বঙাইগাঁও জিলা
৪০ প্ৰবন্ধ
-
বঙাইগাঁও জিলা
বঙাইগাঁও জিলা উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা, যাৰ সদৰ বঙাইগাঁও। ১৯৮৯ চনত গঠিত এই জিলাখন ঐতিহাসিক বিজনী আৰু চিডলী ৰাজ্যৰ পৰিপ্ৰেক্ষিত, সীমান্তীয় অৱস্থান আৰু জনসংখ্যাগত বৈচিত্র্যৰ বাবে উল্লেখযোগ্য।
-
বঙাইগাঁও
বঙাইগাঁও নামনি অসমৰ এটা গুৰুত্বপূৰ্ণ নগৰ আৰু বঙাইগাঁও জিলাৰ সদৰ। যোগাযোগ, উদ্যোগ আৰু বাণিজ্যৰ সুবিধাজনক অৱস্থানৰ বাবে ই অঞ্চলটোৰ অন্যতম গতিশীল নগৰ-কেন্দ্ৰ হিচাপে পৰিচিত।
-
বিজনী
বিজনী(Bijni) অসমৰ চিৰাং জিলা ত অৱস্থিত এখন চহৰ৷
-
অভয়াপুৰী
অভয়াপুৰী (IPA: ˌəbɑːjəˈpʊərɪ or ˌəbeɪjəˈpʊərɪ) (Abhayapuri) অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো গুৱাহাটীৰ পশ্চিমে ২০০ কিমি পশ্চিমে অৱস্থিত৷
-
সীতানাথ ব্ৰহ্মচৌধুৰী
সীতানাথ ব্ৰহ্মচৌধুৰী (Sitanath Brahmachoudhury) অসমীয়া সাহিত্য আৰু বড়ো সাহিত্যজগতৰ এজন প্ৰসিদ্ধ লিখক, কবি, সমাজ সেৱক তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সদস্য আছিল। ১৯৬৪ চনত তেখেতে বঙাইগাঁৱ মহাবিদ্যালয়ৰ স্থাপন কৰিছিল।
-
নৰনাৰায়ণ সেতু
নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰে'লপথ সংযোগী দলং৷ ১৬শ শতিকাৰ কোচ ৰজা নৰনাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছে৷ যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল৷ এই সেতুৰ…
-
বঙাইগাঁও তেল শোধনাগাৰ
বঙাইগাঁও তেল শোধনাগাৰ (Bongaigaon Refinery) অসমৰ চিৰাং জিলাৰ (আগৰ বঙাইগাঁও জিলাৰ) ঢালিগাঁৱত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ আৰু পেট্ৰ'ৰাসায়নিক শাখা। অসমত উৎপাদিত খাৰুৱা তেল বিহাৰৰ বাৰাউনী শোধন কৰিবলৈ শোধনাগাৰ স্থাপন কৰা প্ৰতিবাদত অসমবাসীয়ে আন্দোলন কৰি অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁৱত পাবলৈ সক্ষম…
-
বঙাইগাঁও বিধানসভা সমষ্টি
বঙাইগাঁও বিধানসভা সমষ্টি ভাৰতৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এটা। বঙাইগাঁও সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ অংশ।
-
যোগীঘোপা
যোগীঘোপা হৈছে ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাত অৱস্থিত এখন সৰু চহৰ। এই অঞ্চলখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত আৰু দক্ষিণ এজিয়াৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় আৰু পৰিবহণৰ দিশত তাৎপৰ্যপূৰ্ণ স্থান প্ৰাপ্ত হৈছে।
-
নিউ বঙাইগাঁও জংচন ৰেল ষ্টেচন
নিউ বঙাইগাঁও ৰেল জংচন বঙাইগাঁও নগৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহত আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি।
-
অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি
অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত এটা আছিল। এই সমষ্টিটো ২০২৩ চনত বিলুপ্ত কৰা হয়। অভয়াপুৰী উত্তৰ (সমষ্টি নম্বৰ ৩৪) বঙাইগাঁও জিলাত অৱস্থিত ৪টা বিধানসভা সমষ্টিৰ ভিতৰত এটা আছিল।
-
অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি
অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত এটা আছিল। অভয়াপুৰী দক্ষিণ (সমষ্টি নম্বৰ ৩৫) বঙাইগাঁও জিলাত অৱস্থিত ৩টা বিধানসভা সমষ্টিৰ ভিতৰত এটা আছিল। এই সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছিল।
-
অভয়াপুৰী বিধান সভা সমষ্টি
অভয়াপুৰী বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়।
-
অভয়াপুৰী মহাবিদ্যালয়
অভয়াপুৰী মহাবিদ্যালয় (Abhayapuri College) হৈছে অভয়াপুৰী চহৰত অৱস্থিত নামনি অসমৰ আটাইতকৈ পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন। মহাবিদ্যালয়খন ১৯৫৫ চনৰ ১৩ আগষ্টত প্ৰতিষ্ঠা কৰা হৈছিল।
-
অম্বিকাচৰণ চৌধুৰী
অম্বিকাচৰণ চৌধুৰী (Ambika Charan Choudhuri) অসমৰ এগৰাকী সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী আছিল তেখেতক কামতা সাহিত্য ৰত্ন উপাধিৰে সন্মান জনোৱা হয়। তেখেত অসমৰ জনসাধাৰণৰ মাজত কামতাৰত্ন ৰূপে পৰিচিত আছিল।
-
চন্দন কুমাৰ সৰকাৰ
চন্দন কুমাৰ সৰকাৰ সৰকাৰদেৱে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ, ২০০১ চনৰ পৰা ২০০৬ চনলৈ আৰু পুনৰ ২০১১ চনৰ পৰা ২০১৬ চনলৈ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য আছিল।
-
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় (Bongaigaon Medical College) অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৬ বৰ্ষৰ ২১ আগষ্টত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে এই মহাবিদ্যালয়খনক ১০০গৰাকী এম.বি.বি.এছ.
