰ আৰু টি. এছ. কেনেলৰ মাজত থকা এটা দীঘলীয়া ভূমিখণ্ড।
-
আঞ্চল
আঞ্চল (Anchal) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ পুনালুৰ তালুকৰ অন্তৰ্গত এখন ক্ৰমবৰ্ধমান নগৰ আৰু গ্ৰাম পঞ্চায়ত। ই পুনালুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত।
-
আলাকোডে
আলকোডে (Alakode) ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ এখন বিকাশশীল চহৰ আৰু গাঁও পঞ্চায়ত। এই চহৰ তালিপৰাম্বা-মানাকাডাভু–কুৰ্গ পথত অৱস্থিত আৰু জিলা সদৰ কান্নুৰৰপৰা প্ৰায় ৪৬ কিলোমিটাৰ (২৯ মাইল) উত্তৰত অৱস্থিত। আলকোডে মালাবাৰ প্ৰব্ৰজনৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল।
-
আলাপ্পুজা সমুদ্ৰতট
আলাপ্পূজা সমুদ্ৰতট বা সমুদ্ৰতীৰ (Alappuzha Beach) কেৰালাৰ আলাপ্পুঝা চহৰত অৱস্থিত এক জনপ্ৰিয় সমুদ্ৰসৈকত তথা ভাৰতৰ অন্যতম পৰ্যটন আকৰ্ষণ। সমুদ্ৰসৈকতটোৰ সাগৰৰ ভিতৰলৈ বিস্তৃত ১৫০ বছৰতকৈও অধিক পুৰণি এটা জেটি (Pier) ইয়াৰ অন্যতম বিশেষ আকৰ্ষণ।
-
আৰনমুলা
আৰনমুলা (Aranmula) ভাৰতৰ কেৰালা ৰাজ্যৰ পথানামথিট্টা জিলাত অৱস্থিত এখন মন্দিৰ-নগৰী।
-
কোল্লাম দ্বীপপুঞ্জ
কোল্লাম বা কুইলন চহৰ (Kollam or Quilon )ক আৰৱ সাগৰৰ ৰাজকুমাৰ নামেৰেও জনা যায়। ই আৰব সাগৰ আৰু অষ্টমুদি হ্ৰদৰ পাৰত অৱস্থিত। কোল্লাম পৌৰ নিগমৰ এক বৃহৎ অংশ অষ্টমুদি হ্ৰদে আগুৰি আছে। অষ্টমুদি হ্ৰদ কেৰালাৰ সৰ্বাধিক পৰ্যটক-আকৰ্ষিত জলভূমি আৰু হ্ৰদসমূহৰ ভিতৰত অন্যতম। ইয়াৰ এক অনন্য জলাভূমি পৰিৱেশতন্ত্ৰ আছে।
-
কোল্লাম সমুদ্ৰতট
কোল্লাম সমুদ্ৰতট ( Kollam Beach), যাক মহাত্মা গান্ধী সমুদ্ৰতট (Mahatma Gandhi Beach) বুলিও জনা যায়, ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম চহৰত অৱস্থিত এটা জনপ্ৰিয় সমুদ্ৰতট। ই কোল্লাম চহৰৰ অন্যতম প্ৰধান পৰ্যটন আকৰ্ষণ। কোল্লাম সমুদ্ৰতট কেৰালাৰ প্ৰথম ‘বিচ ৱেডিং ডেষ্টিনেচন’।
-
কৰিয়াঙ্গোড নদী
কাৰিয়াঙ্গোড নদী (Kariangode River), তেজস্বিনী নদী নামেৰেও পৰিচিত। এই নদী কেৰালা ৰাজ্যৰ মাজেৰে প্ৰৱাহিত হোৱা ৪৪খন নদীৰ ভিতৰত এখন উল্লেখযোগ্য নদী। এই নদীখন কাছাৰগোড় আৰু কান্নুৰ জিলাৰ সীমা গঠন কৰিছে। কাছাৰগোড় জিলাৰ ভিতৰত ই দ্বিতীয় বৃহত্তম নদী।
-
চান্টা ক্ৰুজ কেথেড্ৰেল বেচিলিকা, কোচি
কোচিৰ ফ’ৰ্ট কোচিত অৱস্থিত ছাণ্টা ক্ৰুজ কেথেড্ৰেল বেচিলিকা, যাক কোটা পল্লী বা কোটেপল্লী বুলিও কোৱা হয়। ভাৰতৰ চৌত্ৰিছটা বেচিলিকাৰ ভিতৰত ই অন্যতম আৰু কেৰালাৰ নটা বেচিলিকাৰ ভিতৰত ই অন্যতম। কেৰালাৰ এই ঐতিহ্যমণ্ডিত ভৱন ভাৰত-ইউৰোপীয় আৰু গথিক স্থাপত্য শৈলীৰ বাবে বিখ্যাত।
-
চাভাক্কাড সমুদ্ৰতট
চাক্কাভাড (Chavakkad Beach) ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিচূৰ জিলাৰ চাভাক্কাড পৌৰসভাৰ এখন সমুদ্ৰতট।
-
চাভিট্টু নাদকম
চাভিট্টু নাদকম (Chavittu Nadakam) হৈছে ভাৰতৰ কেৰালা ৰাজ্যত উৎপত্তি হোৱা এক বিশেষ নাট্যশৈলী। ইয়াৰ উৎপত্তিস্থল হিচাপে সাধাৰণতে কোচিৰ ফ'ৰ্ট কোচি অঞ্চলক ধৰা হয়, আৰু ই মূলতঃ সেই অঞ্চলৰ লেটিন খ্ৰীষ্টান সম্প্ৰদায়ৰ সৈতে জড়িত।
-
চোত্তানীক্কাৰ ভগৱতী মন্দিৰ
চোত্তানীক্কাৰ ভগৱতী মন্দিৰ (Chottanikkara Bhagavathy Temple) কেৰালাৰ এৰ্ণাকুলাম জিলাৰ চোত্তানিক্কাৰা গাঁৱত অৱস্থিত ভগৱতী দেৱীৰ নামত উৎসৰ্গিত এটা হিন্দু মন্দিৰ। কোচিন দেৱস্বম ব’ৰ্ডে মন্দিৰটো পৰিচালনা কৰে। ব’ৰ্ডৰ অধীনত থকা ৪০৯টা মন্দিৰৰ ভিতৰত এইটো অন্যতম গুৰুত্বপূৰ্ণ তীৰ্থস্থান।
-
ছেইণ্ট ফ্ৰান্সিছ গীৰ্জা
ছেইণ্ট ফ্ৰান্সিছ গীৰ্জা (Saint Francis Church) কেৰালাৰ ফৰ্ট কোচি অঞ্চলত অৱস্থিত। ১৫০৩ চনত নিৰ্মাণ কৰা এই গীৰ্জাটো ভাৰতৰ অন্যতম প্ৰাচীন ইউৰোপীয় গীৰ্জা আৰু ভাৰতীয় উপমহাদেশত ইউৰোপীয় ঔপনিৱেশিক সম্প্ৰসাৰণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সাক্ষী।পৰ্তুগীজ অভিযাত্ৰী ভাস্কো দা গামা ভাৰতলৈ তৃতীয়বাৰৰ বাবে অহাৰ…
-
জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (কেৰালা)
জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (District Tourism Promotion Councils) চমূকৈ DTPC কেৰালা চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত জিলা পৰ্যায়ত গঠিত চৰকাৰী ট্ৰাষ্ট। ভাৰতৰ কেৰালা ৰাজ্যৰ ১৪খন জিলাৰ প্ৰতিখনতে পৃথকে এখনকৈ DTPC স্থাপন কৰা হৈছে। প্ৰতিখন পৰিষদৰ সভাপতি সংশ্লিষ্ট জিলাৰ জিলা উপায়ুক্ত।
-
থিৰুমুল্লাভাৰম সমুদ্ৰতট
থিৰুমুল্লাভাৰম সমুদ্ৰতট (Thirumullavaram Beach) কেৰালাৰ কোল্লাম চহৰৰ অন্যতম জনপ্ৰিয় সমুদ্ৰতট আৰু ৰাজ্যখনৰ এটা উল্লেখযোগ্য পৰ্যটনস্থলী। এই সমুদ্ৰতট থিৰুমুল্লাভৰম অঞ্চলত অৱস্থিত আৰু কোল্লাম চহৰৰ এটা গুৰুত্বপূৰ্ণ চুবুৰী।