-
সৃজনগ্ৰাম বিধানসভা সমষ্টি
সৃজনগ্ৰাম বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এখন। এই সমষ্টিখন ২০২৩ চনত নতুনকৈ গঠন কৰা হয়।
-
ৰণগৌৰা নাৰ্জাৰী
ৰণগৌৰা নাৰ্জাৰী (Rwngwra Narzary) বিজেপি মিত্ৰজোঁটৰ পৰা ভাৰতৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত এগৰাকী সাংসদ।২০২০ চনৰ পৰা তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল(ইউপিপিএল)ৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। লগতে তেওঁ কাজলগাওঁ পৌৰসভাৰ পৌৰপতিৰ পদটো আছে।
-
চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁও
চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁও বঙাইগাঁও জিলাত অৱস্থিত এখন বেচৰকাৰী বিদ্যালয়, যি অসম জাতীয় বিদ্যালয়ৰ আধিনত পৰিচালিত হয়। এইখন বিদ্যালয়ত দশম শ্ৰেণীলৈকে পাঠদান কৰা হয়। ২০০৯ চনত প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়ত ১৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ৩০০ জন ছাত্ৰ-ছাত্ৰী আছে।
-
প্ৰদীপ সৰকাৰ
প্ৰদীপ চৰকাৰ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২১ চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী পূৰ্ণেন্দু বাণীক্যক পৰাস্ত কৰি অভয়াপুৰী (দক্ষিণ) বিধান সভা সমষ্টিৰপৰা অসম বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
ফণী ভূষণ চৌধুৰী
ফণী ভূষণ চৌধুৰী (জন্ম ১ মে' ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বৰ্তমান লোকসভাৰ সংসদ সদস্য হিচাপে বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আছে আৰু অসম গণ পৰিষদৰ এগৰাকী নেতা। তেওঁ ১৯৮৫ চনৰপৰা অবিৰতভাৱে ৮বাৰকৈ বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰাৰ অভিলেখ গঢ়ে।
-
মাণিকপুৰ
মাণিকপুৰ (Manikpur) অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ এখন সৰু চহৰ আৰু গাওঁ পঞ্চায়ত৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক চুই গৈছে৷ ই বঙাইগাঁও চহৰৰ পৰা ২৪.৭ কিল'মিটাৰ আৰু ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা ১৫৫ কিল'মিটাৰ আতৰত অৱস্থিত। ঐতিহাসিক মানাহ নদী মাণিকপুৰৰ কাষেৰে বৈ গৈছে৷
-
মূলাগাঁও
মূলাগাঁও (ইংৰাজী: Mulagaon) হৈছে ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত এখন গাঁও, যি বঙাইগাঁও উপ-জিলা/চাৰ্কলৰ অন্তৰ্গত। গাঁওখনৰ ডাক সূচাংক (PIN ক’ড) হ'ল ৭৮৩৩৮০ আৰু ইয়াৰ গ্ৰাম কোড ৩০১২৭৩।
-
ৰবীন বণীক্য
ৰবীন বণীক্য (ইংৰাজী: Rabin Banikya, মৃত্যু: ১১ নৱেম্বৰ, ২০২২) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে অসম গণ পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ ১৯৯৬ আৰু ২০০৬ চনত অভয়াপুৰী দক্ষিণ সমষ্টিৰ বাবে অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল।
-
অবিভক্ত গোৱালপাৰা জিলা
অবিভক্ত গোৱালপাৰা জিলা (পূৰ্বতে: উত্তৰ-পূব ৰংপুৰ জিলা) বৰ্তমান ভাৰতৰ অসম ৰাজ্যৰ এখন পুৰণি জিলা। ব্ৰিটিছ ঔপনিৱেশিক অসমৰ শাসকসকলে ইয়াক ব্ৰিটিছ শাসিত বংগৰ বৃহত্তৰ ৰংপুৰ জিলাৰ পৰা পৃথক কৰি অসমৰ লগত সংযুক্ত কৰি এই জিলাখন গঠন কৰিছিল।
-
কাশাৰপাৰাৰ কালী মন্দিৰ
কাশাৰপাৰাৰ কালী মন্দিৰ হ'ল বঙাইগাঁও জিলাৰ বইটামাৰী অঞ্চলৰ কাশাৰপাৰা গাঁৱত অৱস্থিত এটা ইতিহাস প্ৰসিদ্ধ মন্দিৰ। অঞ্চলটোৰ জনসাধাৰণে এই মন্দিৰটোক দেৱীৰ জাগ্ৰত মন্দিৰ বুলি বিশ্বাস কৰে। এই মন্দিৰটোত বলি বিধানৰ পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে।
-
চলন্তপাৰা
চলন্তপাৰা ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী মহকুমাৰ অন্তৰ্গত এখন সৰু চহৰ। বঙাইগাঁও চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ (১৯ মাইল) দূৰত্বত অৱস্থিত আৰু ই বইটামাৰী উন্নয়ন ব্লকৰ অংশ। চলন্তপাৰাৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদী অৱস্থিত।
-
ঢালিগাঁও
ঢালিগাঁও অসমৰ বঙাইগাঁও আৰু চিৰাং জিলাৰ মাজত অৱস্থিত এখন টাউনশ্বিপ।বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ'কেমিকেলছ লিমিটেড শোধনাগাৰখন এই অঞ্চলত অৱস্থিত।
-
দলনী বিল
দলনী বিল ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ বালাপাৰা পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও।